পৰীক্ষা- নাজিয়া হাচান
পুতুকণৰ মাকৰ পুতুকণকলৈ বৰ চিন্তা। মানুহগৰাকী একমাত্ৰ পুত্ৰৰ পঢ়া শুনাক লৈ খুবেই চিৰিয়াছ। পুত্ৰই যদি কেতিয়াবা পৰীক্ষাত তেওঁ বিচৰা মতে নম্বৰ নাপাই তেওঁ তেতিয়া এটা সপ্তাহ চাদৰৰ মূৰটো চকুপানীৰে চপচপীয়া কৰি ৰাখে।
পুতুকণৰ দেউতাক ৰহমান চাহাব কিন্তু এই বিষয়ত একেবাৰে পত্নীৰ বিপৰীত। অফিচৰ কামৰ মাজতো খেলা ধুলা, হাঁহি ফুৰ্তি কৰি ভালপোৱা মানুহজনে পুতেককো নিজৰ মতেই ৰাখিব বিচাৰে। কিন্তু পত্নীৰ শক্তিশালী ৰুল ৰেগুলেচনবোৰৰ আগত তেওঁ এইক্ষেত্ৰত একো ক’বলৈ, মাতিবলৈ বৰ এটা সাহস নাপায়। তথাপি পুত্ৰৰ মন বুজি, তাৰ শৈশৱৰ আনন্দখিনি নেহেৰাওক বুলি ভাবি, মাজে মাজে মৰসাহ গোটাই পত্নীৰ ৰুলৰ বিপৰীতে কেতিয়াবা অৱশ্যে আগনবঢ়া নহয়।
– পুতু ঔ, কিনো কৰি আছ তই ৰাতিপুৱাৰপৰা হয়নে! পৰীক্ষা দিছ তই আৰু ভয়ত কলিজা শুকাইছে মোৰ। যাচোন বাবা যা। গা ধুই পঢ়িবলৈ যা। বাবাটো মোৰ।
– ফাকুৱা নহয় নেকি আজি? খেলিলৈহে গা ধুম মই।
– কি? ফাকুৱা খেলিবলৈ যাবি তই? মোক আৰু কিমান চিন্তা দিবি অ’!
– মইনো ক’ত চিন্তা দিলো মা? তুমিহে নিজেই চিন্তাবোৰক মূৰত সোমোৱাই লৈছা!
– যোৱাবাৰ ফাকু খেলি কি অৱস্থা হৈছিল মনত আছেনে তোৰ? ফাকু খেলি পুখুৰীত গা ধুবলৈ যাওঁতে পুখুৰীৰ পানী খাই মৰিবলৈ যে ধৰিছিলি তই? মনত নাই? নোৱাৰ এইবাৰ খেলিবলৈ! যা যা গা ধুগৈ যা। তাতে আকৌ এইবাৰ পৰীক্ষাও। ক্লাছ নাইনত ভাল নম্বৰ আহিবই লাগিব তোৰ। তেতিয়াহে টেনত মনে বিচৰা মতে নম্বৰ আহিব, বুজিছ? নোৱাৰ তই ফাকু খেলিবলৈ যাবলৈ, কৈ দিলো।
– ঔ মা এনেকুৱা নকৰিবা। খেলিবলৈ দিয়া মোক। পৰীক্ষা চলি থকা অৱস্থাত ষ্টুডেণ্টৰ মাইণ্ডটো অলপ কুল হৈ থাকিব লাগেতো। ফাকু খেলি মই পুখুৰীতে গা ধুম। এইবাৰ নপৰো অ’ মই। সেইবাৰ অলপ খেলি মেলি হৈছিল কাৰণেহে পিছলি গ’লো।
– ঐ পুতু পগলা নহ’বি কৈ দিছোঁ। কথা শুন, যি কৈছোঁ। পঢ় আৰু ঘৰতে থাক। বচ।
ভিতৰৰপৰা ৰহমান চাহাবে মাক পুতেকৰ তর্ক শুনি আছিল। ৰাতিপুৱা দহ মান বাজিবলৈ লৈছে। ফাকু খেলিবলৈ মানুহখিনিৰ দেখোন একো শুংসূত্ৰ দেখা নাই এইবাৰ! কি হ’ল? এইবাৰ ফাকুত কেম্পাছ ইমান শান্ত! ভাবি ভাবি তেওঁ ফাকু গুড়িৰ পেকেটকেইটা পলিথিন এটাত ভৰাই খিৰীকিৰে চালে। নাই কোনো মানুহ বাহিৰলৈ ওলোৱা নাই। ফাকু আৰু দেৱালীত ৰহমান চাহাব একেবাৰে সৰু ল’ৰাটোৰ নিচিনা হৈ পৰে। ল’ৰা ছোৱালীতকৈ আগত তেওঁৰ গাতহে উৎসৱৰ নিচা বেছিকৈ লাগে। কিন্তু এইবাৰ ল’ৰাৰ পৰীক্ষা। শ্ৰীমতীৰ মূৰটোও ল’ৰাৰ পৰীক্ষাৰ চিন্তাত দিনে নিশাই জুই হেন গৰম। ফাকু খেলিবলৈ ওলাবলৈ তেওঁৰ অলপো সেয়ে সাহস হোৱা নাই। ওলাব পাৰিলেই কেম্পাছৰ গোটেই মানুহক তেওঁ খেলিবলৈ উলিয়াই আনিব পাৰিব। চবেই চাগে তেওঁ অহালৈকে বাট চাই আছে।
খিৰিকীৰে চাই চাই ৰহমান চাহাবে নিজকে নিজে মনতে কৈ থাকিল।
– হেৰি! আপুনি গা ধুৱা নাই যে! কি হৈছে? ভাত পানী নাখাই নেকি?
– ফাকু খেলিলৈ গা ধুম হে। কিনো কোৱা তুমি?
– হেৰি! ল’ৰাৰ পৰীক্ষা! তাক লৈ অলপ পঢ়াৰ টেবুলত আপুনিও বহক। ফাকু চাকু খেলাৰ কথা তাৰ আগত নুলিয়াব। মই তাক কাম দি আহিছোঁ। সি কৰি আছে দৰ্জা মাৰি। আপুনি যাওকচোন অলপ চাওকগৈ। মোৰ পাকঘৰতো লাগিব লাগে নহয়।
– কিন্তু…
পত্নীক তেওঁ কিবা ক’বলৈ বিচাৰিছিল যদিও একো কথা নুশুনি পত্নীদেৱী পাকঘৰ পালেগৈ। উপায় নাপাই পত্নীৰ কথাত ৰহমান চাহাব পুত্ৰৰ ৰুমৰ দৰ্জাত গৈ টুকুৰিয়ালে। পুত্ৰৰ কোনো উমঘাম নাই।
– হেৰা! ই পঢ়িছেনে শুই আছে হে দৰ্জা মাৰি? ইমান সময় লাগেনে দৰ্জা খোলোতে তাৰ?
তেওঁৰ কথাত পত্নীদেৱী লৰি আহি দৰ্জাখন জোৰকৈ লৰাই দিয়াত টককৈ শব্দ কৰি দৰ্জাৰ হুকটো আপোনা আপুনি খোল খাই গ’ল।
মানুহজনীয়ে পগলাৰ নিচিনা হৈ অলমাৰী আৰু বিচনাৰ তলত তাক বিচৰাত লাগিল।
খিৰিকীখনৰ কাষত চেণ্ডেলযোৰ দেখা পাই ৰহমান চাহাবে পত্নীক দেখুৱাই ক’লে।
– কি? সঁচা! হে খোদা! ই এনেকুৱা কৰিলে? ই খিৰিকীৰে পাৰ হৈ গ’ল মনে মনে?
পত্নীয়ে প্ৰায় চিঞৰি কোৱাদি ক’লে।
– হেৰা, ইমান চিন্তিত আৰু দুখী নহ’বা। একো নহয়। সি পৰীক্ষাত ভাল নম্বৰেই আনিব। তাৰ হৈ মই তোমাক কথা দিলোঁ। এতিয়া মোকো তুমি ফাকু খেলিবলৈ যাবলৈ দিয়া। সিতো গ’লেই খেলিবলৈ। এতিয়া মই কাক পঢ়ুৱাম ঘৰত বহি বহি। কলিতায়ো অলপ আগত মোক ফোন কৰি মাতি আছিল। আহোঁ দিয়া। চাওঁ চাওঁ মই ফাকুৰ গুৰি পেকেটকেইটা লৈ লওঁ। তুমিও আহা হে। মনটো ভাল লাগিব।
কৈ তেওঁ লৰি যোৱাদি ঘৰৰপৰা ওলাই গৈ, দীঘলকৈ এটা উশাহ এৰিলে।
– হেৰি! ল’ৰাৰ পৰীক্ষাত নম্বৰ কম আহিলে ফাকু খেলা উলিয়াম কিন্তু মই। ল’ৰা ছোৱালীক বুজাবলৈ থাওক তেওঁ আৰু কেঁচুৱাটো হৈ লগ দিছে তাৰ লগত!
2:55 pm
হাঃ হাঃ হাঃ
বাপৰে’
3:31 pm
সুন্দৰ নাজিয়া বা।