ভেৰিফিকেচন- ৰিংকু সমাদ্দাৰ
: কাকা, মই আজিকালি সিগলা্খান কাম নক্ৰু। কিত্তা বাতে বাদ দিছু। তই ভয় কইৰবা নাংগে, আহ।
– গিণ্টুদাই দূৰৰপৰাই চিঞৰি চিঞৰি মানুহজনক ক’লে।
: ……………………………
: তই বিশ্বাস কৰ, এতে সেগলা্ কাম নোহৈ। মই সঁচাকে কৈছু। লাগা হ’লি তই এতে বেলেগ কাবাক সুধি চা।
: …………………………..
: তই যদি মোৰ তাতে ভয় কৰা, বেলেগে কৈৰবো আহ তোনধোৰ কাম। তই খালী মাহনুটু আহ।
গিণ্টুদাৰ পিছে পিছে চুচুক-চামাককৈ মানুহজন হলঘৰটোৰ ভিতৰলৈ সোমাই আহিল। চকুত বিশ্বাস-অবিশ্বাসৰ দোমোজাৰ ভাব, কিছু শংকা আৰু ওচৰে-পাজৰে থকা মানুহবোৰৰ প্ৰচণ্ড কৌতুহলী মুখ।
[১]
গিন্টু দাৰ লগত মোৰ চিনাকি হঠাৎ। NRC সেৱা কেন্দ্ৰত মই জইনিং ডিউটিৰ ৰিপোৰ্ট কৰিবলৈ যাওঁতে গিণ্টুদাৰ লগত চিনাকি হৈছিল। মধ্যমীয়া ওখ, প্ৰকাণ্ড চেহেৰাৰ লগতে মূৰত এডালো চুলি নাইকিয়া অথচ একোছা বৃহৎকায় মোচৰ অধিকাৰী গিণ্টুুদা। প্ৰথম দেখিলে সকলোৱে ভয় কৰিব লগা চেহেৰা। গিণ্টুদা মানে গিণ্টু মজুমদাৰ। নলবাৰীত ঘৰ। বৰ্তমান বঙাইগাঁৱৰ স্থায়ী বাসিন্দা।
NRC ৰ ডিউটি বহুত কষ্টকৰ। ৰাতিপুৱা ৯ বজাৰপৰা গধূলিলৈকে। কেতিয়াবা ৭ বাজে, কেতিয়াবা ৯ ও বাজে। প্ৰতিদিনে ২০ টাকৈ পৰিয়ালৰ পৰীক্ষা। অসহায় হৈ পৰোঁ। Wrong Destination, Legacy অমিল, পর্যাপ্ত Documents ৰ অভাৱকে ধৰি নিতৌ নতুন নতুন সমস্যাৰ সৃষ্টি হয়।
মে’, জুন মাহৰ অসহ্যকৰ গৰম। বিশাল হলঘৰটোত মাত্ৰ ২ খন ফেন। বাথৰুমৰ অৱস্থা পুতৌজনক। অপৰিস্কাৰ বাতাবৰণ। অনাহকত অসংখ্য মানুহৰ ভিৰ। সকলোকে আগতে লাগে। সকলোৰে অজুহাত এটাই, “বহুত দূৰৰপৰা আহিছোঁ ছাৰ!”
একো একোটা পৰিয়ালৰ সদস্যৰ সংখ্যা ৩০/৪০ ৰ ঘৰ চুইছেগৈ। ৭ খন টেবুলত আমি ৭ জন বিশেষ পৰীক্ষক বিষয়া, বিপৰীত দিশত ৩ জন কম্পিউটাৰ অপাৰেটৰ, ২ জন বংশবৃক্ষ পৰীক্ষক আৰু ২ জন জিলা দণ্ডাধীশ পৰ্যায়ৰ বিষয়া।
হলঘৰটোৰ প্ৰৱেশদ্বাৰত ১ জন অসম পুলিচৰ কনিষ্টবল, ১ জন হোমগার্ড আৰু এ পি বি এনৰ ২ গৰাকী মহিলা পুলিচ। চৌহদৰ ভিতৰত ১২ জনীয়া অৰ্দ্ধ সামৰিক বাহিনীৰ বিষয়া আৰু জোৱানৰ এটা প্লাটুন আৰু ১ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।
[২]
তেনেকুৱা এটা দিনতে নলবাৰীৰ ফালৰ পৰিয়াল এটা বংশবৃক্ষ পৰীক্ষণৰ কামত আহিছিল। সমান্তৰালকৈ পৰিয়ালটোৰ কোনোবা মহিলা সদস্যক গাওঁ পঞ্চায়তৰ সচিবে দিয়া প্ৰমাণপত্ৰৰ পৰীক্ষণো আছিল একেটা সেৱা কেন্দ্ৰতে।
চহা পৰিয়ালটো চুচুক-চামাককৈ সোমাই আহিল। মোৰ হাতত LRCR য়ে ইচ্ছ্যু কৰা জাননীখন দিলে। মই চাই দেখিলো যে এইটো কেচ গিণ্টু মজুমদাৰৰ টেবুলৰ। মই তেওঁলোকক গিণ্টুদাৰ টেবুললৈ পঠিয়াই দিলোঁ।
তেনেতে ঘটি গ’ল ঘটনাটো। পৰিয়ালটোৰ লগত অহা মানুহ এজনে ভিৰাই দৌৰ মাৰিলে বাহিৰলৈ। আমি সকলো আচৰিত হ’লোঁ, পৰিয়ালটোৰ বাকীবোৰ সদস্যইও। কৰ্তব্যৰত পুলিচকেইজনেও একো তলকিবই নোৱাৰিলে। মানুহজন বাহিৰত গৈ ভীৰৰ মাজত সোমাই পৰিল।
গিণ্টুদাৰ সমস্যা হ’ল। এজন মানুহ নোহোৱাকৈ কেনেকৈ কৰিব বংশবৃক্ষ পৰীক্ষণৰ কাম! তাতে আকৌ NRC সেৱা কেন্দ্ৰৰপৰা বিষয়াৰ চকুৰ আগেৰে পলাইছে। সন্দেহজনক। পৰিয়ালটোৰ বাকী মানুহখিনিও বৰ বিমোৰত পৰিল। কি হ’ল, কিয় হ’ল কোনেও একো ধৰিবই পৰা নাই। গিণ্টুদা, মই, মনোজ আৰু কেইজনমান চকীৰপৰা উঠি বাহিৰলৈ ওলাই আহিলোঁ। দেখিলো হোমগার্ড আৰু পুলিচ দুজনে মানুহ এজনক ধৰি আনিছে। মানুহজনেও আপ্ৰাণ চেষ্টা কৰিছে আগবাঢ়ি নাচিবলৈ! তেনেতে গিণ্টুদাই পুলিচ দুজনক কৈ উঠিল,
: আপোনালোকে তেওঁক এৰি দিয়ক। মই কথা পাতি আছোঁ। চিনি পাওঁ মই।
পুলিচ দুজনে মানুহজনক এৰি দিলে। গিণ্টুদা তেওঁৰ কাষলৈ আগবাঢ়ি গ’ল। লগত পৰিয়ালটোৰ কেইজনমান মানুহ। গিণ্টুদাই দূৰৰপৰাই চিঞৰি চিঞৰি মানুহজনক ক’লে,
: কাকা, মই আজিকালি সিগলা খান কাম নক্ৰু নহয়। কিত্তা বাতে বাদ দিছু। তই ভয় কইৰবা নাংগে, আহ।
: ……………………………
: তই বিশ্বাস কৰ, এতে সেগলা কাম নোহৈ। মই সঁচাকে কৈছু। লাগা হ’লি তই এতে বেলেগ কাবাক ক সুধি চা। তই যদি মোৰ তাতে ভয় কৰা, বেলেগে কৈৰবো আহ তোনধোৰ কাম। তই খালী মাহনুটু আহ্।
চুচুক চামাককৈ মানুহজন হলঘৰটোৰ ভিতৰলৈ সোমাই আহিল। চকুত বিশ্বাস-অবিশ্বাসৰ দোমোজাৰ ভাব, কিছু শংকা আৰু ওচৰে-পাঁজৰে থকা মানুহবোৰৰ প্ৰচণ্ড কৌতুহলী মুখ।
[৩]
আমি সকলো আচৰিত হ’লোঁ ঘটনাটোত। মনতে ভাবিলো কাৰোবাৰ লিগেচী ভুলতে ব্যৱহাৰ কৰা বাবে বোধহয় মানুহজনে ভয় খাই দৌৰিছিল। অথবা পৰীক্ষণস্থলীত বিচৰা নথি পত্ৰ কিজানি আনিবলৈ পাহৰিছে। গিণ্টুদাক সুধিলো কথাটো কি। তেওঁ মিচিকিয়াই হাঁহি এটা মাৰি পৰিয়ালটোৰ কামখিনি কৰিবলৈ ধৰিলে। মোৰ টেবুলত কেচ নথকা বাবে ময়ো তেখেতক অলপ সহায় কৰি দিলোঁ। প্ৰায় ৪৫ মিনিটমান সময়ৰ ভিতৰত তেওঁলোকৰ কাম শেষ হ’ল। গিণ্টুদাই ঘটনাটো ক’বলৈ আৰম্ভ কৰিলে।
গিণ্টুদাই শিক্ষা বিভাগত চাকৰি কৰাৰ আগতে NHM ত চাকৰি কৰিছিল। সেই সময়ত NHM ৰ উদ্যোগত এটা NGO ৰ সহযোগত গাঁৱে-ভূঞে No Scalpel Vasectomy (NSV) ৰ সজাগতা শিবিৰৰ লগতে পৰিয়াল পৰিকল্পনাৰ বিভিন্ন ধৰণৰ কাম-কাজ চলি আছিল। গিণ্টুদাহঁতৰ দলটোৰ দায়িত্বত আছিল পুৰুষসকলক পুৰুষ বন্ধ্যাকৰণৰ বিষয়ে অৱগত কৰোৱা আৰু তেওঁলোকৰ সহায়-সহযোগিতা কামনা কৰা।
তেনেকুৱা কোনোবা এটা দিনত গিণ্টুদা আৰু তেওঁলোকৰ দলটো নলবাৰীৰ ফালৰ গাঁও এখনলৈ গৈছিল। উদ্দেশ্য জনসংখ্যা বিস্ফোৰণৰ কথা গাঁওবাসীক বুজোৱাৰ লগতে পুৰুষ বন্ধ্যাকৰণৰ বিষয়ে অৱগত কৰোৱা আৰু ইচ্ছুকসকলক বন্ধ্যাকৰণ শিবিৰলৈ আনি অপাৰেচন কৰোৱা। সিদিনাৰ মিটিঙলৈ সেই গাঁওখনৰে এটা দুখীয়া পৰিয়ালৰ এজন মানুহ আহিছিল। অতি হোজা, গাঁৱলীয়া নিৰক্ষৰ মানুহজনৰ পত্নী অসুখীয়া, কেইবাটাও ল’ৰা-ছোৱালী। অভাৱ-অনাতনত জুৰুলা হৈ জোৰা-টাপলি মৰা সংসাৰ। দুই-এজনৰ পৰামৰ্শত মানুহজন সন্মত হ’ল নিজৰ বন্ধ্যাকৰণ কৰাবলৈ।
নিৰ্দিষ্ট দিনত মানুহজন হস্পিতাললৈ গ’ল। চিকিৎসকে কোৱামতে সৰু অপাৰেচন যদিও হস্পিতাললৈ আহি মানুহজনে ভয়তে ঘামিবলৈ ধৰিলে। অলপ কঁপনিও উঠিল। বুকু দুৰু দুৰু। তাতে সিদিনা হাটলৈ যাওঁতে কোনোবা কৈছিল এইবোৰ অপাৰেচনত হেনো কিবা প্লাচ নে চেপেনাৰে চেপি দিয়ে! ভয়তো লাগিবৰ কথাই!
হস্পিতালত স্বাস্থ্য কৰ্মীসকলে বহুত বুজালে মানুহজনক। ভয় কৰিবলৈ মানা কৰিলে। মানুহজনৰ লগত অহাজনেও তেওঁক ভয় নকৰিবলৈ অভয়বাণী শুনালে। তথাপিও মানুহবোৰে কোৱা কথা মনত পৰি মানুহজন নাৰ্ভাছ হৈ থাকিল। মনত এটাই চিন্তা, কিয় যে আহিলোঁ ইয়ালৈ! কেনেবাকৈ ইয়াৰপৰা যাব পাৰিলে আৰু কেতিয়াও এইবোৰ মানুহৰ আগলৈ নাহোঁ, মৰি গ’লেও!
যথা সময়ত মানুহজনৰ অপাৰেচন হৈ গ’ল। তেওঁ আশংকা কৰা ধৰণেৰে বিশেষ একো অসুবিধা নহ’ল। কিছুসময় জিৰণি লৈ সিদিনা আবেলিয়ে তেওঁক ঘৰলৈ যাবলৈ দিয়া হ’ল। কিন্তু সেই ভয়টোৱে আহিবৰ সময়তো তেওঁক নেৰিলে। ইয়াৰ পিছত বা কি হয়! আগৰ দৰে সকলোবোৰ নৰ্মেল হৈ থাকিবতো! বাৰে বাৰে মনলৈ আহি থাকিল অপাৰেচন হলত থকা আটাইকেইজন মানুহৰ চেহেৰা। বিশেষকৈ গিণ্টু মজুমদাৰ নামৰ স্বাস্থ্য কৰ্মীজনৰ বিয়াগোম মোচকোছা, চুলিবিহীন মূৰটোৰে প্ৰকাণ্ড চেহেৰাটো আৰু….!
পৰিস্থিতি এনেকুৱা এটা অৱস্থালৈ গতি কৰিলে যে গিণ্টুদাহঁতৰ দলটোক পিছলৈ মানুহে দেখিলে ভয় খোৱা হ’ল। নিৰক্ষৰ আৰু অৰ্ধশিক্ষিত মানুহবোৰৰ কিছুমানে আকৌ তেওঁলোকক ঘৰে ঘৰে গৈ পঠা ছাগলীক খাহী কৰা মানুহৰ নাম দি অৰ্থাৎ কামৰূপীয় ভাষাত বৈদাৰ পাৰ্টি বুলিও কোৱা হ’ল। পুৰুষ বন্ধ্যাকৰণৰ উপযোগিতাতকৈ মানুহে অপকাৰীতাৰ কথাহে বেছিকৈ উৰাবাতৰি বিয়পোৱা হ’ল।
এদিন গিণ্টুদাই NHM ৰ চাকৰি বাদ দিলে। টেট দি স্কুলৰ চাকৰিত সোমাল। ভাবিলে এইবোৰ কাম আৰু নকৰোঁ। ভাল কাম কৰোঁ। ল’ৰা-ছোৱালীক মানুহ কৰাৰ কাম, দেশৰ ভৱিষ্যত মানৱ সম্পদ উন্নয়নৰ কাম। কিন্তু বিধিৰ কি বিপাক! স্কুলৰ চাকৰিৰপৰা ৪ বছৰৰ বাবে তেখেতক লৈ অনা হ’ল NRC সেৱা কেন্দ্ৰলৈ।
গিণ্টুদাই কোৱামতে সেই মানুহজনৰে যাক তেওঁলোকে অপাৰেচন কৰাবলৈ হস্পিতাললৈ আনিছিল তেওঁৰ নবৌয়েকক গাওঁ পঞ্চায়তৰ সচিবে দিয়া প্ৰমাণপত্ৰৰ পৰীক্ষণ আৰু তেওঁলোকৰ গোটেই পৰিয়ালটোৰ ফেমিলী ট্ৰীৰ কাম আজি এইটো সেৱা কেন্দ্ৰত পৰিছিল। গিণ্টুদাইও নাজানে সেই নলবাৰীৰ হোজা মানুহজনৰ ভেৰিফিকেচন ইয়াত হ’ব আৰু মানুহজনেও নাজানে যে তেওঁক অপাৰেচন কৰা মানুহবোৰৰ যাক দেখিলে আটাইতকৈ বেছি ভয় লাগে, তেখেতৰ তাতেই তেওঁৰ পৰিয়ালৰ ভেৰিফিকেচন হ’ব!
ভেৰিফিকেচন! সঁচাকৈ, কাৰ ভেৰিফিকেচন ক’ত, কেতিয়া হৈ যায় কোনেও ক’ব নোৱাৰে। বিশাল হলঘৰটো হাঁহিৰে ৰজনজনাই গ’ল।
☆ ★ ☆ ★ ☆
12:00 pm
তামাম , ৰিংকু। বৰ ভাল লাগিল।
12:12 pm
বঢ়িয়া দিছা ৰিংকু…আধা পঢ়িয়েই কাহিনীটো অনুমান কৰিছিলোঁ। আগলৈ আৰু লিখিবা।
12:40 pm
আমোদজনক গল্প ৰিংকু ৷ এনেকৈয়ে লিখি যাবি আগলৈ ৷
1:15 pm
মালিক গুড মৰ্লিং। গীন্টুদা চেন্টুদাৰ কোনোবা জিগিৰি দোষ্ট নাকি ৰেই বাইন। মানুচটো যে খাটীয়াৰ নিচত ঘুমি নগ’ল!!
1:48 pm
ভাল লাগিল পঢ়ি ।
1:33 pm
খিক্ খিক্ খিক্
9:15 am
ভাল লাগিল