ফটাঢোল

মই, এটা ৰাস্তা আৰু এজনী গাই গৰু- ৰেখা ডেকা

লিখাৰ নামত মস্ত শূন্য এজনে কি লিখিব পাৰে? ভাবি চাইছে নে কেতিয়াবা? কি নাই ভবা? তেনেহ’লে নাভাবিব দেই। তদুপৰি সেই লেখা যদি হাস্য-ব্যঙ্গ ধৰ্মী হ’ব লগা হয়, সেইটো আৰু ভয়ানক। গতিকে নভবাই ভাল। লাভটোনো কি হ’ব ! এনেও মগজুক বেছি কষ্ট দিয়া বেয়া।

প্ৰথমে ভাবিলোঁ সোণোৱালী শৈশৱৰ কথা লিখোঁ। কিন্তু কি লিখোঁ! সেইটো এটা বিৰাট ডাঙৰ চিন্তা। সৰুতে ইমানেই বেছি ঠাণ্ডা আছিলোঁ যে সেইপিনেও নাই। হওঁতে এবাৰ লগৰ এজনীক ‘অ, অ, খা, খা’ ইমান ভাল লাগে খাই বুলি কচু খোৱাই দিছিলোঁ। পিছত তাইৰ মাকৰ গালিৰ কথানো আৰু কি ক’ম!

ঘৰবোৰ থাকক বাৰু, ইমানো ক’ব নাপায়। এইখিনি কথাকে কিমান ৰহণ সানিম আৰু মায়ে পেৰাটো কেতিয়াবাহে খোলে। গতিকে এৰিলো এইটো অধ্যায়। পিছত ভাবিলোঁ নিজৰ মাজত বিচাৰি পোৱা বান্দৰনীজনীৰ কথা লিখো। নাই নাই দুপৰীয়া গোটেইকেইটা শোৱাৰ পিছত ওলোমাই থোৱা কল ছিঙি ছিঙি খোৱাৰ কথা ৰাইজক নজনাও। ইস! কি বুলি ভাবিব হয়। লগতে এটা উপনাম পাম ইমান ৰিস্ক্ ল’ব নোৱাৰি। সেয়ে ভাবিছোঁ বেলেগ কিবা লিখোঁ।

“আ বেল, মুঝে মাৰ” এই কথাটো বহুতে শুনিছে। মই কিন্ত ইয়াৰ ভুক্তভোগী। বেলে জানো ‘বেল’ক মাৰে? ওহোঁ, নামাৰে! সেয়ে মোৰ ওচৰলৈ বেল নাহি ‘গাই’ এজনী আহিছিল। মানে কথাটো হ’ল জুন মাহৰ গৰম।  ওপৰত খাওঁ খাওঁ সূৰ্য দেৱতা তলত আলকতৰা গলি হোৱা গৰম আৰু স্কুলৰ পাঠবোৰ। এপিনে অংক আৰু আনপিনে বিজ্ঞান। মগজুৰ ভাগৰ লাগি যায়। তাতে খোজ কাঢ়ি ঘৰলৈ অহাৰ কথা, ঘৰ পাবলৈ দুখোজমান থাকোতেই ভাগৰে হেঁচা মাৰি ধৰিলে নিমাখিত জীৱই কি কৰিব পাৰে যিহকে পায় তাতে উঠি যোৱাৰ বাদে!

মই সেয়ে মনতে ভাবিলোঁ লগতে খোজ মিলাই যোৱা গাইজনীৰ পিঠিত উঠি যাওঁ! গাইজনীয়ে অৱশ্যে এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰি মোলৈ যিটো চোঁচা ল’লে, ভাগৰ ক’ৰবাত পলাল, দৌৰি আহি চেকেণ্ডত ঘৰ পালোহি।

এই কথাটো কিন্তু আজিলৈ কোনেও নাজানে। আমাৰ তিনিজনৰ বাদে। মানে মই, ৰাস্তাটো আৰু সেই গাইজনীৰ বাহিৰে। আপোনালোকেও কাকো নক’ব!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *