ফটাঢোল

আজাদী (হেবাঙৰ_দিনলিপি) : পার্থ প্ৰতীম শৰ্মা

হেবাং মানুহটো চিধা-চাধা। বেছি ভেজাল কথা সি ভালো নাপায়, বুজিও নাপায়। তাক হেনো এদিন কোনোবাই ক’লে-দেশৰ খবৰ ৰাখিব লাগে, সদায় বাতৰি চাব লাগে। সেইদিন ধৰি সি আজিলৈ এদিনো বাতৰি চাবলৈ এৰা নাই। আন একো নহ’লেও অন্ততঃ সন্ধিয়াৰ বাতৰি সি চাবই চাব। মই গাঁৱলৈ গ’লে সি মোক তাৰ হাজাৰ প্ৰশ্নৰে আগুৰি ধৰে। সিদিনাৰ কথা। মাজতে হেনো হেবাঙে সপোনত কোনোবা এজন মানুহ দেখিলে। মানুহজনৰ মুখখন ধোঁৱা ধোঁৱা। প্ৰথমে হেনো হেবাঙে ভয়েই খাইছিল ভূত-প্ৰেত কিবা হ’ব বুলি। পিছতহে গম পালে কোনোবাই চিনি পাব বুলি ভয়তে মুখখন ‘ব্লাৰ’ কৰি আহিছে হেনো। তেওঁ কোৱাৰ দৰেই- কি ঠিক, তেওঁ যিবোৰ কথা ক’ব, সেইবোৰ শুনিলে জেইল-তেইল হৈ যাব পাৰে। আজিকালি কথা ক’লেই জেল হৈ যায়। মাজতে হেনো কোনোবা এজনক ৯ বছৰ বয়সতে উগ্ৰপন্থীৰ লগত সম্পৰ্ক আছিল বুলিও জেললৈ নিছে। সেয়ে খুপি-খুপি, সাৱধানে চলিব লাগিব।

সপোনত পিচে হেবাঙে একদম হিৰোৰ লেখীয়া খোজ লৈ তেওঁৰ লগত গৈ আছে। তেওঁ লাহেকৈ কথা আৰম্ভ কৰিলে- সংস্কৃতিৰ কথা, গানৰ কথা, গণতন্ত্ৰৰ কথা, ধর্ম নিৰপেক্ষতাৰ কথা! মাজতে কিবা “ভাঙ্ ভাঙ্ ভাঙ্ লোহাৰ শিকলি ভাঙ্” বুলি কবিতাও গালে। প্ৰথমে ভাঙ্ বোলোঁতে হেবাঙে হেনো আমাৰ ধোঁৱাবিধৰ কথা কোৱা বুলি ভাবিছিল। পিছত তেওঁ বুজাই দিয়াতহে গম পালে তেওঁ হেনো সমাজৰ নিয়ম ভঙাৰ কথা কৈছে, দাসত্বৰ বান্ধোন চিঙাৰ কথা কৈছে। নিজকে ৰাভা বুলি চিনাকি দিয়া মানুহজনক অলপ জ্ঞান থকা মানুহ যেন পাই হেবাঙে লাহেকৈ সুধিলে,

হেবাং : ৰাভা খুড়া, মই মানে কথা এটা বুজি পোৱা নাই। আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিল যেন আপুনিহে মোক বুজাই দিব পাৰিব। এই যে গণতন্ত্ৰ বুলি কয়, মই কিতাপত পঢ়োঁতে কিবা ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা, ৰাইজৰ চৰকাৰ বুলি পঢ়িলোঁ। কিন্তু ৰাইজৰ কথাৰ দেখোন গুৰুত্বই নাই। কিতাপত ভুল লিখা আছে নেকি বাৰু?

শেঁতা হাঁহি মাৰি ৰাভা খুড়াই ক’লে,

ৰাভা খুড়া : মই তাহানিতেই কৈছিলোঁ, ৰাজ্যে আছে দুইটি পাঠা, একটি কালা একটি ছাদা। ৰাজ্যেৰ যদি মংগল চায়, দুইটি পাঠাকে বলি দাও।

হেবাং : অ’ খুড়া ইমান জটিল কথা মই বুজি নাপাওঁ নহয়। অলপ সহজকৈ কওক না.. এহ বাদ দিয়ক। বেলেগ এটা কথাই সোধোঁ৷ এই যে মানুহবোৰে হাল্লা কৰি থাকে, ধৰ্ম নিৰপেক্ষ ধৰ্ম নিৰপেক্ষ, এইটো বৰ দৰকাৰী বস্তু নেকি?

ৰাভা খুড়াই কিবা এটা ক’ব খোজাৰ আগতেই ক’ৰবাৰ পৰা তিখৰু আহি পালে। সপোন যে, যেতিয়াই তেতিয়াই কোনোবা এজন আহি ওলায়। তিখৰুৱে তপৰাই উত্তৰ দিলে,

তিখৰু : আই এম এ ডতাৰ অফ এ ফাদাৰ আৰু মই ধৰ্ম নিৰপেক্ষ। বিশ্বাস নহয় যদি মোৰ কাপোৰৰ ৰং চাওক। মোৰ কাপোৰৰ ৰং সন্যাসীৰ দৰে, গতিকে মই মিছা কথা নকওঁ। ধর্ম নিৰপেক্ষতা বস্তুটো অসম চুক্তিৰ দৰে জটিল নহয়। এইটো একদম সহজ বিষয়। চাওক- মুছলমান বাঢ়িলে হিন্দুৰ কষ্ট বেছি হ’ব। সেইবাবে মুছলমান বেছি হোৱা জেগাত আমি হিন্দু লৈ আনিম। নিজৰ ঠাইত কম হ’লে লাগিলে বিদেশৰ পৰা আনিম। গোটেই হিন্দু কৰি দিম। আনকি লেদিছলেটিভ সভাতো সকলো হিন্দু কৰিম। তেতিয়াহে হিন্দু বাচিব। সেইবাবে মই ধৰ্ম নিৰপেক্ষ। মোৰ এইবোৰ চিন্তা কৰোঁতে বহুত কষ্ট হয় ও, নিৰপেক্ষ হোৱাটো ইমান টান। চুলি সৰি গ’ল গোটেই। তাৰ উপৰি আই এম এ ডতাৰ অফ এ ফাদাৰ।

এনেকৈয়ে আলোচনা কৰি কৰি গোটেইকেইজনে কেতিয়ানো গুজৰাট পালে ক’বই নোৱাৰিলে। সপোন যে যেতিয়াই তেতিয়াই যি টি হৈ যায়।

নৰ্মদা নৈৰ পাৰত ডাঙৰ মূৰ্তি এটাৰ তলত কোনোবা এজনে ইউনিটি_ইউনিটি বুলি কান্দি আছে। তিখৰুৱে চিনি পাই কৈ উঠিল-

: আৰে, আমাৰ চৰ্দাৰ। আৰে এওঁ আমাৰ চৰ্দাৰ। দা আই ৰণ মেন।

চৰ্দাৰে বহুদেৰিলৈ তিখৰুৰ মুখলৈ চাই ৰ’ল।  তেওঁৰ পুৰণি কথা কিছুমান মনত পৰিল৷ এইজনেই নাছিলনে, যিয়ে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি কৈছিল! হয় হয় এওঁৱেই আছিল। উফ্‌! মানুহৰ আদৰ্শ! অৱশেষত গোমোঠা মন এটা লৈ লাহেকৈ উঠি আহি  চৰ্দাৰে ৰাভা খুড়াৰ কান্ধত হাত থৈ ক’লে,

: তুম ঠিক বলতে থে, য়ে আজাদী স্বায়দ ঝুঠি হে!
☆ ★ ☆ ★ ☆

2 Comments

  • জ্যোতিৰ্ময়

    ভয়ানক সপোন ??

    Reply
  • গৌৰীশংকৰ শৰ্মা

    পঢ়িলোঁ। গল্পটোৰ আৰম্ভণি সুন্দৰ হৈছে। বঢ়িয়া জুনিয়ৰ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *