ফটাঢোল

মালতী বৰুৱাৰ জীৱনৰ আদিবৃত্ত – চন্দ্ৰমা খাউণ্ড

ক্ৰাছ……

না না, নহয়, ৰ’বহে। আপুনি ভবাৰ দৰে ৮০ কিলোমিটাৰ বেগত গৈ থকা অভাৰলোড ফ’ৰ জিৰ’ ছেভেনখন হঠাৎ ব্ৰেক মাৰি ৰৈ যোৱাৰ শব্দ নহয় এয়া। এইটো এটা দুৰ্লভ শব্দ। মালতী নামৰ এটি জীৱ মাকৰ গৰ্ভত থিতাপি লোৱাৰহে শব্দ এইটো।

সেই ক্ৰাছ কৰি এটি দুৰ্জয় শব্দত আয়েকৰ গৰ্ভত যি ব্ৰেক মাৰি মালতী বৰুৱাই থিতাপি ল’লে আৰু তাতেই নিজৰ বাবে থকা খোৱাৰ ব্যৱস্থা কৰি লোৱাৰ সিদ্ধান্তত অটল হৈ পৰিল৷ পাছলৈ এই মহাবিশ্বৰ অন্তৰ্গত অসম মুলুকৰ কোনোবা এখন ভিতৰুৱা ম’বাইলৰ নেটৱৰ্ক নোপোৱা গাঁৱত শিৱৰ তাণ্ডৱ নৃত্যৰ দৰে দূৰন্ত গতিত জীৱনৰ প্ৰতিটো দিন ধিন তানা না না ধিন তানা না না কৰি কটাবলৈ ধৰিলে। বাৰু সেই কথা পাছত লিখিম৷

মালতী বৰুৱা যোৱা বছৰ আমাৰ ঘৰলৈ আহি মোক ক’লে বোলে,

: খাঁয়োঁন, লিঁখচোঁন মোঁ জীঁবন(অ) সোঁণসেইয়াঁ গাঁথা।

ম‌ই বোলো,

: অ আই কি আচ্ছইত! কেনেকৈ লিখিমহে ম‌ই আপোনাৰ জীৱনগাঁথা। নিজৰ নামটোৰ লগতে
মৌজাটোৰ নামটোহে লিখিবলৈ শিকিছোঁ কোনোমতে। জীৱনগাঁথা লিখা জানো ইমান সহজ! ম‌ই নোৱাৰোঁ দেই।

মালতী বৰুৱাই মোৰ কথা শুনি না না না কৈ নিজৰ মূৰটো সোঁৱে বাওঁৱে এনেকৈ হিলাবলৈ ধৰিলে অ কি ক’ম মানে.. ম‌ই দুয়ো হাতেৰে টেপা মাৰি ধৰিহে বৰুৱাৰ মূৰটো পোন কৰি ডিঙিৰ ওপৰত সঠিক ঠাইত ৰাখিব পাৰিলোঁ। নহ’লে চাগৈ মালতী বৰুৱা গুচি ডিঙি বেঁকেতী বৰুৱা নাম পালেহেঁতেন কাহানিবাই। বাৰু যি হ‌ওক মোৰ কাৰণেই মালতীৰ মূৰটো এতিয়াও ডিঙিৰ ওপৰত আগৰ জেগাতে পোন হৈ থকাৰ সুযোগ পালে৷

পিছে মূৰটো পোন কৰি মালতীৰ কথা বিষম দেখি ক’লোঁ,

: বোলো বৰুৱা চাওক মই বৰ বেছি কথা নক‌ওঁ। আপুনি ইমান জোৰ কৰিছে যেতিয়া লিখিম বাৰু আপোনাৰ জীৱনগাঁথা। পিচে পাছত ৰাইজে আপোনাৰ জীৱনবৃত্ত পঢ়ি আপোনাৰ গুৰি গোষ্ঠী উদ্ধাৰিলে মোৰ দায় নাথাকিব। লগতে আপোনাৰ চৰিত্ৰৰ দায় দোষৰ বাবে আপুনি পাছত এঘৰীয়া ভাত খাব লগা হ’লে মোৰ দায় নাথাকিব। যদি মোৰ চৰ্ত মঞ্জুৰ আছে তেনেহ’লে আপুনি চহী কৰি দিব লাগিব। তেতিয়াহে ম‌ই আপোনাৰ জীৱনবৃত্তান্ত লিখিবলৈ মান্তি হ’ম।

ৰাইজে চাগৈ ভাবিছে এই মালতী বৰুৱা কোনোবা দুধৰ্ষ ডকাইত নাইবা সন্ত্ৰাসবাদী নেকি যাৰ জীৱনবৃত্তান্ত লেখিবলৈ ম‌ই এনেকুৱা উদ্ভট চৰ্ট ৰাখি ল’ব লগা হ’ল! সেইখিনি বাৰু গম পাই থাকিব এই জীৱন বৃত্তান্তখনিৰ হীৰাবোলোৱা পৃষ্ঠাত।

কথামতেই পিছদিনা মালতী বৰুৱাই আমাৰ ঘৰৰ আগচোতালত ৰ’দত বহি বহি দহখন কাগজত দহটা টিপ চহী কৰি দিলে। আৰু মুখেৰে অভয় প্ৰদান কৰি টেঙটেঙীয়া  মাতেৰে ক’লে,

: লিঁখ এঁতিয়া মোঁ জীঁৱন বৃঁত্ত, কোঁনে কিঁ ক‌ঁইব পাএঁ চাওঁ ময়োঁ, কোনোঁবাই কিবাঁ ক’লেঁ তোঁ দাঁয় নাইঁ। ত‌ঁই তলমূঁ উপঁ নক‌ঁআঁকৈ লিখঁ আঁজিপাঁ।
মালতী বৰুৱাৰ কথামতে ময়ো হাতত কাঠপেঞ্চিলডাল তুলি ল’লোঁ। সেই যে মালতী বৰুৱা চকুৰে নমনা কণমানি অৱস্থাতেই আশী কিলোমিটাৰ বেগৰ গাড়ীখনৰ দৰে আয়েকৰ গৰ্ভত ক্ৰাছ কৈ শব্দ কৰি ব্ৰেকডাল মাৰিলে; তাৰ পাছত আৰু মালতী বৰুৱাই  আগ নাবাঢ়ি আয়েকৰ গৰ্ভতে অকণমান জিৰাই ল‌ওঁ বুলি ভবি তাতেই ৰৈ গ’ল নমাহলৈ।

আয়েকৰ গৰ্ভত সোমায়েই যিটো শব্দ কৰি মালতী বৰুৱাই গতিবেগ থমালে আয়েকে শব্দটিৰ তীব্ৰতা সহিব নোৱাৰি মুচকচ গ’ল। মালতী বৰুৱাৰ আইতাকে বোৱাৰীয়েকৰ মূৰত তেল-পানী দুবাতি মালিচ কৰিহে দুদিনৰ পাছত সম্বিৎ ঘূৰাই আনিব পাৰিলে। মানুহজনী কথমপি বাছিল সেইবাৰলৈ।

লাহে লাহে মালতী বৰুৱা আয়েকৰ গৰ্ভৰ ইফালে সিফালে ভুমুকিয়াই কি আছেনো চাই আনন্দতে দুই এজাপ মাৰিব পৰা হ’ল যদিও ঠাইৰ অভাৱত জাঁপ মাৰিব নোৱাৰিলে। তাৰ সলনি হাত ভৰি জোকাৰিয়েই ক্ষান্ত থাকিবলগীয়া হ’ল। নহ’লেতো “মালতী বৰুৱা গৰ্ভতেই জপিওৱা” বুলি গিনিছ বুকত বৰুৱা বংশৰ নাম ৰাখি থৈ যাব পাৰিলেহেঁতেন। আয়েকৰ গৰ্ভত ঠাইৰ অভাৱৰ কাৰণেই মালতীয়ে ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ পৰা বঞ্চিত হ’ব লগা হ’ল। এতিয়াও মালতীৰ বুকুত হেনো সেই দুখটোৱে উক দি থাকে মাহেকে-পষেকে৷ আকৌ আয়েকৰ গৰ্ভত থাকোঁতেই তৃতীয় মাহত আয়েকে বেছিকৈ জলফাই বগৰী ইত্যাদি টেঙাবোৰ খোৱাৰ কাৰণে মালতীৰো হেনো গাটো বৰকৈ টেঙাইছিল। টেঙাবোৰ সহ্য কৰিব নোৱাৰি মালতীৰ নাকটো কোঁচ খাই থাকিছিল কেইবাদিনলৈও। সেইসূত্ৰেই জন্মৰ পিছত মালতীৰ নাকটো জোখতকৈ অলপ বেছিয়েই চুটি হ’ল৷ আচলতে নাকৰ নামত এআঙুল নাকৰ ঠাৰিডালৰ লগতে ফুটা দুটাহে থাকিলগৈ। আইতাকে সৰিয়হ তেল তপতাই মালতীৰ নাকটো টানোতেও দীঘল হোৱাৰ নাম গোন্ধ‌ই নল’লে। সেই সূত্ৰেই মালতীৰ মুখত চন্দ্ৰবিন্দুৰ উচ্চাৰণটো অলপ বেছিকৈ শুনা যায় এতিয়া৷

মালতী বৰুৱাৰ দেউতাকো কমটি বৰুৱা নাছিল। আঘোণ মাহত পথাৰৰ পৰা সত্তৰ আশীটা ডাঙৰি কঢ়িয়াইও ভাগৰি নপৰিছিল। তাৰ পাছত সন্ধিয়া নৌ হওঁতেই ন ডাঙৰি এদিনৰো পুৰণি নকৰি তপতে তপতে এহাতে ট্ৰেক্টৰ ঘূৰাই আনখন হাতেৰে ওখোন চলাইহে সন্ধিয়া ভাতমুঠি খোৱালৈ কথমপি আজৰি হৈছিল। তাৰ পাছত মালতীৰ আয়েক আৰু আইতাকে কেঁকো-জেকো‍ঁকৈ বাঢ়ি দিয়া এদোন চাউলৰ ভাতমুঠি  আৰু হিচাপ কৰি নিমখৰ কণাকেইটামান আৰু দুটা পুঠিমাছৰ ফিচাৰ পোৰা পিটিকাৰ সৈতে কোনোমতে পেটটো ভৰাই দিন নিয়াইছিল। বৰুৱাই ভাত খাই থাকোঁতেই সদায় আয়েক আৰু ঘৈণীয়েকক সকিয়াই দিছিল,

: তহঁতেও নিমখবোৰ হিচাপ কৰি খৰচ কৰিবিহঁত, নিমখ কিনি ম‌ই ধন ভাঙিব নোৱাৰোঁ পাছত।

তাৰ পাছতে বৰুৱাই পথাৰত ধৰা ফৰিংকেইটা কলপাতত বান্ধি গাৰ ভাগৰ কমাবলৈ গাঁৱৰ সিমূৰৰ খগ ওৰাংৰ চুলাই ভাটিত গৈ ছয় সাত গিলাছ চোলাই খাই দোৰোলখোৱা জিভাৰে গান এটা গাই গাই ৰাতি এপৰত ঘৰ সোমাইছিলহি আৰু গৰ্ভৱতী ঘৈণীয়েকৰ কাষত শুই শুই বহু ৰাতিলৈকে গান গাই থাকিছিল। আয়েকৰ গৰ্ভৰ পৰাই বাপেকৰ চুলাইৰ নিচাত ৰ নুফুটা গান শুনি শুনিয়েই মালতী বৰুৱা সদায় টোপনি গৈছিল। আৰু পাছলৈ সেই সূত্ৰেই মালতী বৰুৱাৰো মুখত ৰ আখৰটো কমকৈ ফুটা হ’ল বুলি গঞা ৰাইজে বুজি ল’লে।

বৰুৱা বংশৰ এই উজ্জ্বল নক্ষত্ৰটিৰ জীৱনত ঘটা নাভূত-নাশ্ৰুত কৰ্মকাণ্ড শুনি সমাজৰ ৰাইজখনে বৰুৱাক এঘৰীয়া কৰাৰ আশংকাত জীৱনবৃত্তখনিৰ ইমানতে ইতি পৰিল বুলি ম‌ই ঘোষণা কৰিলোঁ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *