সন্তান- পাৰ্থ গোস্বামী
(১)
অপেক্ষা
“আইতা আপোনাক কিমান ক’ম যে আপোনাৰ কোনো ক’ল নাই অহা। আহিলে মই আপোনাক নিশ্চয় ক’ম। ” ….
সাত বছৰ আগতে অৱসৰ লোৱা বৰা বাইদেউৰ অপেক্ষাৰ আজি অন্য এটি দিন। একমাত্ৰ পুত্ৰ বিদেশলৈ যোৱাৰ পৰা আজিলৈকে ভালকৈ এবাৰো কথা পতা নাই হোৱা। যাওতে মাথো কৈ গৈছিল যে সি আহি তেওঁক লৈ যাব আৰু বৃদ্ধ আশ্ৰমৰ নংটো নিজৰ ডাঙৰ ম’বাইলটোত চেভ কৰি লৈছিল। তেতিয়াৰ পৰাই বৰা বাইদেউৰ দিনটোৰ বেছিভাগ সময় পুতেকৰ পৰা আহিবলগীয়া ফোনটোৰ বাবে অপেক্ষা কৰোতেই যায়। পুৰণা চকী এখনত কীৰ্ত্তন এখন হাতত লৈ প্ৰায়েই বাইদেৱে হাই পাৱাৰৰ মাজেৰে জিলিকা আখৰকেইটা পঢ়ি মাজে মাজে ফোনটোলৈ চাই …. আজিও ব্যতিক্রম নহয়। যোৱা দুটি বছৰৰ দৰে অপেক্ষাৰ বাহিৰে তেওঁৰ একোৱেই নাই।
“আপোনাৰ কীৰ্ত্তনখন এদিনৰ বাবে দিব পাৰিব নেকি?”
পিছ ফালৰ পৰা এজন সম বয়সীয়া ব্যক্তিয়ে বাইদেউক মাত লগালে। হাতত কোৰাণ লোৱা আৰু নামাজৰ টুপি পিন্ধা লোকজনে কীৰ্ত্তন খোজাত বাইদেউ আচৰিত হ’ল।
“আপোনাক প্ৰায়েই ইয়াত কীৰ্ত্তনখন হাতত লৈ বহি থকা দেখোঁ। আচলতে ময়ো এই ৰুমটোতে জীৱনৰ শেষ সন্ধিয়াকেইটা পাৰ কৰি আছো।” …
বাইদেৱে কীৰ্ত্তনখন তেওঁৰ হাতলৈ আগুৱাই দি বহিবলৈ ওচৰৰ চকীখন আগুৱাই দিলে।
“আপুনি ইয়াত এই ফোনটোৰ ওচৰত সদায় কিয় থাকে?…
“মোৰ একমাত্ৰ ল’ৰা আমেৰিকাত থাকে। সি ফোন কৰিলেই মই ইয়াৰ পৰা তাৰ লগত যাম গৈ … ভয় লাগে সি ফোন কৰিলে যদি ধৰিবলৈ কোনো নাথাকে মোক নিব কেনেকৈ ….”
“এৰাহ …. অপেক্ষা”
“উম… দীঘলীয়া”
“অন্ততঃ জীয়াই থকাৰ এটি আশা আছে আপোনাৰ। অপেক্ষাবোৰো একো একোটি আশা…”
“আপোনাৰ কোনো নাই নেকি?”
“আছে … আশ্ৰমৰ প্ৰতিজন মানুহ মোৰ নিজৰ”
“আপোনাৰ পৰিয়াল … ”
“মোৰ পুত্ৰ আৰ্মিত শ্বহীদ হোৱাৰ পৰা এইয়াই মোৰ পৰিয়াল। বাৰু আপোনাৰ নামটো?”
“নিৰলা বৰা …. আৰু আপোনাৰ …”
“নৱাজ …. নৱাজ আলি ” ….
চাওঁতে চাওঁতে তেওঁলোকৰ মাজত বন্ধুত্ব হ’ল। প্ৰায়েই গীতা, কোৰাণ আদিৰ কথাৰ লগতে গম নোপোৱাকৈয়ে এজনে আনজনৰ বাবে সঁহাৰি হৈ পৰিল। নৱাজদাৰ হাতৰ কফি একাপ নোখোৱালৈ বাইদেউৰ যেন দিনটো ভালদৰে নাযায়। ভাগৱতৰ দুলাইন নুশুনালৈ যেন নৱাজদাৰ নামাজ কবুল নহয়…. তেওঁলোকে এজনে আনজনৰ ঔষধ খোৱাৰ সময়ৰ হিচাপ ৰখা হ’ল।বাইদেউৰ অপেক্ষাবোৰ আজিকালি অপেক্ষা যেন নলগা হ’ল, আনহাতে নৱাজদা আজি অকলশৰীয়া নহয়।
এটি দীঘলীয়া ৰিঙৰ অন্তত ফোনটো ৰিচিভ কৰি ৰামু বাইদেউৰ ৰুমলৈ দৌৰি আহিল। তাৰ মুখৰ হাঁহিয়ে স্পষ্ট কৰি দিছিল যে ফোনটো নিশ্চয় বাইদেউৰ পুত্ৰৰ। ফোনটো ৰিচিভ কৰাৰ পিছত বাইদেউৰ উৎসাহ নৱাজদাই খিৰিকীৰে চাই আছে … তেওঁ বহু সুখী, বান্ধৱীৰ নতুন জীৱনৰ বাবে দোৱা কৰাত তেওঁ কোনো দিন এলাহ কৰা নাছিল … তথাপিও হঠাৎ যেন বহু কিবা হেৰুৱাই পেলাইছে তেওঁ। কোৰাণ পঢ়াৰ লগৰী …. কফি খোৱাৰ সংগী … দুখবোৰ ভগাই লোৱাৰ সঁহাৰি। ফোনটো কাটি সু খবৰ দিবলৈ বাইদেউ দৌৰি আহিল।
“কাইলৈ মোৰ ল’ৰা আহিব মোক নিবলৈ। আপুনি ভালদৰে থাকিব আৰু সময়ত ঔষধ খাব।”
“শেষ কাপ কফি মোৰ হাতৰ খাব নে?” …
মৌনতাই সময়খিনিক গভীৰ কৰি তুলিলে। বহুত কিবা
পায়ো যেন বহুত কিবা হেৰুৱালে। বিদায়বোৰ বৰ বেদনাদায়ক। বাইদেৱে একো নোকোৱাকৈ আঁতৰি আহিল। তেওঁৰ চকু পানীৰে ভৰি পৰিল। পিছলৈ ঘূৰি চাই ক’লে, “আপুনি যদি সদায় কফিৰ পাৰ্টি দিয়ে, এই অপেক্ষাক অপেক্ষা হিচাপেই জীৱন পাৰ কৰিম। কাইলৈ মই ক’তো নাযাওঁ। কিছুমান অপেক্ষাতো আশা লুকাই থাকে।”
আকাশখন সেউজীয়া সেউজীয়া লগা হ’ল।
(২)
শেষ চিঠি
“মা মই ভালেই আছো। ইয়াত বহুত কাম সেইবাবে ঘৰ যাব পৰা নাই। অহা ব’হাগত টেকেলি পিঠা খাবলৈ গৈ আছো।” …
প্ৰত্যেক দেওবাৰৰ দৰে আজিও সৰু বাবাৰ চিঠিখন হাতত লৈ ভোলাই পত্নী ৰমলাৰ কাষলৈ গৈছে।
“অ ৰি …. মানুহজনী ক’ত গ’ল…. শুনিছানে বাবাই চিঠি দিছে , সি অহা ব’হাগত আহিব। পাঁচ বছৰ হ’ল তাক নেদেখা। তাক কোৱাচোন এই কেইদিনতে আহিবলৈ।”
“উফ্ আপোনাক বাবাই প্ৰত্যেক দেওবাৰে চিঠি দিয়েই থাকে। সি আৰ্মী চাকৰিয়াল, দেশৰ সুৰক্ষা কাৰণে ঘৰলৈ আহিব সময় নাপায়।”
“তাক এবাৰ চাবলৈ বৰ মন গৈছে ৰমলা। নাজানো কিয় কিবা বৰ ভয় লাগিছে।”
“আপুনি মানে কিবা কিবি অৰ্থহীন কথা ভাবি নিজৰ গা বেয়া কৰি লয়। এইটো টেবলেট। … মই গা ধুই আহোঁ। দুটা হুইচেল মাৰিলে গেছটো বন্ধ কৰি দিব।”
বাথৰুমৰ দুৱাৰখন মৰাৰ লগে লগে ৰমলা কান্দোনত ভাগি পৰিল। তাইৰ কান্দোনৰ শব্দ কেন্সাৰ বেমাৰী ভোলাই যাতে নুশুনে তাৰ বাবে পানীৰ টেপটোৰ তলত বাল্টিটো ওলোটাই দিলে। তাইৰ সন্মুখত পাঁচ বছৰ পুৰণি স্মৃতিবোৰ ভাঁহি উঠিল। সৰু বাবাৰ মৃত দেহটো, সেনাবাহিনীৰ চিঠিখন, কফিন য’ত ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি আনিছিল তাৰ গুলীৰে আবৃত দেহ …. ক’লা ডাৱৰ ফালি অহা এজাক বৰষুণ …. আৰু একমাত্ৰ পুত্ৰৰ বিয়োগত মানসিক ভাবে ভাগি পৰা ভোলাকাই। ৰমলাই প্ৰত্যেক দেওবাৰে বাবাৰ হৈ দেউতাকলৈ এখন চিঠি লিখে য’ত লুকাই থাকে সৰু বৰ অভিমান, সীমাহীন ভালপোৱা আৰু জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা নূন্যতম আশা ….
“হুইচেল বন্ধ কৰিলেনে?” ৰমলাই চুলিৰ পানী গামোচাত টুকি শিৰত সেন্দুৰ আঁকিব ধৰোতেই সৰু চিঠি এখন পালে …
“মা তই মোক ইমান দিন তোৰ চিঠিৰ ভাজত জীয়াই থকাৰ বাবে ধন্যবাদ।” চিঠিখন পাই ৰমলাই ভোলাকাইৰ ফালে দৌৰি গ’ল। গেছৰ হুইচেল বন্ধ কৰি থকা ভোলাই ৰমলাৰ ফালে একেথৰে চাই ৰ’ল।
“তুমি ইমান বছৰ বাবাৰ হৈ মোলৈ চিঠি লিখিলা। আজি বাবাই আহি মোৰ কাণত ক’লে যে তোমালৈও বোলে সি কিবা লিখিব। বাবাৰ হৈ আজি মই লিখিলোঁ।” ৰমলাই ভোলাৰ বুকুৰ মাজত সোমাই হুকহুকাই কান্দিল। আজি আকাশখন অলপ ফৰকাল।
(৩)
ভোগালী
“মা চোৱা দেউতাই কিমান ডাঙৰ মাছ আনিছে। বাবু, ৰমেন, ভোলাহঁতে কৈছিল এইবাৰ বিহুত বোলে সিহঁতৰ ঘৰলৈ ডাঙৰ মাছ আনিব। আমাৰ মাছটো সিহঁততকৈ ডাঙৰ চোৱা মা।”
“উম বাবা এতিয়া নিমখ ভাতকে খা। কালি আমি ডাঙৰ মাছটো খাম।”
কণমানি বাবাই মাছটোক সন্মুখত ৰাখি নিমখ ভাতখিনি শেষ কৰি খালে। ফূৰ্তিত সি বায়েকৰ লগত চিঞৰি চিঞৰি গাইছে ”কালি মাছ খামেই, কালি মাছ খামেই।” বায়েকেও মাছটো দেখি আচৰিত হৈছিল।
সিহঁতে বহুদিন মাছ খাবলৈ পোৱা নাছিল, তাতে আকৌ কাইলৈ ভোগালী।
“পিতাই আজি তোৰ জালত ইমান ডাঙৰ মাছ উঠিল। মোৰ যে বিশ্বাসেই হোৱা নাই … মূৰৰ ফালেৰে মুৰিঘণ্ট বনাম।”
“উম … আই বনাবি দে।” ….
ৰাতিপুৱা চহৰৰ পৰা অহা গাড়ীখনত মাছটো উঠাই বাবাৰ দেউতাক ঘৰৰ নঙলাত বহু সময় অকলে এইটো ভাৱি আছিল যে ঘৰত গৈ বাবাক কি ক’ব। বহু সাহস কৰি ঘৰৰ ভিতৰলৈ সোমালে। কণমানি বাবাই দেউতাকৰ মুখলৈ বৰ আশাৰে চাই ৰ’ল।
“বাবা সেই মাছটো বেয়া আছিল । মই ভাল মাছ এটা আনিবলৈ যাওঁ।”
“নালাগে পিতাই আমি মাছ বেয়াই পাওঁ। মায়ে ৰাতিৰ কাৰণে লাইশাক আনিছে, তোক কিন্তু বেছি নিদিওঁ।”
বাবাৰ কথাত দেউতাকৰ মুখত অহা হাঁহিয়ে চকুত ভাহি অহা চকুলোক লুকুৱাৰ ব্যৰ্থ প্ৰয়াস কৰিলে। বাহিৰলৈ ওলাই আহি আকাশলৈ চালে।
“মোৰ জীৱনৰ সবাতোকৈ ধুনীয়া ভোগালীৰ দিনটোৰ বাবে প্ৰভু তোমাক ধন্যবাদ। আজি মই একো হেৰুওৱা নাই … তুমি বহু কিবা দিলাহে।”
☆ ★ ☆ ★ ☆