জাম্বুৱন্তৰ লটিঘটি- চিত্ৰজিত বৰা
মই তেতিয়া নগাওঁ কলেজৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ। মহাবিদ্যালয় সপ্তাহ চলি আছে। সেইবাৰ আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ বিষয় আছিল মাজুলীৰ মুখা প্ৰদৰ্শন। ৰাম, ৰাৱণ, হনুমান, জাম্বু আদি সকলো চৰিত্ৰৰে মুখা আছে। কাৰ কি দায়িত্ব সকলো ভগাই দিয়া হ’ল। সকলোকে কামসমূহ বুজোৱা, প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা ইত্যাদি দায়িত্ব মোৰ। অনুষ্ঠান আৰম্ভ হ’বলৈ অলপ সময় বাকী। তেনেতে হুৱাদুৱা লাগিল। জাম্বুৱন্তৰ ভাও ল’বলৈ দিয়া ল’ৰাজন নাই। কি কৰা যায়! শেষত সকলোৱে মিলি মোকেই হেঁচা দিলে। ছাৰে ক’লে, “তয়েই কিবা এটা ব্যৱস্থা কৰ। যেনে তেনে আমাৰ সন্মান বচা। নিজৰো, আমাৰ বিভাগৰো।” সকলোৰে হেঁচাত মই মান্তি হ’বলৈ বাধ্য হ’লো। জীৱনত মুখা পিন্ধি নোপোৱা ল’ৰাজনক মুখা পিন্ধোৱা হ’ল। ভালুকৰ সমস্ত কাপোৰ পিন্ধি জাম্বুৱন্তৰ ৰূপ ল’লো। আচল পয়মাল তেতিয়াহে লাগিল যেতিয়া মুখাখন পিন্ধি খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ। ভৰিৰ ওচৰৰপৰা দুই তিনি ফুট আঁতৰলৈকে কি আছে একো দেখা নাপাওঁ। ইফালে হাতত গদা এটাও গুজি দিলে। উপায় নাই, তেনেকৈয়ে আগুৱাই গৈ আছোঁ। সুবিধা এটাই হৈছে যে মোক কোনেও চিনি পোৱা নাই। মোৰ পিছফালে সীতাৰ ভাও লোৱা মনিজা। তাই গালি দি আছে গদাটো ভাল কৈ লোৱা বুলি। ন’হলে তাইৰ গাত বোলে বাৰে বাৰে গদাডাল লাগি গৈছে। ইফালে মোৰ ওচৰে পাজৰে কি আছে দেখাও নাপাওঁ। পিছফালে কি আছে চোৱাতো সম্ভৱেই নহয়। তেনেকৈয়ে ৰাজপথত খোজ কাঢ়ি গৈ আছোঁ। গাত পৰি কষ্ট পালেও উপায় নাই। মূৰৰ ওপৰত মাৰ্চ মাহৰ প্ৰখৰ ৰ’দ। তাতে আকৌ গাত ক’লা কাপোৰ। গৰমত থাকিব পৰা নাই। পানী অলপ খাবলৈও কোনো উপায় নাই। পানী লগতেই আছে। পিছে খাবলৈ মুখখন আছে মুখাৰ ডিঙি অংশত। খঙত কি কৰোঁ কি নকৰোঁ অৱস্থা। তেনেতে মনৰ মাজত থকা কুটবুদ্ধিৰ ভঁৰালটো খোল খালে। মোকতো কোনেও চিনিয়েই নাপাই, তেন্তে মই কিয় লাজ কৰি আছোঁ? মোৰ যি চেহেৰা হৈ আছে অলপ ধতুৱা ছোৱালীয়ে দেখিলে ভয়েই খাব। এনেতে দেখিলো দুজনী বেলেগ কলেজৰ ছোৱালী আমাৰ লাইনৰ মাজেৰে ৰাস্তা পাৰ হ’বলৈ লৈছে। মইও লাইনৰপৰা ওলাই সিহঁতৰ অভিমুখে দৌৰ দিলোঁ। আজ্জৈ, সেই দুগৰাকীয়ে যিটোহে চিঞৰ মাৰিলে মোৰ লগতে সকলোৱে গিৰ্জনী মাৰি হাঁহিবলৈ ধৰিলে। তাৰে এগৰাকীয়ে অলপ সাহস দেখুৱাই চেণ্ডেল হাতত লৈ মোৰ ফালে ওলোটাই চোঁচা ল’লে। ইফালে মই খৰকৈ দৌৰিবও নোৱাৰো। একেবাৰে ওচৰত কি আছে সেইটোৱেই দেখা নাপাওঁ। উপায় নাপাই ময়ো ছোৱালীজনীৰ ফালেই আগবাঢ়ি গ’লো। বোলো যি হয় দেখা যাব। শেষত যেনিবা আমাৰ নীহাৰিকা বাইদেউ আহি মোক চম্ভালি ল’লে। নহ’লে সেইদিনা মোৰ আৰু ছোৱালীজনীৰ মাজত হোৱা খণ্ড যুদ্ধ অসমৰ সকলো নিউজ চেনেলত লাইভ টেলিকাষ্ট হ’ল হয়।
(ঘটনাটো সম্পূৰ্ণ সত্য)
☆ ★ ☆ ★ ☆