ফটাঢোল

কহিমাৰ এৰাতি-ধ্ৰৱজ্যোতি বৰা

আজি দুমাহমান আগৰ কথা। কোম্পানীৰ কামত নাগালেণ্ডৰ ৰাজধানী কহিমালৈ যাবলগীয়া হ’ল। পুৱাই জনশতাব্দী ট্ৰেইনখনত উঠি ডিমাপুৰ পাওঁতে দুপৰীয়া চাৰে এঘাৰমান বাজিল। ডিমাপুৰতে ভাত পানী খাই চেয়াৰ টেক্সি এখনত উঠি কহিমা দুইমান বজাত পালোঁগৈ। টেক্সিৰ পৰা নামিয়েই পোনে পোনে মোৰ ডিষ্ট্ৰিবিউতৰৰ তালৈ গৈ কামখিনি শেষ কৰোঁ মানে সন্ধিয়া ছয় বাজিলে। কিনকিনীয়া বৰষুণো আৰম্ভ হৈছিল। গাড়ী বুলিবলৈয়ো কেইখনমানহে আছিল। টেক্সিৰ কাৰণে সময় নষ্ট নকৰি খোজ কাঢ়িয়েই পি আৰ হিলচ্‌ৰ পৰা লাহে লাহে নামি আহি কোম্পানীয়ে আগতেই ঠিক কৰি থোৱা ৱাফো নামৰ হোটেলখন পালোঁহি। ইতিমধ্যে বৰষুণো আৰু বাঢ়ি আহিছে। হোটেলত চেক ইন কৰিয়েই ৰাতিৰ আহাৰৰ অৰ্ডাৰ দি গুৱাহাটীৰ পৰা আগদিনাই কিনি থৈ দিয়া কোৱাৰ্টাৰৰ বটলটো উলিয়াই টিভি চাই চাই খাই শেষ কৰোঁতেই নমান বাজিল। ইতিমধ্যে বৰষুণো কমিলে। চিগাৰেট এটা খাবলৈ তীব্ৰ ইচ্ছা জাগাত, হোটেলৰ তললৈ নামি আহিলোঁ। জানুৱাৰী মাহৰ ঠাণ্ডা, ফিৰফিৰিয়া বতাহৰ লগতে চাৰিওফালে ঘোপমৰা আন্ধাৰ। সম্ভৱ কাৰেণ্টো নাছিলে চাগে। দূৰত ফুটপাথৰ কাষত অলপ পোহৰ দেখি আগ বাঢ়ি গ’লোঁ। সৰু গুমটি এখনত লেম্প এটা জ্বলাই নগা বুঢ়া এজন বহি আছিল।

: ককাই, ফিল্টাৰ লাগা চিগাৰেট এক্টা দিবি ত’

বুলি দহ টকীয়া নোট এখন আগবঢ়াই দিয়াত, তেওঁ চিগাৰেট এটা দিলে। কাষতে লাগি থকা লাইটাৰটোৰে চিগাৰেটটো জ্বলাইছোঁহে, এনেতে আৰু এজনে চিগাৰেট এটা মুখতলৈ মুখখন আগবঢ়াই দিলে। এন্ধাৰত মুখখন ধৰিব নোৱাৰিলোঁ যদিও তেওঁৰ চিগাৰেটটোও জ্বলাই দিলোঁ। থেংকচ এ লট বুলি আগন্তুকে উত্তৰ দি তেওঁৰ হাতখন মোৰ ফালে আগবঢ়াই দি ক’লে,

: মাইচেল্ফ যোগীন্দৰ সিং চেখাৱত৷

ময়ো মোৰ পৰিচয়টো দি হেণ্ডচেক এটা কৰিলোঁ। তেওঁৰ হাতখন স্পৰ্শ কৰাৰ লগে লগেই মোৰ গোটেই শৰীৰ যেন জিকাৰ খাই উঠিলে। হাত নহয় যেন বৰফৰ টুকুৰা এডোখৰহে হাতেৰে চুলোঁ। তথাপিও তেনেকুৱা একো ভাব নেদেখোৱাই, তেওঁৰ লগত সহজ ভাবেই কথা পাতিবলৈ চেষ্টা কৰিলোঁ। কথা প্ৰসঙ্গত তেওঁৰ পৰা গম পালোঁ যে পাঞ্জাবৰ যুৱক চেখাৱতে ভাৰতীয়া সেনা বাহিনীত আৰু কৰ্ম সূত্ৰে বৰ্তমান কহিমাত আছেহি। কহিমাৰ বাকি জেগা মই আগতে দেখিছোঁ যদিও, ইয়াৰ ৱাৰ চিমেট্‌ৰি মই এবাৰো দেখা নাই। যিহেতু মোৰ ট্ৰেইন পিছদিনা আবেলি ডিমাপুৰৰ পৰা আছিলে, গতিকে আগবেলা মোক কহিমা ৱাৰ চিমেট্‌ৰি চাবলৈ লৈ যোৱাৰ বাবে তেওঁক এবাৰ অনুৰোধ কৰিলোঁ। তেঁৱো এবাৰতে সন্মতি জনালে। পুৱা দহমান বজাত কহিমা ৱাৰ চিমেট্‌ৰিৰ গেটত লগ পোৱাৰ প্ৰতিশ্ৰুতি দি চেখাৱতে মোৰ পৰা বিদায় ল’লে। ময়ো হোটেললৈ আহি ৰাতিৰ আহাৰ খাই টোপনি গ’লোঁ।

পিছদিনা পুৱা চাৰে নমান বজাত হোটেল এৰি ঠিক দহবজাত চিমেট্‌ৰিৰ গেট পালোঁগৈ। গেটৰ কাষত আধা ঘণ্টামান ৰ’লোঁ, কিন্তু চেখাৱতৰ দেখা দেখিয়ে নাই। কিবা জৰুৰি কামত ফচি গ’ল বুলি ভাবি নিজেই চিমেট্‌ৰিৰ মেইন গেটেদি সোমাই লাহে লাহে আগুৱাই গ’লোঁ। চিমেট্‌ৰিখন খুব সুন্দৰ আৰু পৰিপাটীকৈ ৰখাৰ বাবে মনে মনে নাগালেণ্ড চৰকাৰক ধন্যবাদ জনালোঁ। এইদৰে অলপ আগুৱাই গৈ থাকোঁতে তাত থকা মৃত জোৱানসকলৰ কবৰবোৰৰ ভিতৰত এটা বিশেষ কবৰৰ ওপৰত মোৰ চকু পৰিল। কবৰটোৰ ওপৰত থকা ক’লা ফলকখনত বগা আখৰেৰে ডাঙৰকৈ লিখা আছিল :

Havildar Joginder Singh Shekhaut
1920-1944
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *