ফটাঢোল

আৰ্ট অৱ Leaving- চন্দনা শৰ্মা

টুট, টুট কৈ মবাইলৰ নটিফিকেশ্যন অহাত ইমান সময়ে বাতৰি কাকতৰ পৃষ্ঠাত দেশ বিদেশৰ খবৰ পঢ়ি নিমগ্ন হৈ থকাৰ পৰা বাস্তৱলৈ ঘূৰি আহিলোঁ৷ দেশৰ অৰ্থনীতিৰ অৱস্থা বৰ সুখকৰ নহয় বুলি বাতৰি কাকতে সবিস্তাৰে প্ৰতিবেদন প্ৰকাশ কৰিছে, যি আমাৰ দৰে সাধাৰণ নাগৰিকৰ বাবেও ত্ৰাসৰ কাৰণ৷

নটিফিকেশ্যনত খুলি চালোঁ, এটা SMS ত আৰ্ট অৱ leaving ৰ বিষয়ে তথ্য দি এটা ফোন নম্বৰো দিছে সবিশেষ জানিবলৈ৷ art of #leaving। ইমানদিনে Art of Living ৰ কথাহে শুনি আহিছিলোঁ৷ অলপ সময় চিন্তা কৰাৰ অন্তত সবিশেষ জানিবৰ বাবে ফোন লগালোঁ৷ সিফালৰ পৰা গলগলীয়া মাত এটাৰে ক’লে,

: আৰ্ট অৱ Leaving একাডেমীলৈ স্বাগতম৷ কওকচোন, মই আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ?

মই : মানে আপোনালোকৰ এই একাডেমী কি বস্তু, সেই সম্পৰ্কে জানিবৰ কাৰণেহে ফোন কৰিছো! ইমান দিনে Art of living ৰ কথাহে শুনি আহিছিলোঁ, এই Art of leaving কি?

সিফালৰ পৰা : (অট্টহাস্যৰে সৈতে) এইটো এটা সাংঘাতিক কামত অহা বস্তু৷ যি কোনো ধাৰ তথা নাগৰিক হিচাপে থকা দায়িত্বৰ পৰা হাত সৰাৰ সকলো ব্যৱস্থা আমাৰ একাডেমীয়ে কৰি দিয়ে৷ আপোনাক বেংকৰ ঋণৰ মুক্তি লাগে? ৰাজনৈতিক দল সলনি কৰি ভাল বিষয়বাব লাগে? দেশ বা ৰাজ্য এৰি পলায়ন কৰাৰ মন? জাবৰ জোথৰ ধৰা নপৰাকৈ জনসমাগম থকা ঠাইত পেলাব খোজে? চিন্তা নকৰিব ওপৰৰ সকলো  বিষয়তে আমি পৰামৰ্শ দাতাৰ কাম কৰোঁ৷ আমি মানে মই ভাস্কো মহাজন নিজেই৷ নীৰৱ মোডী, বিজয় মালিয়া আদিয়ে মোৰ উপদেশ নিজৰ CA ত কৈ বেছি মানি চলে৷ স্থানীয় পালি নেতাৰ পৰা চেণ্ট্ৰেলৰ এম পি লৈকে কেতিয়া ক’ত দল সলনি কৰিব লাগে সেই সম্পৰ্কতো আমি পৰামৰ্শ দিওঁ৷ ঠিকা পোৱা, চাকৰিৰ বদলি, পদোন্নতি, নিৰ্বাচনত টিকেট পোৱা, সাধু ফকীৰ হৈ শিষ্য গোটোৱা আৰু মালামাল হোৱা আদি বিষয়ৰো ওপৰঞ্চি সমাধান দিয়াৰ ব্যৱস্থা আছে৷

শাসক আৰু বিৰোধীৰ বহু নেতা পালিনেতায়ে মোৰ কৌশল প্ৰয়োগ কৰি সুফল লাভ কৰিছে৷ ১০০% ফলপ্ৰসু ফলাফল, বৰ্তমান কৰ’ণা ভাইৰাচ স্পেচিয়েল ডিচকাউণ্ট চলি আছে৷ আপোনাৰ সমস্যা কি?

মই : বৰ্তমান একো নাই,থাকিলে জনাম৷

গতিকে ৰাইজ, যদি বেংকৰ পৰা ঋণ লৈ দেশ এৰি পলায়নৰ চিন্তা কৰিছে, বা ৰাজনৈতিক দল সলনিৰ কথা চিন্তা কৰিছে তেন্তে মহাজনৰ ‘আৰ্ট অৱ Leaving একাডেমী’ৰ লগত আজিয়েই যোগাযোগ কৰক৷
☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    বঢ়িয়া। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *