চাইকেল নহয়, টিলিঙা- মিনাক্ষী বৰা
সৰু কালৰ কথা। আমাৰ ঘৰৰ সদস্য মুঠেই পাঁচজন। মা, দেউতা, দাদা, বা আৰু মই। ঘৰৰ সৰু হিচাপে মই সকলোৰে মৰমৰ যদিও দেউতাই অলপ বেছিকৈ মৰম কৰিছিল। (বুলি মোৰ মনে কয়) এনেয়ে পিছে দেউতা আছিল সাংঘাতিক খঙাল। আমি আটাইকেইটাই খুব ভয় কৰিছিলোঁ দেউতাক। দাদা আৰু বায়ে মোতকৈ বেছি ভয় কৰিছিল। দেউতা এখন দুৱাৰেদি সোমালে সিহঁত দুটাই আনখনেৰে পলাইছিল। সৰুতে আমাক কিছুমান নিয়ম বান্ধি দিছিল দেউতাই, বিশেষকৈ টিভি চোৱাৰ ক্ষেত্ৰত। দেওবাৰে শ্ৰীকৃষ্ণখন চোৱাত আপত্তি নাছিল। বাকী চিনেমা, চিৰিয়েল সকলোতে ৰেষ্ট্ৰিক্সন আছিল। টিভিটোও আকৌ আছিল দেউতাৰ শোৱাৰুমটোৰ লগতে থকা ৰুমটোত, যিটো ৰুম মাত্ৰ এখন প্লাইউড বোৰ্ডৰদ্বাৰাহে শোৱা ৰুমটোৰ লগত ভাগ কৰা আছিল। গতিকে আমি দেউতা ঘৰত থকা সময়ত টিভিটো খুউব কমেই চাবলৈ পাইছিলোঁ আৰু সেই কথালৈ আমাৰ খুব দুখ আছিল। দেউতা আছিল স্কুলৰ শিক্ষক। লাহে লাহে চাকৰি কালৰ শেষৰ ফালে দেউতাই নাম কীৰ্ত্তন কৰা আৰম্ভ কৰিছিল। সেয়েহে দেউতায়ো গাৱঁত কাৰোবাৰ ঘৰত বা বাহিৰতো সকামত নাম গাবলৈ যোৱা আৰম্ভ কৰিছিল আৰু এই কথাটোৱে আমি তিনি সিদ্ধলৈ কিছু আনন্দৰ বতৰা আনিছিল। ৰাতি সকাম থকাৰ দিনা আমি আটাইতকৈ সূখী হৈছিলো বিশেষকৈ শুকুৰবাৰৰ দিনা। কাৰণ সেইদিনা চিনেমা দিছিল টিভিত আৰু আমি সকাম থকাৰ দিনা সন্ধিয়াৰপৰাই সাজু হৈছিলো টিভি চাম বুলি। কিন্তু সকামনো কেইটা বজালৈ হয় আৰু চিনেমা আধা চায়েই সামৰিব লাগে। তাকো কত কি সাৱধানতা ল’ব লাগে। দেউতা অহাটোওতো গম পাব লাগিব। আকৌ লাইট জ্বলাইয়ো থ’ব নোৱাৰি ৰুমৰ। সেয়ে হাত লেম্প জলায়েই চাওঁ টিভি। ভলিউম একেবাৰে নাথাকেই। কাৰণ দেউতা আহিলে গম নাপালে কি হ’ব! কিন্তু দেউতাৰ সদায় আহোঁতে গলহেকাৰি মৰাৰ অভ্যাস আছিল। সেয়ে আমি সদায় ধৰা নপৰাকৈ সাৰিছিলো। গলহেকাৰিৰ শব্দতে টিভি বন্ধ কৰি চুপে চাপে ৰুমত সোমাইছিলোগৈ। অৱশ্যে দুবাৰ মান খুন্দা খুন্দলি খাই দুখ নোপোৱাও নহয়। তথাপিও সেয়াই সুখ আছিল।
কিছু মাহৰ পাছলৈ আমাৰ টিভি থোৱা ৰুমটো সলনি কৰি হ’ল। আমি তিনিওটাৰে মানে ফুৰ্তিত তত নাই যে টিভি চাবলৈ পাম। এনেদৰেই মাজে সময়ে টিভি এডভেন্সাৰ চলি থাকিল। এদিন কি হ’ল, দেউতা ঘৰত থাকোতেই আমি চিনেমা চোৱাৰ প্লেন কৰিলোঁ। সেইদিনা কিবা এখন নতুন চিনেমা দিছিল। গতিকে আমিও কম ভলিউমত লাইট নুমুৱাই দুৱাৰ জপাই নিৰ্দিষ্ট সময়ত চোৱা আৰম্ভ কৰিলোঁ। আগতে চিনেমাৰ মাজত ইমান বিজ্ঞাপন দিছিল যে চিনেমা শেষ হয় মানে ১২:৩০ মান বাজি যায়। সেইদিনা কাৰেণ্টো নগ’ল মাজত আৰু দেউতায়ো সাৰ নাপালে গতিকে সুকলমে চিনেমাখন সমাপ্ত কৰিলো। কিন্তু আচল ঘটনাটো তেতিয়াহে ঘটিল। টিভি চোৱা ৰুমটোত দাদাৰ চাইকেলখন থৈ দিয়া আছিল। মোৰ সেইদিনা চিনেমা চোৱাৰ ফুৰ্তিতে ইমানেই আনন্দই নধৰা হিয়া হৈ আছিল যে আগ পাছ নাভাবি দাদাৰ চাইকেলখনৰ দিলো নহয় টিলিঙাটো বজায়। কিহে উক দিছিল ৰাতি ১২:৩০ বজাত ভগৱানেহে জানে। বচ্ আৰু কি হ’ব দাদা আৰু বায়ে পিঠিত ধেৰেম ধেৰেম দুকোব শোধাই মানে দেউতা আহি উপস্থিত আৰু তিনিওটাকে চৈধ্য পুৰুষ উজাৰি গালি আৰু মোৰ সুখানুভূতিৰ তাতেই শেষ সেইদিনালৈ।
তাৰপাছৰপৰা বহুত দিনলৈ আমি তেনেকুৱা এডভেন্সাৰ কৰা নাছিলোঁ। হৈছিল যদিও নাজানো কাৰণ দাদা বায়ে কৰিলেও মোক সংগী হিচাপে নোলোৱা হ’ল।