কানি- ৰূপম দত্ত
বাছ চলাই আছোঁ। তিনিচুকীয়া ফালে আহিলে তিনিচুকীয়াত নামি ঘৰলৈ আহোঁ। দিনটো ঘৰত আৰাম কৰি আবেলি আকৌ বাছত। দৈনন্দিন মোৰ এই ৰুটিন চলি আছে। নাইটচুপাৰৰ যাত্ৰাৰ মাদকতা আৰু ৰোমাঞ্চ এক বুজাব নোৱাৰা অভিজ্ঞতা। আমাৰ খোৱা, শোৱা সকলো বাছতেই। কেবিনত এটা বাকচত আমাৰ দাঁত ব্ৰাছ, টুথ পেষ্ট, চুলিত ঘঁহা তেল, ক্ৰীম, পাউদাৰ সকলো থাকে। এই কেবিনটো আমাৰ বেডৰূম, ড্ৰয়িংৰূম। চাইডৰ ডিকিত পাম্প মৰা এটা ষ্টভ, কেৰাহী দুখন, চছপেন দুটা, বটোৱা এটা কাঁহী-বাটি, হেতা। প্লাষ্টিকৰ বৈয়ামত হালধি, নিমখ, তেজপাত, ডাইল, শুকান জলকীয়া সদায় থাকে। এইবোৰ হ’ল আমাৰ ভাত বনোৱা সৰঞ্জাম।
দিনত আমি বাদুলীৰ দৰে ওলমি পাৰ কৰোঁ। একো কাম বন নাথাকে। লাহে লাহে গধূলি হৈ আহে আৰু আমিও ফুল চার্জ হৈ উঠোঁ। গোটেই ৰাতি আমি যুদ্ধ কৰিব লাগিব। আমি ৰাতিৰ ৰজা। ভাবিয়েই মনটো গর্বত নাচি উঠে। সদায় সদায় হাজাৰ হাজাৰ মানুহ আমাৰ জীৱনলৈ আহে, আমাক আপোন কৰি তোলে ৰাতিটোৰ ভিতৰতে, আকৌ হেৰাই যায়। তাৰে কিছুমানে অন্তৰত সাঁচ বহুৱাই যায়। মই বৰ উপভোগ কৰোঁ, মোৰ এই জীৱিকাৰ পদ্ধতিটো। কিবা এটা বুজাব নোৱাৰা আনন্দ অনুভৱ কৰোঁ। সময়বোৰ গৈ আছে, আমিও অভিজ্ঞতাৰে পৰিপক্ক হৈ আগবাঢ়ি গৈ আছোঁ। আমাৰ শাৰীৰিক পৰিশ্ৰম বুলিবলৈ একেবাৰেই নাই। অকল বহা আৰু শোৱা। কষ্ট বহুত আছে, কিন্তু শাৰীৰিক ভাৱে নাই। আমি খোজ কাঢ়িবলৈ সময়ে নাপাওঁ।
ৰাতিৰ হোটেলত আমাৰ খোৱা একেবাৰে ৰাজকীয়। ছাগলী মাংস, লিভাৰ ফ্ৰাই, লোকেল কুকুৰা, লোকেল মাছ, বিয়েৰ, লোকেল পাচলি। উপায় নাই, এই খাদ্য আমাৰ বাবে অতি জৰুৰী। ইয়াৰ পৰাই আমি আমাৰ দেহৰ লাগতীয়াল সকলো উপাদান অৰ্জন কৰোঁ। আৰু আমি ভুলখিনিও কৰোঁ ইয়াতেই। ইমান উচ্চ কেলৰিযুক্ত আহাৰ খাই, হয় গাড়ী চলাওঁ নহয় শুই থাকোঁ। এই খাদ্য আমাৰ বাবে হৈ পৰে বিভিন্ন বেমাৰৰ কাৰণ। শাৰীৰিক পৰিশ্ৰম নোহোৱাৰ বাবে মোৰ চুগাৰ বাঢ়ি আহিল। বহু দিনলৈ মই ধৰিব পৰা নাছিলোঁ যদিও মই যে বহুত ক্ষিণাইছোঁ, ধৰিব পাৰিছোঁ। ইলেকট্ৰনিক মিটাৰ দি এদিন চুগাৰ জুখিলোঁ, দুশ আশী। মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ পৰিল। ডায়েবেটিছ বেমাৰৰ বিষয়ে ভালকৈয়ে জানো। কেনেকৈ তিল তিল কৈ মানুহক খাই যায়। এক বিশাল ভয় বুকুৰ ভিতৰলৈ সোমাই আহিল। মোৰ লগৰ পাৰ্থক ফোন কৰি সকলো ক’লোঁ। চৰকাৰী ডাক্তৰ। কেইটামান টেষ্ট কৰিবলৈ দিলে, কৰিলোঁ। সকলো ৰিপোৰ্ট তালৈ পঠাই দিলোঁ। কেইটামান দৰব দিলে। ৰাতিপুৱাই খালী পেটত এটা খাব লাগে। দৰব খাই আছোঁ। চুগাৰ নামি আহিল। নৰমেল হৈ গ’ল। কিন্তু মোৰ মনৰ ভিতৰৰ ভয় জাগি আছিল। নহ’ব, এই দৰবৰ ওপৰত মই জীয়াই নাথাকোঁ। আৰু কেইদিনমানৰ পাছত এই দৰবে কাম নকৰা হ’ব, তেতিয়া ইয়াতকৈ বেছি পাৱাৰৰ দৰব দিব। লাহে লাহে দৰবৰ পাৱাৰ বাঢ়ি যাব। চুগাৰে মোক খাই খাই গৈ থাকিব। একেবাৰে শেষত দাইল’চিচ কৰিব। যেতিয়া মোৰ কিডনী বিকল হৈ পৰিব। মই ভিতৰি ভিতৰি পাগল হৈ পৰিছোঁ মোৰ ভৱিষ্যত দেখি।
মই খোৱা বোৱাত সজাগ হ’বলৈ ল’লোঁ। দৰব খোৱা এৰি দিলোঁ। গুৱাহাটীৰ ISBT ত সদায় বহুত খোজ কাঢ়িবলৈ ল’লোঁ। চুগাৰ মোৰ নৰমেল হৈ আছে। এনেকৈয়ে বহু দিন পাৰ হ’ল। আজি কেইদিনমান হ’ল, মোৰ চুগাৰ বাঢ়ি আছে। কমাৰ নামেই লোৱা নাই। দৰব খাইছোঁ, নাই নকমে। লাহে লাহে মোৰ ওজন কমি আহিছে। তিনিচুকীয়াৰ মোৰ ভাই এটা আছে। দীপাংকৰ। তাৰ ফাৰ্মাচি আছে। তাৰ লগত বহুত কথা পতা হয়। তাক মোৰ চুগাৰৰ বিষয়ে ক’লোঁ।
: ৰূপ দা, কাইলৈ তিনিচুকীয়া পাবহি নহয়?
: অঁ, কিয় সুধিলি?
: কথা আছে। কেইটাত শুই উঠিব?
: দহ, এঘাৰ মান বজাত উঠিম।
: মই আহিম আপোনাৰ ঘৰলৈ, এফালে আপোনাক লৈ যাম। এঘাৰ বজাত পাই যাম।
: ঠিক আছে, আহিবি।
মই ৰাতি বাছ চলাই নিজৰ ডিউটি কৰি আহিলোঁ। মাক মাতষাৰ লগাই শুই দিলোঁ।
: ৰুপু , দীপাংকৰ আহিছে। মাতিছে তোক। ৰুপু, উঠ।
মাৰ মাতত সাৰ পাই গ’লোঁ। উঠিয়েই বাথৰূমলৈ গৈ নিজকে সতেজ কৰি ল’লোঁ। বাহিৰলৈ ওলাই আহিলোঁ।
: ভালনে?
: আছোঁ আৰু। ই মোৰ লগৰ, মনোজ। ফিলবাৰীত ঘৰ।
শকত ল’ৰা, অলপ চাপৰ। নমস্কাৰ দি চিনাকি হ’লোঁ।
: ইয়াৰ বহুত চুগাৰ আছিল জানে! পুৰা হাৰ্ডি বনি গৈছিল। চাৰিশৰ ওপৰত আছিল চুগাৰ। চাওক এতিয়া তাৰ দেহা।
মই আচৰিত হ’লোঁ। ইমান চুগাৰ থকাৰ পাছতো শৰীৰ ঠিক আছে। মই সেই দৰবৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ পৰিলোঁ।
: কি দৰব খালা? এতিয়া একেবাৰেই নাই নেকি চুগাৰ?
: মই এতিয়া সব খাওঁ। মিঠা, মদ, মাছ, মাংস সদায় খাওঁ।
এইবাৰ মোৰ সঁচাকৈয়ে আচৰিত হোৱাৰ পাল। মোকো লাগিবই এই দৰব। সিহঁতেও বৰ ইচ্ছা কৰিলে মোক দৰব দিবলৈ। দীপাংকৰৰ গাড়ীতেই আমি তিনিটা মোৰ ঘৰৰ পৰা ওলাই আহিলোঁ। আহি বাইপাছ উঠিলোঁ।
মাকুমৰ ফালে গাড়ী টুফান স্পীদত দৌৰিছে। মাকুমৰ অভাৰব্ৰীজ পোৱাৰ আগতে তিনিআলিটোত বাওঁফালে সোমাই গ’লোঁ। হাতিজান গাঁও পালোঁহি। দীঘল পদূলিৰ ঘৰ এটাৰ ভিতৰলৈ গাড়ী সুমুৱাই দিলে। এটা মাটিৰ ঘৰ, বাঁহৰ বেৰা। আমি সোমাই গ’লোঁ। ভিতৰত বৃদ্ধ, ষাঠি বছৰ মানৰ এজন মানুহ বহি আছে। সন্মুখত এখন জুইৰ শাল। ওপৰৰ পৰা ওলমি থকা এডাল তাঁৰত কেটলী এটা জুইৰ ওপৰত ওলমি আছে। পাটী পাৰি আমি জুইৰ চাৰিওকাষে বহিলোঁ। চিনাকি হৈ গম পালোঁ সেইজন চেতিয়া ককাইদেউ। অলপ সময় কথা হোৱাৰ পাছত তেওঁ ক’লে যে তেওঁৰো চুগাৰ বহুত বেছি আছিল। এতিয়া একেবাৰে নৰমেল। সকলো খাব পাৰে। এতিয়া আহিল দৰবটোৰ নাম……..’কানি’
মোৰ চিন্তা বাঢ়ি আহিল। কানি আগতে মই খাই পাইছোঁ, কিন্তু ৰাতি অকলে গাড়ী চলাওঁতে। অকণমান কানি খাই দিলে গোটেই ৰাতি টোপনি নাহে। গতিকে আমি টেংকাৰৰ ড্ৰাইভাৰবোৰে লগত এইটো ৰাখি থওঁ, অকল টোপনি নাহিবৰ বাবে খাবলৈ। কিন্তু ই যে ইমান ডাঙৰ দৰব মই জনা নাছিলোঁ। হ’ব তেনেহ’লে, আজিৰ পৰা চুগাৰৰ দৰব হিচাপে খাই চাম, যদি ভাল ফল পাওঁ। কাৰণ যিমান কেইজন মানুহ পালোঁ, সকলো এতিয়া সন্তুষ্ট এই দৰবত।
ভীমকলৰ একেবাৰে মেৰখাই থকা কুমলীয়া পাত চুলি ডালৰ নিচিনাকৈ কাটি জুইত শুকাবলৈ দিয়া হয়। তাৰ পাছত হেতা এখনত কানি দি তাত পানী মিলাই জুইত শুকুৱাই লিকটীয়া কৰি ঠাণ্ডা কৰা হয়। পাছত সেই কলৰ পাতখিনি এখন টিংৰ ওপৰত থৈ ঘূৰাই ঘূৰাই একেবাৰে শুকান কৰি, সেই লিকটীয়া কানিখিনিত মিলোৱা হয়।
এতিয়া আহিল খোৱাৰ সময়। এইবোৰ বনাওঁতে প্ৰায় এঘণ্টা লাগিল। বাঁহৰ চুঙাত এডাল ছিলিম জাতীয় সৰু বাঁহ ফুটা কৰি ভৰাই, তাত পানী দিয়া হয়। মানে ধোঁৱাখিনি সেই পানীৰ মাজেৰে ফিল্টাৰ হৈ আহি মুখত সোমাব। লগত লাল চাহ।
এশ টকা মানৰ কানি খালোঁ। নিচাটো ধৰিব নোৱাৰিলোঁ। সেইদিনা তাতেই সমাপ্ত কৰি মই ঘৰলৈ আহিলোঁ। ৰাতি আকৌ বাছত ডিউটি কৰি গুৱাহাটী পালোঁ, গুৱাহাটীৰ পৰা আহি আকৌ তিনিচুকীয়া পালোঁ। দীপাংকৰ আকৌ আহিল, আকৌ হাতীজান পালোঁগৈ। একেই, সেই এশ টকা মানৰ কানি খালোঁ।
এনেকৈ প্ৰায় দুমাহ পাৰ হৈ গ’ল। মোৰ চুগাৰ একেবাৰেই নৰমেল। যি মন যায় তাকেই খাওঁ, কিন্তু চুগাৰ নাবাঢ়ে। মই বৰ সুখী। দীপাংকৰক আজিকালি বেছি ভাল পাবলৈ আৰম্ভ কৰিলোঁ।
লাহে লাহে মই গম পাইছোঁ, মোৰ শৰীৰ বৰকৈ ক্ষিণাইছে। ওজন কমি আহিছে। লাহে লাহে পেট আৰু বুকুৰ বিষ এটাও অনুভৱ কৰিছোঁ। তিনিচুকীয়াৰ ফালৰ পৰা গ’লে একো নাই কিন্তু গুৱাহাটীৰ পৰা আহিবৰ সময়ত নগাওঁ পোৱাৰ লগে লগে ভৰিৰ পৰা এক কঁপনি জ্বৰ আহে। মই বাছ চলাব নোৱাৰা হৈ যাওঁ। লগৰ ড্ৰাইভাৰজনে দুদিন কষ্ট কৰি মোক আঁতৰাই নিজেই চলাই আহিল। প্ৰতি বাৰে একেই হোৱাত লগত আৰু এজন ড্ৰাইভাৰ ল’লোঁ। দুত্ৰিপ এনেদৰে চলাই মই তিনিচুকীয়াত নামি দিলোঁ। গোটেই গাত এক অদ্ভুত বিষ। ভৰিৰ তলুৱাৰ পৰা মূৰলৈকে।
ঘৰত থাকোঁতে এদিন বুকুৰ বিষত মই কোঙা হৈ পৰিলোঁ। মাটিত বাগৰিছোঁ, বহিছোঁ, বিচনাত শুইছোঁ নাই একোৱে মোক বিষৰ পৰা পৰিত্ৰাণ দিব পৰা নাই। অৱশেষত ওচৰৰে নাৰ্ছিং হোমত সুমুৱাই দিলে, দীপাংকৰ আৰু তাৰ লগৰ আকাশে। পেটলৈকে পাইপ ভৰাই হালধীয়া ৰঙৰ বহুত লেতেৰা ভিতৰৰ পৰা বাহিৰ কৰি দিলে। চাৰিদিনৰ পাছত মোক হস্পিটেলে এৰি দিলে।
ডাক্তৰক মই কানিৰ বিষয়ে কৈছিলোঁ। আচৰিত হৈ ডাক্তৰে মোক ভুলতো কানি মুখত নিদিবলৈ সকীয়াই দিলে। দুসপ্তাহ মানৰ পাছত নিজকে সুস্থ যেন অনুভৱ হ’ল। আকৌ গৈ কানিত ধৰিলোঁ। এতিয়া লাহে লাহে বুজিছোঁ, কানি যিমানেই নাখায় কিয়, তাক সমপৰিমাণত প্ৰত্যেক দিনাই শৰীৰে বিচাৰে। লাগিলে এশ টকাৰ হওক বা পঞ্চাশ টকাৰে হওক। যদিহে অভ্যাস হোৱাৰ পাছত ইয়াক এৰিবলৈ চেষ্টা কৰা হয়, তেতিয়া বিভিন্ন সমস্যাই দেখা দিয়ে। ক’লা ক’লা পাইখানা, নাকেদি পানী ওলাই থকা, পেটটো চিকুট মাৰি ধৰা, চকুৰ পানী ওলোৱা, শৰীৰৰ সকলো গাঁঠি বিষোৱা আদি বহুত৷ লাহে লাহে মই খুব পৰিমাণ কমাই আহিলোঁ। কিন্তু নাখালেই মোৰ এই সকলোবোৰ সমস্যাই দিগদাৰ দিয়ে। কানি মুখত দিয়াৰ ভুল এতিয়া মই উপলব্ধি কৰিছোঁ।
কলেজত একেলগে পঢ়া মোৰ লগৰ ছোৱালী নিমিষা। খুব ভাল সম্পৰ্ক আছিল আমাৰ দুটাৰ। বহুত বছৰেই হ’ল তাইৰ সৈতে যোগাযোগ নথকা। আজি ফেচবুক চাই থাকোঁতে দেখিলোঁ তাইৰ ধুনীয়া এখন ফটো। লাইক কৰি,
“দিনক দিনে ধুনীয়া হৈ গৈ আছ’ যে? ৰাজ কি?”
বুলি কমেণ্ট এটাও দিলোঁ। মানে আমাৰ মাজৰ সম্পৰ্কটো আকৌ খুলি দিলোঁ। অলপ পাছতেই তাইৰ ফোন আহিল,
: নিমি……ভালনে তোৰ?
: ভাল ভাল, তোৰ কেনেকুৱা?
: মোৰো ভাল অ’৷
কথা চলিল, গম পালোঁ কিছুমান দুৰ্যোগত তাইৰ বিবাহ বিচ্ছেদ ঘটিছে। বেয়া লাগিল শুনি। কি কম ভাবি পাৰ নাপালোঁ। কথাই কথাই মই জনালোঁ যে কেনেকৈ মই কানি খাবলৈ ল’লোঁ।
: কানিয়ে জীৱন, যৌৱন সকলো শেষ কৰি দিয়ে। আজিৰ পৰাই তই কানি এৰ। মোৰো একেই হৈছিল। তাক কানি এৰুৱাব নোৱাৰিলোঁ।
তাই কোৱা কথাৰ মাজতে এই ‘যৌৱন’ শব্দটোৱে মোক বাৰে বাৰে আমনি কৰি আছে। মই লাহে লাহে বুজিবলৈ আৰম্ভ কৰিলোঁ, তাই কোৱা যৌৱনৰ অর্থ কি!
হাই প্ৰেচাৰ আৰু চুগাৰ কানিয়ে সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখে, তাক মানিবই লাগিব। এটা মহ মাৰিবলৈ গাত এটা বম্ব বান্ধি লোৱাৰ দৰে হৈ পৰিল।
ডাক্তৰৰ ওচৰলৈ গৈ সকলো ক’লোঁ। তেজৰ টেষ্ট কেইটামান দিলে। ৰিপোৰ্ট লৈ দিলোঁ। দৰব দিলে, পেইন কিলাৰ আৰু নাৰ্ভৰ বাবে তিনিমহীয়া দৰব। আজি মই কানিমুক্ত। হেৰাই যোৱা বহুত বস্তু আকৌ ঘূৰাই পালোঁ।
কানি মানে বৰ বিহ।
☆ ★ ☆ ★ ☆
12:26 pm
বৰ ভাল এটা উপদেশ পোৱাদি পালো । মুখত দি পোৱা নাই যদিও, ভৱিষ্যতলৈ পৰিস্থিতিৰ উদ্ভৱ হ’লেও কৃষ্ণ বুলি সাতটা সেৱা হে কৰিম ।
6:08 pm
? ? ?
6:54 pm
ভাল লাগিল |
1:34 am
Very nice!!