অথঃ গীতা কোৰাণ সংবাদ- সঞ্জীব কুমাৰ ভট্টাচাৰ্য
শিখণ্ডী কৃষ্ণৰ ওচৰলৈ আহি সুধিলে, “হে বাসুদেৱ, মই আপোনাৰ অধিক সময় নষ্ট নকৰো। মোক মাথো এটা প্ৰশ্নৰ উত্তৰ দিয়ক যে পাণ্ডৱ আৰু কৌৰৱৰ এই যুদ্ধ হ’ব নে নহয়?”
“চাওক শিখণ্ডী, আপোনাক দিবলৈ অধিক সময় মোৰ ওচৰত নাই, অকল মোৰেই কিয় পৃথিৱীৰ কাৰো ওচৰতেই অধিক সময় নাথাকে। মানুহৰ জীৱনটো ক্ষন্তেকীয়া। গতিকে এইখিনি সময় আমি ভাল কামত ব্যৱহাৰ কৰা উচিত। মই শান্তিদূত হৈ হস্তিনাপুৰলৈ যাবলৈ ওলাইছোঁ মহাৰাজ ধৃতৰাষ্ট্ৰক লগ ধৰিবলৈ। যুদ্ধ বিগ্ৰহ বাদ দি কৌৰৱ আৰু পাণ্ডৱৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলেই ভাৰতবৰ্ষৰ সকলোৰে মঙ্গল। মনত ৰাখিব, শান্তিৰ বিকল্প নাই।”
“বাসুদেৱ, ভৰত বংশৰ ৰাজসভাত দ্ৰৌপদীক কৰা অপমানৰ কথা মই, ধৃষ্টদুন্ম্য বা মহাৰাজ দ্ৰৌপদে কেতিয়াও পাহৰা নাই, পাণ্ডৱে যুদ্ধ নকৰিলেও আমাৰ বংশই কৌৰৱক এসেকা দিব নোৱাৰালৈকে মনত শান্তি নাপাম আৰু পিতামহৰূপী ভীষ্মক ক’ব মই তেওঁৰ খবৰ লৈছিলো বুলি।”
নৰহৰি দেৱ শৰ্মাই গীতাৰ ভাঙনি পাঠ কৰাৰ দৰে মাজে মাজে অতি আকৰ্ষণীয় ভঙ্গীমাত মহাভাৰতৰ কাহিনীবোৰ শুনাই থাকে অফিচটোত আৰু মনোযোগেৰে শুনি থাকে প্ৰায়বোৰ কৰ্মচাৰীয়ে।
ৰাজহ চক্ৰ বিষয়াৰ অফিচটোত মাটি বাৰীৰ কিনা-বেচা, নামজাৰি, খাজানা লোৱাকে আদি কৰি বিভিন্ন কামবোৰ হয়। শৰ্মাদেৱ বিভাগীয় অফিচটোৰ বৰবাবু। শৰ্মা বহা কোঠালীটোত ৰহমান আৰু বসুমতাৰী উপাধিৰ দুজনৰ উপৰিও বৰুৱা উপাধিৰ মহিলা কাৰ্যালয় সহায়িকা এগৰাকী আৰু তিনিজনমান অন্য কৰ্মচাৰী একেলগে বহে। অফিচটোৰ পিয়ন ৰমেন। সম্পূৰ্ণ নাম ৰমেন বৰ্মন। অফিচটোৰ সকলোতকৈ ব্যস্ত মানুহ সিয়েই। ফাইল অনা নিয়াৰপৰা শৰ্মা ৰহমানকে ধৰি বেছিভাগৰে হৈ উৎকোচ লোৱালৈকে সকলোবোৰ দায়িত্ব তাৰ ওপৰতে। অফিচটোত ক্লজ চাৰ্কিট কেমেৰা লগোৱাৰপৰা এই দায়িত্বটো আৰু অধিক হৈছে তাৰ। অফিচ চৌহদৰ বাহিৰলৈ ওলাই গৈ থাকিব লাগে বাৰে বাৰে অফিচটোৰ বৰমূৰীয়া সকলৰ হৈ ঘোচ ল’বৰ বাবে, সন্মুখৰ দোকানীবোৰেও জনা হৈ গৈছে তাৰ কাৰবাৰটো।
গোটেই অফিচটোত মুঠ বিশজনমান মানুহ আছে। শৰ্মাই ধৰ্মজ্ঞান আৰম্ভ কৰিলে প্ৰায়বোৰ মানুহ আহি শৰ্মাক আগুৰি ধৰে কথাবোৰ শুনিবলৈ। কাষৰ টেবুলখনৰপৰা ৰহমানেও মাজে মাজে কোৰাণৰ আয়াত কিছুমানৰ তৰ্জমা কৰি ধৰ্মমূলক কথাবোৰৰ সামঞ্জস্যতা দেখুৱাই থাকে।
“তাৰপিচত কৃষ্ণই শিখণ্ডীক কি ক’লে?” – বসুমতাৰীয়ে উৎসুকতাৰে সুধিলে।
শৰ্মাই নিজৰ সভাত সেইদিনা অভাৱনীয় দৰ্শক দেখি আকৌ আৰম্ভ কৰিলে নিজৰ ধৰ্মজ্ঞান। সেইদিনা অফিচত লাট মণ্ডল, তৰণী, কাননগো আদিবোৰৰ উপস্থিতি অধিক হোৱাই মুঠ মানুহ চল্লিশজন হৈছিল শৰ্মাৰ সভাত।
“তাৰপিছত কৃষ্ণ শান্তিদূত হিচাবে মহাৰাজ ধৃতৰাষ্ট্ৰৰ ওচৰলৈ গ’ল আৰু পাশাখেলত হেৰুৱা ইন্দ্ৰপ্ৰস্ত পাণ্ডৱসকলৰ বাবে ঘুৰাই বিচাৰিলে। পিতৃহীন পাণ্ডৱো যিহেতু ধৃতৰাষ্ট্ৰৰ ছত্ৰছায়াতে ডাঙৰ দীঘল হৈছিল গতিকে ধৃতৰাষ্ট্ৰৰো দায়িত্ব আছে সিহঁতৰ নায্য অধিকাৰ সিহঁতক প্ৰদান কৰাত।”
তাৰপিছত!
“ধৃতৰাষ্ট্ৰক কথা কোৱাৰ সুযোগেই নিদিলে দুৰ্যোধনে,। ইন্দ্ৰপ্ৰস্ত পাণ্ডৱক ঘুৰাই নিদিওঁ বুলি কৃষ্ণক চিধা উত্তৰ দিলে।”
তাৰপিছত কি হ’ল!
“তাৰপিছত কৃষ্ণই আকৌ এটা প্ৰস্তাৱ ৰাখিলে মহাৰাজৰ সন্মুখত। বোলে ইন্দ্ৰপ্ৰস্ত যদি দুৰ্যোধনে নিদিয়ে মহাৰাজে পাঁচজন পাণ্ডৱৰ বাবে পাঁচখন গাঁও দিলেও হ’ব। বৰ্ষাস্থল, অভিস্থল, বাৰানাৱত, মাকাণ্ডি আৰু মহাৰাজৰ ইচ্ছামতে যিকোনো এখন গাঁও দিলেই পাণ্ডৱ সন্তুষ্ট হৈ যাব।”
তাৰপিছত!
“দুৰ্যোধনে নামানেই একো প্ৰস্তাৱ, গাঁও বাদ, এটা বেজিৰ আগবিন্দু সমান মাটিও পাণ্ডৱক নিদিয়ে। আনকি কৃষ্ণক ধমকিও দিলে যদিহে আৰু কিবা প্ৰস্তাৱ ৰাজসভাত ৰাখে তেনেহ’লে বন্দী বনাই কাৰাগাৰত ভৰাই থ’ব।”
তাৰপিছত! তাৰপিছত কি হ’ল! উপস্থিত ৰাইজৰ উৎসুকতা বাঢ়ি গৈছে।
“তাৰপিছত সেই প্ৰস্তাৱ নাকচ হোৱা বাবেইতো মহাভাৰতৰ যুদ্ধখন হ’ল।”
“এইটো দুৰ্যোধনে সাংঘাটিক বেয়া কাম কৰিছিলহে শৰ্মা দা” – লগত বহি থকাৰপৰাই ৰহমানে মাত লগালে।
“আমাৰ নবীয়েও এইবিষয়ে কৈ গৈছে ছুৰা : নিছা, আয়াত নম্বৰ : ২ ত যে “মাউৰা ল’ৰা-ছোৱালীবোৰক সিহঁতৰ সম্পত্তি দি দিবা আৰু নিকৃষ্ট ধনৰ পৰিবৰ্তে উৎকৃষ্ট ধন সলনি নকৰিবা আৰু নিজৰ ধনৰ লগত সিহঁতৰ ধন লগ লগাই গ্ৰাস নকৰিবা। ই প্ৰকৃত পক্ষে মহা বিপদৰ সৃষ্টিকাৰী। মানে, অনাথ ল’ৰা ছোৱালীৰ ধন সম্পত্তি যদি আপোনাৰ লগত আছে, তেনেহ’লে তাৰ সম্পত্তি যথোচিতভাৱে সি প্ৰাপ্তবয়স্ক হোৱাৰ পিছত তাক ঘুৰাই দিব লাগে আৰু নিজৰ সম্পত্তিৰ লগত তাৰ সম্পত্তি সানমিহলি কৰি তাৰ সম্পত্তি গ্ৰাস কৰাৰ চেষ্টা কৰিব নালাগে কেতিয়াও।”
“দেখিছেনে বাৰু ৰহমান কি সাংঘাটিক মিল আছে ধৰ্মগ্ৰন্থবোৰৰ উপদেশবোৰত।” শৰ্মাই নিজকে কোৱাৰ দৰে ক’লে।
“হ’ল আৰু আজিৰ বাবে ৰাইজৰ ধৰ্মৰ জ্ঞান লোৱা, জেগা খালি কৰক এতিয়া। জ্ঞানবোৰ আমাৰ লাট মণ্ডল, কাননগো, তৰণীসকলে নিজৰ নিজৰ কৰ্মস্থানত ব্যৱহাৰ কৰি গীতা কোৰাণৰ সন্মান অক্ষুণ্ণ ৰাখিব বুলি মই আশাবাদী, সন্ধিয়া ঘৰলৈ যাওঁতে দিনটোত উৎকোচ হিচাবে লাভ কৰা উৎকৃষ্ট নগদ ধনবোৰৰ সলনি মোক আৰু ৰহমানক পঞ্চাশটকীয়া নোট একোখন নিকৃষ্ট ধন হিচাবে দি গ’লে কথা বিষম হ’ব আজিৰপৰা।” শৰ্মাই মানুহবোৰ কোঠাটোৰপৰা উলিয়াই দি হাত দুখন মুৰটোৰ পিছফালে দি চকীখনত গাটো এৰি দিলে আৰামত।
“কেতিয়াবা ধৰ্মগ্ৰন্থবোৰেও আমাৰ কামটো বৰ উজু কৰে হে শৰ্মাদা, নহ’লে এই লাটমণ্ডল, কাননগো, তৰণীকেইটাৰপৰা পইচা উলিওৱাটো কমখন মাথা ঘমাবলগীয়া কাম হয়নে আমাৰ” – ৰহমানে ক’লে।
“যি বাণী বিলাব মন যায় বিলাই থাকক প্ৰভুসকল। উৎকৃষ্ট ধনৰ ভাগ অলপ কমকৈ দিলেও হ’ব মোক, মাথো আপোনালোকৰ স্বৰ্গযাত্ৰাৰ সাৰথি কৰি লৈ ল’ব, নহ’লে ইমান প্ৰভুভক্ত হোৱাৰ পিছতো মোৰ দৰে পিয়নৰ সন্মান একেবাৰেই নাই অফিচটোৰ বাহিৰত।”
ৰমেনে বৰ আশাৰে কথাখিনি গৈ ওলাই আহিল কোঠাটোৰপৰা।
☆ ★ ☆ ★ ☆
10:56 am
বঢ়িয়া লাগিল সঞ্জীব
12:27 pm
ধন্যবাদ দাদা।
11:12 am
সুন্দৰ৷ বঢ়িয়া লিখিছা৷
12:27 pm
অশেষ ধন্যবাদ দাদা।
11:35 am
ভাল লাগিল
12:51 pm
অশেষ ধন্যবাদ।
12:05 pm
ভাল লাগিল
12:28 pm
অশেষ ধন্যবাদ।
12:50 pm
ঠিকেই, ধৰ্মগ্ৰন্থবোৰে একে কথাই কয়, আমিহে নিজৰ মতে মেনিপুলেত কৰো। ভাল লাগিল সঞ্জীৱ দা।
12:52 pm
অশেষ ধন্যবাদ চন্দনা।
1:04 pm
ভাল লাগিল। লগতে হুদয়শ্পৰ্শী তথা অৰ্থবহ
1:15 pm
অশেষ ধন্যবাদ।
1:53 pm
মজা লাগিল। ব্যংগতাৰে সঠিক উপস্থাপন
1:55 pm
অশেষ ধন্যবাদ।
5:02 pm
সুন্দৰ মেচেজ আছে৷ ভাল লাগিল
8:59 pm
অশেষ ধন্যবাদ।
7:03 pm
বঢ়িয়া লাগিল কাইদেউ
2:01 pm
অশেষ ধন্যবাদ।
7:08 pm
ভাল লাগিল দাদা
8:59 pm
অশেষ ধন্যবাদ।