চাৰিটা বুন্দিয়াৰ লাড়ু আৰু এযোৰ জোতা-নিলাক্ষী কাকতি
অৱশেষত অজয়ে ভাবিলে নাই বহুত হ’ল আৰু!
ইমান ভাও খাই থাকিলে নিজৰে লোকচান৷ কাম বুলিবলৈতো বিশেষ নাই৷ দুপৰীয়া বিভাগীয় অফিচত গৈ কিবা নতুন খবৰ আছে নেকি জানি লৈ প্ৰধান শিক্ষকৰ হুৱাটচ্ এপ গ্ৰুপটোলৈ বাৰ্তাটো পঠিয়াই দিলেই কাম শেষ৷ তাৰপিছত ঘৰলৈ আহি একাঁহী খাই লৈ দুঘণ্টামান শুই লৈ চ’কৰ আড্ডালৈ যাব পাৰি৷
অৱশ্যে মানুহক এইবোৰ কথা ক’ব নোৱাৰি৷ এনেয়ে চৰকাৰী চাকৰিয়ালৰ ‘কৰ্ম সংস্কৃতি’ৰ বিষয়ে বদনামৰ শেষ নাই৷ ঘৰ, পৰিয়াল নাইবা বন্ধুবোৰৰ আগত সি সাংঘাতিক দায়িত্বশীল আৰু ব্যস্ত কৰ্মচাৰীৰ ভাও এটা দি থাকে৷ সেয়ে কোনোবাই তাক নিমন্ত্ৰণ জনালে পৰাপক্ষত সি নানা অজুহাত দেখুৱায়৷
বহুত দিনৰপৰাই হিতেশে তাক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰি আছিল৷ সদায় কিবা অজুহাত দেখুৱাই কথাটো অজয়ে তল পেলাই থয়৷ আচলতে মহা চিকটা অজয়ে ভয় কৰে, ফুৰিবলৈ গ’লে মিঠাইৰ টোপোলা এটা নিব লাগিব বুলি ভাবি! কিন্তু দুদিনমানৰপৰা তাৰ বন্ধু হিতেশে বৰকৈ তাক মাতি আছে ৰাস চাবলৈ৷ হিতেশহঁতৰ ফালে পতা ৰাস বৰ বিখ্যাত৷ গতিকে এবাৰ তালৈ গৈ ৰাস চাবলৈ তাৰো মন নোযোৱা নহয়৷ আজি তাৰ ভাগ্য সুপ্ৰসন্ন আছিল৷ সি ৰাতিপুৱাই স্কুল এখনত যাওঁতে গম পালে যে হেডমাষ্টৰজনে চাউল চাৰি বেগ বিক্ৰী কৰিছে৷ বিক্ৰী কৰি পোৱা টকাখিনি লৈ হেডমাষ্টৰ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মাজত টনা আজোৰা৷ সেয়েহে কথাটো গাপ দিবলৈ হেডমাষ্টৰে তাক টকা পাঁচশ দিছে৷ লগে লগে সি ভাবিলে বঢ়িয়া আজি শেনৰ এজাত! বিশ টকাত চাৰিটা বুন্দিয়া লাৰু পাম৷ তাকে লৈ গৈ ৰাতি একাঁহী দকচি খাম৷
লগে লগে হিতেশক ফোন কৰিলে, “বন্ধু আজি আহি আছোঁ৷”
চ’কৰপৰা বুন্দিয়া লাৰুকেইটা লৈ সি হিতেশৰ ঘৰ গৈ পোৱা মানে আন্ধাৰেই হ’ল৷ আলহীক আলহ উদহকৈ অভৰ্থনা জনোৱা হ’ল৷ অজয়ে মনে মনে ৰাতিৰ ভাতৰ কাঁহীখনৰ কথা কল্পনা কৰি আছে৷ কিছুপৰৰ পাছত চাহৰ লগত লুচি ভাজি, মিঠাই ইত্যাদি বস্তুৰে আপ্যায়ন কৰা হ’ল৷ তাৰপিছত দুয়ো ৰাস চাবলৈ ওলাই গ’ল৷ হিতেশে ৰাসথলীত তাক ঘূগুনী-পৰঠাও খোৱালে৷ মুঠতে তাৰ কপালক সি আজি ধন্যবাদ দি তৰণিয়ে পোৱা নাই৷
ৰাস চাই দুয়ো ঘৰ আহি পাওঁতে ৰাতি দহমান বাজিল। ঘৰ আহি পাওঁতে হিতেশৰ মাকে অজয়ক মুখ হাত ধুই ল’বলৈ দিলে৷ পাকঘৰৰপৰা অহা সুগন্ধই অতখিনি খোৱাৰ পিছতো অজয়ৰ পেটটো খোচ মাৰি ধৰিলে৷ কিছুপৰ পিছত হিতেশৰ ভনীয়েকে তাক ডাইনিং টেবুললৈ মতাত সি ভাবিলে – “উফ ৰক্ষা৷ চাৰিটা লাৰুৰ মূল্য অথলে যোৱা নাই।”
জহা চাউলৰ ভাত, পাৰ মাংসৰ তৰকাৰী, শ’ল মাছৰ সৈতে লাও বিলাহী আৰু হৰেক ৰকমৰ ভাজি৷ মনতে ভাবিলে পইচা পুৰা উচুল৷ মাকে আহি আৰু দুবাৰমান ভাত দিলেহি৷ প্ৰচণ্ড উগাৰ এটা অহাতহে সি ভাবিলে নাই আৰু নোৱাৰি৷ চাৰিটা বুন্দিয়া লাৰুৰ বাবদ ইয়াতকৈ আৰু বেছি খাব নোৱাৰি৷ ঠিক ভাতৰ পাতৰ পৰা উঠিবলৈ লওঁতেই হিতেশৰ ভনীয়েকে পায়স এবাতিও দি গ’ল৷ সেইখিনি যেনে তেনে শেষ কৰি সি মুখ ধুলে৷ পেণ্টৰ বেল্টডাল অলপ ঢিলা কৰি ল’লে৷
কিছু সময়ৰ পিছত হিতেশৰ ভনীয়েকে ক’লে, “দাদা আপোনাক আমাৰ দাদাৰ ৰুমতে শুবলৈ দিছোঁ৷ কিবা দৰকাৰ হ’লে ক’ব৷” সি ভাবিলে অতখিনি গিলাৰ পিছত এতিয়া আৰু শুৱাহে কথা৷ ৰাতি সকলো শোৱাৰ পিছত হঠাৎ সি সাৰ পাই গ’ল৷ বাহিৰত গৃহস্থই কিবা কথা পাতি আছে৷ সিহঁতৰ ৰুমটোতো টোকৰ পৰিল৷ লগতে শুৱা হিতেশে দৰ্জা খুলি দিলে৷ মাকে ক’লে – “বাবা আমাৰ চোতালৰ ওচৰত কিবা মৰিছে হ’বলা৷ গোন্ধত আমি কোনেও শুব পৰা নাই৷ তই অকণ টৰ্চ মাৰি চাচোন৷”
তেতিয়ালৈ অজয়ৰ টোপনী ভালকৈয়ে ভাঙিছিল৷ দুয়ো টৰ্চ মাৰি বাহিৰলৈ ওলাই আহিল৷ পিছে পিছে ঘৰৰ বাকী মানুহখিনি৷ গৈ দেখিলে পোহনীয়া কুকুৰটোৱেও কেংকেংকৈ ওলাই গৈছে৷ ভাৱটো এনেকুৱা – “ধুৰ, এই গোন্ধ শুঙি থকাতকৈ মই মালতীৰ লগত ডেটিং মাৰি আহোঁ।”
সকলোৱে গোন্ধটোৰ উৎস বিচাৰি চলাথ কৰিলে৷ হঠাতে হিতেশৰ ভনীয়েকে দৰ্জাৰ চেপত এযোৰ জোতা দেখিলে৷ ওচৰলৈ যাব খোজোতেই মোজাৰ গোন্ধত থাকিব নোৱাৰি তাই দুৱাৰৰ চেপৰপৰা ভিৰাই লৰ দিলে৷ কাৰ জোতা এইযোৰ বাৰু? বোধকৰো মোজাযোৰে দুবছৰমান পানীৰ মুখ দেখা নাই৷ তাৰপিছত আৰু কি? এটা চুকৰপৰা সেমেনা সেমেনিকৈ ওলাই আহি অজয়ে ক’লে – “জোতাযোৰ মোৰেই৷ আজি গৰম আছিল যে, ভৰি দুখন অলপ ঘামিছিল হ’বলা।”
7:43 am
জোতাই বেইজ্জত কৰিলে বুন্দিয়াক….
7:49 am
জোতাৰ বাবেই সন্মান ধোব লগা হ’ল বেচেৰাই..
9:06 am
জোতা বেবফা নিকলা ?
9:20 am
হাঃ হাঃ! বঢ়িয়া
9:28 am
বেচেৰা