নাৰ্জীনিয়ৰৰ কৰ’ণা- জীমণি গগৈ
যোৱা কেইবাদিনো ধৰি নাৰ্জীনিয়ৰৰ মনটো অত্যন্ত অস্থিৰতা, খং আৰু হতাশাই আৱৰি আছে। এনেকুৱা লাগিছে যেন জীৱনটো তেনেই অসাৰ হৈ গৈছে। অতদিনে তিলতিলকৈ অর্জন কৰা মনৰ প্ৰশান্তি, চেলিব্ৰেটি ইমেজ, চাৰিওফালৰ মই মই পৰিবেশ সকলো যেন চকুৰ আগতে নিঃশেষ হৈ যাবলৈ ওলাইছে। যোৱা দিনবোৰত প্ৰতিদিনে ৰাতিপুৱা চকু মেলিয়ে ডাটা অন্ কৰাৰ পৰা ৰাতি দুপৰলৈ যেতিয়া ফে’চবুকখনৰ চাৰিওফালে কৰ’ণা বিষয়ক আপডেটবোৰ দেখি থাকে কিবা বমি বমি ভাব এটা আহে নাৰ্জীৰ। গাটো ঠিক জ্বৰ নহয় কিন্তু কিবা জ্বৰ জ্বৰ টাইপ ফিলিং এটা আহে। দিনৰ দিনটো ফে’চবুক, হোৱাটচএপ্, টেলিগ্ৰাম, হাইকত কৰ’ণা বিষয়ক প’ষ্টবোৰ দেখি দেখি তাই ইমানে উদ্বিগ্ন হৈ পৰে যে ডিঙিত কিবা এটাই সোপা মাৰি ধৰা যেন লাগে নাৰ্জীৰ। অৱশ্যে তাই কোনোদিনে সেইধৰণৰ প’ষ্টবোৰ পঢ়ি চোৱা নাই৷ মাত্ৰ আপডেটবোৰৰ কমেণ্ট দুটামান চাই মিলাই মেলি কমেণ্ট একোটা আৰু লাইক একোটা দি যায়। সেইবোৰ পঢ়িবলৈ তাইৰ ইমান ধৈর্য নাই। তদুপৰি তাই ভাবে, “কি দৰকাৰ সেইবোৰ অদৰকাৰী কথাত ইমান মাথা মৰাৰ। কিবা বেমাৰ এটা আহিছে আৰু। তাতে ইমান ব্যস্ত হ’বলৈ কি দৰকাৰ। মানুহবোৰৰ আৰু কাম নাই”, মুখৰ ভিতৰতে ভোৰভোৰাই উঠে নাৰ্জীয়ে।
ভীষণ খং উঠি যায় নাৰ্জীনিয়ৰৰ। খঙতে কঁপি জপি উঠাৰ বাবেই নেকি গাটোত কিবা বিষ উঠা যেন অনুভৱ এটাও হৈছে এইকেইদিন মাজে মাজে। নাৰ্জীৰ অৱস্থাটো দেখি ঘৰৰ মানুহবোৰৰ মাজত হাহাকাৰ লাগিল। হাহাকাৰ নালাগিব নে? লক্ষণবোৰ কেনেকুৱা হৈছে ভয় নালাগিবলৈ। এই কথাই কথা নহয় বুলি নাৰ্জীৰ স্বামী নিয়ৰে তেওঁৰ চিনাকি ডাক্তৰ পাৰ্থসাৰথিলৈ ফোন কৰি কথাখিনি জনালে। সবিশেষ শুনি ডাক্তৰে সুধিলে,
: অলপ দিনৰ ভিতৰত ক’ৰবাত বাহিৰলৈ ফুৰিবলৈ তুৰিবলৈতো যোৱা নাই নহয়?
: গৈছিলতো। কেইদিনমানৰ আগতে গোৱাৰ পৰা ফুৰি আহিছে।
নিয়ৰে উদ্বিগ্নতাৰে ক’লে।
: অহ্! একদম ঘৰৰ পৰা ওলাবলৈ নিদিব তেনেহ’লে। আপোনালোক ঘৰৰ মানুহবোৰেও ডিষ্টেন্স্ মেইনটেইন্ কৰি চলক।
ফোনটো কাটিয়ে ডাক্তৰ পাৰ্থসাৰথিয়ে সংশ্লিষ্ট উৰ্ধতম মহলক কথাটো অৱগত কৰিলে। উৰ্ধতম মহলত মুহূৰ্ততে লৰাধপৰা লাগিল। ওপৰৰ নিৰ্দেশ মৰ্মে যুদ্ধকালীন প্ৰস্তুতিৰে ডক্টৰ নাৰ্ছৰ বিশেষ টিম লৈ ডাক্তৰ পাৰ্থসাৰথি নাৰ্জীৰ ঘৰত উপস্থিত হ’লহি। বিভিন্ন নিউজ চেনেল আৰু বাতৰি কাকতৰ সাংবাদিক সকলো আহি হেতা-ওপৰা লগালেহি। বনজুইৰ দৰে খবৰটো বিয়পি পৰিল, “গোৱা ভ্ৰমণ কৰি অহা অসমৰ বোৱাৰী কৰ’ণাত আক্রান্তৰ সম্ভাৱনীয়তা!”
নাৰ্জীৰ ফ্রেণ্ড ফল’ৱাৰৰ মাজত আশ্চৰ্যৰ, প্ৰশ্নৰ সীমা নোহোৱা হ’ল। নাৰ্জীৰ দেহত কৰ’ণা! কোনো কোনোৱে ক’লে, “মিছা কথা। নাৰ্জীয়ে গোৱা ভ্ৰমণলৈ যোৱাই নাছিল। ফেচবুকৰ ৱালত, ষ্টৰিত, হোৱাটচএপৰ ষ্টেটাছত প্ৰতিদিনে অতি কমেও পাঁচখনমানকৈ ফটো আপলোড কৰা নাৰ্জীয়ে গোৱা ফুৰিবলৈ গৈছে আৰু ফেচবুকৰ ফ্রেণ্ড ফ’ল’ৱাৰে গম নাপাব! অসম্ভৱ কথা। কোনো কোনোৱে কিন্তু “ৱে টু গোৱা” বুলি কেপচন দিয়া কিছুদিনৰ আগৰ নাৰ্জীৰ ফটো কেইখনমানৰ স্ক্ৰীনশ্বত বিলোৱা ইতিমধ্যে আৰম্ভ কৰিলেই। দুজনমানে নাৰ্জীৰ অধিক ঘনিষ্ঠ বুলি প্ৰমাণ দিবলৈ ইনবক্সৰ কথোকথনৰ স্ক্ৰীনশ্বত দি আপডেট দিলে। নাৰ্জীৰ লগতে নাৰ্জীৰ সংস্পৰ্শলৈ অহা ঘৰৰ লোকসকলৰো তেজৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰি সকলোকে আইছ’লেচন ৱাৰ্ডত ৰখাৰ ব্যৱস্থা কৰিলে। মুঠতে ইলেকট্ৰনিক মিডিয়া, চ’চিয়েল মিডিয়া, ঘৰে-বাহিৰে চাৰিওফালে নাৰ্জীময় হৈ পৰিল। সকলো উদ্বিগ্নতা, দুঃচিন্তা, উত্তেজনাৰ অন্ত পেলাই অৱশেষত ৰিপৰ্ট আহিল। নাৰ্জীকে ধৰি পৰিয়ালৰ সকলোৰে ৰিপৰ্ট – নিগেটিভ! ৰক্ষা!! সকলোৱে স্বস্তিৰ নিঃশ্বাস এৰিলে।
সকলো আশ্বস্ত হোৱাৰ পিছতো কিন্তু ডাক্তৰ পাৰ্থসাৰথিয়ে মনে মনে চিন্তা কৰিলে কভিড-19 সংক্ৰমিত ঠাই ভ্ৰমণ কৰি অহাৰ পাছত কৰ’ণাৰ সকলো লক্ষণ নাৰ্জীৰ ক্ষেত্ৰত দেখা দিয়া স্বত্বেও ৰিপৰ্টত নিগেটিভ আহিছে! অথচ নিগেটিভ ৰিপৰ্ট অহাৰ পাছতো কিন্তু নাৰ্জীক সুস্থ যেন লগা নাই। আকৌ কিবা নতুন ভাইৰাছ ওলোৱা নাইতো! প্ৰকৃততে নাৰ্জীৰ কি কি সমস্যা হৈছে আকৌ এবাৰ পুংখানুপুংখকৈ জানিবলৈ বিচাৰি ডাক্তৰে নাৰ্জীক সুধিলে,
: নাৰ্জী, কোৱাচোন তুমি আচলতে কি কি অসুবিধা পাই আছা এতিয়া? কেতিয়াৰ পৰা পাই আছা অসুবিধাবোৰ?
অতি অসন্তুষ্ট মুড এটা লৈ ম’বাইলটো টিপাটিপি কৰি থকা ভাগতে নাৰ্জীয়ে উত্তৰ দিলে,
: অসুবিধা মানে কৈছোৱে আৰু ম’বাইলটো চালেই মোৰ ভীষণ খং উঠে, গাটো কিবা জ্বৰ জ্বৰ লাগে, ফে’চবুক হোৱাটচএপ্ ভৰি থকা কৰ’ণা বিষয়ক আপডেটবোৰ দেখিলেই বমি বমি লাগে, উশাহ নোপোৱা যেন লাগে… সেইবোৰেই আৰু অসুবিধা।
নাৰ্জীৰ কথা শুনি ডাক্তৰ পাৰ্থসাৰথি বিপাঙত পৰে। ফেচবুক চালেই বমি বমি অহাটো আকৌ কেনেকুৱা লক্ষণ! আৰু খঙেই বা উঠে কিয়! কিবা এটা ভাবি তেওঁ আকৌ সুধিলে-
: বাকী বাৰু বুজিছোঁ, কিন্তু খং কিয় উঠে?
: খং নুঠিব? খঙটোৱেইতো মোৰ আচল বেমাৰ। বুজাই কৈছোঁ শুনক৷ চাওক ডক্টৰ ছাৰ, মই যোৱা ২৩ তাৰিখে গোৱাৰ পৰা আহি তাত মানে গোৱাত তোলা মুঠ দুহেজাৰ ফটোৰ পৰা বাছি বাছি তিনিশ ফটো দিএছএলআৰৰ পৰা ম’বাইলত ল’লোঁ। সেই তিনিশৰ পৰাও মাত্ৰ এশ বত্ৰিশখন বিশেষ ফটো ফে’চবুকত আপলোড কৰোঁ বুলি লওঁতে দেখিলোঁ গোটেই ফে’চবুকখনচোন কৰ’ণা নে কিবা বোলা বেমাৰ এটাক লৈ দিয়া আপডেটে ভৰি পৰিছে। খঙটো ভমককৈ উঠি আহিল। গাটো কিবা জ্বৰ জ্বৰ লাগিবলৈ ল’লে। ক’ৰ কৰ’ণা নে তৰ’ণাডাল এতিয়াহে আহিবলৈ পালে। ফে’চবুকত কৰ’ণাক লৈ তোলপাৰ লাগি থকা এই সময়ত মোৰ ফটোবোৰ আপলোড কৰিলে মই কেইটা লাইক্-কমেণ্ট্ পাম? অতগাল টকা পইচা খৰছ কৰি ইমানগাল নতুন কাপোৰ কিনি ফুৰিবলৈ যোৱাৰ কি অৰ্থ থাকিল? ফ্রেছ্ ফটোবোৰ আপলোড কৰি লাইক্-কমেণ্টবোৰ গোটাব নোৱাৰিলে ফুৰিবলৈ যোৱাত খৰছ কৰা অতগাল পইচা পানীত নপৰিবনে? কথাবোৰ যিমানে চিন্তা কৰিলোঁ মোৰ ডিঙিটো শুকাই যোৱা যেন লাগিবলৈ ধৰিলে। কাহ মাৰিলেও কাহটো ওলাই নাহে।
কথাখিনি কৈ চূড়ান্ত বিৰক্তিত নাৰ্জীয়ে কপালখন কোঁচাই হাতত থকা ম’বাইলটো বিছনাখনতে ঠেকেছা মাৰি থ’লে। আদ্যোপান্ত বিৱৰণ শুনি ডাক্তৰ পাৰ্থসাৰথি অলপ সময় তভক মাৰি ৰ’ল। তাৰপাছত ডাক্তৰী কথোপকথনৰ স্বাভাৱিক সুৰত লাহে লাহে ক’লে,
: এটা কাম কৰা তোমাৰ এশ কিমানখন ফটো আপলোড কৰিবলৈ বাছি উলিওৱা বুলিছিলা যে সেইখিনি আপলোড কৰি দিয়া। চিন্তা নকৰিবা লাইক্ কমেণ্ট্ পাই যাবা। কাৰণ তুমি যেনেকৈ কৰ’ণা কেন্দ্ৰিক আপডেটবোৰ দেখি দেখি ব’ৰ হৈছা, সেইবোৰ অদৰকাৰী বুলি ভাবি ভুলতেও সেইবোৰ পঢ়ি চোৱা নাই৷ তোমাৰ এচাম ফ্রেণ্ড ফল’ৱাৰেও একেটা সমস্যাত ভুগিছে। তেওঁলোকেও এই চিৰিয়াছ কথাবোৰৰ মাজত সোমাই থাকি উশাহ-নিশাহত কষ্ট অনুভৱ কৰিছে। গতিকে তোমাৰ ফটোখিনি আপলোড কৰাৰ লগে লগে তেওঁলোকে লাইক্-কমেণ্ট্ দিবলৈ উবুৰি খাই পৰিব নিশ্চিত থাকা।
কথাখিনি কৈ মাস্কখন সামান্য ঠিক কৰি ডাক্টৰ পাৰ্থসাৰথি নাৰ্জীৰ কাষৰ পৰা উঠি যাবলৈ নৌ পাওঁতেই নাৰ্জীয়ে পৰম আগ্ৰহেৰে ম’বাইলটো হাতত তুলি ল’লে৷
☆ ★ ☆ ★ ☆
2:51 pm
বঢ়িয়া