ফটাঢোল

এতিয়া হস্তিনাপুৰত- সোণটো ৰঞ্জন বৰুৱা

হস্তিনাপুৰৰ এচিৰ বতাহেৰে বাতানুকূল কুৰুকুলৰ ৰাজ সভা। সন্ধ্যা সময়৷

সভাকক্ষত মাত্ৰ ধৃতৰাষ্ট্ৰ আৰু প্ৰধান পৰামৰ্শদাতা শকুনিয়ে ফুচফুচাই কিবা বিষয়ত আলোচনা কৰি আছে। বাকী সকলো সভাসদ ইতিমধ্যে মনোৰঞ্জনৰ বাবে দিহাদিহি প্ৰস্থান কৰিছে। অৱশ্যে শকুনি য’ত প্ৰধান পৰামৰ্শদাতা, তাত বাকী সভাসদৰ সভা শুৱনি  কৰাই একমাত্র কাম।

তেনেতে শকুনিৰ অতি বিশ্বস্ত সহকাৰী এজনে অতি বেগেৰে প্ৰৱেশ কৰি তেওঁৰ কাণে কাণে কিবা খবৰ দিলেহি। অলপ সময় কিবা ভাবি শকুনিয়ে সহকাৰীক আদেশ দিলে,

: দ্ৰোণাচাৰ্য্যক আমাৰ গুপ্ত কক্ষলৈ তাৎক্ষণিক তলব দিয়া। সাৱধান, যাতে খবৰ ভীষ্মৰ কাণত নপৰে৷

 ……… গুপ্ত কক্ষ। সিংহাসনত  ধৃতৰাষ্ট্ৰ, গুৰুগম্ভীৰ স্বৰে শকুনিয়ে সন্মুখত অধোবদনে থিয় হৈ থকা গুৰু দ্ৰোণৰ ক্লাছ লৈ আছে।

: লুক মি: দ্ৰোণ, শুনিবলৈ পাইছোঁ আপোনাৰ বাৰ্ড একজামত একমাত্ৰ অৰ্জুন পাছ হৈছে৷ মানে বাকী এশ চাৰিজন ফেইল৷ কি হৈছে এইবোৰ। স্কুল চলাবলৈ গ্ৰাণ্ট ঠিকেই পাই আছেতো… তাৰ পাছতো এনে ৰিজাল্ট। আপোনাৰ পৰা ১০০% বিচাৰিছিলোঁ। আৰু আপুনি? এনেকৈ ৰাজ্যৰ ধন মিছইউজ? পৰশুৰামৰ শিষ্য বাবে আপোনাক ১০৫ জন ৰাজকোঁৱৰৰ গুৰু নিযুক্তি দিছিলোঁ। কিন্তু আপুনি  মাত্ৰ এজনক হে…

: ছাৰ, শিক্ষাদানৰ ক্ষেত্রত মই কেতিয়াও পাল মৰা নাই। ৰাজকুমাৰসকলক নিয়মিত ভাবে সৈদ্ধান্তিক আৰু ব্যৱহাৰিক দিশসমূহত প্ৰশিক্ষণ দি আছোঁ। আজি ধনুবিদ্যাৰ পৰীক্ষা আছিল। ধনুবিদ্যাত অৰ্জুন অদ্বিতীয়। মোৰ বিশ্বাস, অৰ্জুন এই সংসাৰৰ আটাইতকৈ নিপুণ ধনুৰ্বিদ হ’বগৈ। সেইদৰে ভীম, দুৰ্যোধন গদা, নকুল সহদেৱ তৰোৱাল, যুধিষ্ঠিৰ বৰ্শা……

দ্ৰোণাচাৰ্য্যই নিজৰ চাফাই দিলে যদিও জানে, মহাৰাজৰ এই পি এৰ কোনো যুদ্ধৰ অভিজ্ঞতা নাই। জুৱা আৰু মানুহৰ মাজত কাজিয়া লগোৱাই তেওঁৰ মুখ্য কাম। গুৰুৰ ছাগল চুৰি কৰি লগৰীয়াৰ লগত খানা খোৱাৰ বাবে বিদ্যালয়ৰ পৰা খেদা খোৱা মানুহ পি এ। একমাত্র মহাৰাণীৰ অনুগ্রহত এই পি এৰ ৰূপ লৈ ঘূৰি ফুৰে।

লগতে এইটোও ভালদৰে জানে, পি এই ব্যৱহাৰিক দিশত তেওঁৰ লগত ফেৰ মাৰিব নোৱাৰিলেও, এটা কলমৰ খোচত তেখেতৰ বিদ্যালয়ৰ চাটাৰ ডাউন কৰি দিব পাৰে বা বেলেগ গুৰু নিয়োগ কৰাব পাৰে।

: লুক মি: দ্ৰোণ, ইটচ টু মাচ্চ। আপুনি এনিমেচন টেকনলজিৰ সহায়ত ল’ৰাহঁতক ধনুৰ্বিদ্যাৰ শিক্ষা দিব পাৰে। কাড় শ্ল’মোচনত গৈ চৰাইৰ চকুত লাগিব৷ সিহঁতেও দেখি উৎসাহ পাব, উৎসাহিত হৈ বিদ্যা লাভৰ প্ৰতি ধাউতি বাঢ়িব। তাকে নকৰি এতিয়াও সেই আওপুৰণি পদ্ধতিত শিক্ষা দি আপুনি ৰাজকোষৰ ধন অপব্যয় কৰা নাই নে?

: এতিয়া মহাৰাজে কি সিদ্ধান্ত লয় নাজানো, মই কিন্তু অত্যন্ত নিৰাশ হৈছোঁ।

‌দ্ৰোণাচাৰ্য্যক গুৰু পৰশুৰামে এবাৰ কৈছিল, শিক্ষকে চাকৰি কৰিলে শিক্ষক হৈ নাথাকে, ভৃত্যলৈ  পৰিবৰ্তন হয়। নিজৰ বিবেকক বন্ধক দি শিশুৰ বিকাশ কৰাৰ সলনি ৰজাক সন্তুষ্ট কৰি থাকিব লগীয়া হয়।

‌ দ্ৰোণাচাৰ্য্যও উপায়হীন, শিক্ষকতা নকৰিলে পেট প্ৰৱৰ্তাবলৈও অন্য বাট নাই। যাব ক’লৈ? তল মূৰ কৰি উত্তৰ দিলে,

: মই মোৰ সামৰ্থ্য অনুযায়ী পূৰ্ণ চেষ্টা কৰিছোঁ। যদি পোনালোক ইয়াত সন্তুষ্ট হোৱা নাই, তেন্তে মোক আৰু এটা সুবিধা দিয়ক। চেষ্টা কৰিম, সকলো শিশুকেই যাতে ধনুবিদ্যাত সমানে পাৰ্গত কৰি তুলিব পাৰোঁ।

‌ইমান সময়ে মনে মনে থকা ধৃতৰাষ্ট্ৰই মাত লগালে,

: আচাৰ্য্য, আপোনাৰ দক্ষতা তথা প্ৰচেষ্টাৰ প্ৰতি মোৰ কিঞ্চিতো সন্দেহ নাই। আমি মাত্ৰ বিচাৰিছোঁ সকলো শিশু সকলো বিদ্যাতে পাৰ্গত হওক। শিশুসকলৰ শতকৰা ষাঠিজনেও চৰাইৰ চকুত কাঁড় মৰা হ’লেও  আপোনাৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন নুঠিলেহেঁতেন… কিন্তু মাত্ৰ এজন শিশু পাছ কৰা কথাটো মোৰো হজম হোৱা নাই। হয়তো আপোনাৰ শিক্ষা দানত টেকনিকেল ফল্ট আছে৷

: এটা কাম কৰক গুৰুদেৱ, আপুনি শকুনিৰ সহায় লওক। তেখেতে এই বিষয়ক লৈ ইতিমধ্যে বহু দেশ ভ্ৰমণ কৰিছে। তাৰে দুখনমান দেশত বোলে পৰীক্ষাত ১০০% পাছ কৰা পদ্ধতিত শিক্ষা দান কৰে। প্ৰতি পৰীক্ষাত পাছ কৰি গ’লে শিশুৰ মনোবলো বৃদ্ধি পাই, জীৱনৰ প্ৰতিটো পৰীক্ষা তেনেদৰেই সফল হৈ  গৈ থাকে। মোৰ মতে  আপুনি শকুনিৰ অভিজ্ঞতাৰ সহায় লওক।

দ্ৰোণাচাৰ্যই আৰু একো মাত নামাতিলে। মাতি জানো কিবা লাভ হ’ব? বহু বিবেচনাৰ শেষত শিশুসকলক এখন চিলেবাচ দ্ৰোণাচাৰ্য্যক দিয়া হ’ল। সেই চিলেবাচ অনুসৰি দ্ৰোণাচাৰ্য্যই শিক্ষা দিব লাগিব। যদি পৰীক্ষাত কোনো শিশুৱে ফেইল কৰে, তেন্তে দ্ৰোণাচাৰ্য্যৰ ইনক্ৰিমেণ্ট বন্ধ কৰি দিয়া হ’ব। টিএ, ডিএ তেতিয়াহে পাব যেতিয়া ৯০% শিশুৱে পাছ কৰিব। অকল এজন ধনুৰ্বিদ, দুজন গদাধাৰী উলিয়ায়েই ইমান মোটা দৰমহা হজম কৰিবলৈ নাপাব।

চিলেবাচ তৈয়াৰ কৰিবলৈ শকুনিৰ অধ্যক্ষতাত এক উচ্চস্তৰীয় কমিটি গঠন হ’ল। শকুনি আয়োগৰ প্ৰতিবেদন মতে প্ৰতি বিষয়ক ৫০ নম্বৰৰ প্ৰশ্ন দিয়া হ’ব। মূল্যায়নৰ শেষত বহীসমূহ হস্থিনাপুৰলৈ প্ৰেৰণ কৰিব লাগিব। যাতে শিশুসকলৰ উত্তৰ চাই দ্ৰোণাচাৰ্য্যইনো কি শিক্ষা দিছে আভাস পোৱা যাব। মুঠ ৫০ নম্বৰত, মৌখিক, এচাইনমেণ্ট, প্ৰজেক্ট আদিত ৩০ নম্বৰ থাকিব, বাকী ২০ নম্বৰৰ লিখিত পৰীক্ষা হ’ব। প্ৰশ্নকাকতসমূহ ৰাজধানীৰ পৰা প্ৰেৰণ কৰা হ’ব। ইত্যাদি ইত্যাদি….

ছমাহৰ পিছত ৰাজধানীৰ পৰা অহা প্ৰশ্ন কাকত  আহিল।

ছমহীয়া পৰীক্ষা

বিষয় – ধনুবিদ্যা

নম্বৰ -৫০  সময় – ২ ঘণ্টা

১) যিকোনো ৫টা প্ৰশ্নৰ উত্তৰ দিয়া।
ক. ধনুবিদ্যা কিয় শিকিব লাগে? উদাহৰণসহ বুজাই দিয়া।

খ. ধনু আৰু গদাৰ মৌলিক পাৰ্থক্য কি? ১০০ শব্দৰ ভিতৰত লিখা।

গ. উৎকৃষ্ট ধনুৰ দহটা গুণ বুজাই লিখা।

ঘ. যুদ্ধৰ পাঁচটা নিয়ম লিখা।

……..
…..
ঞ. যুৱৰাজ হ’বলৈ এক উৎকৃষ্ট ধনুৰ্বিদ হোৱা আৱশ্যক নে? বুজাই লিখা।

প্ৰশ্ন কাকত দেখি দ্ৰোণাচাৰ্য্যৰ মাথা ঘূৰি গ’ল। ধনুৰ মুঠিত হাত নলগোৱা এজনেও চোন এইবোৰ প্ৰশ্নৰ উত্তৰ দি পাছ কৰি যাব পাৰিব। কিন্তু এজন দক্ষ যোদ্ধা হ’ব পাৰিব জানো? তেওঁ লগালগ ৰাজধানী লৈ সহকাৰী এজন প্ৰেৰণ কৰি নিজৰ সংশয় জনালে।

: আপোনাৰ কাম পৰীক্ষা পতা, তাৰ পাছত বহীসমূহ ইয়ালৈ প্ৰেৰণ কৰা। বাকী বিষয়সমূহ চাবলৈ আমি আছোঁ নহয়। আমি এজন যোদ্ধা চিনাক্ত কৰাৰ সলনি সকলো শিশু পাচ কৰাটো বিচাৰিছোঁ। শিশুসকলৰ ওপৰত মানসিক চাপ নপৰিবলৈ প্ৰশ্নসমূহ উজু কৰি দিয়া হৈছে।

ৰাজধানীৰ পৰা শকুনিৰ উত্তৰ আহিল। হাত ভৰি বন্ধা দ্ৰোণাচাৰ্য্যৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাদে উপায় নাইকিয়া হ’ল। পৰীক্ষাত ১০০% শিশু উত্তির্ণ হ’ল। ধৃতৰাষ্ট্ৰ সন্তুষ্ট হৈ দ্ৰোণাচাৰ্য্যক মহা আড়ম্বৰে গুৰুশ্ৰেষ্ঠৰ সন্মান দিলে৷

      আৰু তেতিয়াৰে পৰা এতিয়ালৈ হস্তিনাপুৰত ……
☆ ★ ☆ ★ ☆

2 Comments

  • Pranita Goswami

    সাংঘাটিক লিখিছা। বঢ়িয়া লাগিল।

    Reply
  • জ্যোতিৰ্ময়

    হা হা, সাংঘাটিক চিষ্টেম ধনুৰ্বিদ্যা শিকোৱাৰ ?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *