খক- দীপ্তি শৰ্মা
কিছুমান সোপনে মনৰ গভীৰ কোণাত বৰ বেয়াকে যায় বাহা বান্ধেই। কিমান আশা কিমান যি কল্পনা কৰা যায়।ময়ো তাইক এক দিন লগ পাম। চেল্ফিত মুখৰ খাল, ডোং গিলাক নেদখা হৱা তাইৰ মুখ খান ঝলঝল পতপতকে দেখা পাম। অনবৰতে ফেচবুকৰ ফটোত নাইচ, বিউটিফুল বুলি কমেন্ট পাৱা তাইৰ পোকাই খাৱা দাঁত কেইটাৰ মাজেইদি সৰকি আহা হাঁহিটো দেখা পাম। মাত্ৰ কিমান যি আশা, ভাবনা। পিচে তাইক লগ পাৱা সেই দিনটো নাহেই হে নাহেই। মনটোক বুজেনি দি কিবাকে ৰাখি ৰাখি চিনাকি হৱা বহুত দিন পিচত দিন বাৰ মিলেই যাৱাতো পূজাৰ সময়ত লগ পালো। তায়ো ঘৰক আইছিল ময়ো আইছিলো। মেচেজ মেচেজ খেলি দুটায়ে মংগলেইৰ ভেবাৰঘাটৰ বাছ আস্থানৰ জিৰণী ঘৰটোতে লগ হ’লো। পিচে মই অবাক্টেড। ফটোত দেখাৰ নিচিনা মুখখান চিলচিলিয়াতো নহয়ে, বহুত কেইটা শালমনাই মুখখানত অনাধিকাৰ প্ৰবেশ কৰি ঘোক্তৱা মকফলহান কৰি থৈছিল। হলিও মই একো নক্লো। ইমান মিলেই মিলেই লগ পাইছো যেতিয়া কবাত কিবা কলি মুখৰ অবস্থা চাৰ বছৰ মানৰ শুখৱা আমঠুটো হান হে হবো। সেই কাৰণে হাঁহি হাঁহি সুখ দুখৰ বহুত কথাই পাতিলো। পিচে কিমান নো কথা কৱেই।ভাবাই নাছিলো এনকে মুখ ঝপবা খোবৰ নাপৱাকে কথা কৱেই বুলি। ময়ো কম নহয়। তাই যদি দুটা কৱেই মই চাৰটা কথা কওঁ। সেনকে মেল মাৰি মাৰি দুই ঘণ্টামান পাৰ হ’ল। মাজে মাজে মই লগত নিয়া বুট দিয়া নাৰিকলও চোবেই থাকিলো। এনাৰ্জীও লাগেই নহয়। কম শক্তি খৰচ হৈৱেই নে মুখখান বাই থাকিলি।পিচে পূজাৰ দোকানগিলাকৰ পে বতাহত ভাহি থাকা বস্তুৰ গোন্ধে আমাৰ কথাত ব্যাঘাট দিয়ে আছিল। হলিও মই মনৰ ভাব ব্যক্ত কৰা নাছিলো। পিচে তাইৰ হইতো পেটে কলমলেই উঠাত মোক কবা ধল্লা
: শুনচা দীপ্তি পূজা মানে হ’ল খাৱা। যিমানে নতুন নতুন বস্তু খাবি সিমানে পূজা পূজা লাগবো।
: ভোক লাগিল না কি?
: সেনে হানে হৈছিয়ে।
: কিনো কহেই মাৰেৰ ঘৰত বোলে এককাহি মাৰি আইচাহে,অলপ পিচত খাম দে।
: বয়স হলি কি হবো পেটটো ওঠৰ বচেৰিয়াই হৈয়ে আছেয়ে। তাতে চাৰিওফালে কি মলমলীয়া গোন্ধ। মই ৰবা নৰা হৈছোয়ে। তই নাখেলিও নাই মই কিবা এটা খাই লওদে।
: ভিনি আহাৰ কথা আছিল বোলেচোন?
: অ। মোক নিবা আইভা দিছো। ৰিক্সা হোপাই যেনকেহে ভাড়া হোপা লৱেই। সেই কাৰনে পুতুক কে নিবা দিছো আহি।
: অ। সেইকাৰনে ভাবছিলো একেলগে খাম বুলি। দে পিচে তই খাই লও। মই ভিনি আহিলি খাম।
: অ আই কি কহেই? কোনো দিন লগ নাপৱা মানুহটোক লেগি তোৰ কি ইমান মমত লাগিল নে?
: নহয়ে। মই খাইয়ে আইছো। আকো ভিনি আহিলি কিবা এটাতো জাঝভা লাগবো। তাতে আজি প্ৰথম লগ পাম। সেই কাৰনেহে কৈছো কিবা।
: কবা নৰছো দে ফল।
: বাপ্পাঅই কেনেই কৰা দেখোনেই।
: দে দে হবো দে। যৌচোন কিবা খাও।
তাৰপে আমি দুটায়ে এখান ফাষ্ট ফুডৰ দোকানত সোমালো যায়। পিচতহে গম পাইছিলো সেইখান বোলে জয়ন্ত শৰ্মা দাদায়ে পূজা বুলি অস্থায়ী ভাবে দিয়া দোকান আছিল। পিচে দাদাই মুখত পুৰা মিঠা মিঠা দেখেই এক টকা এটাও কমেই নলৱেই। আমিও ভাবিলো পইচা য’ত হলিও দিবাই লাগবো যেতিয়া বস্তুটো খাই যত ভাল লাগেই তাতে খাবাই ভাল বুলি বহি ললো। তায়ো মেনুখান চাই চাই এক প্লেট মাংস ভাজা ভাতৰ অৰ্ডাৰ দিলা।
ইফালে মোৰ মন ৰাস্তাত। কেতিয়া বা ভিনি আহি পাৱেই আৰু তাইৰ চকু দোকানৰ ভিতৰত। কেতিয়া বা ভাজা ভাত আহি পাৱেই।
: শুনচা দীপ্তি?
: নাই শুনা।
: কি হ’ল?
: অলপ সময় মনে মনে থাকচোন।
: মানে জীৱনটো…………
: এনকে থাকিলি মই উঠি যাম বুলি কৈছো। ইমান মুখখান কেনকে চলবা পাৰাহে।
: হেৰি হ’ল নহয় খাৱা বস্তু আহিয়ে নাপালা দেখোনেই।
: ধৈৰ্য্য ধৰচোন। বনেই দিবা লাগবো অলপ সময়তো লাগৱোয়ে দেচু।
তাইৰ মুখখান সঁচায়ে জোখতকে বেছি চলেই। তাতে মোৰ নিচিনা লগ পালিতো কবাই নালগেই। বাপ বাপ লেহেতি দি পানী সিচা দেয়েই। অলপ পিচত চিকেন ফ্ৰাইড ৰাইচ আহি পালা। কাহীখান দেখিয়ে তাইৰ চকু একেবাৰে পখিলাৰ নিচিনাকে নাচবা ধৰলা। ৰবা ৰক্ষা নাই, পাল্লি গোটেইখিনিয়ে একেলগে সুমবা খুজেই।গৰমে গৰমে খাৱা দেখি মোৰ অপ্পাৰ খং উঠছিল যদিও মনে মনে থাকিলোঁ। অলপ পিচত কিবা দেখোন মৰমৰেই শব্দ হ’ল। মই আৰু ৰবা নৰি লাহেকে মাত দিলোঁ
: অ ঝীয়া কেনেই হৈছিয়ে।
: নকবিয়া ভাই বঢ়িয়া হৈছি। ইতাহে মনটো পূজা পূজা লাগছি।
: অলপ লাহে লাহে খাই মৰ। হেৰিয়া খাবা দিছা দেখোন।
: ৰচোনেই ভাই মনে মনে থাক। শান্তিত খাবা দি।
: ইমান মৰমৰেই কি চোৱেলিয়ে।
: মাংসৰ হাড়ায়ে।
: ইমান শব্দ হৈছিনে?
: পুৰা তাজা মাল। শব্দ নহবোনে।
: দে খা খা। গলত কিবা বজি মৰবি চাবি।
মই মনে মনে ভাবিলো এইটোতো মাংসৰ হাড়াৰ শব্দ হবাই নৰেই। পিচে কৈ লেথা লগৱাত কে যি খাই খাকদে বুলি মনে মনে থাকিলোঁ। হলিও মনটোই মোৰ পিতপিতেই থাকিল। কি খালা ইমান মৰমৰেই। অলপ পিচত যেতিয়া তাৰে চলিটোই বাচনখান নিবা আহিল তেতিয়াহে মোৰ বস্তু এটা চকুত পৰিল। চলিটোক কাহীখান মোৰ ওচৰক আনবা দি তহতহকে চাওঁতেহে মোৰ চকু থৰ লাগিল। ওৰেহি গাছৰ ওৰডাল ভালকে ওলেই পৰিল। আচলতে তাই মোক যি মাংসৰ হাড়া বুলি কৈছিল সেয়া সোচায়ে মাংসৰ হাড়া নাছিল। ফ্ৰাইড ৰাইচ খাবা দিয়া প্লাষ্টিকৰ চামুচৰ আগটোহে আছিল।খাৱাৰ জোৰত কেতিয়া মাংস বুলি চামুচকে চোবলা বেলদেৰিয়ে গমকে নাপালা। তাইক আৰু একো নক’লো। মনে মনে মই ভগৱানক ভাবিলো “খখৰো যি ভাগা প্ৰভু।”
☆ ★ ☆ ★ ☆
11:03 am
হাঁহি মৰলু দেৱেই আইহেৰেই। সঁচাই খুব ভাল লাগিল।
11:44 am
এ বঢ়িয়া। হোটেল লকডাউন। মাঠা গৰম হৈ গেইছি।
10:02 am
ৰসাল হৈছে।