খাৰখোৱা মাষ্টাৰ চেফ- মানসী বৰা
মোৰ দৃঢ় বিশ্বাস এয়ে যে, এগৰাকী মহিলাই দহটা মূৰৰ চিন্তা অকলে ল’ব পাৰে। এখন ঘৰ নিয়াৰিকৈ চলাই থাকোঁতে ঘৰৰ গৃহিণীগৰাকীয়ে কিমান কথাত যে গুৰুত্ব দিব লগা হয়! সকলোৰে ক্ষেত্ৰত নহ’লেও কিছুমান মতা মানুহে অফিচৰ পৰা ঘৰ, ঘৰৰ পৰা অফিচ কৰিয়েই ভাগৰে। সাত হাল বায় অহাৰ নিচিনা কৰে৷ নিজৰ অভিজ্ঞতাৰ পৰাই লিখিছোঁঁ৷
আমাৰ এওঁ মানে এটা সময়ত কেৱল এটা চিন্তাৰহে ভাৰ ল’ব পাৰে৷ কেনেবাকৈ দুই তিনিটা কথা একেলগে ক’লে শত্ৰুঘ্ন সিনহাৰ খামুচ টাইপ চিঞৰ মাৰি দিয়ে৷ বজাৰৰ পৰা দুটা বস্তু আনিবলৈ ক’লেও মেচেজ কৰি দিয়া বুলি কয়৷ কাৰণ মুখেৰে ক’লে মনত ৰাখিব নোৱাৰে। প্ৰমাণ অৱশ্যে অমুকীয়ে বহুত বাৰ পাইছোঁ।
এবাৰ কৈছিলোঁ চুজিৰ ডাঙৰ দানা নানিনা, সৰু মিহিটো আনিবা৷ তেওঁ ডাঙৰ দানাৰ পেকেট লৈ আহিল৷ ভুল ধৰিলত ক’লে, “চুজি হ’লেই হ’ল৷ কি সৰু ডাঙৰ আছে হে?”
ইয়াত বিবিধ প্ৰকাৰৰ পিয়াঁজ পোৱা যায়৷ অমুকীয়ে দেশীয় সোৱাদ ক’ত থাকে বুজি পাওঁ৷ সেয়ে ক’লোঁ মই, “ৰঙা পিয়াঁজটো আনিবা, হালধীয়াটো ভুলতো নানিবা৷” তেওঁ ওলোটা কৈ বুজি হালধীয়া পিয়াঁজটোহে লৈ আনিলে। ভাষ্য, “পিঁয়াজ হ’লেই হ’ল। তাত হালধীয়া ৰঙা কি আছে? হালধীয়াটোহে মই ধুনীয়া দেখিলোঁ তাত৷” চিৰা আনিবলৈ ক’লে মুড়ি আনে৷ মতৰ আনিবলৈ ক’লে বুট লৈ আনে৷ মুঠতে এনেকৈ বহুতবাৰ খেলি মেলি কৰিছে৷ পাচলি কিনোতেও খেলি-মেলি৷ গতিকে বুজি পোৱা হ’লোঁ যে তেওঁক বেছি ল’ড নিদিয়াই ভাল।
পিচে আমাৰ শহুৰ দেউতা মানুহজন আকৌ বৰ কৰ্মী দেই৷ দিনটোৰ এখিনি সময় ঘৰৰ বাৰীখনতে লাগি থাকে৷ শাক-পাচলি লগাই আত্মিক তৃপ্তি লভে৷ পিচে আমাৰ এওঁ বেলকনিত হোৱা পাচলিকেইটাও চাবলৈ নায়ায়৷ শহুৰ দেউতাক কথাই কথাই কওঁতে ক’লে বোলে,
: নাই সেইবোৰত মিছা৷ আমাৰ ঘৰৰ বাৰীখনৰ চুকে-কোণে কি কি গছ আছে সুধিবাচোন৷ সেইটোকে ক’ব নোৱাৰিব।
এবাৰ শহুৰ দেউতাই ঘৰৰ বাৰীত বোলে তুৰৈ লগাইছিল। গছত ইমানেই তুৰৈ ধৰিছিল যে খাই খাই ঘৰত আমনি লাগি গৈছিল৷ সেয়ে দুই ভাই-ককাইক (স্বামী +বৰজনা) বজাৰৰ পৰা পাচলি কিনি আনিবলৈ পঠালে। বজাৰৰ পৰা দুয়োৱে পাচলিৰ নামত হেনো সেই তুৰৈকে আকৌ কিনি আনিলে৷
কি ৰান্ধিছোঁ তাত আমাৰ এওঁ কোনো দিন গুৰুত্ব নিদিয়ে। খাবলৈ পালেই হ’ল৷ পিচে ‘Amul master chef’ চোৱাৰ পৰা বেলেগ বেলেগ খাদ্যৰ জুতি ল’বলৈ পালে ভাল পোৱা হ’ল। এইকেইদিন কৰ’ণাৰ ত্ৰাসত ঘৰৰ পৰা কাম কৰাত মোৰ কামৰ লোড বাঢ়িল৷ মানে আমাৰ এওঁক সন্তুষ্ট কৰিবলৈ হেতা ঘূৰাই তত পোৱা নাই।
: কি খোৱাবা, কি ৰান্ধিবা?
সুধি থাকে৷ পিচে কি বস্তু খাই আছে সেইটোহে আজিলৈকে নাজানিলে। জীৱনৰ আধা বয়স গ’ল আজিলৈকে বুটৰ দাইল, ৰহৰ দাইল চিনি নাপালে৷ মচুৰ-মগুৰ মাজত খেলি মেলি লাগিয়ে থাকে।
কিন্তু ফুড ক্ৰিটিক হ’বলৈ যায়৷ যেন বিকাশ খান্নাহে।
এদিন এঘৰত গাজৰৰ হালোৱা খাই ভাল পাই সুধিয়ে দিলে বোলে আলু দি বনাইছে নেকি? ভাল লাগিছে কিন্তু সোৱাদটো৷ আন এঘৰত মাচৰুমৰ ভাজি খাইছিল৷ ঘৰৰ গৃহিণীগৰাকীয়ে আমাৰ এওঁক বৰ আগ্ৰহেৰে সুধিলে৷
: ভাজিখন কেনেকুৱা হৈছিল বাৰু?
মনে প্ৰাণে নিজকে ফুড ক্ৰিটিক বুলি ভাবি থকা আমাৰ এওঁ ৰৈয়ে নাথাকিল৷ তপৰাই বিজ্ঞৰ দৰে ক’লে
: বৰ ভাল লাগিল। পটলৰ ভাজি মই এনেয়ো ভাল পাওঁ৷
☆ ★ ☆ ★ ☆
4:13 pm
হাঃ হাঃ, খাই তৃপ্তি পায়, কিন্তু বস্তুৰ সোৱাদ বুজি নাপায়। বেচেৰাক ঠগিবলৈ বৰ ভাল দেখোন। বঢ়িয়া লাগিল পঢ়ি।
6:52 pm
বহুত বহুত ধন্যবাদ…
8:35 am
হাঁহি মৰিছোঁ দেই?
4:47 pm
ইমান ভোলানাথ যেন পতি ;অলপ ভাগ্য নে !
6:55 pm
হা: হা: ..আন্তৰিক ধন্যবাদ আপোনাক ..
6:50 am
পঢ়ি বহুত ভাল লাগিলে। হাঁহিৰ ৰসাল সুৱাদ পালো আৰু মোৰো মাজে মাজে হয় যে।
6:51 am
পঢ়ি বহুত ভাল লাগিলে। হাঁহিৰ ৰসাল সুৱাদ পালো আৰু মোৰো মাজে মাজে হয় যে।
7:40 am
মন্তব্যৰ বাবে আন্তৰিক ধন্যবাদ …
7:36 am
উৎপলে ভাল জমাই থাকে দেই
7:39 am
নক’ব আৰু …ধন্যবাদ বা