অবিশ্বাস্য চাক্ষুস- কমলেশ দাস
দত্ত অফিচলৈ বুলি ওলাইছে। মহানগৰীৰ প্ৰান্তীয় এই অঞ্চল অলপ আওহতীয়া। মাজেৰে পাৰ হৈ যাওঁতে গাঁৱৰ মিঠা পৰিবেশ এটাই গাড়ীৰ উইপাৰ চাফা কৰাৰ দৰে মনটো চাফা কৰি দিয়ে। গঢ়ি উঠা দুগ্ধপামবোৰত যেন দধিমথনহে চলিছে। নিশা উভতি আহোঁতে দত্তই ঠাইডোখৰ নিজানেই পায়। থোৰতে দত্ত আৰু ঠাইডোখৰৰ কিবা যেন এটা মধুৰ সম্পৰ্ক আছে।
এজনে হাত দঙা যেন পাই গাড়ী ৰখাই দত্তই গাড়ীৰ আয়নাত চালে। মুখখন চিনাকি লাগিছে, কিন্তু মনত পেলাব পৰা নাই। মানুহজন ক্ৰমান্বয়ে আগুৱাই আহিছে।
সোঁফালে চালকৰ আসনৰ ফালে গাড়ীৰ কাষত ৰৈ চিন্তিত যেন লগা মানুহজনে ক’লে,
: বহুত দিন আগতে গাঁৱৰ ঘৰৰ ওচৰতে লগ পোৱা এজনৰ মুখখন সাইলাখ আপোনাৰ দৰে৷ তেওঁ বুলিহে ৰখালোঁ। বেয়া নাপায় যদি চাৰিআলিলৈকে লিফ্ট এটা দিব নেকি?
দত্তই মানুহজনৰ মুখলৈ এবাৰ চাই মনত পেলাবলৈ চেষ্টা কৰিলে। মানুহজনে ঠিকেই ভাবিছে। লগ পোৱাটো খাটাং৷ কিন্তু বেছি চিনাকি ওলালে এই জৰুৰী সময়ত বিপদহে হ’ব পাৰে বুলি ভাবিও দত্তই পুৱাই অলপ পুণ্য অৰ্জন কৰাৰ মানসেৰে লোকজনক সন্মুখৰ চালকৰ কাষৰ আসনখনত বহুৱাই ল’লে৷
মানুহজনে উপযাচি ক’বলৈ আৰম্ভ কৰিলে,
: থেংকছ, মোৰ শ্ৰীমতীক আয়ুস নাৰ্চিংহোমত ভৰ্তি কৰিছোঁ। ৰক্তহীনতাত ভূগিছে। এইডোখৰত এজন ব্লাড ডোনাৰৰ সন্ধান পাইছিলোঁ, কিন্তু সৱ ঠগবাজ৷ পদ্মাৰ, মানে শ্ৰীমতীৰ বাবে AB+ গ্ৰুপৰ তেজ পাবলৈ নাই। হ’ল বুলি তেৰাই এনেকুৱা এটা গ্ৰুপৰ তেজ দেহটোত সুমুৱাই পঠিয়াব লাগে নে?
“পদ্মা উইথ AB +” শব্দকেইটা দত্তৰ মনৰ ভিতৰলৈ সোমাই নোলোৱা হ’ল। বহুবাৰ নিজকে বুজাবলৈ চেষ্টা কৰিও নোৱাৰিলে। চাৰিআলিৰ ট্ৰেফিক পইণ্টৰ ওচৰৰ নাৰ্চিংহোমখনৰ গেটেৰে দত্তই গাড়ীখন সুমুৱাই দি আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিংত ৰখালে।
: বাহিৰতে নমাই দিলেই হ’লহেঁতেন, এনিৱে, বহুত ধন্যবাদ৷
মানুহজনে ক’লে৷
দত্তই ক’লে,
: বলক, আপোনাৰ সমস্যাৰ সমাধান কৰি দিওঁ৷ মোৰ তেজৰ গ্ৰুপ AB+৷ ব্লাড বেংক আছে নহয় ইয়াত?
মানুহজনে ভেবা লাগি চাই ক’লে,
: কি বুলি কম আপোনাক, কেনেকৈ ধন্যবাদ দিম?
এইখন নাৰ্চিংহোমতেই কাম কৰে চিকিৎসক বেবলিনা৷ এসময়ৰ ভাল চিনাকি, বান্ধৱীয়েই আৰু! দত্তই বেলিনাক ফোন কৰি ল’লে। পৰীক্ষা-নিৰীক্ষা, ব্লাড সংগ্ৰহ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ হ’ল।
দত্তই মোবাইল বন্ধ কৰি লৈ প্ৰক্ৰিয়া সমাপ্তিৰ পিছত অ’ আৰ এছ দুটা পি লৈ বহিছেহি মাথোন। মানুহজনে ইতিমধ্যে পত্নীৰ দুবাৰমান খবৰ ল’লেই। মানুহজনে দত্তক ৰোগীৰ ওচৰলৈ নিবলৈ বহুবাৰ অনুৰোধ কৰাত দত্ত মান্তি হ’ল।
দুঘণ্টা আগত গাড়ীৰ লিফ্ট বিচৰা মানুহজন যেন দত্তৰ বহুত ভাল চিনাকি। দত্তই মানুহজনৰ নাম সোধা নাই৷ নিজৰো কোৱা নাই। মানুহজনে নিজেই দাস বুলিলেই হ’ব বুলি কৈছে।
দুয়ো লিফ্টৰ বাবে ৰৈছে…
বেবলিনাৰ সৈতে ঘটনা এটা মনত পৰি দত্তৰ হাঁহি উঠিল। লাষ্ট ইয়েৰৰ কথা। হোষ্টেলৰ ৱালমেট ৰঞ্জনৰ পক্স ওলাইছে৷ সেই সময়ত বেবলিনাৰ স’তে ৰঞ্জনৰ প্ৰেম তুংগত। কিবা কিবি বজাৰ কৰিবলৈ বেবলিনা গৈছিল পাণবজাৰ-ফাঁচীবজাৰলৈ। ৰঞ্জনে লগত দত্তক পঠিয়াইছিল বডি গাৰ্ড সজাই। পাণবজাৰৰ বেকাৰীৰ সন্মুখত দুয়ো বহুবাৰ ঘূৰাঘূৰি কৰিবলগীয়া হৈছিল। চাৰিটা চকুৱে দুয়োকে নিৰীক্ষণ কৰি থকা বুলি দত্তই পিছতহে দেখা পাইছিল। সেয়া আছিল পদ্মজা আৰু পদ্মজাৰ দেউতাক। দত্তৰ নিবিড় সম্পৰ্ক আছিল পদ্মজাৰ সৈতে। পদ্মজাৰ ঘৰখনৰ লগতো ভাল সম্পৰ্ক আছিল দত্তৰ৷ সৰু চহৰখনত কল পকিলেও গোন্ধ পোৱাৰ দৰে সিহঁতৰ কথাও হয়তো চুবুৰীৰ সন্ধিয়া চাকি বন্তি জ্বলোৱাৰ আগতে হোৱা মহিলাৰ আলাপ অনুষ্ঠানত উত্থাপন হৈছিল। বন্ধত ঘৰলৈ গ’লে সমনীয়াবোৰে পদ্মজাক জোকোৱা দেখিলে দত্তৰো লাজ লাগিছিল।
পদ্মজাই কিবা কামত দেউতাকৰ লগত সেইদিনা পাণবজাৰলৈ গৈছিল। পদ্মজাই দেউতাকৰ সৈতে দত্তৰ খবৰ ল’বলৈ হোষ্টেললৈ গৈছিল। হোষ্টেলত দত্তক নাপাই উভতি আহি পাণবজাৰ পোৱাৰ পিছত অনাকাংক্ষিতভাৱে লগ পাইছিল দত্তক৷ খং-অভিমানত দহিছিল পদ্মজা৷ দত্তই পদ্মজাক চিনাকি কৰি দিছিল বেবলিনাৰ সৈতে৷ কিন্তু পদ্মজাই বিশ্বাস কৰিব পৰা নাছিল। পিছতো কথাবোৰ বুজাবলৈ দত্তই বহু চেষ্টা কৰিছিল৷ কিন্তু পদ্মজাৰ মনত বাহ লোৱা অবিশ্বাস আঁতৰি নগ’ল৷
কথাবোৰ ভাবি থাকোঁতেই লিফ্টৰ পৰা ওলাই দুয়ো খোজ কাঢ়ি কেতিয়া কেবিনত সোমালে দত্তই ধৰিবই নোৱাৰিলে। বিছনাত এগৰাকী ৰোগী। দাসে চিনাকি কৰি দিলে,
: এয়া মোৰ শ্ৰীমতী।
নাৰ্ছে তেজৰ বেগ, চেলাইন আদি আনি থৈ ঔষধ এসোপা আনিবলৈ দাসক পঠিয়াই দিলে।
শেঁতা পৰিলেও পদ্মজাক চিনি পোৱাত দত্তৰ সময় লাগে? কিন্তু কেবিনটোৰ বিছনাত শুই থকা পদ্মজা? তেওঁ আচৰিত হোৱাটো স্বাভাৱিক। পদ্মজাৰ মুখেৰে ওলাই আহিল,
: দত্ত দা?
দত্তই পদ্মজাৰ কাষ চাপি ক’লে,
: অতি সোনকালে আৰোগ্য হ’বা, চিন্তা কৰিব নালাগে৷
চকু দুটা মোহাৰি পদ্মজাই ক’লে,
: বৌৱে মোৰ চিকিৎসা কৰি আছে। বৌ মানে ডা° বেবলিনা! মই চিনাকি দিয়া নাই৷ সৌ তাহানিতে পাণবজাৰত লগ পোৱা কথাটো পাহৰিছে হ’বলা৷ আপোনাৰ ভালনে?
খন্তেক ৰৈ পদ্মজাই পুনৰ ক’লে,
: কিন্তু মই ইয়াত থকা বুলি আপুনি কেনেকৈ গম পালে?
ৰক্তদান কৰা বুলি জানিলে পদ্মজাই খঙতে গ্ৰহণ নকৰা হ’লে কথা বিষম হ’ব পাৰে বুলি দত্তই সেইবিষয়ে একো নক’লে৷
কিছু সময় ৰৈ দত্তই লাহৈকৈ ক’লে,
: প্ৰথম কথা, ভগবানে মোক মাতি আনিলে৷ দ্বিতীয়তে, তাহানিতেও বেবলিনা মোৰ বন্ধু ৰঞ্জনৰে গাৰ্লফ্ৰেণ্ড আছিলে আৰু আজিও তেওঁৰেই পত্নী। চকুৰে দেখাও সকলো কথা সচাঁ নহয়, আভৰণ দেখি অন্তৰ বুজিব নোৱাৰি।
স্তম্ভিত পদ্মজা কিছু সময় বাকহীন হৈ পৰিল৷ তাৰ পিছত বিছনা চুই থকা দত্তৰ হাতখন দুৰ্বলভাবে খামুচি পদ্মজাই ক’লে,
: মোক ক্ষমা কৰি দিব দত্ত দা, ক্ষমা কৰি দিব৷
পদ্মজাৰ দুচকু পানীৰে ভৰি পৰিল৷ এনে সময়তে বেগাবেগিকৈ ঔষধ লৈ দাস সোমাই আহিল৷
পিছে পিছে দুজনীমান নাৰ্চৰ সৈতে ডা° বেবলিনা সোমাই আহিল।
: তুমি ইয়াত?
দত্তক দেখি বেবলিনাই কৈ উঠিল৷
দত্তই বেবলিনাক কাণে কাণে ক’লে,
: মৰতী, এয়া মোৰ এক্স গাৰ্লফ্ৰেণ্ড, স্কুলীয়া কালৰ পৰা মানে প্ৰাচীনৰ পৰা মধ্য যুগলৈ কিমানযোৰ চপ্পল ক্ষয় কৰিছিলোঁ জানা? তোমাৰ বাবেই ব্ৰেকআপ হৈছিল৷
দা বেটল অফ পাণবজাৰ ডিউ টু ফল্ট্ অফ আইছ!
☆ ★ ☆ ★ ☆