ফটাঢোল

দেদাই- শৰৎ মহন্ত

‘দেদাই’ এটা আপুৰুগীয়া শব্দ।

‘ভলৌ দেদাই’

আটিল দেহ, বৰণ কিচকিচীয়া কলা নহয় যদিও মিঠা বৰণীয়াও নহয়, ঠিক মাজতে। এক নিপোটল চেহেৰাৰে আমাৰ গাঁৱৰ শ্ৰেষ্ঠ খেতিয়ক। তেওঁৰ আৰু এটা নাম আছে, ‘মহাজন’৷ পুৱা চাৰিটা বজাতে হাললৈ যোৱা, পথাৰতে এপেট ভাত মাৰা, এইজন এলাপেচা লোক নহয়। মহৰ হাল, দিনৰ এক বজালৈকে! একো নাই, চহাবলৈ থকা মাটিখিনি শেষ কৰিহে তেওঁ হাল খুলিব।

“নৰকত চাউল সিজাই খোৱাহঁত, কুকুৰৰ ছাল টানি টানি খোৱাহঁত, জহৰা হঁত…”

ভিতৰৰ পঢ়া টেবুলৰ পৰা কান উনাই শুনিলোঁ। বন্দুকৰ গুলীৰ দৰে শব্দবোৰ ভলৌ দদাইৰ। আমাৰ পদুলিতে ৰৈ আমাৰ ফালে ফালে চাই চাই এইহেন গালিৰ বৰষুণ। দেদায়ে সীমাৰ জেউৰা দিছে নতুনকৈ। আবেলি জব্বৰ কামলাৰ হতুৱাই জেউৰাৰ ভগা চিগা খুটিবোৰ আৰু কামীবোৰ আমাৰ ঘৰৰ ফালে দলিয়াই দি ক’ব,

: ঐ অকণি (আমাৰ খুড়া), এইবোৰ লৈ যা। তামোল এখন চকলিয়াই আন। ওলা বজাৰৰ পৰা আহোঁ।

হে হৰি, এই ভাগ কি জীৱ! গালিৰ বৰষুণৰ পাছত যেন এধাৰ মলয়া বতাহ। কৃষ্ণ, কৃষ্ণ।

আমাৰ অকণি দেদাই, মানে মোৰ খুড়া আকৌ গজাৰ সেৱক। মানে প্ৰিয় মিঠাই গজা। বৰবজাৰলৈ চাৰি মাইল বাট। দুয়োৰে পদযাত্ৰা।

: অথনি গালি পাৰিলোঁ, বেয়া পালি?

সেয়া ভলৌ দেদাই।

: থ থ, তই (অশ্লীল) এনেকৈ কৱনে?

সেয়া অকণি দেদাই।

বজাৰৰ পোহাৰীৰ পৰা দুয়ো দুটাকৈ বাট মাছ, ভাল কলা চেধা, এমুঠি এমুঠিকৈ বান্দৰ বিড়ি লয়। লগত হোকা খোৱা কলা ধপাত। একোটাকৈ গোট পুৰণি ৰঙালাউ, মাটি দালি দুসেৰ, নিমখ চাৰিসেৰ, দুগেলেন কেৰাচিন তেল মণ্ডলৰ দোকানৰ পৰা লৈ দুয়ো এইবাৰ সোমায় আনন্দ ভাণ্ডাৰত। বিখ্যাত মিঠাইৰ দোকান।

: ঐ পোৱালি চাৰিটা গজা, দুকাপ স্পেচিয়োল চাহ।

আপোন পাহৰা হৈ উদৰ পুৰাই আকৌ ঘৰলৈ গমন।বজাৰৰ খোলাখন মহৰ লাখুটি দি ওলোমাই মুখত বান্দৰ বিড়ি হুপি হুপি দুয়ো ঘৰ পাব।

‘পাল্লা দেদাই’

চাৰে চাৰি ফুটীয়া। আগফলাৰ দাঁতবোৰ নাই।মহাদেউৰ পৰম ভক্ত। সৰু জোলোঙা এটা থাকেই, মহাদেউক সৰ্পই মেৰিয়াই ৰখাৰ দৰে। প্ৰসাদভাগ বনাই খাবও জানে, খুৱাবও জানে বাবে তেৰাৰ ভক্তও বহুত। ভোলানাথ! ওঁঠ চেলেকি চেলেকি হাঁহিয়েই থাকে ফেলফেলাই। মিচিকিয়া হাঁহি ঠিক প্ৰভুৰ দৰে। বৰগছ জোপাৰ তলতে দেদাইৰ পদুলিৰ ওচৰতে মহাজন, ভলৌ দেদাইৰ কুঁহিয়াৰ শাল। জব্বৰহঁতে মহেৰে শালত কুঁহিয়াৰ পেৰে। দুই দেদায়ে বাঁহ গছ জোপাৰ তলৰ উই হাফলুটোৰ কাষতে জালিগাতত মিঠে পগাই। পাল্লা দেদাইয়ে জুই মাৰে গাতত, ভলৌ দেদায়ে ঘুটনিৰে মিঠৈ ঘুটে। ফুৰফুৰিয়া গোন্ধ এটা বাহিৰ হয় যেতিয়া মিঠৈ নমাবৰ হয়। গাঁৱৰ এল পি স্কুলৰ পানী খোৱা ছুটীৰ লগে লগে আমিবোৰ ল’ৰা ছোৱালীয়ে বাঁহতলি দুফাল কৰি বাঁহৰ শুকান বখোৱা বিছাৰি তালফাল। “মিঠে পকিছে, হৈ গ’ল, বল, বল।”

: আহিলিহঁত, জহনী যোৱাহঁত ৰহ।

ভলৌ দেদাইৰ হুটা মাত।
শাৰী পাতি আমিবোৰে পাল্লা দেদাইৰ মুখলৈ চাই চাই ওঁঠ চেলেকি চেলেকি নয়নভৰি গৰম মিঠৈৰ ফালে চাই থাকোঁতেই ভলৌ দেদাইৰ আদেশ,

: ল হঁত।

এবাৰ ঘুটনি ডাল লৰাই মিঠৈ সকলোকে দিয়ে। আমি তৃপ্তিৰে খাওঁতে লেকেটা মিঠৈ থুতৰিত লাগে। জিভাখনেৰে চেলেকি চেলেকি স্কুলৰ দমকলটো ঘেটেলেং ঘেটেলেং কৈ মাৰি কেবা চলু পানী খাই পেট শকত কৰি শ্ৰেণীত সোমাওঁ। মধ্যাহ্ন ভোজন ভলৌ দেদাইৰ পৰা পাওঁ। ঠিক আজিৰ সৰ্ব শিক্ষাৰ দৰে।

“ধৰণী দেদাই”

গাহৰিৰ দৰে মুখখন জোঙা, হেন্দেল মাৰি ষ্টাৰ্ট কৰিব লগা বাছ এখনৰ ড্ৰাইভাৰ। গাঁৱতে ৰাখে কেতিয়াবা কেতিয়াবা। পথালি বেঞ্চৰ দৰে ছীটৰ, আপাৰ লৱাৰ শ্ৰেণী থকা বাছ। ঠাণ্ডা দিনত ইঞ্জিন বহি যায়, দেদাইয়ে পুতেকৰ সৈতে মিলি জুই দি দি ইঞ্জিন গৰম কৰে।নগাঁও চহৰৰ প্ৰায় মানুহে ধৰণী ড্ৰাইভাৰক চিনে।কামপুৰলৈ চলে বাছখন৷ ভাড়া তেতিয়াৰ দিনত এটকা নে দুটকা।

: ধৰণী ড্ৰাইভাৰ মই, গলা চিঙি দিম বাপ্পেকে৷

আমি বুজি যাওঁ, দেদাই ফিটিং। গাঁৱৰ ৰাস্তা ফালি আহিছে, ইফালে এবাৰ সিফালে এবাৰ। চাৰিআলিতেই বচন আৰম্ভ হৈ গাঁৱত প্ৰবেশ। ঠিক ভাওনাৰ দৰে

“ধিনদাওং….মণিকুট”

দেদাইৰ দেদাওৰি দুগুণে চৰে। আমাৰ ঘৰবোৰত সকলোৰে এটাই কথা, ধৰণী দেদাই ফিটিং হৈ আহিছে।

“ঐৰে দুঃশাসন, তোহাক হামু চাৰব নাহি”

মুখেৰে ভাওনাৰ বচন। মাজে মাজে বিলাপ। কান্দোন।

“কৈক গৈলা মোক এৰি…..”

এৰা কিমান যে দেদাই!

চাকৰি পালোঁ। এদিন ধৰণী দেদাইয়ে বাটতে পাই ক’লে,

: ঐ চাকৰি পালি, একো নোখোৱালি?

ঘৰলৈ গৈ টকা এশ হাতত দি ক’লোঁ,

: ভাল বস্তু অকণ খাওক, কিমান গেলাসোপা খাব আৰু?

: ধেই নালাগে, মোক বিশ টকা এটা দিলেই হৈ যাব।বেছি নাখাওঁ নহয় আজিকালি।

বুকুখন বিষায় কেতিয়াবা কেতিয়াবা এই দেদাইবোৰৰ কথা ভাবি। গাঁৱৰ ল’ৰা গাঁৱতেই ডাঙৰ হৈছোঁ। ইমান সঁচা মৰম, নিভাজ প্ৰীতি! উদাৰ মনৰ দেদাইবোৰৰ কথা ভাবি সোঁৱৰণ কৰোঁ তেওঁলোকৰ নিৰ্ভেজাল মুখবোৰক।

: দেদাইহঁত ঔ, য’তেই আছ শান্তিত থাক, ইয়াত এতিয়া বৰ অশান্তি।

☆ ★ ☆ ★ ☆

One comment

  • নীহাৰিকা শইকীয়া

    সামৰণিযে অন্তৰাত্মা চুই গল। ভাল লাগিব। আকৌ পঢিম অহা সংখ্যাত।সেই আশাৰে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *