ফেচবুকৰ চাইড এফেক্ট- মধুমিতা বৰুৱা শইকীয়া
ভাগিনজনীয়ে বহুত দিনৰ আগতেই কৈছিল, ধুনীয়া হৈ আছা যদিও মুখখনত অলপ দাগ পৰিছে তোমাৰ। গতিকে শীঘ্ৰে যত্ন লোৱা। এটা দৰবৰ নামো দিলে তাই লিখি। দৰবটো মুখত লগাব লাগে। নামটো Cutie glow!
তেতিয়াও খেয়াল নাছিল মোৰ। ইমানদিনে মই ফাৰ্মাচীত cutie pie কে বিচাৰি ফুৰিছিলোঁ। হঠাৎ ফাৰ্মাচীৰ ল’ৰাকেইজনে ইজনে সিজনলৈ মুখ টিপি হাঁহোতেহে মনত পৰিল মোৰ। ধেৎ ঔষধৰ নাম cutie glow হে। আচলে, সৰুতে খুব সাধু শুনাৰে প্ৰভাৱ চাগে! সেই যে, নোমল গুচি নেমেল হৈছিল, কথা একেই আৰু…
ফেচবুক পঢ়োঁতে পঢ়োঁতে কেইটামান শব্দ মূৰত বহি গৈছে, যেনে- stay blessed, have a nice day, darloo, wow, awesome, love u dear ইত্যাদি। তাৰে এটা cutie pie!
কথা প্ৰসংগত উল্লেখ কৰোঁ আৰু এটা কথা। ছোৱালী তেতিয়া কটনত পঢ়ি আছে। তাইলৈ ফোন কৰিলোঁ, আমি এফালে যাওঁ সোনকালে কলেজৰ পৰা আহি যা। তাই উত্তৰ দিলে, ‘yup ma.’
মোৰ মূৰ গৰম হৈ গ’ল, তাই মোক চুপ ক’বলৈ সাহস কৰিছে। আহক আজি, পাহৰি নোযোৱাকৈ শিক্ষা দিম।
তাই অহাৰ লগে লগে বিচাৰ আৰম্ভ কৰিলোঁ। তাই ক’লে তোক মই য়াপ বুলিহে কৈছিলোঁ। য়াপ মানে চুপ নহয় অ’। yup মানে হয় হ’ব বাৰু অ’।
খা ভাত সুখৰে।
আজিকালি মই সকলো জানো yo, yup etc etc…
7:33 pm
হাঃ হাঃ, এতিয়া আমাৰ মুখৰ ভাষাও সলনি হৈছে। সময়ে আমাকো সলনি হ’বলৈ বাধ্য কৰাইছে। ভাল লাগিল।