হেভী দুখ- খনিন্দ্ৰ ভূষণ মহন্ত
উপলক্ষ : সদৌ অসম মইনা পাৰিজাতৰ বার্ষিক সমাৰোহ।
নিজৰ সময়ত সক্রিয় ‘মইনা’ হোৱাৰ সুবাদতে হয়তো সুবিধাটো আহিছিল। হাতত এসপ্তাহ বন্ধ লৈ আগদিনা আহি ঘৰ সোমাইছিলোঁহিহে, তেনেতে ওচৰৰ খুড়া এজনে আহি দেউতাৰ সন্মুখত প্রস্তাৱটো ৰাখিছিল। আমাৰ মইনা পাৰিজাতৰ পৰিচালক হৈ যোৰহাটলৈ যাব লাগে। আচলতে সেইটো প্রস্তাৱ কম, পাকে-প্রকাৰে ‘তয়েই যাব লাগিব’ জাতীয় আদেশহে বুলিব পাৰি। দেউতাই অলপ হেঁহো-নেহো কৰিছিল যদিও যোৰহাটৰ নাম শুনিয়েই মোৰ ঠেং দাং খালেই নহয়। আৰে নাখাব কিয়? আজিৰ এই মইটোক ভাঙি-পিটি গঢ়াৰ গোটেই সময়খিনিৰ সাক্ষী হৈ আছে যোৰহাট। গতিকে আগ-পিছ নাভাবি “ঠিক আছে। মই যাম বাৰু।” বুলি কৈ খুড়াক আশ্বাস দি পঠিয়াই দিলোঁ।
পাছ দিনা পুৱা দহ বজাত পুথিভঁড়ালত যাবলগীয়া ‘মইনা’খিনি আৰু তেওঁলোকৰ অভিভাৱকৰ লগত যাত্রা আৰু তাত থকা-মেলাৰ যাৱতীয় সা-সুবিধা সম্পর্কে এক আলোচনা কৰা হ’ল। লগত মই যাম বুলি গম পাই মইনাকেইটাৰ কি ফূর্তি! এনেও মই বৰ মৰম কৰোঁ সিহঁতক। সেইটোও এটা কাৰক বাৰু।
নির্ধাৰিত দিনটোত দহজন মইনাৰ সৈতে মই আৰু বা এগৰাকী যোৰহাট পালোঁগৈ। পঞ্জীয়ন কক্ষত নাম অন্তর্ভুক্ত কৰাৰ পাছতে আমাক আমাৰ বয়-বস্তুবোৰ থোৱাৰ নির্দিষ্ট কোঠা এটালৈ লৈ গ’ল। ইতিমধ্যে তাত দুটা আন মইনা পাৰিজাত আছে। আমাৰ বস্তুবোৰ থান-থিত লগাই আজৰি হৈ ল’লোঁ। আবেলিৰ পৰা সমাৰোহৰ কার্যসূচী আৰম্ভ হ’ব। মই ইহঁতক এঠাইত ৰ’বলৈ কৈ অলপ গম-গতি লওঁ বুলি ওলাই আহিলোঁ। এনেতে অন্য এটা মইনা পাৰিজাতৰ পৰিচালিকা (পৰিচয় পত্র ওলমি থকা দেখি চিনি পাইছোঁ) এগৰাকীয়ে মাত দিলে।
: Excuse me, এই Registration Counterটো কোনফালে আছে জানে নেকি?
ঢৌ খেলা চুলিৰে, হাঁহিমুখীয়া ছোৱালী এজনীৰ চকুৰ চাৱনীৰ তীক্ষ্ণ বিজুলীয়ে মোৰ কপহুৱা কলিজাত তোল-পাৰ লগোৱা সময় আছিল সেয়া। সেই চিনেমা, উপন্যাসত যে থাকে, ‘Love at first sight’, কথাটো ঠিক তেনেকুৱাই। কিছু সময় আগতে গৈ অহা বাবে চিনি নোপোৱাৰ কথাই নাই। তাতে এই চিৎ-পখিলী হেন ছোৱালীজনীয়ে ঠিকনা সুধিছে যেতিয়া, নাজানিলেও বিচাৰি-খোচাৰি উলিয়ালোঁহেঁতেন। লগত আন এগৰাকী পৰিচালিকা আহিছে যদিও কামত বৰ এটা ওস্তাদ যেন নালাগিল। নহ’লেনো, সোমায়েই বেলেগৰ সহায় ল’ব লগা হয়নে?
তেওঁলোক নিজৰ কামত ব্যস্ত হ’ল, ময়ো বেলেগ ফাললৈ গ’লোঁ। ঈশ্বৰৰো কি লীলা, দুপৰীয়াৰ আহাৰ গ্রহণ কৰি আহি দেখিছোঁ, তেওঁলোকৰে আমাৰে থকাৰ ঠাই একেটা কোঠাই (Hall)! লগে-লগে ক্ষীণ হাঁহি এটা মোৰ ওঁঠৰ দুই কাষে বিয়পি পৰিল। ‘দাল খাকে মূর্গী কাহা যায়েগা’ টাইপ ফীল এটা দি ওচৰ চাপি গ’লোঁ।
: তোমালোক কোন ঠাইৰ? তুমি বুলি কৈছোঁ দেই। এনেও বয়সত সৰু হ’বা।
: আমি ইয়াৰে। আপোনালোক?
: আমি কলিয়াবৰ, নগাঁৱৰ।
………………
যোৰহাট বুলি কোৱাৰ লগে-লগে মই মোৰ বকলা মেলিলোঁ। তেওঁৰ লগত থকাগৰাকীয়েও আমাক লগ দিলেহি। কম সময়তে কোঠাটোত বলি থকা গোমা বতাহখিনি কেনিবা হেৰাই গৈছিল। তাৰ ঠাইত কৃষ্ণচূড়াৰ ৰঙীন মায়াই আৱৰি ধৰিছিল।
আবেলিলৈ সাংস্কৃতিক বিভাগৰ প্রতিযোগিতাবোৰ আৰম্ভ হৈছিল। আমাৰ অংশগ্রহণকাৰী দলটোৰ সৈতে বাকীখিনি আজৰি হৈ ফটো তোলাত লাগিছে। তেনেতে যোৰহাটৰ দলটোও যাবলৈ সাজু হৈছে। আমাৰ আনগৰাকী পৰিচালিকাই তেওঁলোককো ফটো উঠিবৰ বাবে মাতিলে। তেওঁলোকৰ পৰিচলিকাদ্বয়ে প্রথমে অলপ ইতঃস্ততবোধ কৰিছিল যদিও আমাৰ আমন্ত্রণক নেওচাও দিব নোৱাৰিলে। ফটো পর্ব সামৰি মূল প্রেক্ষাগৃহলৈ গৈ থকাৰ বাটত ফটোখিনি ‘ব্লু-টুথ’ত দিয়া-দি হ’ল। ফোন নম্বৰ খুজিম বুলিও খোজা নহ’ল। ওৰেটো বাটত সেই একেই কথা, “মই যোৰহাটত থাকোঁতে……।“ নাই, তাই আমনি পোৱা নাছিল। তাইৰ চকুত আমনিৰ একো ৰেশ নাছিল। ই মোৰ বাবে ইতিবাচক দিশ আছিল।
চাওঁতে-চাওঁতে সমাৰোহৰ তৃতীয় দিনটোৰ কার্যসূচী শেষ হৈছিল। অন্তিম দিনাৰ কার্যসূচী হিচাপে ৰৈ গৈছিল সাংস্কৃতিক শোভাযাত্রা আৰু পুৰস্কাৰ বিতৰণী। কোঠালৈ উভতি আহিয়েই সকলো মইনা পাৰিজাত পিছদিনাৰ অনুষ্ঠানৰ বাবে সাজু হৈছিল। মোৰ ভাগ্যোদয় হোৱাৰ সময় সেইটো। যোৰহাটৰ দলটোৱে ঠিক কৰি থোৱা ঠেলাৰ এখনত কিবা বিসংগতিয়ে দেখা দিছিল। মূৰা-মূৰি সময়ত কি কৰিব ভাবি তেওঁলোকৰ অৱস্থা কাঢ়িল। ইফালে চিনাকি কাৰোবাক জনাবলৈয়ো সেইদিনা নেটৱর্কে বিহু দেখুৱাই আছিল। এপাকত মোক কথাটো জনোৱাত মই ভাবিলোঁ, “বেটা, হিৰ’ হোৱাৰ চান্স পাইছ। লৈ ল।”
অলপ চিন্তা কৰি,
: ৰ’বাচোন, মই কিবা এটা কৰিম৷
বুলি আঁতৰি আহিলোঁ ঠিকেই, কিন্তু কৰিম কি ভাবি নাপালোঁ। তেনেতে হঠাৎ ‘ডিমাগ কি বট্টি’ জ্বলি গ’ল। আমি ঠিক কৰা ঠেলাৰ মালিককে খাটনি ধৰিলে কেনে হয়? কথা মতেই কাম। লগে-লগে ঠেলা হাজিৰ। হওঁতে ভাড়া অলপ বেছিকৈ দিব লগা হৈছিল বাৰু। শোভাযাত্রাত তেওঁলোকে প্রথম আৰু আমি দ্বিতীয় স্থান পাইছিলোঁ। পুৰস্কাৰ লৈ আহি থাকোঁতে তেওঁলোকৰ মুখৰ পৰা আমাৰ (মানে মোৰ) সহায়ৰ বাবে প্রশংসা নুগুচাই হৈছিল। ভালো লাগিছিল বাৰু।
পুৰস্কাৰৰ টোপোলা সামৰি হাঁহিবোৰ উৰি ফুৰিছিল। পিছে, বুকুত বিষাদৰ ক’লা ছাঁ। ভাল লাগিছিলহে তাইক। ভালকৈ কথাই পতা নহ’ল। সোধাও নহ’ল, “হেই, তোমাক ভাল পাই পেলাইছোঁ। তুমি সঁহাৰি জনাবানে?”
সোধা নহ’ল। বহু কথাই সোধা নহ’ল। মনৰ খবৰ দিয়াও নহ’ল। মাত্র যোৱাৰ আগে-আগে ফোন নম্বৰটোৰ আদান-প্রদান হ’ল। তাৰ পাছৰ কথাখিনি খৰতকীয়া। সপ্তাহৰ মূৰত পাঁচ মিনিট মানৰ বাবে এটা ফোন-কল, দুই-তিনি দিনৰ মূৰত ‘কি খবৰ?’, ‘ভালে আছা’ জাতীয় দুটামান মেচেজ। হ’লেও চলি আছিল। মাতষাৰ পাই আছিলোঁ। তেনেতে ঘটিল অঘটনটো। দৈব্য-দুর্বিপাকত ফোনটো হেৰাই থাকিল। নম্বৰবোৰো লগতে গ’ল। নতুন ফোন ল’লোঁ যদিও মোৰ আগৰ নম্বৰটো যে ল’ব পাৰি সেয়া নাজানিলোঁ। গতিকে…
কেইবাবছৰো পাৰ হ’ল। তেতিয়ালৈ মই তাইক ফেচবুকত চার্চ কৰি কৰি ভাগৰিছিলোঁ। হঠাতে সিদিনা দুপৰীয়া নটিফিকেচন আহিল। তাই ফ্রেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে। ‘এক্সেপ্ত’ নকৰাৰ কথাই নাই। তাৰ পাছত একাউণ্টটো চাই চকু কপালত। তাইৰ কপালত ৰঙাকৈ বেলি এটা জিলিকি আছিল। সেওঁতাত সেন্দূৰীয়া বাট এটা। কোলাতে প্রায় দুবছৰীয়া ল’ৰা এটা। সেইখিনি দেখি উদ্ভৱ হোৱা অনুভৱখিনি আখৰৰে অনুবাদ কৰিবলৈ মই অপাৰগ। মেচেঞ্জাৰত ‘টুং’কৈ হোৱা শব্দটোৱে মোক প্রকৃতিস্থ কৰিলে।
: ইমান দিনৰ মূৰত! কি খবৰ আপোনাৰ? বিয়াৰ নিমন্ত্রণ দিবলৈ ইমান ফোন কৰিলোঁ। আপোনাৰ নম্বৰটোত ফোন নালাগিল। সন্ধ্যা ফোন কৰিব। মোৰ নম্বৰ ৯১০১……
মেচেজটো ‘চিন’ কৰিলোঁ যদিও উত্তৰ দিয়া নাই। নিজকে এনে এটা বাক্য শুনিবৰ বাবে মানসিকভাৱে সাজু কৰিছোঁ, “কোৱা, মামা কোৱা……!”
☆ ★ ☆ ★ ☆
12:27 pm
ভাল লাগিল দেই।