ফটাঢোল

সময় বিভ্ৰাট- দীপাংকৰ ভট্টাচাৰ্য

গোটেই দিনটোৰ লৰা ঢপৰাৰ পাছত হৰিদ্বাৰৰ হোটেল “চানচিটিত”  মই আৰু মা টোপনিত লালকাল। প্ৰাপ্তি আৰু প্ৰশান্তিৰ নিদ্ৰাত মগ্ন হৈ থাকোতেই মোবাইলৰ মেছেজ ট’নটো বাজি উঠিল। সময় চালো, ৰাতিপুৱা ৫ বাজিছে। মেছেজটো দেখি আৰু সন্তোষ পালো। ৰাতিপুৱাৰ ৭ বজাৰ দিল্লীমুখী আমাৰ ট্ৰেইনখন লেট হৈ ৰাতিপুৱা ১০ বজাতহে যাব হেনো! বঢ়িয়া।

মাক ক’লোঁ, ‘শুই থাক, ট্ৰেইন লেট।” মা কিন্তু উঠিলেই। মই পিছে মোবাইলটো থৈ টোপনিৰ চিকুণ পুৱাটোক উপভোগ কৰিলোঁ।

হৰিদ্বাৰ জংচনত দিল্লীমুখী “জনশতাব্দী এক্সপ্ৰেছ”খন ডেৰাডুনৰপৰা আৰু আধাঘণ্টা পলমকৈ আহি পালে আৰু আমিও কিছু বিৰক্তিৰে নিজৰ নিজৰ আসন গ্ৰহণ কৰি নতুন দিল্লী ষ্টেচন অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। পিছে…

‘ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি’ (১)

ট্ৰেইনখন প্ৰায় ডেৰ ঘণ্টাৰ যাত্ৰা পাৰ কৰি এটা সৰু ষ্টেচনত আহি অস্বাভাৱিকভাৱে ৰৈ গ’ল। সকলো যাত্ৰীৰে উৎকণ্ঠা, কি হ’ল আকৌ? প্লেটফৰ্মৰ স্পীকাৰত বাজি উঠিল – ৰেলখনৰ যাত্ৰাপথ সলোৱা হৈছে। গতিকে ৰেলখন নিৰ্ধাৰিত সময়তকৈ তিনিঘণ্টা পলমকৈ চলি থকাৰ পাছতো আৰু তিনিঘণ্টা পলম হ’ব।

তাৰমানে আমি ভাবি থকা মতে দিনৰ ১২ বজাত পাবলগীয়া ৰেলখন গধূলি ৬ বজাত পাবগৈ!
ভোকে পিয়াহে গধূলি ৬-৩০ বজাত পাহাড়গঞ্জৰ হোটেলত উঠিলো। অলপ আৰাম কৰি ইণ্ডিয়া গেট চাবলৈ ওলালোঁ, কিন্তু ইণ্ডিয়া গেটৰপৰা সৰোজনী নগৰ মাৰ্কেটত বজাৰ কৰিবলৈ যাবলৈ ওলাওঁতেই দিল্লীৰ অৱতৰীয়া বৰষুণজাকৰ সন্মুখীন হ’লোঁ।

“ভাইয়া পাহাড়গঞ্জ, আলকাচা ৰ’ড। হোটেল নিকিতা” – অ’টো ড্ৰাইভাৰজনেও “শ’ ৰুপাইয়া দিজিয়েগা” বুলি অ’টো দবাই দিলে।

হোটেল পাই টোপনি গৈছিলোঁ। হোটেলৰ বেলকনিৰপৰা বাহিৰলৈ চালোঁ, বৰষুণ দিয়েই আছে। ঘড়ীত সময় ৯ বাজিছে। মায়ে একো নাখাওঁ বুলি ক’লে, গতিকে মই বাহিৰতে ৰুটি-ভাজি খাই ১০.৩০ বজাত বিচনাত উঠিলোঁ আৰু কাইলৈৰ কাৰ্যসূচীটো এবাৰ মনতে জুকিয়াই চালোঁ আৰু কাইলৈৰ আবেলিৰ উভতি যোৱা ফ্লাইটৰ টিকটটোত চকু ফুৰাই চালোঁ- “Indigo Airline T3 – Departure time 5.25 – Arrival time 8.25”

ঠিকেই আছে, কাইলৈৰ দিনটোত অন্তত লালকিল্লা চাই বজাৰত কিবা অলপ বজাৰ কৰিব পাৰিম। হঠাৎ ৰাতি ২ বজাত Indigo Airlines ৰপৰা এটা মেছেজ আহিল। টোপনিৰ জালত কি পঢ়িলো ধৰিবই নোৱাৰিলোঁ। পিছদিনা লালকিল্লা চাই পাহাড়গঞ্জৰ হোটেলৰপৰা দিনৰ দুই বজাত Ola এখন বুক কৰি এয়াৰপোৰ্টলৈ ৰাওনা হ’লো।
পিছে…

‘ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি (২)

ইন্দিৰা গান্ধী ইণ্টাৰনেচনেল এয়াৰপোৰ্ট Terminal no-3। Ola ড্ৰাইভাৰজনে চিঞৰি উঠিল, “ভাইয়্যা পেইছা”। মই ক’লোঁ, “Ola money”। দৌৰা-দৌৰি টেক্সিখনৰপৰা নামিলো আৰু D3 গেটখনৰ ফালে আগবাঢ়ি গ’লোঁ। ‘মা’ মোৰ পিছে পিছে। দুয়োজনৰে ID দুখন আৰু টিকেটটো CISF জোৱানজনলৈ আগবঢ়াই দিলোঁ “গুৱাহাটী যায়েংগে?” তেওঁ টিকেটটো পৰীক্ষা কৰি ‘মা’লৈ চাই সুধিলে। মায়ে উত্তৰ দিলে, “হাঁ হৰিদ্বাৰ চে আয়ে হেয় আৰু গুৱাহাটী জাইংগে”। CISF ৰ জোৱানজনে মিচিকিয়া হাঁহি মাৰি আমাক বাটটো এৰি দিলে। গোটেই terminalটো Indigoৰে আৰু প্ৰায় সকলো counterত দীঘলীয়া লাইন দেখিলো। সেয়েহে মই kiosk এটাৰ মুখত থিয় হৈ Boarding Pass উলিয়াবলৈ PNR নম্বৰটো কি’বৰ্ডত টাইপ কৰিলোঁ। নাই PNR Status দেখুওৱা নাই দেখোন! আকৌ এবাৰ চেক কৰি মাৰিলো, নাই একেই pop up, “Kindly check your PNR no.” ধেই!

কাউণ্টাৰৰ লাইনতে থিয় হ’লো। মোৰ সন্মুখৰ যাত্ৰী দুজনো গুৱাহাটী অভিমুখী, মই এনেয়ে সুধিলোঁ, আপোনালোকৰ ফ্লাইটৰ সময় কেতিয়া? উত্তৰত ক’লে, “পাঁচ বাজি পঁচিশ মিনিটত”। ঘড়ীটোলৈ চালো, ৩.৩০ বাজিছে। ঠিকে আছে। আমিও তেওঁলোকৰ পিছে পিছে ধীৰ গতিৰে কাউণ্টাৰ অভিমুখে আগবাঢ়িলোঁ। কাউণ্টাৰৰ সন্মুখত এজন জনজাতীয় চেহেৰাৰ ল’ৰা।

“ভাইটি মেৰে পাছ হলি গঙ্গাজল হে। লাগেজ মে দালো ইয়া হেণ্ডবেগ মে দালোঁ?” ল’ৰাজনে অলপ বেলেগ ধৰণে মোৰ ফালে চালে! তেওঁৰ ইতিমধ্যে আমাৰ টিকেটটোৰ PNR নিজৰ চিষ্টেমত মৰা হৈ গৈছে। মই আকৌ ক’লোঁ, “হেণ্ডবেগ মে ৰাখনে ছে আচ্ছা হ’তা”। সি উত্তৰত অসমীয়াতে ক’লে “দাদা অলপ ৰওকচোন, মই আহি আছোঁ”।

ল’ৰাটোৱে এইবাৰ মোৰ টিকট কপিটো লৈ তেওঁৰ মেনেজাৰৰ চিষ্টেমটোৰ সন্মুখলৈ গ’ল। মেনেজাৰৰ লগত দুই এক শব্দৰ আদান প্ৰদান কৰি ল’ৰাজন মোৰ ফালে দৌৰি আহিল। মই ভাবিলোঁ পৱিত্ৰ গঙ্গাজলে কিবা অপৱিত্ৰ ঘটনা ঘটোৱা নাইতো? ল’ৰাজনে বিষণ্ণ মনেৰে মোক ক’লে, “দাদা আপোনালোকৰ ফ্লাইট ৰাতিপুৱাই গুচি গ’ল, আপুনি counter no…. Rebook…” বাকীখিনি মোৰ কাণত নোসোমাল। টিকটৰ কপিটো হাতত লৈ আকৌ চকু ফুৰালোঁ। departure time ৰ তলত স্পষ্টকৈ লিখা আছে “5-25 2h”। আমি সহযাত্ৰী বুলি ভাবি থকা ছোৱালীজনীয়ে অতি বেছি অত্যুৎসাহী হৈ মোক ক’লে, “হয় Indigo ৰ দিল্লী গুৱাহাটী দুখন ফ্লাইট আছে এখন ৫:২৫ ত আৰু এখন ১৭:২৫ ত”। ময়ো বেঙা ধৰণৰ সেমেকা হাঁহি এটা মাৰি Rebook counter ৰ ফালে আগবাঢ়িলো। মায়ে সুধিলে “বাবা এতিয়া কি হ’ব? কাইলৈতো আমি গুৱাহাটী পাবই লাগিব।” মই ক’লোঁ, “একো নাই আহ। দিন বেয়া হ’লে কেতিয়াবা ৰাতিপুৱাও গধূলি হয় আৰু গধূলিয়েও পুৱাৰ নিচিনা ধলফাট দিয়ে।”

প্ৰায় দুগুণ দামেৰে দিল্লী-গুৱাহাটীৰ টিকট দুটা কাটি পেচেঞ্জাৰ হৈ ফ্লাইটখনত বহি বাহিৰলৈ চালো। বতৰ বেয়া, ঘড়ীত গধূলি ৫:৩০ বাজিছে, কিন্তু বাহিৰত সূৰ্যোদয়ৰ নিচিনা পৰিৱেশ!

☆ ★ ☆ ★ ☆

3 Comments

  • সঞ্জীব কুমাৰ ভট্টাচাৰ্য।

    এই ১৮ টা ২০ টা এইবোৰ সময়ৰ হিচাবটোৱেই সদায় খেলিমেলি লগাই।বঢ়িয়া লাগিল দাদা।

    Reply
    • Anonymous

      সচাকৈয়ে বৰ ভুগিলো

      Reply
  • Sikha Bordoloi

    মজ্জা লাগিল। মই যে পৰীক্ষা পাহৰাৰ ৰেকৰ্ডো আছে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *