পঞ্চপদী- হেমেন ডেকা
১.
অমল বৰ সহজ-সৰল
ৰং-ৰহইছত নয়ন সজল
গপ গপ কথন
দপ দপ চলন
ঘৰত হয় বনৰ বৰল!
২.
অভং বটলৰ তৰল
ৰঙত মন সৰল
নহয় গৰল
সৰগৰ জল
সচল তন হয় অচল৷
৩.
ৰংমহলৰ চমক
কথনত বৰ ধমক
নটৰ ৰংঢং
নৰগণৰ খং
নয়ন জলক-তবক৷
৪.
ৰং-উৎসৱৰ বতৰ
ৰমক-জমক চহৰ
জঠৰ পৱন
জলম বসন
গপচ ৰগৰৰ লহৰ৷
৫.
এক জৱৰজং জড়ভৰত
অনবৰত ঘটং মটং চ’কত
পথত খপজপ
বৰ উথপথপ
মৰণ হ’ল মদ-মঙহৰ খঁকত৷
৬.
অভয়ৰ এই জনম একদম সফল
মনত অনবৰত অজগৰসম বল
সহচৰ মইবৰ গপ
বগভকতৰ তপ-জপ
অখণ্ড ধনৰ বলত সময় জলমল৷
☆ ★ ☆ ★ ☆