ফটাঢোল

অভাৱেই আবিস্কাৰৰ মূল : মৃদুল নাথ

: মৰিলি নেকি ঐ তই?

দৰ্জাৰ ঢকঢকনিৰ মাজতে কাকতিদাৰ উষ্ম কণ্ঠস্বৰৰ প্ৰকোপত মই হঠাৎ সাৰ পাই গ’লোঁ। মবাইলটো চাই দেখিলোঁ ৰাতিপুৱা সাত বাজিছে, তাৰমানে মাত্ৰ পাঁচ ঘণ্টাহে শুবলৈ পালোঁ। যোৱা ৰাতি টিভিত চিনেমা এখন চাই থাকোঁতে ৰাতি ভালেখিনিয়ে হ’ল। সচৰাচৰ ৰাতিৰ সাঁজটো মই চাৰে ন মান বজাতে খাওঁ আৰু চাৰে দহ বজাত মোৰ নাসিকা গৰ্জন আৰম্ভ হয়। খোৱাৰ পিছতে যদি মই ভালপোৱা কিবা আন কাম আছে, সেয়া হৈছে শোৱা। বহুতকে কোৱা শুনোঁ, নিজৰ বিছনাখন নহ’লে হেনো টোপনি ভালকৈ নাহে, মোৰ বাবে পিছে সেইবিলাক গুৰুত্বহীন কথা। বিছনাখনৰ অৱস্থা যেনেকুৱাই নহওক কিয়, টোপনি মোৰ আহিবই। মই পিচে আঠুৱাখনহে তৰিবলৈ কষ্ট পাওঁ, সেয়া মোৰ দ্বাৰা কোনোপধ্যেই নহ’ব। আগতে হোষ্টেলত থাকোঁতেও মোৰ বিছনাৰ আঠুৱাখন সদায় জাগ্ৰত অৱস্থাত আছিল, আঠুৱাৰ চুক এটা দাঙি সাউতকৈ ভিতৰলৈ সোমাই গ’লেই হ’ল। বৰ্তমান আঠুৱা তৰাৰ সমস্যা নাই, খিৰীকিত নেট লগোৱা আছে, তাৰোপৰি ‘গুডনাইট’টোৱে সন্ধিয়াৰে পৰা গুড নাইট দিয়ে থাকে। তথাপি কেতিয়াবা কাণৰ কাষত দুই এটা মহে সংগীত জুৰিলে গাত অড’মছৰ প্ৰলেপ ঘহি লওঁ। মুঠতে আঠুৱা! ওহোঁ, নহ’ব।

খাই উঠি চিধাই বিছনাত পৰা হয়, অলপ সময় বাতৰিৰ হেডলাইনকেইটা চোৱাৰ পিছতে চকু দুটাই বিদ্ৰোহ ঘোষণা কৰি দিয়ে। কালি পিছে অলপ ব্যতিক্ৰম হ’ল, চিনেমাখন কিবা এটা ভাল লাগিল, চকু দুটা জোৰকৈ মেলি ধৰি হ’লেও চাই শেষ কৰা মানে ৰাতি দুটা বাজিল। পিছদিনা দেওবাৰ হোৱা বাবে সিমান এটা চিন্তা কৰিবলগীয়া নাছিল। দুপৰীয়া লৈকে শুই থাকিলেও আপত্তি কৰিবলৈ কোনো নাই যেতিয়া শুই শুই ভাগৰ নলগালৈকে ফস্তি মাৰি শুব পৰা যাব।

পিচে বাটত থকা কণা বিধিয়ে পালেতো আৰু উপায় নাই! ৰাতিপুৱা হঠাতে টোপনি ভাঙি গ’ল, দৰ্জাত কোনোবাই ভীষণভাবে আঘাত কৰি আছে। খপজপকৈ উঠি চকু দুটা মোহাৰি মবাইলটো চাই দেখোঁ যে সাত বাজিছে, আৰু মবাইলটোত কাকতি দাৰ দহটামান মিছ কল। এইবাৰ বাহিৰৰ পৰা আকৌ একেকেইটা শব্দ উৰি আহি মোৰ কাণত পৰিল,

: মৰিলি নেকি ঐ তই?

আৰু ৰ’ব নোৱাৰি, কাকতিদাৰ মাতষাৰ ইতিমধ্যে চিঞৰলৈ ৰূপান্তৰিত হৈছে, লগতে সম্বোধনটোও হৈ পৰিছে ‘তুমি’ ৰ পৰা ‘তই’। লৰালৰিকৈ উঠি গৈ দৰ্জাখন খুলি দিলোঁ।

: কি মানুহ হে তুমি, ইমান ফোন কৰি আছোঁ ৰাতিপুৱাৰে পৰা। খা খবৰ নাই।

খংটো বৰ এটা কমা নাই যদিও সম্বোধনটো আকৌ ‘তুমি’লৈ ঘূৰি আহিল।

: চৰী কাকতি দা, মবাইলটো চাইলেণ্ট কৰি থোৱা আছে, কালি ৰাতি শুওতে বহু দেৰি হ’ল, পিছে আপুনি কেতিয়া আহিল?

: পোন্ধৰ মিনিটৰ পৰা ঢকিয়াই আছোঁ।

: সেইটো সোধা নাই অ কাকতি দা, বাংগালোৰলৈ গৈছিল যে, কেতিয়া আহিল?

: হেঃ হেঃ হেঃ! কালি সন্ধিয়াই আহি পালোঁ, বৰ ভাগৰ লাগিছিল বাবে তোমাক নামাতিলোঁ। বহু লটিঘটি হ’ল হে বুজিছা এইবাৰ। তোমাক নোকোৱাকৈ শান্তি পোৱা নাই। ব’লা ব’লা আমাৰ তালৈকে ব’লা, বৌৱেৰাক চাহ বনাবলৈ কৈ থৈ আহিছোঁ।

হাঁহিটোৱে কয়, কাকতি দা বৰ্তমান একেবাৰে স্বাভাৱিক ৰূপত।

: কাকতি দা, মোক মাত্ৰ আধা ঘণ্টা দিয়ক, ফ্ৰেছ হৈ গৈ আছোঁ মই। আপুনি আগবাঢ়ক।

: বেছি দেৰি নকৰিবা, বৌৱেৰাই লুচি বনাই আছে। ঠাণ্ডা হ’লে লাভ নাই পিছত।

এয়া যে মোৰ বাবে টোপ, সেয়া খুব ভালদৰে উপলব্ধি কৰিব পাৰোঁ মই। আচলতে কাকতিদাই কথাখিনি মোক নোকোৱাকৈ যে শান্তি নাপায়, সেয়া মই ভালদৰে জানো। কাকতি দা আৰু মই একেটা কলনীৰে বাসিন্দা, মানুহজনৰ লগত বহু বেছি দিনৰ চিনাকি নহয় যদিও খুব কম সময়তে আমি একেটা পৰিয়ালৰে যেন হৈ পৰিছোঁ। ভ্ৰমণ বিলাসী কাকতি দাই অফিছৰ ইটো সিটো কামৰ বাবেই হওক বা নিজৰ কামেই হওক, প্ৰায়ে দেশখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰে। তেওঁৰ প্ৰতিটো ভ্ৰমণতে কিবা নহয় কিবা ৰোমাঞ্চকৰ ঘটনা এটা ঘটিবই। আৰু সেয়াকে ৰহণ সানি মোৰ আগত নোকোৱালৈকে মানুহজনৰ শান্তি নাই। ময়ো বেয়া নাপাওঁ, শ্ৰোতা হোৱাৰ সময়তে বৌৰ হাতৰ গৰম চাহ কাপৰ লগতে ইটো সিটো কিবা কিবি থাকেই। গৰম গৰম ফুলা লুচিৰ লগত ধোঁৱা ওলাই থকা চাহকাপ খাই কাকতিদাৰ লটিঘটিৰ কাহিনী শুনাৰ আমেজেই বেলেগ হ’ব। কি বা অথন্তৰ ঘটাই আহিছে এইবাৰ! কথাষাৰ কল্পনা কৰোঁতেই মোৰ টোপনি উৰি গ’ল। সোনকালে নিত্যকৰ্ম সমাপন কৰিবলৈ মই লৰালৰিকৈ বাথৰুমৰ ফালে আগবাঢ়িলোঁ। মোৰ চকুৰ আগত তেতিয়া বৌৱে ভাজি থকা ফুলা ফুলা লুচিকেইখন আৰু ধোঁৱা ওলাই থকা চাহ কাপ।

সাধাৰণতে নিত্যকৰ্ম সমাপন কৰি গা পা ধুই আজৰি হ’বলৈ মোক ভালেখিনিয়ে সময় লাগে। চকু দুটা মোহাৰি মোহাৰি গৈ কমোডটো কোনোমতে বিচাৰি লৈ তাৰ ওপৰত আৰামেৰে বহি লৈ আৰু পাঁচ-দহ মিনিট মান বৰশী বোৱাৰ পিছতহে মোৰ চকু দুটা ভালকৈ মেল খায়। আজিৰ কথাটো পিচে বেলেগ, মাত্ৰ পোন্ধৰ মিনিটতে কাৰ্য্য সমাপন হ’ল, কাৰণটো যে কাকতি দাৰ ঘৰত মোৰ বাবে ৰৈ থকা ফুলা লুচি কেইখন, সেয়া নক’লেও বুজাজনে বুজিছে।

কাকতি দাৰ ঘৰ পাই কলিং বেলটো বজাবলৈ লৈছোঁ, তেনেতে দৰ্জাখন খুলি দি কাকতি দাই ক’লে:

: দেৰি কৰিছাহে ডেকা ল’ৰা, আহা আহা।

কাকতিদাৰ মুখত সচৰাচৰ লাগি থকা হাঁহিটো। অলপ পিছতে বৌ সোমাই আহিল, চিৰপৰিচিত হাঁহিটোৰে বৌৱে মাত দিলে:

: আহিলা, ইমান দেৰি কৰিছা! পুৱাৰে পৰা মূৰটো চোবাই আছে এইজনে। তুমি আহিলা যেতিয়া এতিয়া তোমাৰ পাল।

এই হাঁহিটো মুখত লাগি নাথাকিলে দুয়োজনেই মোৰ বাবে অচিনাকি হৈ পৰে।

: বাৰু কাকতি দা, এতিয়া কওকচোন কি ইমান লটিঘটিখন ঘটিলে আপোনাৰ লগত। ৰাতিপুৱাৰে পৰা কৌতুহলৰ ভৰ মগজুৱে দাঙিব নোৱৰা অৱস্থা হৈ গৈছে।

সঁচা ক’বলৈ হ’লে মনত ভালকৈয়ে কৌতুহল জাগিছে, কাৰণ সাত ঘাটৰ চেঙেলী এই কাকতি জীৱনৰ বিভিন্ন ভাল বেয়া অভিজ্ঞতাৰে পুষ্ট। সেইজনাক কোনোবাই সহজে জব্দ কৰাটো মুঠেও উজু কাম নহয়। কিন্তু কাকতিদাৰ কথাৰ পৰাই বুজিছোঁ যে এইবাৰ নগুৰনাকতি অলপ হৈছে খাটাং। পিচে ঘটনাটো কি আৰু সেয়া কি পৰিস্থিতিত পৰি ঘটিল সেয়াহে আচল কথা, জানিব নোৱাৰিলে এই জীৱন বৃথা৷

: নতুন পৰিবেশ পৰিস্থিতি এটাৰ লগত নিজকে খাপ খুৱাবলৈ আমাক সকলোকে কিছু সময় লাগে। নিজৰ আগ্ৰহ থাকিলে শিকিবলৈ বেছি সময় নালাগে। কিন্তু কেতিয়াবা পৰিস্থিতি এনেকুৱা হয় যে আগ্ৰহ নাথাকিলেও আমি নতুন পৰিবেশ এটাক আকোঁৱালি ল’বলৈ বাধ্য হৈ পৰোঁ। কিন্তু বিপদ তেতিয়া আহে যেতিয়া তেনে পৰিস্থিতিত খাপ খাবলৈ খুব কম সময় পোৱা যায়।

কাকতিদাৰ তত্ব গধুৰ ভাষণ শুনি মোৰ মেলা মুখ মেল খায়েই থাকিল। একো নুবুজি মই পাকঘৰৰ ফালে চালোঁ, কিজানি বৌৰ দৰ্শন পাওঁ। বৌ লগত থাকিলে কাকতিদাই সাধাৰণতে কথাবোৰ দীঘলীয়া নকৰে, আমনি পাই মুখতে কৈ দিয়ে, “হৈছে, হৈছে, তাতে ব্ৰেক মাৰক আৰু আচল পইণ্টলৈ ঘূৰি আহক।”

ডাঙৰ ট্ৰে এখনত তিনিখন প্লেটত ফুলা লুচি, কাষত মচমচীয়াকৈ ভজা আলু ভাজি, তিনিটা অমলেট আৰু তিনি কাপ চাহ লৈ বৌ আহি যেতিয়া আমাৰ সন্মুখত ৰৈ দিলে, সেয়া সাক্ষাৎ মা অন্নপূৰ্ণাৰ দৰ্শন পোৱা যেন লাগিল। ইমান সময় যে মনে প্ৰাণে তাকে বিচাৰি আছিলোঁ।

: খাই খাই শুনোঁ, নে কি কয় কাকতি দা!

: ঠিকেইতো, দেৰি কৰি লাভ নাই, শ্ৰী গনেশ কৰি দিয়া, নহ’লে ঠাণ্ডাই হ’ব।

লুচি এডোখৰ ছিঙি লৈ তাৰ মাজত আলুভাজি অলপ লৈ মুখত ভৰাই অলপ সময় চোবাই চোবাই কাকতি দাই তেওঁৰ কাহিনী আৰম্ভ কৰিলে।

: বাংগালোৰত তিনিদিনতে কামখিনি শেষ কৰিলোঁ, কমচে কম এসপ্তাহৰ কাম আছিলে বুজিছা।কোম্পানীয়ে দিলে বুলিয়ে আননেচেচেৰি দিয়ে, হোটেলৰ বিল কিয়নো মিছাতে বঢ়াওঁ, তুমিয়ে কোৱা। তাৰ পিছত বাহিৰে বাহিৰে পুনেলৈ যাব লাগে, তাতো অফিছৰ কাম। পিচে মই বেয়া পোৱা নাই, সুবিধা এটা পাইছোঁ যেতিয়া আমাৰ দিগন্তকো এবাৰ লগ ধৰি আহোঁগৈ। ভাবিলোঁ, আইৰো বাৰ্তা, লগতে গংগাৰো যাত্ৰা হওক।

: তাৰ পিছত।

কাকতিদাই সুবিধা পালেই দীঘলীয়া কৰিবলৈ নেৰে বাবে মই মাজে মাজে মাত দিবলগীয়া হয়।

: পিছদিনা ৰাতিপুৱা বাৰ বজাত ‘বাংগালোৰ-পুনে ফ্লাইট’। হোটেলৰ পৰা এয়াৰপোৰ্টলৈ প্ৰায় এঘণ্টাৰ ৰাস্তা। দেওবাৰ বুলি ট্ৰেফিক অলপ কম হ’ব যদিও ৰিস্ক ল’ব নোৱাৰি। গতিকে নটা বজাত গাড়ী ৰেডি কৰিবলৈ হোটেলৰ মেনেজাৰক আগদিনা ৰাতিয়ে কৈ থৈছিলোঁ। ৰাতিপুৱা আঠ বজাত সাৰ পাই টিকটটো ভালকৈ চাই দেখোঁ, সৰ্বনাশ!

কাকতি দাৰ কথাত চক খাই উঠিলোঁ। মনতে ভাবিলোঁ ছিয়ৰ সময়ৰ খেলিমেলি কৰিলে। তথাপি খু-দুৱনি মাৰিবলৈ সুধিলোঁ:

: কি হ’ল? সময় ভুলকৈ দেখা পালে নেকি?

: তাকে হে, দেখিলোঁ পুণেত লেণ্ডিং টাইম বাৰটা, বৰ্ডিং টাইম দহটা। মূৰত আকাশ ভাঙি পৰিল বুজিছা৷

: তাৰমানে আপুনি টিকটত ফ্লাইট টাইমিং চোৱাই নাছিলে? হে ভগৱান, আপুনিতো এনেকুৱা নাছিল আগতে, বয়স হৈছে আপোনাৰ। আৰু অকলে ঘূৰিবলৈ যাব দিব নোৱাৰি৷

এইবাৰ বৌয়ে মাত দিলে, বৌৰ মাতত শংকা স্পষ্ট।

: চাইছিলোঁ হে, সদায় চাওঁ, সেইদিনা ৰাতি শোৱাৰ সময়তো চাইছিলোঁ। পিচে চকু্ৱে ভুল দেখিলে, চশমা যোৰ পিন্ধি নাচালোঁ চাগৈ।

: ক’ত দেখিব শুদ্ধকৈ, গোটেই ৰাতি ৰঙীন হৈ আছিল চাগৈ?

বৌৰ মাতবোৰ ক্ৰমাত উষ্ণ হৈ গৈ আছে।

 : হেৰা, নহয়হে তেনেকুৱা। তিনিদিনকৈ অকলে হোটেলৰ কোঠাটোৰ ভিতৰতে থাকিলোঁ, এদিন যদি ডিস্ক’, বা নাইটক্লাবলৈ গৈ পালোঁ।

: হে হৰি, তাৰমানে তলে তলে লগৰী বিচাৰিবলৈ মন, ডিক্স’লৈ যোৱাহে মন৷ কালী গোঁসানীৰ ৰূপ ল’ম মই কৈ থলোঁ।

পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱা দেখি ময়ে মাত লগালোঁ:

: তাৰ পিছত কি হ’ল কাকতি দা?

: ভাগ্যে আগদিনা ৰাতিয়ে পেকিং কৰা আছিল বুজিছা; লগে লগে মেনেজাৰক ফোন কৰি তেতিয়াই গাড়ী এখন দিবলৈ ক’লোঁ, লগতে ক’লোঁ ভাল ড্ৰাইভাৰ হ’ব লাগিব, আধা ঘণ্টাৰ পৰা পঞ্চলিশ মিনিটত এয়াৰপোৰ্ট পাব লাগিব। চকু মুখত পানী মোহাৰি, গাৰ কাপোৰ সলাই একেলৰে লাগেজ লৈ দহ মিনিটত আহি ৰিচেপচন পালোঁ।

: তাৰ পিছত? ফ্লাইট মিছ তাৰমানে!

এইবাৰ বৌৰ মুখত কৌতুহলৰ চাপ।

: ধেই, তোমালোক তিৰোতাবিলাকে বৰ সোনকালে কনক্লুজন ড্ৰ’ কৰাহে। একতা কাপুৰৰ চিৰিয়েলৰ ডাইৰেক্ট প্ৰভাৱ এয়া।

: হেৰি, কি হ’ল নকয় কিয়? কিয়নো এনেই এনেই মাজত একতাজনীক লৈ আহে?

বৌৰ ধমক খাই কাকতি দা আকৌ আগৰ ঠাইলৈ ঘূৰি আহে। অমলেট এটুকুৰা মুখত ভৰাই ময়ো কলোঁ:

: হয়, হয় কাকতি দা, তাৰ পিছত কি হ’ল, সেইটো কওকচোন?

কাকতি দাই পুনৰ আৰম্ভ কৰিল:

: মেনেজাৰজনে গাড়ী এখন যোগাৰ কৰি দিলে, মোক ক’লে ব্ৰেকফাষ্টটো কৰি ল’বলৈ। ড্ৰাইভাৰজন হেনো ওস্তাদ, আধা ঘণ্টাত পোৱাই দিব, দেওবাৰে ট্ৰেফিক ক’ম থাকে। ইপিনে মোৰ ব্ৰেকফাষ্ট কৰিবলৈ মন নাই, কাৰণ ৰাতিপুৱা নিত্যকৰ্ম কৰিবলৈ সময় নহ’ল। হোটেলৰ ‘হেভি ব্ৰেকফাষ্ট’ খালে যে বাথৰুমলৈ এপাক যাবলৈ মগজুৱে দেহাটোক নিৰ্দেশ দিব, সেয়া মই প্ৰায় খাটাং। মেনেজাৰে জোৰ কৰা বাবে কিবাকিবি খালোঁ। খাই উঠি চিধা গাড়ীত বহি যাত্ৰা আৰম্ভ কৰিলোঁ। কিন্তু বিপদে জানো লগ এৰে ইমান সোনকালে! অলপ দূৰ গৈয়ে পেটত ভুটুক ভাটাক আৰম্ভ হ’ল। মনটোৱে মোক ঠিকেই বাধা দিছিল!

: ছেঃ! তাৰমানে ৰাস্তাত কৰবাত গাড়ী ৰখাব লগা হ’ল?

বৌৱে অলপো ‘চাচপেঞ্চ’ সহ্য কৰিব নোৱৰা হৈ গৈছে। কাকতি দাই খঙেৰে বৌৰ ফালে চালে আৰু মোৰ ফালে মুখখন ঘূৰাই ক’লে:

: ড্ৰাইভাৰক কলোঁ, ভাই আজি কুৰুক্ষেত্ৰৰ ৰণলৈ ওলাইছোঁ, এতিয়া মই অৰ্জ্জুন আৰু তুমি স্বয়ং শ্ৰীকৃষ্ণ মোৰ বাবে। যদি আধা ঘণ্টাত কুৰুক্ষেত্ৰ অৰ্থাৎ এয়াৰপোৰ্ট নাপাওঁ, মহাভাৰতৰ ইতিহাস, ভূগোল চব সলনি হৈ যাব। নাজানো তেওঁ কি বুজিলে, কিন্তু ভিতৰুৱা ৰাস্তা এটাৰে আমাৰ গাড়ী চেঁকুৰিবলৈ ধৰিলে। সঁচাকৈ সিদিনা ড্ৰাইভাৰজন মোৰ বাবে ভগৱানৰ অৱতাৰ হৈ আহিছিল, ভবাতকৈ বহু সোনকালে এয়াৰপোৰ্ট পাই গ’লোঁ। দৌৰাদৌৰিকৈ চিকিউৰিটি চেক কৰি চিধা দৌৰিছোঁ বাথৰূম বিচাৰি। ইফাল সিফাল চাওঁতে দেখা পালোঁ বাথৰূমটো। সিদিনা সেই মুহূৰ্তত বাথৰুমটো সন্মুখত দেখি হাতত স্বৰ্গ পোৱাদি পাইছিলোঁ।

কথাখিনি কৈ কাকতি দা অলপ সময় ৰ’ল, চকু দুটা মুদি ধ্যানমগ্ন হোৱাৰ দৰে হৈছে। হয়তো, চকু মুদি মনৰ চকুৰে দেখা পাইছে, কিদৰে সিদিনা স্বৰ্গৰ ভিতৰত স্বৰ্গদেউ হৈ কমোডৰূপী সিংহাসনত বহি আছিল।

: তাতে তাৰমানে কাহিনী শেষ, কিনো লটিঘটিটো হ’ল।এনেই হুলস্থূলখন কৰি চাচপেঞ্চত ৰাখিলে।

বৌৱে মনে বিচৰা পৰিসমাপ্তি নাপাই অসন্তুষ্টি প্ৰকাশ কৰিলে। তাকে দেখি কাকতিদাই ক’লে:

: ধেই, আচল লটিঘটিটো তাৰ পিছৰ পৰাহে আৰম্ভ হয়। বৰ অধৈৰ্যহে তোমালোক নাৰীসকল৷

: ঘূৰাই লওক শেষৰ বাক্যটো, সমগ্ৰ জাতিটোক লৈ এনেকুৱা মন্তব্য কোনোপধ্যেই মানি লোৱা নহ’ব।

বৌৰ হুংকাৰ দেখি মই মধ্যস্থতাকাৰীৰ ভাও ল’ব লগা হ’ল। পুনৰ চাঞ্চল্যৰ গোন্ধ পাই মই আথেবেথে সুধিলোঁ:

: কি কয়হে কাকতি দা, তাৰ পিছত কি হ’ল?

: বাথৰূমটোৰ সন্মুখত দীঘলীয়া শাৰী, ময়ো দেৰি নকৰি ততাতৈয়াকৈ লাইনত থিয় দিলোঁ। পেটটো মাজে মাজে খামোচ মাৰি ধৰে, মাজে মাজে এৰি দিয়ে। সৰুতে বিজ্ঞানত পঢ়ি শিকিছিলোঁ কিদৰে ‘এক্সপান্সন’  আৰু ‘কনট্ৰেক্টশ্বন’ৰ ফলত শিলো ক্ষয় যায়। আজি হাড়ে হিমজুৱে বুজিছোঁ। মোৰ পাল পৰাত লগে লগে বাথৰূমৰ ভিতৰত সোমাই শান্তিৰ নিশ্বাস এৰিলোঁ। কাম সমাধা হোৱাৰ পিছত নিজকে চাফা কৰিবলৈ খুজিহে বিপাঙত পৰিলোঁ। চাৰিওফালে চকু ফুৰাবলৈ ধৰিলোঁ, পানী ওলোৱাৰ বাবে একো সা-সৰঞ্জাম নাই। সাধাৰণতে বাথৰূমবোৰৰ ভিতৰত পানীৰ টেপ, পাইপ আৰু টিছ্যু পেপাৰ থাকে। ইয়াত টিছ্যু পেপাৰ নেদেখা নহয়, কিন্তু অমুকাহে সেইবিধ ব্যৱহাৰ কৰিবলৈ অপাৰগ। পানী ওলোৱা একো সৰঞ্জাম বিচাৰি নাপাই মোৰ মূৰ আচন্দ্ৰাই ধৰা যেন পালোঁ। ইপিনে দেৰি হোৱা দেখি এজনে বাহিৰৰ পৰা দৰ্জাত ঢকিয়াবলৈ ধৰিছে। সেই ফালেও নিশ্চয় ‘কনট্ৰেক্টশ্বন’-‘এক্সপান্সন’ৰ খেল। দৰ্জাৰ ঢকঢকনিৰ শব্দ বেছি হোৱা দেখি এয়াৰ কণ্ডিশ্বনড এয়াৰপোৰ্টৰ ভিতৰতো মই জ্বৰ  ঘমাদি ঘামিব ধৰিলোঁ।

কথাখিনি শুনি বৌ হাহাকাৰ কৰি উঠিল। মনৰ কৌতুহল দমাব নোৱাৰি বৌয়ে ক’লে:

: হে ঈশ্বৰ, তাৰ মানে আপুনি নুধুৱাকৈ….. ছিঃ ছিঃ….

: ধেই ৰ’বাহে, ইমান পেক পেক কৰা৷ কথাৰ মাজত। শুনা, তাৰ পিছত কি হ’ল। পানীৰ অভাৱে মোক জুৰুলা কৰিছে, মনতে ভাবিবলৈ ধৰিলোঁ, কিবা উপায় নিশ্চয় আছে যিটোৰ বিষয়ে মই সম্পূৰ্ণ অজ্ঞ। মগজু স্থিৰ কৰি সুক্ষ্ম ভাৱে চাৰিওফালে নিৰীক্ষণ কৰি থাকোঁতে হঠাত হাতৰ কাষত এটা সৰু কিবা এটাৰ ওপৰত চকু পৰিল, ভালকৈ চাই দেখিলোঁ সেইটো পকাই দিয়াৰ সুবিধা আছে। ইষ্ট দেৱতাক সুঁৱৰি অলপমান সেইটো পকাই দিলোঁ। লগে লগে তলফালে শীতল কিবা এটাৰ পৰশ অনুভৱ কৰোঁ, বুজিলোঁ সেয়া পানী। তাৰ পিছত সকলো ফৰকাল, পানীৰ আৰু অভাৱ নহ’ল, যি অভাৱৰ ফলত নতুন আৱিষ্কাৰ এটা কৰিব পৰা গ’ল, নতুন কিবা এটা শিকিব পৰা গ’ল।

: তাৰমানে আপুনি ধুব পাৰিলে? উহ প্ৰভু, ভাল ৰক্ষা কৰিলা এইবাৰলৈ।

চলচলীয়া চকুৰে বৌৱে কিছুসময় আকাশৰ পিনে চাই ৰ’ল। সচাঁকৈ এয়া এক নতুন পৰিবেশ, যাৰ লগত কাকতিদাৰ পৰিচয় ঘটিল। অলপ কষ্ট পালেও কাকতিদাই পৰিবেশটোৰ লগত খাপ খাই পৰিল, সাফল্যৰ মুখ দেখা পালে। সংগ্ৰামী কাকতি দা, লগতে অসীম ধৈৰ্য্য আৰু সহ্যৰ অধিকাৰী। এইবিলাক মানুহে অভাৱত কিবা এটা আৱিষ্কাৰ কৰি যি কোনো সংগ্ৰামত সাফল্যৰ মুখ দেখাটো স্বাভাৱিক। কিন্তু একেই পৰিস্থিতি কালি আন দুজনৰ লগতো হ’ব পাৰে, সেয়ে সজাগতাৰ দৰকাৰ আছে। লাহেকৈ কাকতিদাক ক’লোঁ:

: দাদা, যিমানে যি নহওক, এয়া নতুন চিষ্টেম আমাৰ বাবে, পৰিচয় হোৱা নাই এতিয়াও। কালিলৈ এই বিপদ মোৰো হ’ব পাৰে, গতিকে আপোনাৰ আৱিষ্কাৰটো আমাৰ দৰে গাঁৱলীয়া মানুহৰ হিতাৰ্থে প্ৰচাৰ হ’ব লাগে।

মিচিকিয়াই হাঁহি কাকতিদাই ক’লে:

: মনৰ কথা কৈছা। সেয়ে ফটো এখন তুলি আনিছোঁ। জনহিতাৰ্থে প্ৰচাৰ হওক। ফটাঢোলতো ফটোখন দি পোষ্ট এটা লিখিম বুলি ভাবিছোঁ।

উদৰ পূৰাই খাই উঠি ঘৰলৈ উভতিছোঁ। ঘূৰি আহোঁতে কিন্তু বাৰে বাৰে কাকতিদাৰ কথাই মনলৈ আহি আছে। সঁচাকৈ জটিল পৰিস্থিতি আছিল সেয়া। তেনে এক প্ৰতিকূল পৰিস্থিতিৰ পিছতো আৱিষ্কাৰ সম্ভৱ হৈছে, অভাৱে আৱিষ্কাৰৰ মূল, মাথো লগত থাকিব লাগে অসীম ধৈৰ্য্য আৰু সহ্য। তথাপি কিন্তু মই এনে পৰিস্থিতিৰ সন্মুখীন নোহোৱাটোৱে বিচাৰিম, কাৰণ মোৰ ধৈৰ্য্য আৰু সহ্য দুয়োটাই কম।

☆★☆★☆

8 Comments

  • ডলী তালুকদাৰ

    হাঃ হাঃ। বঢ়িয়া

    Reply
  • HEMANTA KAKATI

    হাঃ হাঃ, ভাল লাগিল মৃদুল৷ এইটো অলপ সচাও পিচে৷ বহুদিন আগৰ কথা৷ ফাইভ ষ্টাৰত কিবা টিপোতে ওপৰৰ পৰা পানী পৰি ভিজি গৈছিলোঁ৷

    Reply
  • ধূৰ্জ্জটি

    হাহা ভাল লাগিলে

    Reply
  • Sadananda Bhuyan

    বঢ়িয়া, তামাম মজা ।

    Reply
  • অলকেশ ভাগৱতী

    বঢ়িয়া লাগিল ম়দুল৷ ?

    Reply
  • সঞ্জীৱ।

    বঢ়িয়া লাগিল মৃদুল দা।

    Reply
  • Krishna

    হা হা, বঢ়িয়া লাগিল বন্ধু, হেকা দাক আগত লৈয়ে পঢ়িলোঁ ???
    ৰসাল বৰ্ণনা

    Reply
  • abhijit goswami

    ভাল লাগিল দাদা ? ? ?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *