ফটাঢোল

বিৱৰ্তন-অমিতাভ মহন্ত

শেষ! স্বস্তিৰ নিশ্বাস ল’লে অনলে৷ লেপটপত এইমাত্ৰ টাইপ কৰি শেষ কৰা এইখন কোনো সাধাৰণ থেচিচ্‌ নহয়৷ এইখন এক দীৰ্ঘদিনৰ গৱেষণাৰ ফচল৷ এইখনৰ বাবে কি কি কৰা নাই অনলে৷ দেশৰ বিভিন্ন পাহাৰ, চিৰিয়াখানা, অভয়াৰণ্য, চাৰ্কাচ… একোৱেই এৰা নাই৷ কত উজাগৰী নিশা, লঘোণ, নৈশ ভ্ৰমণৰ ফচল অনলৰ এই থেচিচ্‌খন৷ আস্! ফাইনেলী আজি সি শান্তিৰে এঘুমটি মাৰিব পাৰিব৷ সন্তুষ্টি এটাই, তাৰ এই পৰিশ্ৰম বৃথা যোৱা নাই৷ দীৰ্ঘ পৰ্যবেক্ষণ আৰু চিন্তাৰ মাধ্যমেৰে সি যি সত্য পোহৰলৈ আনিছে, সেয়া অভাৱনীয়৷ এই গৱেষণাই যে প্ৰাণীবিজ্ঞান জগতত এক বিপ্লৱ আনি দিব সেয়া নিশ্চিত৷ নোবেল? নাহ, পুৰস্কাৰৰ লোভত কাম কৰা মানুহ সি নহয়৷ তথাপি পালে বেয়া নহয়৷ স্বীকৃতি বুলি থাকি যাব৷

গৱেষণা হাতীৰ ওপৰত৷ হাতীৰ প্ৰতি অনলৰ শ্ৰদ্ধা আৰু ভালপোৱা অপৰিসীম৷ ইমান প্ৰকাণ্ড চেহেৰা, অথচ কি নিৰীহ৷ ঠিক যেন বৈদিক যুগৰ সেই ঋষি- মুনিসকল৷ তেওঁলোকৰ অসাধ্য একো নাছিল৷ অথচ কি শান্ত-সৌম্য চেহেৰা৷ এইবোৰ কাৰণতেই সৰুৰেপৰা হাতী তাৰ প্ৰিয়৷ কিন্তু জ্ঞান আহৰণ বা হাতীপ্ৰীতি এই গৱেষণাৰ মূল কাৰণ নহয়৷ সৰুকালৰ এটা ঘটনাৰ ফলত অনল আজি এই ঠাইত৷ তেতিয়া অনল সপ্তম শ্ৰেনীত৷ সেইদিনা অনলহঁতৰ ড্ৰইংৰুমত দেউতাকৰ বন্ধু কেইজনমানৰ আড্ডা বহিছিল৷ সেইসময়ত চোৰাং চিকাৰীয়ে হাতীৰ দাঁত কাটি নিয়াটো এক ডাঙৰ খবৰ হিচাপে চাৰ্কুলেট্ হৈ আছিল৷ তেতিয়াই দেউতাকৰ বন্ধু এজনে বিতৰ্কিত মন্তব্য এটা দিলে৷ তেখেতৰ মতে, হাতীক লৈ ইমান মূৰ ঘমাবলগীয়া একোৱেই নাই৷ হাতী হৈছে মহৰ পৰিৱৰ্তিত ৰূপ৷ বচ্, সেই দিন ধৰি অনলৰ শান্তি নাই৷ নিজৰ প্ৰিয় জন্তুক সামান্য মহৰ লগত তুলনা? হাতী ইমান তুচ্ছ? সেই কুমলীয়া বয়সতে অনলে প্ৰতিজ্ঞা কৰিলে, এই বিষয়ে সি গৱেষণা কৰি প্ৰকৃত তথ্য পোহৰলৈ আনিবই৷

বৰ্তমান অনল সুখী৷ গৱেষণাত প্ৰমাণ হৈ গৈছে যে হাতী কেতিয়াও মহৰ বৃহৎ ৰূপ নাছিল৷ এয়া সম্পূৰ্ণ ভুল তথ্য৷ গৱেষণাই কৈছে যে হাতীৰ উপৰিপুৰুষ আছিল পক্ষীকূল৷ খুবসম্ভৱ ঈগলজাতীয় কোনো পক্ষীৰ বিৱৰ্তনৰ ফলত হাতীৰ আবিৰ্ভাৱ হৈছে৷ যুক্তিৰ সপক্ষে কিছু মুখ্য কাৰণ হিচাপে অনলে লিখিছে-

: হস্তী আৰু পক্ষীকূলৰ খাদ্যভাসৰ অদ্ভূত মিল আছে৷ কিছু পক্ষী বাদ দি উভয়েই নিৰামিষহাৰী৷ অধিকাংশ চৰায়েই দানাজাতীয় খাদ্য পচন্দ কৰে৷ হাতীয়েও ধানখেতিত আক্ৰমণ কৰি ভাল পায়৷

: দ্বিতীয়তে হাতীৰ বৃহৎ কাণ৷ জীৱজগতৰ সমস্ত প্ৰাণীৰ মাজত হাতীৰ কাণ সকলোতকৈ ডাঙৰ৷ প্ৰকৃততে এয়া কাণ নহয়, এয়া একপ্ৰকাৰৰ অভিযোজিত অঙ্গ৷ হাতী যে আচলতে পক্ষী তাৰ ডাঙৰ প্ৰমাণ এই কাণ৷ বিৱৰ্তনৰ প্ৰাথমিক পৰ্যায়ত হাতীয়ে (যদিও তেতিয়াই হাতী হোৱা নাছিল) কাণৰূপী এই পাখিৰে উৰিব পাৰিছিল৷ কিন্তু দীৰ্ঘদিন ব্যৱহাৰ নোহোৱাৰ ফলত সেইবোৰ কাণত পৰিণত হৈছে, ঠিক মানুহৰ ক্ষেত্ৰত নেজ বা এপেণ্ডিকছৰ লেখীয়া৷ কাণৰ আকৃতি দেখি অনুমান কৰিব পাৰি যে হাতী নিশ্চয় কোনো ঈগল, চিলনীজাতীয় প্ৰাণীৰ পৰা হোৱা৷ আনফালে খাদ্যৰ বৈপৰীত্য দেখিলে ভাবিব পাৰি যে অধুনালুপ্ত কোনো পক্ষীৰ বিৱৰ্তনৰ ফল হাতী৷

: হাতী, পক্ষী উভয়ৰে নেজ আছে৷ অব্যৱহাৰৰ ফলত পক্ষীৰ নেজ গুছি এতিয়া পাখি কিছুমানৰ সমষ্টি আছে৷

ইয়াৰ বাহিৰেও অনলে আৰু এগাল কাৰণ লিখিছে৷ খুউব বেছি গুৰুত্বপূৰ্ণ নহয় বাবে সেয়া ইয়াত উল্লেখ কৰা হোৱা নাই৷
লেপটপটো বন্ধ কৰিবলৈ লওঁতেই অনলৰ ম’বাইলৰ এলাৰ্ম বাজি উঠিল৷ আঠ বাজিল? এয়া হৈছে অনলৰ এক ৰোগ, কাম কৰিলে সময়ৰ হিচাপ নাথাকে৷ একো নাই, বিজ্ঞানৰ স্বাৰ্থত আৰু এটা ৰাতি! এইবোৰেইতো জীৱনৰ আনন্দ৷

*************

পৃথিৱীত যিমান বিজ্ঞানী জন্মিছে তেওঁলোকক মূলত দুই ভাগত ভাগ কৰিব পাৰি৷ প্ৰথম ভাগে কেৱল কাগজে কলমে গৱেষণা কৰি কাম শেষ কৰে৷ যি আৱিষ্কাৰ কৰিলে তাৰ কোনো বাস্তৱিক ভিত্তি আছেনে নাই, কিবা পৰীক্ষাৰ মাধ্যমেৰে প্ৰমাণ কৰিব পৰা যায় নে নাযায়, গ’লে কিভাবে কৰিব পাৰি সেইবোৰ লৈ এইচামৰ কোনো চিন্তা নাই৷ আৰু তাৰ বিপৰীতে দ্বিতীয় দলৰ বিজ্ঞানীসকল কৰ্মযোগী৷ আৱিষ্কৃত তত্ব নিজ চকুৰে প্ৰমাণিত হোৱা নেদেখালৈকে এওঁলোকৰ মনত শান্তি নাই৷

অনল দ্বিতীয় শ্ৰেণীৰ৷ হাতীৰ বিষয়ে গৱেষণা কৰি এটা সিদ্ধান্তত উপনীত হৈছে ঠিকেই, কিন্তু হাতী যে সঁচাকৈয়ে পক্ষী আছিল সেয়া পৰীক্ষা কৰিবই লাগিব৷ আৰু তাৰ বাবে লাগিল এটা হাতী৷ এতিয়া হাতী ক’ত পোৱা যায়? এইবোৰেই ভাবি চিন্তি অনলে বজাৰলৈ ৰাওনা হ’ল৷ বজাৰ কৰি নথ’লে ৰাতি ভাগ্যত ভাত নিমিলিব৷ বজাৰ কৰি উভটি অহাৰ সময়ত অনলে চৰ্টকাট্ ৰুট্ এটা ল’লে৷ মানুহে কয় যে এইফালে হেনো অশৰীৰি আত্মাৰ টিঘিলঘিলনি বেছি৷ সেইবোৰ গুজৱত কাণ দিয়া মানুহ অনল নহয়৷

হঠাৎ! কোনোবাই যেন কান্দিছে৷ কোন হ’ব পাৰে বাৰু এই নিৰ্জন দুপৰীয়া? বুকুখন সামান্য কঁপি উঠিল৷ নাই, ভয় কৰিলে নহ’ব৷ কোনোবা চাগে কিবা বিপদত পৰিছে৷ শব্দটোৰ উৎস অনুসৰণ কৰি অনল আগুৱাই গ’ল৷ পুখুৰীটোত কিবা এটাই লৰচৰ কৰি আছে৷ দেখাত বৃহৎ চিমেণ্টৰ বস্তাৰ দৰে৷ যিহেতু লৰচৰ কৰি আছে, নিশ্চয় কিবা জন্তুৱেই হ’ব৷ বোকাত লেটিপেটি হৈ থকা বাবে এয়া কি ধৰিব পৰা হোৱা নাই৷ টানিটুনি বস্তু/জীৱটোক পাৰলৈ উঠোৱালৈ অনল প্ৰায় আধামৰা৷

হোৱাট্ দ্যা বিপ্ বিপ্! এইটো দেখোন হাতী পোৱালি৷ ইয়াত কৰ পৰা হাতী আহি ওলালহি! এনেদৰে হস্তী আবিৰ্ভাৱ ৰহস্যত অনল চিন্তাসাগৰত ডুবি থাকোঁতেই পটকৈ মনলৈ বুদ্ধি আহিল৷ এনেও অনলক বৰ্তমান হাতীৰ প্ৰয়োজন৷ আৰু এয়া অনলৰ সন্মুখত খোদ হাতী হাজিৰ৷ সৰু ল’ৰা-ছোৱালীক সৰুতে কিবা শিকালে সিহঁতে সেইমতে জীৱনত আগুৱাবলৈ শিকে৷ ঠিক তেনেদৰেই যদি এই হাতীপোৱালিটোক উৰাৰ ট্ৰেইনিং দিয়া হয় তেন্তে ই নোৱাৰাৰ কোনো মানে নাই৷ বচ্, খাটাং হৈ গ’ল৷ এই হাতীপোৱালিক অনলে উৰোৱাইহে এৰিব৷ বিনামূল্যে, বিনাকষ্টে হাতী লাভ কৰি অনলে ভগৱানক ধন্যবাদ দিবলৈ ওলাইছিলেই৷ শেষ মুহূৰ্তত কোনোমতে নিজৰ জিভাত ব্ৰেক মাৰিলে৷ বিজ্ঞানী হৈ ভগৱানক ধন্যবাদ! নহ’ব৷

 ************

ঘৰলৈ আহিয়েই অনল হাতীপোৱালিক লৈ ব্যস্ত হৈ পৰিল৷ গা পা ধুৱাই ডাক্তৰক মাতি পঠিয়ালে হাতীৰ চেক আপৰ বাবে৷ এম্ বি বি এছ ডাক্তৰজনে হাতীৰ চেক আপ কৰিবলৈ তীব্ৰ আপত্তি প্ৰকাশ কৰাৰ স্বত্বেও অনলৰ ধমকিত শেষত বাধ্য হ’ল৷ হাতীৰ শুঁৰ টিপি পালচ্ ৰেট্ চেকিং, নেজৰ প্ৰেচাৰ চেকিং, ষ্টেথোস্কোপ লগাই বুকুৰ জমা হোৱা কফ চেকিং… সকলো কৰি ডাক্তৰে ভাল ৰিপৰ্টেই দিছিল৷ কিন্তু অনলৰ প্ৰেছাৰত শেষত এটা এণ্টিবায়টিক আৰু এটা কফ চিৰাপ লিখি দিহে ডাক্তৰ উদ্ধাৰ হ’ল৷

চাওঁতে চাওঁতে দুটা সপ্তাহ পাৰ হ’ল৷ হাতী এতিয়া একদম সুস্থ৷ খোৱা-বোৱা, খেলা আদি একোতে অনলৰ লগ নেৰে৷ ভাত-ৰুটী একোতেই আপত্তি নাই৷ পটলভাজি ফেভাৰিট্৷ সিদিনা অনলে কাঁইট বাচি দিছিল, ভকুৱা মাছ দুপিচো খাইছে পোৱালিয়ে৷

অনল খুবেই সুখী৷ নিৰীহ নিৰামিষভোজী প্ৰাণী এটাই যদি ভজা মাছ খাব পাৰে, কাইলৈ সি নিশ্চয়কৈ উৰিবও পাৰিব৷ আৰু এসপ্তাহমান গ’লে ভুলুক, অ’ হাতীটোৰ নাম ভুলু ৰখা হৈছে, উৰোৱাৰ প্ৰেকটিচ্‌ কৰোৱাবই লাগিব৷ তাৰ বাবে অনলে ইতিমধ্যে প্ৰয়োজনীয় সকলো সামগ্ৰী যোগাৰ কৰিছেই৷ কিছুসংখ্যক গেছ বেলুন, এটা এয়াৰ গান, এখন প্ৰকাণ্ড ফেন আৰু এখন ৰিমট্‌ কণ্ট্ৰলড হেলিকপ্টাৰ… বচ্‌ বস্তু বুলিবলৈ ইমানেই৷

প্লেনটো মোটামুটি এনেধৰণৰ৷ ফেনৰ ব্লেড আৰু মটৰটোৰ সামান্য সলনি কৰি এনেকুৱা এখন ফেন সাজু কৰা যাব যিয়ে সৰুসুৰা ধুমুহা সৃষ্টি কৰাৰ ক্ষমতা ৰাখিব৷ তাৰপিছত ফেনখন মাটিত থৈ তাৰ ওপৰত ভুলুক বহুৱাই ফেনখন চলায় দিয়া হ’ব৷ ফেনৰ স্পীড তেতিয়ালৈ লাহে লাহে বঢ়োৱা হ’ব, যেতিয়ালৈ ভুলুৱে ভৰি আৰু কাণ লৰচৰ কৰিবলৈ আৰম্ভ নকৰে৷ যদি দেখা যায় যে ভুলুৱে কেৱল ভৰি লৰাইছে তেন্তে দৰকাৰ পৰিলে ভুলুৰ ভৰিকেইখন বান্ধি ৰখা হ’ব যাতে সি কাণ লৰাবলৈ বাধ্য হয়৷ ইয়াৰ ফলত অলপ কষ্ট হ’ব ঠিকেই, পিচে সমগ্ৰ হাতীকূলৰ হৈ ভুলুৱে এইখিনি কৰিবই৷

যদি এই পদ্ধতি বিশেষ ফলপ্ৰসূ নহয়? তেতিয়া ৰিমট্ কণ্ট্ৰলড্‌ হেলিকপ্টাৰৰ তলত এবাল্টি পটল ভাজি বান্ধি দিয়া হ’ব৷ কোৱা বাহুল্য যে তাৰ আগত প্ৰায় এসপ্তাহ ধৰি ভুলুক পটল খাবলৈ দিয়া নহ’ব৷ তাৰপাছত সেই হেলিকপ্টাৰখন ভুলুৰ ঠিক ওপৰেৰে লাহেকৈ উৰোৱা হ’ব৷ সি প্ৰথম শুঁৰেৰ খাবলৈ চেষ্টা কৰিব৷ যেতিয়া নোৱাৰিব তেতিয়া সি দৌৰিব৷ তাতেও নোৱাৰিলে সি লাহেকৈ উৰিবলৈ চেষ্টা কৰিব, আৰু সি পাৰিব৷ বচ্, ডেটচ্ দ্যা টাৰ্নিং পইণ্ট ইন দ্যা হিষ্ট্ৰী অফ এলিফেণ্টহুড্‌৷
যদি এইবাৰো অসফল হয়? পৰৱৰ্তী পথ কঠিন, দুৰ্ঘটনাৰ আশংকা আছে৷ কিন্তু, সফলতা প্ৰায় খাটাং৷ কেইটামান গেছ বেলুন গাত বান্ধি ভুলুক উৰোৱাই পঠিওৱা হ’ব৷ সি আকাশত থাকোঁতেই এয়াৰ গানেৰে বেলুনবোৰ ফুটাই দিয়া হ’ব৷ প্ৰাণ ৰক্ষাৰ তাগিদাত ভুলুৱে কাণ মাৰিব আৰু উৰিবলৈ শিকিব৷ ডেটছ্‌ ইট্‌, ফুলপ্ৰুফ্! পিচে তাৰপিছতো উৰিব নোৱাৰিলে? কিয় ফেনখন মনত নাই? স্পীড্‌ বঢ়োৱা কমোৱা কৰি ভুলুক নিৰাপদভাৱে লেণ্ডিং কৰোৱা হ’ব৷

**************

এক অদ্ভুত বিপদ আহিছে অনল থকা চুবুৰীটোলৈ৷ প্ৰায় প্ৰতিদিনেই এঘৰকৈ মানুহৰ বাৰীত লাগি থকা ফলমূলবোৰ গছৰপৰাই নোহোৱা হৈ গৈ আছে৷ কি হৈছে কোনোৱেই ধৰিব পৰা নাই৷ শুনি অনলৰো চিন্তা হৈছে৷ কঠালবোৰ ধুনীয়াকৈ লাগিছেহে মাত্ৰ৷ নাই, এইকেইটা হাতচাৰা হ’বলৈ দিব নোৱাৰি৷ পহৰা দিব অনলে৷

সেইদিনা আছিল বৃষ্টিৰ নিশা৷ গধূলিৰ পৰা কাৰেণ্টো নাই৷ অনল চুপচাপ বহি ৰৈছে বাৰান্দাত৷ লক্ষণবোৰ দেখি ধুমুহা আহিব যেন লাগি আছে৷

বাৰটা বাজিবলৈ আৰু কেইমিনিটমান বাকী৷ সোঁ সোঁ শব্দৰে ধুমুহা আৰম্ভ হৈছে৷ আজি চাগে ফল চোৰ নাহিব৷ ঠাণ্ডা পৰিবেশ এটাৰ মাজত অনলৰ চকু মুদ খাই আহিছিলহে মাত্ৰ৷ হঠাৎ এটা শব্দত অনলে খপজপকৈ সাৰ পালে৷ সন্মুখৰ দৃশ্য দেখি অনল হতভম্ব৷ থুপথুপকৈ খোজ দি ভুলু লাহেকৈ ওলাইছে৷ শুঁৰত গেটৰ চাবিকোছা৷ লাহেকৈ তলা খুলি ভুলু বাহিৰ ওলাল৷ পিছৰ দৃশ্য দেখি অনল প্ৰায় বেহুচ৷ ভুলুৱে হঠাৎ দুয়োখন কাণ জোৰকৈ জোকাৰি শূণ্যত ভাঁহি উঠিল৷ তাৰপাছত? উৰি উৰি আগুৱাই গ’ল কঠাল গছলৈ৷ ‘ঢলৌপ!’ এবাৰতে এটা কঠাল শেষ৷ অনলে মুখ মেলি থাকোঁতেই সাতটা কঠাল শেষ৷ এইবাৰ ভুলুৱে আটাইতকৈ ডাঙৰ কঠালটোলৈ ৰাওনা হ’ল৷ অলপ অপেক্ষা, যেন কিবা চিন্তা কৰিছে৷ তাৰপিছত কঠালটো লৈ চিধাচিধি নামি আহিল অনলৰ ঘৰৰ বাৰাণ্ডালৈ৷ তাৰ চকুত বিষাদ৷ অনলে ভুলুৰ চকুৰ ভাষা ঠিকেই বুজিলে৷ ভুলুৱে বিদায় ল’ব বিছাৰিছে৷ ঠিক৷ লাহেকৈ কাণ জোকাৰি ভুলুৱে উৰিবলৈ যোজা চলালে৷ নাই, নহ’ব৷ অনলে ভুলুক এৰি থাকিব নোৱাৰে, কোনোমতে নোৱাৰে৷ অতদিনে সমস্ত বন্ধনৰ প্ৰতি নিৰ্লিপ্ত হৈ থকা মানুহজন ভুলুৰ মৰমত বান্ধ খাই পৰিল৷

ভুলু মাটিৰ পৰা তিনিফুট মান ওপৰত৷ একে জাপতে অনলে ভুলুৰ পিছফালৰ ঠেঙত ধৰি ল’লে৷ অনলৰ এই অতৰ্কিত প্ৰয়াসত নিজকে কোনোমতেহে চম্ভালিলে সি৷ পিছলৈ ঘূৰি যেতিয়া সি অনলক দেখিলে, অত্যন্ত সুখেৰে কোনোবা অজান ঠিকনালৈ পাখি, অ’ মানে কাণ মেলি দিলে ভুলুৱে৷

হাপাচ হুপুচকৈ কোনোমতে অনল আহি ভুলুৰ পিঠিত বহি ল’লে৷ উফ্‌ এতিয়াহে শান্তিত যাব পাৰিব৷ তলৰ বিনন্দীয়া পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰি আহি থাকোঁতেই হঠাৎ এটা প্ৰকাণ্ড বজ্ৰপাত৷ বেলেন্স ৰাখিব নোৱাৰি সোঁসোঁৱাই তললৈ নামি অহা অৱস্থাত অনলে মাত্ৰ এটা বস্তুৱেই দেখিলে৷ ত্ৰিভূৱন!

***************

গোটেই শৰীৰত যন্ত্ৰণা৷ নিজকে কোনোবা এখন হস্পিটেলৰ বেডত আৱিষ্কাৰ কৰিলে অনলে৷ উফ্‌ কি বিষ! বাওঁ হাতখনত চেলাইন লাগি আছে৷ সোঁহাতত কিবা ৰাবাৰ ষ্টাম্প এটা মৰা আছে৷ কিবা চৈধ্য দিনৰ কোৱাৰেণ্টাইন! কি বা তাৰমানে! সি ইয়ালৈ কেনেকৈ আহিল? একো মনত পৰা নাই৷ কোনোমতে বহিবলৈ চেষ্টা কৰোঁতেই কোনোবাই চিঞৰি উঠিল৷

: এই, এই কি কৰে… নুঠিব নুঠিব৷ একদম নুঠিব৷

এইবোৰ কি হৈ আছে? নিজকে পাগল যেন লাগিল অনলৰ৷ এইমাত্ৰ যিগৰাকী নাৰ্চে তাক কথাষাৰ ক’লে সেইজনী দেখোন এজনী বগলী! মানে সেই মাছ খোৱা, বগাকৈ বগা ফোট দি যোৱা বগলী৷ নাৰ্চৰ ইউনিফৰ্মত৷ ওখ বাবে নৰমেল স্কাৰ্টটো মিনি স্কাৰ্ট হৈ গৈছে৷ ঔ মা! কি হট্‌ লেগপিচ!

বিড়ি-চিগাৰেট বহু দুৰৰ কথা, অনলে চাহেই নাখায়৷ তাকে লৈ মাজে মাজে বাহাদুৰিও নমৰা নহয়৷ কিন্তু এতিয়া অনলৰ মনলৈ এটা ভাব আহিছে৷ বোধহয় নিজৰ অজানিতে সি কিবা সস্তীয়া নিচাৰ পাল্লাত পৰিছে৷ চকু মুদি থকাই মঙ্গল৷ খুলিলে আকৌ কি বা দেখে!

: মিষ্টাৰ অনল চলিহা! কেনে পাইছে এতিয়া?

অনিচ্ছা স্বত্বেও চকু মেলিব লগা হ’ল৷ অসম্ভৱ! এইবাৰ সন্মুখত ষ্টেথোস্কোপ লৈ থকা এটা শিয়াল!

লাহেকৈ বগলীয়ে মাত দিলে,

:অনল চাৰে বোধহয় আমাক দেখি নাৰ্ভাচ হৈছে৷

:সেয়া কিবা নতুন কথানে? নতুন মানুহ৷ অকনমান উঠি দিয়কচোন৷ এই মলমটো লগাব লাগে৷

অনিচ্ছাৰ স্বত্বেও অনল উঠি বহিল৷

:মই ক’ত আছো বাৰু? এইখন কৰ হস্পিটেল?

:না না৷ ইয়াত সকলো চেণ্ট্ৰেলাইজড্৷ হাঁহ মানে হংস এডমিট্‌ হোৱাবোৰ হস্পিটেল৷ এইখন নৰপিটেল৷ এইযে সংস্কৃতত হিউমেন হস্পিটেল বুলি কয়, সেয়াই বুজিলে?

নুবুজি একো লাভ হোৱাৰ আশা নাই৷ লাহেকৈ মূৰ দুপিয়ালে সি৷

:বাৰু মই ইয়াত কেনেকৈ? আৰু আপোনালোকে মোৰ নাম কেনেকৈ জানে?

:আস্তে! এই অসুস্থ শৰীৰ লৈ ইমান উত্তেজনা ভাল কথা নহয়৷ সকলো কৈ আছোঁ৷ চাওক আপুনি কেনেকৈ ইয়ালৈ আহিল সেয়া আমিও ঠিৰাঙকৈ ক’ব পৰা নাই৷ এজ্‌ পাৰ ইণ্টেলিজেণ্টছ্‌ ৰিপৰ্ট, আপুনি পৰহি ৰাতি আকাশৰ পৰা পৰিছে৷ আমাৰ স্পেচিয়েল টাস্ক ফৰ্চ ব্লেক কেট্‌ গ্ৰুপে আপোনাক আনি নৰপিটেলত ভৰ্তি কৰাইছে৷ বাকী নামটো আপোনাৰ আধাৰ কাৰ্ডৰ পৰা গম পাইছোঁ৷ চিম্পল৷ কিন্তু আপুনি আকাশৰ পৰা কেনেকৈ পৰিল?

:নাই মোৰ ঠিক মনত পৰা নাই৷ এনেকুৱা লাগে যেন মই আৰামদায়ক কিহবাত বহি আছিলোঁ৷ বৰষুণ হৈছিল, ধুমুহা হৈছিল৷ আৰু মোৰ একো মনত নাই৷

:আপুনি মূৰত দুখ পাইছে৷ গতিকে সাময়িক স্মৃতি বিভ্ৰাট অসম্ভৱ নহয়৷ তথাপি চিন্তা কৰিবলৈ একো নাই৷ অলপ সুস্থ হ’লেই আপোনাক ৰিলিজ কৰি দিয়া হ’ব৷ তাৰপিছত আমাৰ দেশখন অলপ ফুৰি মেলি চাওক৷ পিছত স্মৃতি ঘূৰাই পালে আপুনি নিজৰ ঘৰলৈ গুছি যাব পাৰিব৷

*****************

আজি অনলে নৰপিটেলৰ পৰা ৰিলিজ পালে৷ এতিয়া একদম ভাল৷ দুদিন আগৰ সৰ্বশৰীৰৰ বিষৰ কোনো চিন মোকামেই নাই৷ এয়াহে ডাক্তৰ৷ বাকী স্মৃতিশক্তি ঘূৰি নহালৈ থকা খোৱাৰ বাবে চৰকাৰী গেষ্ট হাউচ ঠিক কৰি দিছে৷ দেশখন চাবলৈ কেৰ্কেটুৱা গাইড্‌৷ ৱাহ এয়াহে অতিথিসেৱা!

সকলো ঠিকেই আছিল৷ পিচে এই গাইডৰ সৈতে তাল মিলোৱাহে সমস্যা হৈ গৈছে৷ অনলৰ খোজৰ লগত তাল মিলাবলৈ কেৰ্কেটুৱাই দৌৰি মৰিব লাগে৷ তাৰোপৰি কিবা বুজাবলৈ হ’লে কেৰ্কেটুৱাই জোৰে জোৰে তলৰপৰা চিঞৰিব লাগে৷ শেষত আলোচনা কৰি কেৰ্কেটুৱাক কান্ধত তুলি লোৱা হ’ল৷ প্ৰব্লেম চলভড্‌৷

আহল-বহল, চাফ-চিকুণ ৰাস্তাঘাট৷ দেখিলেই মন ভাল লাগি যায়৷ ৰাস্তাৰ দুয়োফালে প্ৰচুৰ গছ গছনি৷ গাড়ী মটৰ, কল কাৰখানা গুৱাহাটীতকৈ বেছিহে হ’ব চাগে৷ কিন্তু সকলো একদম পৰিপাটী৷

এওঁলোকৰ প্ৰতিবাদ কৰাৰ পদ্ধতি দেখি অনলে খুব ভাল পালে৷ আমাৰ দৰে ধৰ্ণা দিয়াৰ নিয়ম এইফালে নাই৷ ‘মিছা কথাৰ ঠেং চুটী’ এই প্ৰবাদৰ প্ৰতিবাদ জনাইছে সমস্ত নিগনি সমাজে৷ কিন্তু কোনেও কাম কাজ বন্ধ কৰা নাই৷ সকলোৱে প্লে কাৰ্ড ওলোমাই লৈ নীৰৱ প্ৰতিবাদ কৰি গৈছে৷

গোটেই চহৰখন পৰিপাটীকৈ সজোৱা, হাই-উৰুমি নাই, ক’তো ভিক্ষাৰী নাই৷ সকলোৱেই দেখোন ভাল ইয়াত৷ কিন্তু ভুল ভাঙিবলৈ অনলৰ বেছি সময় নালাগিল৷ দুপৰীয়া গাহৰিদাৰ হোটেলত এপেট মাৰি ওলাই আহোঁতেই দেখে বেঙ্কটোৰ সন্মুখত ভীড়৷ দুখন পুলিচৰ গাড়ী৷ অলপ আগতে হেনো ডাঙৰ ডকাইতি এটা হৈ গ’ল৷

কৌতূহলবশত অনলে কেৰ্কেটুৱাক সুধিলে,

:ইয়াত বাৰু অপৰাধী ধৰা পৰিলে কেনে ধৰণৰ শাস্তি দিয়া হয়?

:নক’ব দাদা৷ বৰ বেয়া শাস্তি ইয়াত৷ সৰু সৰু অপৰাধতেই দীঘলীয়াকৈ জেইলত থৈ দিয়ে৷ সেয়াতো বাৰু একোৱেই নহয়, যিমানদিন জেইলত থাকে সিমানদিনেই তিনি বেলা ভেন্দী খাব লাগে৷ ভেন্দীৰ চুপ, ভেন্দী পস্ত’, ভেন্দীৰ চৰ্চৰি আৰু কত যে কি!

ভয়ত শিহৰিত উঠিল অনল৷ এইহেন শান্ত দেশত এনেকুৱা ভয়ঙ্কৰ শাস্তি৷ বোধহয় সেইবাবেই ইয়াত অপৰাধ কৰিবলৈ বৰ এটা সাহস নকৰে৷

আজিলৈ ঘূৰা শেষ৷ এতিয়া গেষ্ট হাউচত গৈ লাং খাই পৰাহে কথা৷ কাইলৈ আকৌ ঘূৰিবলৈ আছেই৷

***********

পিছদিনা অনলহঁতৰ লক্ষ্যস্থান আৰ্ট মিউজিয়াম৷ সোমোৱাৰ লগে লগে এখনকৈ বুকলেট্‌ দিয়া হৈছে৷ তাতেই আছে সমস্ত শিল্পকৰ্মৰ বিৱৰণ, শিল্পীসকলৰ সংক্ষিপ্ত জীৱনী৷ তাৰোপৰি মিউজিয়ামটোৰ দিক নিৰ্দেশনা৷ তাৰ পৰাই অনলে বুজিলে যে মিউজিয়ামটো তিনিটা ভাগত ভগোৱা হৈছে৷ প্ৰথম ভাগত বিভিন্ন ভাস্কৰ্যৰ নিদৰ্শন, পিছৰ অংশত কেমেৰাৰে তোলা ছবি আৰু একেবাৰে শেষত হাতেৰে অঁকা ছবি৷

ভিতৰলৈ গৈ অনল মন্ত্ৰমুগ্ধ হৈ পৰিল৷ কি সুন্দৰ হাতৰ কাম! অৱশ্যে হাতৰ কাম বুলি কোৱাটো  ভুল হ’ব৷ কাৰণ ইয়াতে চৰাই, সাপ আদি প্ৰাণীয়ে তৈয়াৰ কৰা অসংখ্য ভাস্কৰ্য আছে৷ গতিকে হাতৰ লগতে ইয়াৰ ভৰি, নেজ, ঠোঁট আদিৰ কামো বুলিব পৰা যাব চাগে৷ বান্দৰৰ পৰা মানুহৰ বিৱৰ্তনৰ মূৰ্তিবোৰ মাইণ্ডব্ল’ৱিং! মানুহটো দেখাত প্ৰায় অনলৰ দৰেই৷

জনৈক ওৰাংওটাঙে নিৰ্মাণ কৰা ডাইন’চৰৰ মমৰ মূৰ্তিটো এককথাত ক’বলৈ গ’লে মাৰ্ভেলাচ৷ ডাইন’চৰৰ মূৰ সহ সমস্ত দেহ গলি যোৱা দেখুওৱা হৈছে৷ ঠিক মূৰৰ ওপৰতে আছে এটা মমৰ স্তুপ, যি আচলতে উল্কাপিণ্ড৷ ডাইন’চৰৰ বিলুপ্তিক ইয়াতকৈ সুন্দৰভাৱে আৰু কোনোবাই দেখুৱাব পাৰিব বুলি মনে নধৰে৷

ফটোগ্ৰাফীত অনলৰ সুনাম আছে৷ কিন্তু ইয়াৰ ফটোবোৰ দেখি অনলে নিজেই লাজ পাইছে৷ ইতিমধ্যে যিমান বিশেষণ প্ৰয়োগ কৰিবলৈ আছিল সেয়া অনলে ভাস্কৰ্যবোৰতেই শেষ কৰি উঠিলে৷ গতিকেই চুপ চাপ ফটোবোৰ চাই গৈছে৷

ইয়াৰ পাছত অনলহঁত সোমাল পেইণ্টিং বিভাগত৷ দ্যা ভিঞ্চি, পিকাচোৱে লাজ পাবলগীয়া ফটো৷ কিন্তু অনলৰেই কপাল বেয়া৷ গোটেইবোৰ চিত্ৰ চাবলৈ নাপাওঁতেই এটা দুৰ্ঘটনা! ছবিবোৰ চাই থাকোঁতেই গধুৰ কিবা এটা পিছমূৰত পৰিল৷ এটা শব্দ… চাৰিওদিশ অন্ধকাৰ৷

জ্ঞান ঘূৰি অহাৰ পিছত অনলে দেখিলে চাৰিওফালে ভিড় কৰি জন্তুবোৰে অনলক চাই আছে৷ কেৰ্কেটুৱা উদ্বিগ্ন৷ চিকিউৰিটী গাৰ্ডবোৰ কন্দনামুৱা হৈ বহি আছে৷ গোটেই মিউজিয়ামৰ কৰ্মীবোৰ একগোট হৈছে৷ উদ্দেশ্য, অনলক ক্ষমা খোজা৷ অনলে বহুত বুজোৱাৰ পিছতহে তেওঁলোকে মুখবোৰত অলপ পোহৰ দেখা গ’ল৷

কিন্তু হৈছিল কি? জনা গ’ল এখন পেইণ্টিং খহি অনলৰ মূৰত পৰি এই অৱস্থা৷ এই অনিচ্ছাকৃত ভুলৰ বাবে সকলোৱে অনলৰ ওচৰত ক্ষমা বিছাৰিছে৷ যিকোনো ক্ষতিপূৰণ দিবলৈ তেওঁলোক সাজু৷ অনলক ক্ষতিপূৰণ নালাগে তেওঁলোকে নেৰে৷ শেষত যিখন পেইণ্টিং অনলৰ ওপৰত পৰিছিল সেইখন অনলক দিয়াটো থিৰাং কৰা হ’ল৷

এখন বিশাল পেইণ্টিং৷ হাতীৰ৷ বিশাল কাণ, তাৰেই আকাশত উৰি আছে৷ অনলৰ লগে লগে সকলো মনলৈ আহিল৷ গৱেষণা, ভুলু, কঠাল… সকলো৷

“হাতী, হাতী, হাতী”, উত্তেজনাত চিঞৰিবলৈ ধৰিলে অনলে৷

:হাতী দেখি ইমান চিঞৰিছে কিয়? আপোনালোকৰ তাতো হাতী এভেইলেবল দেখোন৷

কেৰ্কেটুৱাৰ মাত৷

:আৰে হাতী উৰিছে৷ মই গৱেষণা কৰাৰ দৰে৷

:হাতী উৰেই৷ নতুন কি কথা!

তাৰ পাছত অনলে কেৰ্কেটুৱাক সকলো ক’লে৷ গৱেষণা, ভুলু, ট্ৰেইনিং, কঠাল, পিঠিত বহি উৰা, বজ্ৰপাত সকলো৷

কথা শেষ হোৱালৈ কেৰ্কেটুৱা ৰ’ব নোৱাৰিলে৷ তাৰ চকুত চকুপানী৷

:মই জানিছিলোঁ আপুনি ভাল মানুহ৷ যিদৰে আপুনি এটা অসহায় হাতীক পৰিচৰ্যা কৰিলে, আমাৰ ইয়াত হোৱা হ’লে আপুনি পদ্মশ্ৰী পালেহেঁতেন৷ মই সৰু কেৰ্কেটুৱা, দিবলৈ একো নাই৷ লাল চালাম এটাকে আপোনাক দিলোঁ৷

সেইবোৰ শুনিবলৈ অনলৰ ধৈৰ্য নাই৷

:ভাই কেৰ্কেটুৱা মই হাতী চাব লাগে৷ ক’ত দেখা পাম৷ মোক লৈ যোৱা জল্ডি৷

:নিশ্চয়৷ ইয়াৰ পৰা এঘণ্টামান লাগিব৷ লোকেল ট্ৰেইনত যাব লাগিব৷ বলক৷

***********

কেৰ্কেটুৱাই হাতীৰ মেয়ৰক অনল অহা খবৰটো হোৱাটচ্ এপ কৰি দিছে৷ মেয়ৰে ষ্টেচনলৈ গাড়ী পঠিয়াই দিছে৷ ষ্টেছন মাষ্টৰ, টি টি, গাড়ীৰ ড্ৰাইভাৰ সকলো হাতী৷ ৰাস্তাৰে গাড়ীত গৈ থাকোঁতে অনলে বহুত পোৱালি হাতী দেখিলে, আকাশত উৰি উৰি খেলি আছে৷ অনলে ভুলুক দেখে নেকি চালে৷ নাই, ক’তো নাই!

মেয়ৰৰ ঘৰ পোৱাৰ লগে লগে মেয়ৰে আদৰ যত্ন কৰি ড্ৰয়িং ৰুমত বহুৱালে৷ অলপ পিছতে আহিল লুচী-পটল ভাজি, চানাচুৰ, কাজু বৰফি৷ ভাল আড্ডা বহিল৷ মেয়ৰকো গোটেই ভুলু পুৰাণ বিতংকৈ বুজোৱা হ’ল৷

মেয়ৰ হাতী ফূৰ্তিত জপিয়াই উঠিল৷

:আছে আছে! আপুনি কোৱাৰ দৰে হেৰোৱা হাতী এটা আছে৷ মাত্ৰ কেইদিনমান আগতে তাক বিছাৰি পাইছোঁ৷ এতিয়া ঘূৰি অহাৰ পিছত সি খুবেই মন মাৰি থাকে৷ মোৰ মনে কৈছে আপুনি বিছাৰি থকা ভুলু মই কোৱা হাতী পোৱালিটোৱেই৷

অনল অধৈৰ্য হৈ পৰিল৷ ভুলু ইয়াতে!

:মই বাৰু এবাৰ ভুলুক, আই মীন পোৱালিটোক চাব পাৰিমনে?

:নিশ্চয়৷ নোৱৰাৰ প্ৰশ্নই নুঠে৷ ড্ৰাইভাৰ গাড়ী ওলোৱা৷

প্ৰায় দহ মিনিট পিছত এটা ঘৰৰ সন্মুখত গাড়ী ৰ’ল৷ বোধহয় মেয়ৰে আগতেই খবৰ দি থৈছিল৷ নমস্কাৰৰ ভংগীত প্ৰকাণ্ড হাতী এটা ৰৈ আছে৷ বোধহয় ভুলুৰ বাপেক৷ অনলহঁত ভিতৰত গৈ বহিল৷ কুশল বিনিময় হ’ল৷ মেয়ৰে অনল আৰু কেৰ্কেটুৱাক চিনাকি কৰি দিলে৷ আকৌ এগালমান খোৱা বস্তু হাজিৰ৷ লাহে লাহে কথা বাৰ্তা আৰম্ভ হ’ল৷ অনলে গোটেই ঘটনাবোৰ আকৌ ৰিৱাইণ্ড কৰিলে৷ শেষ নহওঁতেই হাতী ইমোচনেল হৈ গ’ল৷ সাৱটি ধৰিলে অনলক৷

:অনলবাবু! আপুনিয়েই আমাৰ ধনক বচাইছে৷ ধনে সদায় আপোনাৰ কথা কয়৷ আপুনি ভগৱান!

হাতীৰ মৰমৰ আতিশয্যত অনলৰ হাঁহাকাৰ অৱস্থা৷ ৰাজহাঁড়, কামিহাঁড় একো চাগে নাবাচিব এই আলিঙ্গনৰ কোবত৷ কোনোমতে কেকাই অনলে মাত দিলে,

:ভুলু, আই মীন ধনক এবাৰ লগ পাম নেকি বাৰু?

:নিশ্চয়, নিশ্চয়৷ আপোনাক লগ কৰাই নিদিলে কেনেকৈ হ’ব৷ আপুনিয়েই মেইন মানুহ৷ সি টিউচনলৈ গৈছে ৰ’ব৷ আহি পাবৰ হৈছেই৷

কথা পাতি থাকোঁতেই দুৱাৰেৰে পোৱালি হাতী এটা সোমাই আহিল৷ ইয়া আল্লাহ! সাক্ষাৎ ভুলু৷ ভুলুৱেও হঠাৎ অনলক দেখি তধা লাগি ৰৈছে৷ পিছমুহূৰ্ততে সকলো পাহৰি, চকী মেজ মহতিয়াই ভুলুৱে আহি অনলক শুঁৰেৰে মেৰিয়াই ধৰিলে৷ দুয়ো আনন্দত কেৱল কান্দিছে৷ পুনৰ্মিলনৰ সুখ!

ইতিমধ্যে মেয়ৰৰ যোৱাৰ সময় হৈছিল৷ মেয়ৰৰ লগত কেৰ্কেটুৱায়ো বিদায় ল’লে৷ অনলো যাবলৈ ওলাইছিল৷ পিচে ভুলুৰ আবদাৰত কোনোপধ্যে সম্ভৱ নহ’ল৷ কথা হ’ল অনল এমাহ ভুলুহঁতৰ আলহী হৈ থাকিব৷ মেয়ৰে অনলক সন্মান জনাবলৈ এখনি সম্বৰ্ধনা সভাৰ আয়োজন কৰাৰ কথা ঘোষণা কৰিলে৷ তাৰ পিছতহে অনল ঘৰলৈ যাব৷

************

দিনবোৰ বৰ সুখেৰে পাৰ হৈছিল৷ দিনটো অনলে হাতীপুৰত ঘূৰি ফুৰে৷ ভুলু স্কুলৰ পৰা অহাৰ পিছত দুয়ো ফুটবল খেলে, ভুলুৰ পিঠিত উঠি উৰি ফুৰে৷ ইতিমধ্যে এমাহ পাৰ হৈ গ’ল৷ মেয়ৰে কথা দিয়ামতে এখন সম্বৰ্ধনা সভাৰো আয়োজন কৰা হ’ল৷ হাতীসমাজে তেওঁলোকৰ সৰ্বোচ্চ সন্মান ‘হাতীশ্ৰী’ অনলক প্ৰদান কৰিলে৷

এতিয়া অনলৰ ঘৰ যোৱাৰ দিন চমু চাপি আহিছে৷ সঁচা কথা ক’বলৈ গ’লে অনলৰ লাহে লাহে ঘৰলৈ মনত পৰিছে৷ কিমান যে কাম এৰি আহিছে৷ এদিন লাহেকৈ ‘দেউতা হাতী’ৰ আগত ঘৰলৈ ঘূৰি যোৱাৰ কথা উলিয়ালে৷ লগে লগে দেউতা হাতীৰ মুখ ক’লা পৰি গ’ল৷

:এনেকৈ গুছি যাব? আমাৰ ধনক এৰি? এনেকৈ হঠাৎ গুছি গ’লে ধন কেনেকৈ থাকিব ভাবি চাইছেনে? আপুনি আৰু এমাহ থাকি যাওক৷ মই লাহে লাহে ধনক বুজাই বঢ়াই ল’ম৷

অনলে না কৰিব নোৱাৰে৷ ভুলুৰ ইমোচনৰ সৈতে খেলা কৰা সম্ভৱেই নহয়৷ ফলত আকৌ আগৰ ৰুটিন৷ খেলাধুলা, উৰা মেলা৷ সকলো ঠিকেই আছে৷ মাত্ৰ এটা খেলিমেলি৷ এই ‘দেউতা হাতী’ৰ চাৱনি৷ যেন অনলৰ সকলো কাৰ্যকলাপ খুব মন দি চাই থাকে৷ অনলৰ অস্বস্তি বোধ হয়৷ কিন্তু একো ক’বও নোৱাৰে৷ কি থিক, প্ৰাপ্তবয়স্ক হাতীৰ চাৱনি কিজানি এনেকুৱাই৷ একো নাই, কেইটামান দিনহে৷ সহ্য কৰি ল’ব৷

এমাহ শেষ৷ অনলে আকৌ ৰিমাইণ্ডাৰ দিলে৷

:অনলবাবু, মই খুবেই দুঃখিত৷ এটা জৰুৰী কামত ফচি গৈছোঁ৷ কেইটামান দিন ৰৈ দিয়ক৷ মই নিজেই থৈ আহিম৷ মই জানো আপুনি বিজ্ঞানী মানুহ, সময়ৰ দাম আছে৷ কিন্তু প্লিজ মোক বেয়া নাপাব৷ মোৰ কামটো শেষ হোৱাৰ দিনাই আপোনাক থৈ আহিম৷ থাককচোন, ধন আছেই নহয়৷

মহা বিপদ৷ আৰু থাকিব লাগিব! কিমান আৰু হাতীৰ পিঠিত উৰিব, জাহাজী কল খাব৷ অনল লাহে লাহে বিৰক্ত হৈছে৷ কিন্তু হাতীয়ে থ’বলৈ নগ’লে বেলেগ উপায়ো নাই৷ মাজতে কিছুদিন অনলে প্ৰবল বেগত হাত ভৰি লৰাই উৰিবলৈ চেষ্টা কৰি চাইছিল৷ কেনেবাকৈ ক্লিক হ’লে নিজেই গুছি গ’লহেঁতেন৷ পিচে নাই৷ অনলটো আৰু হাতী নহয় যে উৰি ফুৰিবলৈ৷

দেউতা হাতীয়ে খুব গুৰুত্বপূৰ্ণ কিবা কৰি আছে বুলিছিল৷ কিন্তু অনলে ধৰিব পৰা নাই তেখেতে আচলতে কৰে কি৷ দিনটো ঘৰতেই বহি থাকে৷ এদিন অনলে মনে মনে দুৱাৰৰ ফাকেৰে চাইছিল৷ চশমা পিন্ধি ডায়েৰী এখনত খচখচকৈ কিবা লিখি গৈছে৷ হাতী কেনেবাকৈ লেখক নহয়তো! বহাগ বিহু আহি আছে৷ বিহুসংখ্যা আলোচনীৰ বাবে কিবা লিখি আছে নেকি? হ’বও পাৰে৷

মাজে মাজে অনলে ঘৰলৈ যোৱাৰ কথা মনত পেলাই দিয়ে৷ ধুৰৰ! প্ৰতিবাৰেই নতুন নতুন বাহানা৷ এইফালে হাতীৰ দুৱাৰ বন্ধ কৰি লিখাৰ কোব চৰিছেহে৷

হাজাৰ চেষ্টা কৰিও অনলে নিজৰ কৌতুহল দমাই ৰাখিব নোৱাৰিলে৷ এদিন দেউতা হাতীয়ে ভুলুক টিউচনৰ পৰা আনিবলৈ যাওঁতে অনলে মনে মনে দেউতাকৰ কোঠাত সোমাল৷ ড্ৰয়াৰৰ ভিতৰতে আছে ডায়েৰীখন৷ অনলে টান মাৰি উলিয়াই আনিলে ডায়েৰীখন৷ আজি ৰহস্য উদঘাটন হ’বই৷

ভগৱান! গোটেই ডায়েৰীখনত কেৱল অনলৰ কথা৷ অনলৰ হাত, ভৰি, আঙুলি, কাণ, নাক, হেৰি সকলোৰে জোখ লিখি থোৱা আছে৷ অনলৰ মনত পৰিল, ধেমালিকৈ ভুলুক দি এই সকলোবোৰ জোখ লোৱাইছিল৷ অনলেও ধেমালি বুলি জোখ দিছিল৷ কিন্তু নিধকে হেৰিৰ জোখ কেতিয়া ল’লে? চিহ! আৰু এইবোৰ লৈ সি কৰিব কি? অনলৰ উৎকণ্ঠা বাঢ়ি গ’ল৷ যিমানেই পৃষ্ঠা লুটিয়াইছে অনলৰ মূৰ গৰম হৈ গৈছে৷ কিবা যেন বিৰাট ষড়যন্ত্ৰ৷ ইহঁতৰ ধান্দা কি হেৰৌ!

ভুলুহঁত টিউচনৰ পৰা আহি পোৱাৰ সময় হৈছে৷ সিহঁত আহি পোৱাৰ আগতে ৰহস্য উদ্ঘাটন কৰিবই লাগিব৷ সকলোবোৰ পঢ়ি চাবলৈ সময় নাই৷ অনলে চিধাচিধি ডায়েৰীৰ শেষৰফালে পঢ়িবলৈ ল’লে৷ গোটগোট আখৰেৰে ‘দেউতা হাতী’য়ে তাত লিখি থৈছে-

“মোৰ লগত থকা মনুষ্য চেম্পলটোক যোৱা তিনিমাহে যি পৰীক্ষা নিৰীক্ষা কৰিলোঁ তাৰদ্বাৰা আমি তথ্য সহকাৰে ক’ব পাৰোঁ যে, মানুহ কেতিয়াও বান্দৰ বা গেৰিলা জাতীয় প্ৰাণীৰ বিৱৰ্তনৰ ফলত সৃষ্টি হোৱা নাই৷ বৰং খাদ্যভাষ, ভৰিৰ তুলনাত সৰু হাতৰ উপস্থিতি, দাঁত, হাত আৰু ভৰিৰ নখৰ গঠনৰ পৰা আমি এই সিদ্ধান্তলৈ আহিব পাৰোঁ যে মানুহ হৈছে ডাইন’চৰৰ বিৱৰ্তিত ৰূপ৷”

☆ ★ ☆ ★ ☆

8 Comments

  • Rimjhim Borthakur

    তামাম

    Reply
  • rintumoni dutta

    কি লিখা হে ভাই। মাথাত চক্কৰ আহি যায়

    Reply
  • Sadananda Bhuyan

    মজা, বহুত ভাল লাগিল ।

    Reply
  • অভিজিত কলিতা

    ফেণ্টাফেবুলাছ। বাকৰূদ্ধ

    Reply
  • দিম্পল

    শেষটোৱে ছেছ কৰি দিলে।
    উফ কি লিখিলে দাদা

    Reply
  • HEMANTA KAKATI

    মাথাটো হেং মাৰি গল হে৷

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি।

    Reply
  • নীলাক্ষি দেৱী ডেকা

    সাংঘাতিক লিখনি। বহুত ভাল পালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *