বিলৈ- হিমাংশু শৰ্মা
ঘৰত মানুহ বুলিবলৈ মাক আৰু দিগন্তই, তাকো বেচৰকাৰী প্ৰতিষ্ঠান এটাত কাম কৰাৰ বাবেই সিও বাহিৰে বাহিৰে ঘূৰি ফুৰিব লাগে। কামৰ পৰা আহি লগৰ বন্ধুৰ লগত আদ্দা দি ঘৰলৈ আহোঁতে ৰাতি প্ৰায়েই দেৰি হয় । অহাৰ লগে লগে মাকৰ দৈনন্দিন কেছেটখন আৰম্ভ হৈ যায়। সি অকণো বেয়া নাপায়, কাৰণ এইবোৰ এতিয়া তাৰ বাবে অভ্যাসত পৰিণত হৈছে। মাকে ক’লে বুলিও সি এতিয়াই বিয়া নাপাতে আৰু পাতিবও নোৱাৰে । মাকে কিন্তু নামানে।
মাকক দিনটো মনোৰঞ্জিত কৰি ৰাখিবৰ বাবে তাৰ কিবা নহয় এটা কিবা এটা কৰিবলৈ মন,কিন্তু কৰিব কি সেই চিন্তাই তাক অলপ চিন্তিত কৰি থকা হ’ল সঘনে। এদিনৰ কথা,দিগন্ত কিবা কাম এটাত শ্বিলঙলৈ যাব লগীয়া হ’ল,কাম শেষ কৰি ঘৰমুৱা যাত্ৰাত চাহ খাবলৈ তাৰ গাড়ীখন এঠাইত ৰখালে,এনেতে চাহ খাই থাকোঁতে দেখিলে যে সম্মুখত এটা নোদোকা কুকুৰ পোৱালী এটা ঘূৰি ফুৰিছে,লগালগ সি নৰেনক মাতিলে,
-“ঐ নৰেন চা চা কি মৰম লগা কুকুৰ পোৱালী,ইয়াক লৈয়ে যাওঁ নেকি?”
_”দাদা বেয়া নহয় , আপোনাৰ ঘৰৰ সদস্য এটাও বাঢ়িব।”
–“হয় হয় ! ব’ল ইয়াক লৈয়ে যাওঁ।”
–“ব’লক দাদা।” এই বুলি কৈ নৰেনে কুকুৰ পোৱালীটো গাড়ীত ভৰাই ল’লে।
বিৰাট উৎকণ্ঠাৰে মৰম লগা পোৱালীটোক সি ঘৰলৈ লৈ আহিল। আহিয়েই মাকৰ সৈতে চিনাকি কৰাই দিলে আৰু তাৰ বাবে আছুতীয়াকৈ থকাৰ ব্যৱস্থাও কৰি দিলে। বহুত মৰমেৰে পোৱালীটোক মাক-পুতেক দুয়ো আকোঁৱালি ল’লে।
এদিন দুদিনকৈ প্ৰায় এটা সপ্তাহ পাৰ হ’ল,পোৱালীটোও দেখাত ভাল হ’ল। যিমান যত্ন লৈছে নোহোৱাৰ কাৰণ একোৱেই নাই। কিন্তু তাৰ মাজতেই দিগন্তৰ চিন্তা হ’বলৈ ধৰিলে,পোৱালীটোৱে ভুক্ ভুক্ নকৰে কিয়? পোৱালীটো বাৰু বেঙা নেকি … ইত্যাদি ইত্যাদি। কিন্তু সি পোৱালীটোক মৰম কৰিবলৈ নেৰিলে। গাখীৰ,মাংস ইত্যাদি ইত্যাদি তাক যতনেৰে খুৱাই থাকিল। এদিনৰ কথা দিগন্তৰ অফিচ বন্ধ,আজি সি ঘৰতে থাকিব কুকুৰটোৱে কিয়নো নুভুকে তাকেই লক্ষ্য কৰিব। দুপৰীয়া পোৱালীটোক গা-পা ধুৱাই চিকুণ কৰিলে,গাখীৰ সানি ভাত খুৱালে। আচৰিত কথা, কুকুৰটোৱে এবাৰো নুভুকে । মাকে প্ৰথমে কওঁতে তাৰ খং উঠিছিল কিন্তু এতিয়া সিওঁ বিশ্বাস কৰিলে কথাটো। কুকুৰটোক এইবাৰ সি খুলি দিলে মুকলি মনেৰে অলপ খেলক বুলি। দিগন্তইও ভাত পানী খাই অলপ জিৰণি ল’লে,কুকুৰটো ক’লৈকো নগৈ বাৰাণ্ডাতে টহল দি থাকিল।
ঠিক গধূলি হওঁ হওঁ অৱস্থা , পোহৰ আঁতৰি আন্ধাৰ কাষ চাপি আহি আছে,ঘৰে ঘৰে চাকি-বন্তি জ্বলিছে। বাৰীৰ পিছফালে হুৱা-হুৱাকৈ শিয়ালবোৰেও ৰাওচি জুৰিছে। দিগন্ত বাৰাণ্ডাতে বহি চাহৰ কাপত চুমক দি আছিল, আজি সি বাহিৰলৈ ওলাই নাযায়। শিয়ালৰ হুৱাবোৰ প্ৰায় তাৰ কাণৰ কাষত বাজি উঠা যেন হৈছিল তথাপি কথাটো সি গুৰুত্ব নিদি চাহ পি থাকিল আমেজত। তেনেতে দৌৰা দৌৰিকৈ মাক ভিতৰৰ পৰা ওলাই আহিল ,আজি শিয়ালবোৰ ঘৰৰ ওচৰ পালেহি নেকি ও দিগন্ত। ইতিমধ্যে সদায় যোৱাৰ দৰে কাৰেণ্টো গৈছিল। মাকৰ কথাত সি থতমত খালে। কথাটো হয়,দৌৰা দৌৰিকৈ ইমাৰ্জেন্সি লাইটটো জ্বলাই দিলে। লাইটৰ পোহৰত চোতাল খন সামান্য পোহৰ হৈ উঠিল, সেই পোহৰে দিগন্তৰ গোটেই মুখমণ্ডলত আন্ধাৰ নমাই আনিলে। আজিলৈ বেঙা বুলি ভাবি থকা কুকুৰটোৱে বাৰীৰ শিয়ালৰ সুৰত সুৰ মিলাই হুৱা দি আছে। দৌৰি আহি পোৱালীটোক সি ধমক এটা মৰাত সিও হুৱা দি দি বাৰীৰ ফালে লৰ মাৰিলে… আজিও কুকুৰ বুলিলে দিগন্তৰ কাণত ভুক-ভুকনিৰ সমানে সমানে হুৱা-হুৱা বুলি শিয়ালৰ মাতো বাজি উঠে..
☆ ★ ☆ ★ ☆
3:12 pm
ঘৰত হাঁহ-কুকুৰা থাকিলে হৈছিলগৈ আৰু? বন্ধু-বান্ধৱীয়ে মিলি বৰভোজ খালেহৈ৷
3:43 pm
মজা, বহুত ভাল লাগিল ।
11:05 pm
মজ্জাহ,
ভাল লাগিল