অথ: চ’চিয়েল মিডিয়া : সোণটো ৰঞ্জন বৰুৱা
“কেইচটো কি হৈছিল ৰে”
“এ….. বিশেষ একো হোৱা নাছিল। তাক বজাৰত দেখিছিলোঁ। ক’ৰবাত দেখা দেখা, চিনাকি চিনাকি লাগিছিল।”
“তাৰপাছত?”
“হয়তো তাৰো মোক চিনাকি চিনাকি লাগিছিল। কোন হ’ব পৰে, দুয়োটাই চিন্তা কৰিলোঁঁ। কোন হ’ব পাৰেনো, বজাৰ কৰাৰ মাজতেই বহু সময় লুকাই চুৰকৈ মুখলৈ লক্ষ্য কৰি কৰি চিন্তা কৰিলোঁ।”
“তাৰপাছত?”
“তাৰপাছত সি ক’লে অথনিৰে পৰা লুকাই চুৰকৈ মোৰ পিছা কৰিছে কিয়? মই ক’লোঁ, আপুনিওতো মোৰ পিছা কৰিছে।”
“তাৰপাছত?”
“তাৰপাছত সি ক’লে, তই মোৰ পিছ লৈছ, মই তেতিয়াৰে পৰা লক্ষ্য কৰি আছোঁ। সি তই সম্বোধন কৰা দেখি ময়ো স্বতঃস্ফূর্তভাবে তই ব্যৱহাৰ আৰম্ভ কৰি দিলোঁঁ।’’
“তাৰপাছত?”
“তাৰপাছত আমাৰ মাজত তই তই মই মই আৰম্ভ হৈ গ’ল। পিছে সেই তই তই মই মইত, মই মইৰ কোনো অস্তিত্ব নাছিল, অকল তই তইয়েই সম্পূর্ণ প্ৰাধান্য পাইছিল৷ লগতে থু থুও ওলাইছিল। মইতো কওঁ তই তই মই মই কোৱাতকৈ তই তই ভৌ ভৌ বুলিহে কোৱা উচিত। কাৰণ ভৌ ভৌৱেও অজানিতে সমানে প্ৰাধান্য পাইছিল।”
“তাৰপাছত?”
“তাৰপাছত এপাকত সি মোৰ চাৰ্টৰ কালাৰত ধৰিলে। ইমান কাষত দেখি মনলৈ আহিল, ইয়াক ক’ৰবাত চিনি পাওঁ। তাৰো মনলৈ সেই ভাবেই আহিল। কিন্তু সি সেই ভাবক জোকাৰি পেলাই মোৰ আলোচনাত্মক মূল্যাংকন কৰি দিলে। ফলত মোৰ চাৰ্ট ফাটি গ’ল।”
“তাৰপাছত?”
“তাৰপাছত ময়ো ভালদৰেই তাৰ সমীক্ষা কৰি দিলোঁ। দুটা দাঁত ভাঙি দিলোঁ। এনেকুৱাতে পুলিচৰ চকু পৰিল, আমাক থানালৈ লৈ গ’ল।”
“তাৰপাছত?”
“তাৰপাছত পুলিচে বৰ সুন্দৰকৈ আমাৰ কাপোৰ খোলাই লৈ আমাৰ বিবেচনা কৰিলে। পৰিয়ালৰ মানুহে উকীল লৈ থানা পালেহি। উকীল চাহাবে ঘটনাটো সংক্ষিপ্ত কৰিবলৈ পুলিচৰ হাতত কিছু অংক গুজি দিলে যাৰ ফলস্বৰূপে পুলিছে আমাক উত্তীৰ্ণ কৰি দিলে।”
“তাৰপাছত?”
“তাৰপাছত ঘৰলৈ আহি ফেইচবুকত তাক ক’লোঁ, বুজিছে বজাৰত আজি এটা মানুহ লগ পাইছিলোঁ, মোৰ লগত কি অভদ্ৰামী কৰিলে নহয়। সি ক’লে, আচৰিত। তাৰো বজাৰত আজি একে অভিজ্ঞতা। তাৰপাছত দুয়োটাই সমাজত বৃদ্ধি পোৱা অসহিষ্ণুতাৰ বিষয়ে আলোচনা কৰিলো। ঘৰৰ বাহিৰ হোৱাতো যে অসুৰক্ষিত, আলোচনাৰ শেষত দুয়ো একমত হ’লোঁ। তাৰপাছত যেতিয়াই সি আঘাত পোৱা স্থানত মই লগোৱা মলমটোৱেই লগাইছোঁ বুলি ক’লে আমি দুযো ভাতৃত্ববোধত ডুব গ’লোঁ। সমাজত ক্ৰমে বৃদ্ধি পাই অহা হিংসাই আমাৰ মন অস্থিৰ কৰি তুলিলে, অফলাইন হ’লোঁ…. অৱসাদে হেঁচা মাৰি ধৰা দেখি লগ আউট কৰি শুই পৰিলোঁ।
☆ ★ ☆ ★ ☆
2:48 pm
বৰ ভাল লাগিল
5:02 pm
ফেইচবুক…
ভাল লাগিল?
5:06 pm
ফেইচবুক…
ভাল লাগিল?
10:03 pm
বহুত ভাল লাগিল ।
11:36 pm
মজ্জা ৷ আপোনাৰ টাইমলাইনত পঢ়িছিলোঁ চাগে৷ আকৌ মজা ল’লোঁ ৷
11:52 pm
মজ্জা আগতে পঢ়িলোঁ। তিনিবাৰ পঢ়িলোঁ।