গ্ৰহৰত্নৰ গুণ- বকুলী বৈশ্য
বিখ্যাত জোতিষী মনোৰঞ্জন ভৰদ্বাজৰ ব্যক্তিগত টিভি চেনেলত কাম কৰা একমাত্ৰ কন্যা ময়ুৰাক্ষী ওৰফে মমীৰ বিয়াখন হঠাতে ঠিক কৰা হ’ল পি ডব্লিউ ডি বিভাগৰ ইঞ্জিনীয়াৰ প্ৰতুল বৰাৰ লগত। টিভিৰ পৰ্দাত দেখি প্ৰতুলে তাইক পছন্দ কৰিছে। মমীৰ ভীষণ আপত্তি। তাইৰ এতিয়াই বিয়া হ’বলৈ মন নাই। মাক দেউতাকে পাৰ্যমানে বুজাইছে যদিও তাই সন্মত হোৱা নাই।
আঙুঠিটো পাই মমী উৎফুল্লিত হ’ল। ছয়গ্ৰাম ওজনৰ সোণৰ আঙুঠিটো এটা বেঁকা হাঁহি মাৰি নিৰ্দিষ্ট আঙুলিত পিন্ধি ল’লে। তাইৰ সন্তুষ্টি দেখি দেউতাক আশ্বস্ত হ’ল।
পৰহিলৈ দৰাৰ লগত ঘৰৰ মানুহ আহিব বিয়াৰ তাৰিখ ঠিক কৰিবলৈ। পোন্ধৰ দিনৰ ভিতৰতে বিয়া পাতিবলৈ মন দৰাঘৰৰ। তেওঁলোকে অনুষ্টুপীয়াকৈ আঙুঠিও পিন্ধাব। মমীৰ দেউতাকে দৰাৰ কাৰণে এটা হীৰাখটোৱা আঙুঠি কিনি আনি মমীৰ হাতত দি ক’লে, “তুমি এইটো প্ৰতুলৰ আঙুলিত পিন্ধাই দিবা।” তাই হাঁহি মাৰি আঙুঠিটো থৈ দিলে। ইপিনে ঘৈণীয়েকৰ হাতত টকা পঞ্চাশ হাজাৰ দি কাইলৈ মমীক লগত লৈ ফাঁচীবজাৰলৈ গৈ বজাৰ কৰিবলৈ ক’লে। মাকে মমীৰ মুখলৈ চাই ভাবিলে ৰত্নৰ আঙুঠিয়ে কাম দিছে। তাইৰ মন কুমলিছে। নহ’লে তাই কোৱা সেই ছালচিগা ভিকহুটোৰ লগত সংসাৰ পাতিম বোলাহেঁতেন গোটেইখন আউল লাগিলহেঁতেন! এতিয়া অন্ততঃ কিবাকৈ সন্মানটো ৰ’ল।
পুৱাই বিছনা এৰি মমীৰ মাকে কামত ধৰিলে।
আঠবজালৈ মমী শুই নুঠা বাবে তেওঁ মমীক মাতিবলৈ গৈ দেখে যে তাই কোঠাত নাই। টেবুলত এখন ভাজ কৰি থোৱা কাগজ পৰি আছে। তেওঁ কাগজখন চকুৰ আগত দাঙি ধৰিলে।
“মা মই ভাৰ্গৱৰ লগত একেবাৰে গুছি আহিলোঁ।
চহকী আৰু দুৰ্নীতিপৰায়ণ প্ৰতুলতকৈ ছালচিগা ভিকহু ভাৰ্গৱ বহুত ভাল। দেউতাই দিয়া আঙুঠি দুটাই বৰ কাম দিলে অ’ মা। অ’ আৰু এটা কথা। দেউতাই তোমাৰ হাতত দিয়া টকাখিনিও মই লৈ আহিলোঁ। সেইখিনি টকাতো মোৰ বিয়াতেই খৰছ কৰিলাহেঁতেন। মোক বেয়া নাপাবা দেই মা।
ইতি,
মমী