ফটাঢোল

ক’ৰণা ত্ৰাস : কুন্তলা শৰ্মা

বুকুখন মাজে মাজে বিষাবলৈ লৈছেচোন। উশাহটো লওঁতেও অকণমান কষ্ট হোৱাদি হয়। ক’ৰণা নেকি বাৰু?  যিহে দিন কাল, গেষ্ট্ৰিকৰ পৰা আদি কৰি হাৰ্টৰ বেমাৰৰো পাত্তা নাইকিয়া হৈছে। ক’ৰণাহে পোনছাটেই।

ছেহ্, কালিও একেই আজিও একেই। সঁচাকৈ হৈছে নেকি বাৰু। জ্বৰতো নাই, ৰাতি শোৱাৰ সময়ত উঠে চাগে মই গ’মেই নেপাওঁ।

এনেকৈয়ে দুটা দিন পাৰ হ’ল। চাই থকা বস্তু নহয় এইবোৰ। হোম কোৱাৰেণ্টাইন আৰম্ভ কৰাৰহে কথা।মৰিলে অকলেই  মৰিম। মাহঁতক বেমাৰ দি যাব নোৱাৰোঁ।

“মোৰ ওচৰলৈ, মোৰ ৰুমলৈ কোনো নোসোমাবি দেই।”

বাকী সব হতভম্ব। হ’ল কি ছোৱালীজনীৰ!

দিনে দিনে উশাহ লওঁতে বেছি গম পোৱা হৈছোঁ‌। মোৰ যদি ক’ৰণা হৈছে, ক’ৰ পৰানো বাছিম আৰু। এনেও ইম্যিউন চিষ্টেম দূৰ্বল। মোকহে পালেগৈ অ’…। ছেহ্ এনেই পঢ়া শুনাগাল কৰিলো। এম এচ চিটো শেষ নহ’লগৈয়ে নহয়..! যোৱা মাহত পাৰ্পলৰ লিপষ্টিক দুটা লৈছিলোঁ‌হে। এতিয়া লগাই চাবলৈও নষ্ট হ’ব। থাকক, পিছত ভণ্টিয়ে লগাব পাৰিব। ম’বাইলটো টে’ষ্টৰ ৰিজাল্ট অহা দিনাই ফৰমেট মাৰিম। মাঁহতৰ হাতত পৰিলে শেষেই আৰু। ও… ভালেই হ’ল ডায়েৰি নিলিখোঁ‌। আখৰ পুৰিলে পাপ লাগে। মাঁহতে বৰ কষ্ট পাব নহয়। হ’ব আৰু ভাইটি আছে ভণ্টি আছে। চম্ভালিব।

ব্ৰাইডেল মেকআপ কৰি ফটোশ্বুত এটা কৰাই ভাল আছিল। স্বাস্বতেও দেখিলে হয়। পিছে ভালেই হ’ল, সি ম’ভ অন কৰিব লাগিব। এইকেইদিন কনটেক্টটো কমাই দিব লাগিব। নে… কাজিয়া কৰি ব্ৰেক-আপেই লৈ লওঁ নেকি বাৰু..? ভাবিব লাগিব। ক্ৰাছ্কেইটাৰ বাৰু কি হ’ব?  যাহ্ যি হয় হ’ ব আৰু। মই যেনিবা দুদিন আগতে যাম..। হ’লেও এই চাইনাখন। কিমান যে আশা আছিল অ’..হ’ব আৰু.. সব মোহ মায়া হ্যে।

চৈধ্যদিন শেষ হ’ লচোন। বেলেগ একো চিম্পটমছ্ নাইচোন। ক’ৰণাৰ আকৌ দিনে প্ৰতি মিউট্যেছন হয় নহয়। হস্পিতাললৈ গৈ আহোঁ‌। ফোনটো ফুল চাৰ্জ কৰি লৈ যাওঁ, কিজানি ৰখাই দিয়ে! চাৰ্জাৰডালো ল’ ব লাগিব।

ডাক্টৰে ক’লে :- “ক’ৰণা নহয় ঔ। অলপ গেছৰ ট্ৰাব’ল লগতে অতিমাত্ৰা চিন্তা কৰাৰ ফলতহে…।”

ছেহ্, এনেই চিন্তাখন কৰিলোঁঁ।‌ পিছে… ডাক্টৰে বা সঁচাকৈ কৈছে নাই। সাৱধানে থকাতো ভাল।

বাকী ৰাইজৰ বক্তব্য ঠিক এনেকুৱা, “ত্ৰাহিমাম্.. ত্ৰাহিমাম্…এইকণ চিন্তা ৰিছাৰ্চত লগোৱা হ’লে ভেকছিন উলিয়াব পাৰিলি হয়!”

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *