ফটাঢোল

পেৰা চুৰিৰ বিলৈ- অভিজিৎ গোস্বামী

ঘটনাৰ নায়কৰ ৰূপত অমুকাই আছিলোঁ। কাহিনী ১৯৯৭ চন মানৰ হ’ব লাগে। সেই সময়ত মিঠাইৰ প্ৰতি মোৰ এটা বৰ বেলেগ ধৰণৰ নিচা আছিল। সতকাই লোভ সম্বৰণ কৰিব নোৱাৰিছিলোঁ। মিঠা হ’লেই হ’ল আৰু, গুৰ-চেনীও বাদ নপৰিছিল৷ গতিকে, বাকী মিঠাই হ’লেতো আৰু কথাই বেলেগ আছিল। সাধাৰণ এটা উদাহৰণ দিওঁ আপোনালোকক, মোৰ ১০ বছৰ মান বয়সত মিঠাই খোৱাৰ উৎপাত দেখি দেউতাই এদিনাখন ১ কেজি গুৰ আনি, মোক চকুৰ আগত বহুৱাই একেবাৰতে খাবলৈ দিছিল। চাওঁচোন ই নো কিমান মিঠা খাব পাৰে! সেইদিনা মই সফলতা পোৱা নাছিলোঁ যদিও মিঠাইৰ প্ৰতি নিচা কিন্তু কোনো গুণেই কমি যোৱা নাছিল। গতিকে পিতাইৰ আঁচনিও সফলতাৰে সম্পন্ন হোৱা নাছিল। মই সৰুতে দুপৰীয়া ভাত খাই উঠি সকলো শোৱাৰ পাছত পাকঘৰত মনে মনে সোমাই ঘিঁউ, মৌ, দৈ, গাখীৰ, চেনী, গুৰ মিলাই মধুপৰ্ক খোৱা ভকত আছিলোঁ।

এতিয়া প্ৰধান কাহিনীলৈ ঘূৰি আহোঁ বাৰু, মোৰ অলপ দূৰ সম্পৰ্কীয় মাহী এগৰাকীৰ ঘৰ যোৰহাটৰ টিয়কত। আমি মাজে সময়ে মা, মই আৰু ভণ্টি, মাহীৰ ঘৰলৈ দুই-এদিন থকাকৈ গৈ থাকোঁ। তেওঁলোকৰ ঘৰখন যৌথ পৰিয়ালৰ আছিল গতিকে আমি তালৈ গৈ ভাল পাইছিলোঁ। আৰু প্ৰধানত মোৰ প্ৰায় কাণসমনীয়া তেওঁলোকৰ ঘৰত দুজন লগৰ ল’ৰা আছিল; মাহীৰ ভতিজাক। গতিকে খেলা ধূলা আৰু বদমাছি কৰিবলৈ যথেষ্ট সুবিধা হৈছিল। ঠিক তেনেদৰেই এবাৰ গৰম বন্ধত মাহীৰ ঘৰলৈ গৈছিলোঁ। গৈ পাই আবেলি খেলি-ধুলা কৰি আহি ঘৰ সোমাই সন্ধিয়াৰ জা জলপান খাই উঠি  ইফাল-সিফাল কৰি থাকোঁতে, এপাকত দেখিলোঁ তেওঁলোকৰ ঘৰৰ মোৰ লগৰ ল’ৰাটোৱে ফ্ৰীজৰ পাছফালে লুকাই কিবা খাই আছে। মই দেখি লাহেকৈ ওচৰ চাপি গ’লোঁঁ৷ সি মোৰ হাতত ধৰা দিয়াৰ আগতেই কৈ উঠিল যে ফ্ৰীজৰ ভিতৰত বোকাখাটৰ পেৰাৰ ডাঙৰ পেকেট এটা আছে তুমিও খোৱা যদি খাব পাৰিবা। খালি মাহী আৰু তাৰ মাকক ক’বলৈ মানা কৰিলে। আৰু জনালে যে সি আৰু তাৰ ভায়েকে যোৱাকালিৰ পৰা মাজে মাজে এটা দুটাকৈ খাই আছে আৰু ঘৰত কোনেও গম পোৱা নাই। গতিকে মোকো এটা বা দুটাতকৈ বেছি খাবলৈ মনা কৰিলে নহ’লে ধৰা পৰাৰ সম্ভাৱনা আছে বুলি জনালে। মই ইফালে মিঠাই লোভী জীৱ গতিকে মিচন পেৰা লাহেকৈ আৰম্ভ কৰি দিলোঁ আৰু। এনেদৰে সেইদিনা দুই তিনিবাৰ অহা যোৱা কৰি ১৫ টা মান খাওঁতেই মোৰ ভণ্টিয়ে দেখা পালে গতিকে তাইকো ভাগ দিব লগা হ’ল। সিফালে ভতিজাক দুয়োটায়ো অহা যোৱা চলাই আছে মাজে মাজে ছেগ বুজি। পিছদিনাও একেদৰেই ছেগ বুজি বুজি পেৰা চুৰি অভিযান চলাই আছিলোঁ। দুপৰীয়া ভাত পানী খাই উঠিও পেৰা খাই আছোঁ মাজে মাজে। আমি আকৌ কিবা এটা অসুবিধাৰ বাবে সেইদিনাই ঘৰলৈ উভতিব লগীয়া হ’ল। আবেলি ঘৰলৈ উভতিবলৈ ওলাই আহোঁতেই মাহীয়ে বোলে ধেই মই ইহঁতক পেৰা দিবলৈ পাহৰিয়ে আছিলোঁ যোৱাকালি দেওৰে আনি থোৱা আছে বুলি ফ্ৰীজৰ ফালে যোৱা দেখি মোৰ বুকু চিৰিংকৈ গ’ল। মাহীয়ে ফ্ৰীজ খুলি দেখে যে খালী পেকেটটোহে আছেগৈ, পেৰা এটাও নাই। মাহীয়ে বোলে উৱা ইমানগাল পেৰা কি হ’ল! মই ইফালে লাহেকৈ মাক কৈছোঁ যাওঁ ব’ল মা নাখাওঁ দে পেৰা। মাহীয়ে সন্দেহৰ চকুৰে ভতিজাকৰ ফালে চাওঁতেই তেওঁ টেপেককৈ মাত দিছে, যে হয় মই আৰু ভাইটিয়ে কালি খাইছিলোঁ। কিন্তু ই দেখিছিল গতিকে ই আৰু ভনীয়েকে মিলি বেছি খালে গতিকে শেষ হৈ থাকিল চাগে। মোৰ এইষাৰ শুনি কাণ-মূূৰ গৰম হৈ যিহে লাজ পাইছোঁ নহয়। মাহীয়ে সাধাৰণভাৱে কথাটো পাতলাবলৈ চাইছিল, কিন্তু মই এই লাজতে মাহীৰ ঘৰলৈ বহু বছৰ নোযোৱাকৈ আছিলোঁ।

ওৰে ৰাস্তাটো মাৰ গুৱাল গালি আৰু ঘৰ পাই পিতাইৰ গালি খাই উঠিও কিন্তু মিঠাইৰ লোভ সম্বৰণ কৰিব পৰা হোৱা নাছিলোঁ। এতিয়াহে অলপ শৰীৰৰ চিন্তা কৰি মিঠাই খোৱা কমাইছোঁ।

☆ ★ ☆ ★ ☆

20 Comments

  • Krishna

    হা হা হা, ভাল লাগিল পঢ়ি। পেৰা চোৰৰ অৱস্থাটো কল্পনা কৰি হাঁহি ৰাখিব পৰা নাই ???

    Reply
    • abhijit goswami

      দাদা কিছু লাজ পাইছিলো দেই ?

      Reply
  • HEMANTA KAKATI

    হাঃ হাঃ ভাল লাগিল অভিজিত! মিঠাইৰ লোভ মোৰো বহুত আছিল৷ এতিয়া জোৰ কৰি কমাইছোঁ৷

    Reply
    • abhijit goswami

      দাদা মই দেখিলেই কিবা ৰব নোৱাৰাই হৈ যাও… বৰ বেলেগ নিচা এইটো দাদা

      Reply
  • অলকেশ ভাগৱতী

    বঢ়িয়া লাগিল অভিজিত৷ মজা৷

    Reply
  • সঞ্জীৱ।

    হা হা।পেৰা চুৰিৰ অপৰাধত গোচৰ ৰুজু কৰিব লাগিব।

    Reply
    • abhijit goswami

      দাদা হয় দিয়ক হে কিছু লাজ পাইছিলো

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    এতিয়া পেৰা দেখিলেই পেৰা চুৰিৰ কথা মনত পৰেনে?

    Reply
    • Abhijit Goswami

      ধন্যবাদ দাদা ? ? ? পৰে দেই দেখিলেই

      Reply
  • Sadananda Bhuyan

    ভাল লাগিল দেই ।

    Reply
  • ধূৰ্জ্জটি

    বোকাখাটৰ পেৰা এক কেজি খিনি খাই লবা

    Reply
    • abhijit goswami

      আহোঁতে যাওঁতে খাই থাকো দেই ?

      Reply
  • শৰৎ মহন্ত ।নগাঁও ।।

    আপোনাৰ মিঠাইৰ লোভতো বুজিলো।
    এটা সচাঁ কাহিনী মিঠাইক লৈ।——-
    মোৰ গাঁও ৰে বন্ধু এজনৰ জোকোৱা নাম মিঠাই ।। পূজাত বাপেকে জেলেপী আনি মৰাপাটৰ লাচীত লুকুৱাই থৈছিল।বাপুৱে চাকি লৈ মিঠাই বিচাৰি থাকোঁতেই লাগিল জুই মৰাপাটৰ লাচীত। আধাপোৰা হলেও ঘৰ।(পুৰণি গাঁও ৰ ঘৰবোৰ খেৰৰেই বনোৱা) বেচেৰাৰৰ ৰৈ গল নাম—মিঠাই- —।আমিবোৰে কেতিয়াবা জোকাই খং উঠাও।।
    ———–

    Reply
    • abhijit goswami

      টামাম কাহিনী চোন ।মোতকৈ উপৰত দেই এখেত। লিখিব চোন ভালকৈ এইটো কাহিনী

      Reply
  • Jogesh

    বঢ়িয়া। মইটো এবাৰ কোকাকোলাৰ বটলত থকা কলাখাৰ এঢোক গিলি পাইছো, চুৰ কৰি খোৱাৰ নামত।

    Reply
    • abhijit goswami

      হয় গম পালো দাদা ?

      Reply
  • মানসী বৰা

    মজা..লালমোহনৰ পিছত এইবাৰ পেৰাৰ নতুন সংযোজন..

    Reply
    • abhijit goswami

      মিঠাই এৰিব লাগিব দেই.. সদায় ভবা কথা আৰু ?

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *