খোজবোৰ- মাধুৰীমা ঘৰফলীয়া
দহমিনিটমান ধৰি হো-হোৱাই বলি থকা বতাহজাকৰ গতি তেতিয়াও একেবাৰে কমা নাছিল৷ গামোচা এখনৰে খোপাটো টানকৈ বান্ধি কাষৰ হাবিখনৰ ফালে ওলাই যোৱা তৰাক দেখি পাছফালৰ পৰা নিতাইনীয়ে চিঞৰিলে,
:বাঘেখাতি বতাহজাক আৰু অকনমান কমিবলৈ দে৷ এতিয়াই ধুমুহাই সৰুৱা আম বুটলিবলৈ গৈ ডিঙি ভাঙি আহিব নালাগে৷ মোৰ ল’ৰাকণৰ টকা পইচা গছত লগা নাই৷
তৰাৰ খোজটো ৰৈ গ’ল৷ নিতাইনীলৈ চাই তেওঁৰ সুৰতে সুৰ মিলাই ক’লে,
:তই নমৰালৈকে মোৰ একো নহয় বুঢ়ী৷ চিন্তা নকৰিবি, তোৰ শটো জ্বলাবলৈ খৰিকেইডাল যোগান নধৰাকৈ মোৰ হাত ভৰি অচল নহয়!
:এইবোৰক ভাল কথা এটা ক’লেও ৰাগ কি দেখিবা৷ মুখ নহয় একদম জ্বলা খৰিহেন।
হাবিলৈ সোমাই যোৱা তৰাৰ ফালে পিঠি দি তামোলৰ বটাটো আৰু খুন্দনাটো কাষলৈ চপাই আনি নিতাইনীয়ে ভোৰভোৰাই থাকিল। হওঁতে নিতাইনীয়ে ঠিকেই কৈছিল কিন্তু তৰাই যে আম বিচাৰি হাবিলৈ যোৱা নাই এই কথাও বুঢ়ীয়ে জানে। ধুমুহাত ভাগি পৰা গছৰ শুকান ডালবোৰ আনে অনাৰ আগতেই আনিবলৈ বুলি তাই গৈছে। অৱশ্যে তাৰ মাজতে আম দুটামানো বুটলি ননাকৈ নাথাকে আৰু সেইকেইটা আম খাবলৈ নিতাইনীয়ে সকলোতকৈ বেছি আগ ভাগ লয়।
আজিও সেয়াই হ’ল।
:হাবিৰ মাজত থকা আমজোপাৰ সোৱাদৰ নিচিনা সোৱাদ এই ‘পিথৱীত’ নাই পোৱা বুজিছ।
বাঁহৰ চেঁচু এডালেৰে আমকেইটা চুঁচি চুঁচি নিতাইনীয়ে নতুনকৈ হাইস্কুললৈ যোৱা নাতিনীয়েক অকনমানিক কয়৷
:এনে একেবাৰে তই গোটেই পৃথিৱী ভ্ৰমি পাইছ!
অকনমানিয়ে আমৰ গুটি এটা চুপি চুপি আইতাকক ভেকাহি মাৰি উঠে৷
:পাইছোতোন৷ আউবেলি তোৰ ককাৰৰ সৈতে ৰে’লত উঠি সেই বৰনদী পাৰহৈ গুৱাহাটীত থকা পেহী আইতাৰ ঘৰলৈ গৈছিলোঁ৷ গোটেই বাটচোৱা বমি কৰি যোৱা বাবে পাছত আকৌ এবাৰ যাওঁতে ককাৰে লগত নিনিলে৷
:আইতা, দেউতা সৰু হৈ থাকোঁতেই ককা ঢুকাল আৰু তই এতিয়াও ককাৰ সৈতে ফুৰা সময়কণ আউবেলি বুলি ক’বলৈ নেৰিলি৷
নিতাইনীয়ে অকনমানিলৈ ঘোপাকৈ চালে। পিচে বিশেষ পাত্তা নিদি আকৌ ক’বলৈ লাগিল,
:এবাৰ কি হ’ল জান? তোক জোকে ধৰিছিল। তালফাল লগাই গোটেই পথাৰৰ কেঁচা আলি ভাঙি শেষ কৰিলি পাছত ককাই জোক এৰুৱাই দিছিল।
:হেহ সেইটো ঘটনা নহয়৷ তেন্তে সেই…
:ৰহ মাজত মাত নামাতিবি। সেইদিনা ককাৰে দেওবৰীয়া হাটৰ পৰা উভতি আহোঁতে কাণি-মুনি বেলিকা হ’ল৷ সেই যে গাঁৱৰ সিটো মূৰত যে মহেন্দ্ৰহঁতৰ ঘৰ, তাত আগতে মস্ত ডাঙৰ বাঁহনি আছিল। এলা-পেচা মানুহে সেইখন বাঁহনি দিনতে পাৰ হ’বলৈ সাহস নকৰে কিন্তু তোৰ ককা আছিল এই গাঁৱৰ সকলোতকৈ পাহুৱাল আৰু সাহসী ডেকাটো৷ গজংগজং কৈ বাঁহনিখন পাৰ হৈ আহি আছিল পৰিলহি নহয় বাঁহ এডাল সমুখত…
:বতাহত পৰিল চাগে৷
অকনমানিয়ে কাহিনীতকৈ আমৰ গুটিত বেছি গুৰুত্ব দি সুধিলে,
:নহয় অ’ ঘাইটোৱেই বাঁহৰ আগত বহি বাট ভেটি ধৰিছিল৷ যখ৷ ককাই বোলে গৰজি উঠিল৷ ভালে ভালে মোৰ বাট এৰি দে নহ’লে হাতত থকা সৰিয়হৰ টোপোলাত ভৰাই থ’ম এতিয়া৷ বাঁহডাল লগা-লগ বাটৰ পৰা উঠি গ’ল হেনো।
হাতত থকা গুটিটো চোতালৰ এচুকলৈ দলিয়াই আইতাকৰ চকুত চকু থৈ অকনমানিয়ে লাহেকৈ সুধিলে,
:আইতা তই সদায় কৈ থাক ককা এনেকুৱা আছিল, ককা তেনেকুৱা আছিল আৰু সেইটো ককাৰে পুতেক হৈ দেউতা কিয় এনেকুৱা হ’ল?
এটা পলৰ বাবে আম চুঁচি থকা নিতাইনীৰ হাতখন ৰৈ গ’ল৷ তেওঁ আঁৰ চকুৰে কাষতে ৰৈ হাবিৰ পৰা অনা শুকানডালবোৰ জাপি থকা তৰালৈ চালে৷ তাৰ পাছত অকনমানিলৈ চাই গৰজি উঠিল,
:আউ বালক কথা শুনা তাইৰ৷ এইকণ পোৱালি হৈ ইমান ডাঙৰ কথা। মাকেই শিকাব লাগিব নহ’লে কোনে শিকাব।
:কলিৰ পো আই, আনে শিকাব নালাগে দেখি শুনি নিজে বুজি পাইছে৷
ধোঁৱাচাঙত খৰি এমুঠা থ’বলৈ বুলি উঠি যোৱা তৰাই লাহেকৈ কৈ গ’ল৷ ভাগৰুৱা কণ্ঠৰে তৰাই কৈ যোৱা কথাষাৰ শুনি নিতাইনীয়ে একো উত্তৰ নিদি আম চুঁচাত মন দিলে৷ হওঁতে বাপুকন গাঁৱৰ ভিতৰতে ভাল ল’ৰা বুলি নাম আছিল৷ সৰুতে বাপেক ঢুকুৱা ল’ৰাটোক নিতাইনীয়ে বৰ আতোলতোলকৈ ডাঙৰ কৰিছিল। মৰা সাপ এটা দেও নিদিয়া বাপুকনলৈ বিয়াৰ সময়ত তাৰ পচন্দ মতেই তৰাক বিয়া পাতি আনিছিল। খৰম জুৰীয়া তৰাৰ ভৰিহাল দেখি বহুতে নিতাইনীক কৈছিল এইজনী ছোৱালীয়ে ঘৰখন ঘৰ কৰি থ’ব নে নথয় সন্দেহ দেই নিতাইনী! পিচে নিতাইনীয়ে কাৰো কথা গুৰুত্ব নিদিলে৷ দুবছৰমান ঠিকেই গ’ল। তাৰপাছতে এদিন অঘটন এটা ঘটিল৷ হালৰ গৰুহাল বাৰীত এৰাল দিবলৈ যাওঁতে পঘাৰ সৈতে বাপুকনৰ ভৰি এটা জোঁট-পোট খাই লাগি ধৰিল৷ ঠিক তেনে সময়তে কিবা এটা ভয় খাই গৰুটো দৌৰিবলৈ লাগিল ফলত পঘাৰে সৈতে বাপুকনকো চুঁচৰাই নিলে৷ গৰু যেতিয়া ৰ’লগৈ তেতিয়ালৈকে বাপুকণৰ ভৰিটো কেইবাটুকুৰা হৈছিল৷ হস্পিতালত এমাহ থাকিব লগা হ’ল৷ নিতাইনীৰ দৰেই এটা যুগৰ পাছত তৰাই খেতি-বাতিৰ পৰা আৰম্ভ কৰি গোটেই ঘৰখনৰ কামবোৰ মূৰ পাতি ল’লে৷ বাপুকন ঘৰলৈ আহিল। পেং এডাল লৈ ইফাল সিফাল কৰি ঘূৰি ফুৰিল৷ সময় কটাবলৈ বুলি কাষৰে বৰগছৰ তলত বহা তাছপাতৰ আড্ডাত বহেগৈ৷ লাহে লাহে সেয়া নিচা হৈ পৰিল৷ এটা সময়ত ভৰি জোৰা লাগিল কিন্তু বাপুকন পাকৈত জুৱাৰী হৈ পৰিল৷ অলপদিনৰ পাছত মদৰো নিচা লাগিল। এটা সময়ত ভাল ল’ৰা বোলা বাপুকনৰ গাত মদাহী, জুৱাৰী শব্দকেইটাহে জিলিকি উঠিল। অৱশ্যে নিতাইনীৰ আগত কোনেও পুতেকক বেয়া বুলি ক’বলৈ সাহস নকৰে৷ বুঢ়ী জকজকাই উঠে। কিন্তু তৰাই শান্ত হৈয়ে নিজৰ কামবোৰ কৰি থাকিল যেন একোৱেই সলনি হোৱা নাই। মাথো কেতিয়াবা নিতাইনীৰ পেকপেকনিত অতিষ্ঠ হ’লে কিবাকিবা উত্তৰ দিয়ে৷ তাৰ বাহিৰে তাইৰ মুখৰ মাত নুশুনাৰ দৰেই হ’ল। কাম মাথো কাম। খেতিৰ পৰা ঘৰৰ জুহালৰ খৰিকেইডাল জোৰা মৰালৈকে কাম!
:বগী কুকুৰাজনী মন কৰিছ নে তৰা?
ৰাতি ভাত খাই থকাৰ সময়ত নিতাইনীয়ে তৰালৈ চাই সুধিলে।
:কিবা হ’ল নেকি?
:সেউতীৰ ঘৰৰ ডাকুৱাটোৰ লগত ঘূৰি ফুৰোঁতেই জানিছিলোঁ তাই চাটৰিয়ে ঘৰৰ মতা কুকুৰাটো এৰি সেইটোৰ লগত ঘূৰি ফুৰিছে যেতিয়া কণীও ঘৰত নাপাৰে।
:ক’ৰবাত কণী পাৰিছে নেকি?
মুখলৈ নিবলৈ লোৱা ভাতটেপা আধাতে ৰখাই তৰাই সুধিলে।
:দিহিঙিয়ানীৰ ঘৰৰ গঁৰালৰ পৰা আজি চিঞৰি চিঞৰি ওলাই আহোঁতে চালোঁগৈ এসোপা কণী। দিহিঙিয়ানীক তাকে কওঁতে ক’লে বোলে সেয়া হেনো সিহঁতৰ কুকুৰাই পৰা কণী।
:হ’বও পাৰে আই৷ মিছাতে দিহিঙিয়ানী আইতাৰ সৈতে মুখ পাতি নল’ব৷ মানুহজনীয়ে সুবিধা পালেই মহাভাৰতখন বকিবলৈ আৰম্ভ কৰি দিব।
:হ’ল বুলি এৰি দিব নোৱাৰি বুজিছ৷ আমাৰ বগীৰ কণীকেইটা মই চিনি পাওঁ নহয় ডাঙৰ ডাঙৰ।
তৰাই আৰু একো নক’লে৷ জানে কৈয়ো লাভ নাই৷ কোনোবাদিনা এইটোকে লৈ দুয়োগৰাকীৰ মাজত এযুঁজ হ’ব। যুঁজ হ’ব কণীক লৈ কিন্তু শেষত গৈ তৰাৰ কথাৰে সেয়া মোখনি মাৰিব৷ সদায়ে তেনেকুৱা হয়৷ তাৰো কাৰণ নোহোৱা নহয় অৱশ্যে৷ বাপুকনৰ বিয়াৰ সময়ত দিহিঙিয়ানীয়ে নিজৰ কোনোবা এলেকৰ-পেলেকৰ ভতিজা এজনীক দেখুৱাইছিল৷ নিতাইনীৰো পচন্দ হোৱাত বিয়াৰ প্ৰায় যা-যোগাৰ আৰম্ভ হৈছিল৷ কিন্তু তেনেতে কেণা লগালে বাপুকনে। ক’ৰবাত বিহুৰ মেলা চাবলৈ গৈ তৰাক পচন্দ হ’ল। সি আহি মাকক ক’লে৷ তৰাৰ খৰম জুৰীয়া ভৰিহালক লৈ ভৱিষ্যত গণনা কৰা সকলোৰে পৰামৰ্শ আওকাণ কৰি নিতাইনীয়ে তৰাক বোৱাৰী কৰি আনিলে৷ দিহিঙিয়ানীৰ নিজৰ মাকৰ ঘৰৰ মানুহৰ আগত নাক কটা গ’ল হেনো৷ তেতিয়াৰে পৰা সুবিধা পালেই দিহিঙিয়ানীয়ে নিতাইনীক খোঁচ মাৰি কয়,
:খৰম জুৰীয়া ভৰিৰ বোৱাৰী সৌভাগ্য সকলোৰে নাথাকে। সেইবাবেই ঘৰখন ধনে-ধানে ভৰি গৈছে!
সেইষাৰ শুনিলে ফেঁট তুলি থকা নিতাইনী কোঁচ-মোচ খাই যায়৷ সাধাৰণতে তেনেকুৱা কাজিয়াৰ পৰা বহু আঁতৰত থকা তৰাই বিচাৰে নিতাইনীয়ে কিবা এষাৰ উত্তৰ দিয়ক। লাগিলে এয়াকে কওক তেওঁৰ ভুল হ’ল খোজ চায়ে কুলক্ষণী বুলি ভাবি ইখনৰ পাছত সিখন বিয়া ভঙা তৰাক তেওঁৰ বোৱাৰী কৰি অনাটো ভুল হ’ল। নাই নাই সকলো কথাতে ওফৰা-উফৰি কৰা নিতাইনীয়ে সেইষাৰত মাত নামাতে। তৰাৰ ক্ষোভবোৰ মনে মনে বাঢ়ি যায় আৰু সেয়ে কেতিয়াবা সুবিধা পালে নিতাইনীক যি টি কথাৰে থকা-সৰকা কৰি পেলায়।
তৰাই শংকা কৰাৰ দৰেই দুদিনমানৰ পাছতে দিহিঙিয়ানীৰ ঘৰৰ গঁৰালৰ কাষত বগী কুকুৰাজনীক লৈ চিঞৰ বাখৰ আৰম্ভ হৈ গ’ল৷ নিতাইনীয়ে বুকু ফুলাই আশে-পাশে থকা দিহিঙিয়ানী, তেওঁৰ বোৱাৰীয়েক আৰু তৰাৰ ফালেই চাই কৈ আছে,
:সিদিনা কণী দেখিয়ে কৈছিলোঁ এইয়া আমাৰ বগীয়ে পৰা কণী হয়। নাই দিহিঙিয়ানীয়ে মানি নলয়৷ আজি গৈ গঁৰালত দেখিলোঁ তাই তাতে উমনি লৈ আছে। নিজে পৰা কণী দেহী, আনে নহয় বুলি ক’লেই উমনি নোলোৱাকৈ থাকিবনে।
:হ’ব এতিয়া গম পালি নহয় নিজৰ কুকুৰা লৈ যা৷
দিঙিয়ানীয়ে মুখখন বেঁকা কৰি ক’লে। আই আহক বুলি তৰায়ো নিতাইনীৰ হাত এখনত ধৰি ঘৰৰ ফালে টানিলে। পিচে জিকা যুঁজ এখনৰ পৰা জানো নিতাইনীয়ে ইমান সহজে আঁতৰি আহিব৷ দিহিঙিয়ানীৰ কাষলৈ গৈ আকৌ ক’লে,
:বুজিছ দিহিঙিয়ানী আমি হৈছোঁ ধোঁৱা দেখিলেই বুজি পোৱা মানুহ, জুইকুৰা মতামানুহে ধৰিছে নে মাইকীমানুহে ধৰিছে৷
অতপৰৰ পৰা নিতাইনীৰ আক্ৰমণ সহি থকা দিহিঙিয়ানীয়ে এইবাৰ ৰব নোৱাৰি আচল অস্ত্ৰপাট এৰিলে৷
:সেইবাবেই বাচি বাচি বোৱাৰী আনি ঘৰ নদন-বদন কৰি দিলি৷
ঘটং….
দিহিঙিয়ানীৰ বোৱাৰীয়েকৰ হাতত থকা কাঁহীখন সৰি পৰিল৷ তৰাই এবাৰ ইচ্ছাকৃত ভাৱে বিষয়টো সলাবলৈ বুলি পেলোৱা কাঁহীখনলৈ চাই আৰু এবাৰ জঁই পৰি যোৱা নিতাইনীৰ মুখলৈ চাই লাহেকৈ ঘৰলৈ বুলি খোজ ল’লে৷ ইয়াৰ পাছত তাই এই ঠাইত থাকিব নোৱাৰে৷ পিচে হাত এখনে তাইক বাধা দিলে৷ উভতি চালে, নিতাইনীৰ হাত সেয়া৷
:ৰহ৷
নিতাইনীয়ে তৰালৈ চাই গহীনকৈ আদেশ দিলে৷ তাৰপাছত দিহিঙিয়ানীৰ একেবাৰে কাষলৈ গৈ চকুত চকু থ’লে৷
:তোৰ মুখত হেজাৰবাৰ এইষাৰ শুনিয়ো মনে মনে আছিলোঁ। ভাবিছিলোঁ তোৰ ভতিজাৰক বাপুলৈ ননাৰ বাবে যিমান দুখ আৰু লাজ তোক দিলোঁ তাৰ বাবে সেইখিনি শুনিবই লাগিব৷ সেইবুলি সদায় নহয় দিহিঙিয়ানী৷ অ’ মই গোবৰ দেখিলেই কাৰ ঘৰৰ গৰুৱে হাগিলে গম পোৱাৰ দৰে মোৰ ল’ৰাকো জানিছিলোঁ৷ দহো ৰাইজে ভাল বুলিলেও সেই অলগৰ্ধটোৱে যে ঘৰ ধৰি খাব নোৱাৰে সেয়া জানিছিলোঁ। সেইবাবেই সি তৰাক পচন্দ কৰোঁতে একেষাৰে মানি লৈছিলোঁ৷ এই যে তহঁতে কৈ থকা খৰম জুৰীয়া ভৰিকেইটা, সেইকেইটাৰ খোজ দেখিয়ে মই জানিছিলোঁ এইজনী ছোৱালীয়েহে মোৰ ঘৰখন ঘৰ কৰি ৰাখিব পাৰিব আৰু ৰাখিছেও তাই৷ কুকুৰা পোৱালীৰ দৰে আমাৰ তিনিটাক আবৰি ৰাখিছে৷ তই যদি সেইখিনি দেখা পোৱা নাই সেয়া আমাৰ দোষ নহয় তোৰ নিজৰ চকুৰ দোষ৷ ব’ল তৰা৷
জঠৰ হৈ পৰা পৰিবেশটোৰ পৰা নিতাইনীয়ে তৰাক ঘৰৰ ফালে টানি আনিলে৷ চলচলীয়া হৈ পৰা চকুৰে একো নমনা তৰাই নিতাইনীৰ হাতখন খামোচ মাৰি ধৰিলে৷ আবেগেৰে, আকুলতাৰে!