আধুনিক মহাভাৰত :দ্ৰৌপদীৰ বস্ত্ৰ হৰণ- সদানন্দ ভূঞা
মহাভাৰত, ৰামায়ণ ৰাইজসকলে নিশ্চয় বৰ্তমান টিভিত চাই আছে। ধৰি লওঁক বৰ্তমান সময়ৰ মহাভাৰতৰ কাহিনীবোৰ যদি বাস্তৱ আকাৰে প্ৰতিফলিত হ’বলৈ হয়, তেন্তে ঘটনাবোৰে কি ৰূপ ল’ব পাৰে এবাৰ কল্পনা কৰকচোন। মোৰ মগজুত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিবলগীয়া মুহুৰ্তত যি ঘটিবলগীয়া অৱস্থাৰ সৃষ্টি হ’লহেতেন তাৰ এক নাটকীয় ৰূপৰ অংকন কৰি ক্ষন্তেক মনোৰঞ্জনৰ বাবেহে এই লিখনিটো লিখিব ওলাইছোঁ। মহাভাৰতৰ দৰে মহান গ্ৰন্থখনক তুচ্ছ তাচ্ছিল্য কৰাৰ ধৃষ্টতা এই মুৰুখমতিয়ে কদাপি কৰিব নোৱাৰোঁ। পাঠকৰ মনোৰঞ্জন আৰু বৰ্তমানৰ সময় এই দুয়োটাক প্ৰাধান্য দি লিখা লিখনিটোত যদি কোনোবা পাঠক বিতুষ্ট হয়, তেন্তে এই অভাজন ক্ষমাপ্ৰাৰ্থী।
নাটকখনৰ আৰম্ভনিতে ৰজা ধৃতৰাষ্ট্ৰৰ ৰাজসভাত শকুনিৰ কুটিল মন্ত্ৰনাত কৌৰৱ আৰু পাণ্ডৱৰ মাজত পাশাখেল হৈ আছে। পাণ্ডৱে শকুনিৰ কুটিল চালত বন্দী হৈ এপদ এপদকৈ সম্পদবোৰ হাৰি আছে। কৌৰৱ সকলৰ অট্টহাস্যত ৰাজসভা কঁপি আছে। পাণ্ডৱ সকলৰ মুখ শুকাই টেমিহেন হোৱা অৱস্থা। পাণ্ডৱসকল সকলো হাৰি সৰ্বস্বান্ত হ’ল। শেষ চালৰ বাবে দ্ৰৌপদীক পণ ৰাখি পাণ্ডৱ সকলক খেলিবলৈ কৌৰৱ সকলে বাধ্য কৰালে। ৰাজসভাত মৃদু গুঞ্জন হ’ল যদিও বিদুৰৰ বাহিৰে কোনেও স্পষ্ট প্ৰতিবাদ কৰিবলৈ সাহস নকৰিলে। শকুনিৰ পাশা গুটিৰ চালত পাণ্ডৱ সকল একেবাৰে শেষবাৰৰ বাবেও পৰাস্ত হ’ল। পাণ্ডৱ সকলে দ্ৰৌপদীক হেৰুৱাই মূৰে-কপালে হাত দিলে। কৌৰৱ সকলৰ কুটিল ৰণনীতিত পাণ্ডৱ সকলৰ অসহায় অৱস্থা । অহংকাৰী আৰু স্বাৰ্থলোভী কৌৰৱ বিজয়ৰ উল্লাসত মতলীয়া। কৌৰৱৰ ৰণনীতিত পিতামহ ভীষ্ম, গুৰু দ্ৰোনাচাৰ্য বিতুষ্ট যদিও কৌৰৱৰ দম্ভ অহংকাৰত মৌন। কৌৰৱ জ্যেষ্ঠ দুৰ্যোধনে দুঃশাসনক আদেশ দিলে… ভ্ৰাতা দুঃশাসন, বিলম্ব নকৰি অন্তেষপুৰৰ পৰা দ্ৰৌপদীক ইয়ালৈ লৈ আনা। যদি দ্ৰৌপদী আহিব নিবিচাৰে তেন্তে চুলিত ধৰি চোঁচৰাই চোঁচৰাই লৈ আহিবা। জেষ্ঠ ভাতৃৰ আদেশ পাই দুঃশাসনে বুকু ফুলাই বীৰদৰ্পে অন্তেষপুৰৰ দ্ৰৌপদীৰ কোঠালৈ বুলি ৰাওনা হ’ল। কিন্তু ই কি ঘটনা ঘটিল ? দ্ৰৌপদীৰ অন্তেষপুৰৰ পৰা দুঃশাসনৰ মৰণ কাতৰ আৰ্তনাদ। দৌৰি দৌৰি ৰাজসভালৈ আগে আগে দুঃশাসন হাতত বেলনামাৰি লৈ পিচে পিচে দ্ৰৌপদী। দুঃশাসণনে চিঞৰি চিঞৰি আহিছে… দাদা, মোক বচোৱা মোক বচোৱা। এইজনীয়ে নহ’লে এতিয়া মোক মাৰি পেলাব। দ্ৰৌপদীয়ে ৰাজসভাতে দুঃশাসনৰ চুলি কোচাত থাপ মাৰি ধৰি… কাৰ চুলিত ধৰিবলৈ সাহস কৰিব আহিছিলি নৰাধম। আজি এই দ্ৰৌপদীৰ হাতত নিস্তাৰ নাই। তেনেতে পিতামহ ভীষ্মই নাপায় নাপায় বুলি চিঞৰি উঠিল। পিতামহ ভীষ্মলৈ চাই দ্ৰৌপদীয়ে কলে… পিতামহ,আপুনি এইষাৰ কথা ক’লে? কিয় নাপায়? যি পুৰুষে নাৰীৰ কেশ বিন্যাসত ধৰিবলৈ উদ্দত হয় সেই পুৰুষক জানো ক্ষমা কৰি দিব পাৰি? পিছে সময়ে আপোনাক তেনেকৈ ক’বলৈ বাধ্য কৰাইছে। কাৰণ পাপীষ্ঠ কৌৰৱৰ খুদ খাই পাণ্ডৱৰ পক্ষ কেনেকৈ ল’ব,নহয় জানো ? গুৰু দ্ৰোনাচাৰ্যই এইবাৰ চিঞৰি উঠিল… তুমি এগৰাকী নাৰী আৰু দুঃশাসন এজন পুৰুষ। পুৰুষৰ ওপৰত নাৰীয়ে অত্যাচাৰ চলোৱাতো অন্যায়। দ্ৰৌপদী গৰজি উঠিল… গুৰু দ্ৰোণাচাৰ্য, আপুনি হয়তো পাহৰি গৈছে আজিৰ নাৰী পৰাধীন নহয়। নাৰীক অৱলা বুলি ভাৱিবলৈ আৰু নাৰীক আজলী বুলি ক’বলৈ আজিৰ পুৰুষৰ শক্তি নাই। আজিৰ দিনত নাৰী পুৰুষৰ সমানেই সম অধিকাৰী। পিছে আপোনাৰো গতি পিতামহ ভীষ্মদেৱৰ দৰে। গতিকে আপুনিওতো কৌৰৱৰ পক্ষ ল’ব লাগিবই। অন্ধৰাজ ধৃতৰাষ্ট্ৰই সিংহাসনৰ পৰা একেজাপে উঠি গৰজি উঠিল… এইজনী কেনেকুৱা ডাংকাটি বোৱাৰী অ’? ডাঙৰৰ মুখে মুখে কথা কয়। ডাঙৰক সন্মান কৰি কথা ক’ব নিশিকিলে। দ্ৰৌপদীও সমানে সমানে গৰজি উঠিল… মহাৰাজ, আপুনি নিজে বোৱাৰী বুলি এইখন সমাজত স্বীকৃতি দিছে যেতিয়া কথা এটা কওঁ শুনক। আপুনিয়েই কওঁকচোন, কোনজন বৰজনা বা দেওঁৰেকে নিজৰ ভাই বোৱাৰী বা বৌৱেকক কেশবিন্যাসত ধৰি চোঁচৰাই অনাটো শোভাবৰ্ধক হয়। আপুনিতো পুত্ৰ মোহত বন্দী এজন অন্ধ ৰজা। আপুনি আপোনাৰ কুলাংগাৰ পুত্ৰ সকলৰ বেয়া দিশবোৰ জানো কেতিয়াবা আঙুলি টোৱাঁই পাইছিল? দ্বাপৰ যুগৰ দ্ৰৌপদীৰ দৰে আজি যদি মোৰ বস্ত্ৰ হৰণো কৰিলেহেঁতেন পিতামহ ভীষ্ম, গুৰু দ্ৰোনাচাৰ্য আৰু আপুনি নিজে নিশ্চুপ হৈ সকলো লীলাখেলা চাই থাকিলে হয়। বৃদ্ধ হ’লেও যুগে যুগে সকলো পুৰুষে নাৰীৰ নগ্ন ৰূপ উপভোগ কৰাৰ মোহত বন্দী। আৰু মহাৰাণী গান্ধাৰী মাতৃ আপুনি দুচকুত সাত তৰপীয়া ক’লা কাপোৰ বান্ধি স্বামী ভক্তিত গদগদ। আপোনাৰ বংশৰ কলংক আপোনাৰ আঁচলৰ ধন কৌৰৱ পুত্ৰগণৰ কু-কীৰ্তিবোৰেই বা দেখিব ক’ত? দ্ৰৌপদীৰ বক্ৰ বাক্যত অতিষ্ঠ হৈ দুৰ্যোধন গৰজি উঠিল… হেৰৌ মুৰুখমতী নাৰী, তোক আমি পাশাখেলত পণ হিচাবে পাইছোঁ। গতিকে আমি তোক যি ইচ্ছা তাকেই কৰিব পাৰোঁ। দ্ৰৌপদীয়ে বোলে… হয় নেকি। সাহস আছে যদি আহ, তোৰ যি ইচ্ছা তাকেই কৰহি। নাহ কিয়, আহ আকৌ। উ… এইকেইজন মোৰ পঞ্চ স্বামী পঞ্চ পাণ্ডৱ। ফটিকাৰ ৰাগীত মূৰেই ডাঙিব পৰা নাই । এইজন মোৰ জেষ্ঠ স্বামী যুধিষ্ঠিৰ । ধৰ্মৰাজ যুধিষ্ঠিৰ । ইফালে আকৌ পাশা নামৰ জুৱা খেলে। নিজৰ সহধৰ্মিনীক পাশা খেলৰ পণবন্দী কৰে। এইজন মোৰ দ্বিতীয় স্বামী ভীম। এওঁ এতিয়া দুৰ্যোধনৰ উৰু ভংগ কৰা আৰু দুঃশাসনৰ ৰক্ত পান কৰাৰ প্ৰতিজ্ঞা কৰিব । নেলাগে স্বামী আপুনি সেই প্ৰতিজ্ঞা নকৰিলেও হ’ব। নৰৰূপী এই পিশাচ কেইটাক মই অকলেই বিনাশ কৰিব পাৰিম । উৱা ইমানখিনি হৈ গ’ল এইজনা মোৰ তৃতীয় স্বামী অৰ্জুন ওৰফে পাৰ্থ দেৱৰ একো উমঘামেই নাই। ফটিকাৰ ৰাগীত মাতাল হৈ টোপনীত কলমটিয়াই আছে। ক’বলৈ গ’লে এইজনেইতো মোৰ প্ৰকৃত স্বামী। তেৰাই মাতৃ ভক্তিৰ নিদৰ্শন দেখুৱাবলৈ যাওঁতেই অমুকী আজি পাঁচ পাণ্ডৱৰ পত্নী । এয়াই হ’ল নাৰীৰ জীৱন। নাৰী জাতিক পুৰুষসকলে যুগে যুগে পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি আহিছে। সময় সলনি হ’ল । এক নায়কত্ববাদৰ প্ৰতিবাদ হব লাগিব। নাৰী যুগে যুগে লাঞ্চিত, বঞ্চিত আৰু অপমানিত হৈ থকাৰ মূল কাৰণটোৱেই হ’ল… নাৰী মমতাময়ী,নাৰী কৰুণাময়ী। নাৰীৰ উদাৰতাৰ সুযোগ লোৱাৰ পৰা পুৰুষ সকলক চিৰদিনৰ বাবে বঞ্চিত কৰিব লাগিব । তেতিয়াহে নাৰীৰ সৱলীকৰণ সফল হব।
ধেৎতেৰি, মোৰ মগজুত কি কি বোৰ যে খেলাই নহয়। যদিহে মই ভৱাৰ দৰে হয়, তেন্তে মহাভাৰত ধৰ্মগ্ৰন্থখনেইচোন সলনি হৈ যাব। ধুই, আৰু নিলিখোঁ যা। যুগে যুগে হিন্দু সভ্যতাৰ চানেকি স্বৰূপ মহান ধৰ্ম গ্ৰন্থখনৰ মহানতাক ধুলিত বিলীন হৈ যাবলৈ দিব কদাপি নোৱাৰোঁ,নোৱাৰোঁ। পাঠকবৃন্দ, আপোনাসৱৰ ওচৰত কৰযোৰে মোৰ এই অক্ষমনীয় অপৰাধৰ মাৰ্জনা বিচাৰি আধুনিক মহাভাৰতৰ ইমানতে সামৰণি মাৰিলোঁ।
2:39 pm
ভাল লাগিল
7:52 pm
অশেষ ধন্যবাদ জনালোঁ ।
7:50 pm
ভাল লাগিল ভুঞা দেউ!
7:53 pm
অশেষ ধন্যবাদ জনালোঁ ।
7:52 pm
ভাল লাগিল দাদা।
7:54 pm
বহু বহু ধন্যবাদ জনালোঁ ।