নিৰূদ্দেশ অলকেশ ভাগৱতী-ৰিমঝিম বৰঠাকুৰ
: আপোনালোকে খবৰটো পায়নে?
: কোনটো খবৰ?
: কি কোনটো খবৰ? ইমান ডাঙৰ খবৰ এটা এতিয়ালৈকে গম নাপায়। কি হে ৰিণ্টুদা আপোনাৰ বোলে সৰু ভাই। তাৰপিছতো গম নাপায়।
: কিনো হ’ল ভালকৈ ক’বা নে? নে কথা বহলাই থাকিবা?
: ঠিক আছে শুনক তেন্তে – অলকেশ ভাগৱতী বোলে নিৰূদ্দেশ হৈ আছে।
: কি কি কি?
একেলগে কেইবাজনৰ পৰা কি কি কি শব্দটো মেছেজত থুলুক থুলুক সৰি পৰিছে।
আচলতে আচৰিত হ’বলগীয়া। কেনেকৈ অলকেশ ভাগৱতী নিৰূদ্দেশ হ’ব পাৰে। ক’তনো যাব, কোনেনো নিব? কৰবাত গৈ ধুনীয়া পৰিৱেশত কবিতা পাঠ কৰিবলৈও চৰকাৰে সেইভাগি সুবিধা এতিয়ালৈকে দিয়া নাই। আৰু কবিতা পাঠ কৰিবলৈওতো বেলেগ কবি ওলাব লাগিব। কিন্তু এই লকডাউনৰ সময়ত কোনো কবি ক’তো ওলাব পৰা নাই। সব নিজৰ নিজৰ বাৰীতেই আছে। তেন্তে ক’ত যাব পাৰে তেওঁ!
WhatsApp গ্ৰুপটোত দেখিছোঁ ৰিণ্টুদা, প্ৰণীতা বা, চবিনা বাই একেলগে কিবা টাইপ কৰি আছে। কাৰ পৰা কি ব’ম সৰি পৰে ঠিক নাই। অলপ সময়ৰ পিছত- আহিল আহিল গোটেইকেইটা ব’ম একেলগে পৰিছে।
ৰিণ্টুদা: এইটো কেনেকৈ সম্ভৱ! কালি ৰাতি বাৰটা মানে আজি সি মোক মেছেজ দিছে। এইটো চোৱা,
বুলি ৰিণ্টুদাই অলকেশ দাৰ মেছেজটোকে ফৰ্ৱাড কৰি দিছে “ৰিণ্টুদা আপোনাৰ কাৰণেই মই এই আকালৰ দিনত পানীতে বৰফ এটুকুৰা পেলাই ফিল এটা আনি কিবা এটা লিখিবলৈ চেষ্টা কৰি আছোঁ। কমছে কম ভাইৰ ইজ্জতৰ কথা আছেতো।
চবিনা বা : হেই নহয়, অলকেশটো একদম পাগল হয়। সবকে ভয় খুৱাবলৈ এইবোৰ নৌটংকি কৰি আছে। আজি পুৱা পাঁচটাত মোক ফোন কৰি জগাইছে আৰু লিখাটো তৎক্ষণাত বৰ্ণাশুদ্ধি কৰি দিবলৈ দম দিছে। লিখা দিলে যেতিয়া ক’তনো পলাব, আছে চাগে ঘৰতে। অ ফেচবুকতো পোষ্ট আকাৰে অলকেশৰ নিৰূদ্দেশৰ বাতৰিটো দি দিওঁ।
প্ৰণীতা বা : হে ৰিম কথাটো সঁচা নেকি? কিন্তু তুমি কেনেকৈ গম পালা? ময়ো ফেচবুকত আপডেট এটা দি দিওঁ ৰ’বা। বহুতদিন একো পোষ্ট কৰাই নাই।
তিনিওজনৰে মেছেজটো দেখি কাক ৰিপ্লাই আগত দিম এক ছেকেণ্ডমান ভাবিবলগা হ’ল।
কি কেনেকৈ গম পালা? গোটেই ফেচবুক ৰৌজাল বৌজাল অলকেশ ভাগৱতীৰ নিৰূদ্দেশৰ বাতৰিয়ে। আৰু আপোনালোকে যে ইয়াত মেছেজৰ সময়ৰ হিচাপ দি আছে। আপোনালোকৰ খবৰ আছে নে ছেকেণ্ডতে পৃথিৱীখনত কিমান অঘটন ঘটি যায়। আৰু আপোনালোকে লাগি আছে এটা ফোনকল, মেছজক লৈ। এতিয়া এইবোৰ কৰি থকাৰ সময় নহয়। সকলোৱে কথাটো চিৰিয়াছলি লওক। খুউব বেয়া লাগিছে মোৰ। আগতে লিখা নিদিলে এনেইহে ধেমালি কৰোঁ কিডনেপ কৰি আনিম। আজি তেওঁ সঁচাকৈয়ে…
তেনেতে চবিনা বাই আকৌ মেছেজ কৰিলে যে,
: হেৰি নহয়, কথাটো শুনি বৰ দুখ পালোঁ। কিন্তু তাৰ লিখাটো দেখোন আধা নাই। লিখাটো বৰ্ণাশুদ্ধি কৰিবলৈ দিছোঁ বুলি কৈ আধাহে দিছে। আৰু কেইঘণ্টামানৰ পিছতে আলোচনী ওলাবই। মই কি কৰোঁ এতিয়া। তাক আকৌ মই সুধিলে একেটা কথাকে কি বাৰে বাৰে সুধি থাকে বুলি গালি দিব।
চবিনা বাৰ মেছেজটো দেখি ৰিণ্টুদাৰ মেছেজ,
: চবিনা অ’ এইখিনি সময়ত অকণমান বৰ্ণাশুদ্ধিৰ কথা চিন্তা কৰিবলৈ এৰা হে। আলোচনীখনক লৈ আমি সকলো চিৰিয়াছ। কিন্তু এই সময়ত…। তাক মই ফোন কৰিবলৈ চেষ্টা কৰিছোঁ। ফোন অফ। কি কৰিম ভাবি পোৱা নাই। ক’ত বিচাৰি যাম।
: নহয় দাদা। হ’লেও মই আলোচনীৰ কামত অলপ বেছি চিৰিয়াছ যে এনেকৈ কেনেকৈ এৰি দিওঁ কথাটো। তাৰপিছত আকৌ বৰ্ণাশুদ্ধি নকৰিলোঁ বুলি মোকহে বদনাম দিব।
অলকেশ ভাগৱতীৰ নিৰূদ্দেশৰ বাতৰিটোৱে সকলোকে চিন্তাত পেলালে। ক’ত যাব পাৰে? কোনে নিব পাৰে? ঘৰৰ বেলেগ কাৰোবাৰ লগতো কনটেক্ট কৰিবলৈ কাৰো ফোন নম্বৰ নাই। কোনোবা এটা ঘৰলৈ যাবলৈও পুলিচৰ লাঠীৰ টিকাকৰণৰ ভয়ত সাহস কৰা নাই। ৱাইফৰ এফবিত খবৰ কৰিব পাৰি। কিন্তু কিবা এটা ভাল লগা নাই এনেকৈ ডাইৰেক্ট মেছেজ কৰিবলৈ। আনকি ভাল লগৰবোৰেও একো গম পোৱা নাই। খালী সবৰে ফেচবুকৰ ৱালে ৱালে এটাই পোষ্ট
“অলকেশ ভাগৱতী নিৰূদ্দেশ।”
ইফালে আজি দহবজাত আলোচনী ওলাব, মানে আৰু চাৰি ঘণ্টাৰ পিছত। কিন্তু এই অবিশ্বাস্য দুখঃজনক খবৰটোৱে সকলোকে মুহূৰ্ততে কিবা কৰি পেলালে।
: দাদা এটা কাম কৰক নহ’লে। আজি আলোচনীখন নোলাই বুলি পোষ্ট এটা দি দিয়ক। এইটো খবৰ পোৱাৰ পিছত কাৰোৰে আলোচনী পঢ়িবলৈ মন নাযাব ৷
অলপ পিছতে চবিনা বাই মেছেজ এটা পঠিয়ালে।
: হ’ব, চব শ্বেডিউল কৰা আছে যেতিয়া আলোচনী সময়ত ওলাই থাকিব। তুমি এইবোৰ কথাত মাথা মাৰিব নালাগে চবিনা৷
লগে লগে ৰিণ্টুদাই ৰিপ্লাই দিলে।
কি যে হৈ গ’ল হঠাৎ! বাৰে বাৰে অলকেশ দাৰ ফোনত সকলোৱে ট্ৰাই কৰি আছে কি উত্তৰ একেটাই “The number you are calling is either switched off or not reachable.” ভাল চিন্তাত পৰিছে মানুহবোৰ। বাৰে বাৰে তেখেতৰ ৱাইফৰ আৰু ল’ৰাটোৰ মুখখন মনলৈ আহিছে। কি অৱস্থা হৈছে চাগে! কাকতি দাই স্পেচিয়েল পাছ এখন উলিয়াবলৈ চেষ্টা কৰিছে অলকেশ দাৰ ঘৰলৈ যাবলৈ। কি হ’ব, কি নহ’ব কৰি থাকোঁতেই সময়বোৰ পাৰ হৈ দহটা বাজিল গমকে নাপালোঁ। সেইসময়তে ৰিণ্টুদাই মেগাজিনৰ লিংক এটা পঠিয়ালে৷ শিৰোনাম “অলকেশ ভাগৱতী নিৰূদ্দেশ – ৰিমঝিম বৰঠাকুৰ।”
সকলোৱে লিংকটো চিন কৰি হতবাক হোৱাৰ ইম’জী কেইটামান পঠিয়ালে।
: মানে কিনো। অলকেশৰ নিৰূদ্দেশৰ খবৰটো আমাৰ আলোচনীতো ওলাইছে যে। তাকো ৰিমঝিমে লিখিছে। তাই আগতে গম পাই নে কি?
চবিনা বাই মেছেজটো পঠিয়ালে।
: অহ্, এইটো লিখা মানে তুমি বৰ্ণাশুদ্ধি কৰা নাছিলা। লিখাটো সম্পূৰ্ণকৈ পঢ়া বুজি পাবা তেতিয়া। আচলতে ৰিমঝিমে ঠেনঠেনাই থাকে তাইৰ লিখা কোনোৱে নপঢ়ে। এফ আৰ পি একেবাৰে নাই। সেয়ে তাই এইবাৰ এটা সস্তীয়া বুদ্ধি লগালে। লিখাটো যেনেকুৱাই নহওক শিৰোনামাটো যদি ইণ্টাৰেষ্টিং হয় মানুহে লিংকটো এবাৰলৈ হ’লেও খুলিব। দেখা নাই নিউজ চেনেলবিলাকে কেনেকৈ এটা আকৰ্ষণীয় হেডলাইনৰে যেনে “কইনা আনিবলৈ গৈ হ’বলগীয়া শহুৰেকৰ হাতত মাৰ খালে চলমান খানে।” দুপৰীয়া দুটা বজাৰ পৰা এইটো হেডলাইনৰে দৰ্শকক সন্ধিয়াৰ সাত বজাৰ বাতৰি চাবলৈ ৰখাই থয়। তাৰপিছত দেখিবা আমি আশা কৰি থকা বলীউড ষ্টাৰ চলমান খান গৈ কোনোবা জকাইচুকৰ চলমান এজন ওলাব বাতৰিত। আমিতো সেই হেডলাইন দেখিয়েই নিউজটোলৈ ৰৈ থাকোঁ। আকৌ দেখা নাই ফেচবুকত কিবা এটা হ’লেই তিলটোকে তালটো কৰে। এতিয়াতো কৰ’ণাৰ দিনত মানুহ কিবা এটা চেক আপত হস্পিটেল গ’লেও মানুহে কৰ’ণাত আক্ৰান্ত বুলি বুবু-বাবা কৰে। কিমানে যে মিছা এটা উৰা বাতৰিৰ কাৰণে সুস্থ মানুহকো হাৰাশাস্তি কৰি মাৰে। আমাৰ ৰিমঝিমেও এইবাৰ মোৰ আৰু অলকেশৰ লগত কথা পাতি এইটো বুদ্ধি কৰিলে। এনেও তাইৰ লিখা কোনোৱে নপঢ়ে বুলি ফাষ্ট্ৰেটেড হৈ গৈছিল। সেয়ে ভিতৰত যিয়েই নাথাকক লাগিলে শিৰোনামাৰে পঢ়ুৱৈক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। সেইমতে ফেচবুকৰ কেইজনমানকো প্ৰমোচনত লগাই দিছিল। অলকেশকো মোবাইলটো অফ কৰি থ’বলৈ দিছিল। মই চব গম পালেও অলপ তোমালোকক টেনছন দিবলৈকে এক্টিং কৰিলোঁ এইবোৰ। আৰু তোমালোকেও একো নজনাকৈয়ে ফেচবুকত যিহে আপডেটবোৰ দিছা। বিজয়টো তাতকৈও ওপৰত। পোষ্ট দি দিছে বোলে কোনোবা আননউন নাম্বাৰৰ পৰা অলকেশৰ ঘৰলৈ পইচাৰ ডিমাণ্ডো আহিছে। এনেকৈয়েতো মিছা কথাবোৰ দীঘল হৈ গৈ থাকে।
দীঘল মেছেজ এটা ৰিণ্টুদাই পঠিয়াই দিলে।
: ধেই ৰিণ্টুদা ইমান সোনকালে কিয় কৈ দিলে?
মই লগে লগে ৰিপ্লাই কৰিলোঁ। সেইসময়তে চবিনা বাই মেছেজ এটা পঠিয়ালে,
: ৰিমঝিম ইমান টেঙৰ হৈ গ’ল ন। মই এনেই ইমান টেনছনত থাকিলোঁ দেই। আৰু ৰিণ্টুদা মোকতো আগতেই কৈ থ’ব পাৰিলে হয়। মই যে কিমানক ফোন কৰিলোঁ পাই। আৰু মোৰ আপডেটটো পাই মানুহে কম মেছেজ, ফোন কৰা নাই। মইনো কি ক’ম, সেয়ে মনলৈ যি আহিছে সজায় পৰাই তাকে কৈছোঁ। নহ’লে লাজ নাপাম নেকি নিজৰ পোষ্টৰ কথা নিজেই নাজানো বুলি।
: হ’ব দিয়া ৰিমঝিম তোমাৰ এই সস্তীয়া পাব্লিচিটি এবাৰেই কৰি দিলোঁ। এইবাৰৰ পৰা ভাল কিবা এটা লিখিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকেও শিতান অনুযায়ী লিখাবোৰ শ্বেয়াৰ কৰা।
মেছেজটো দিয়েই ৰিণ্টুদা ফটাঢোল জুন সংখ্যা ২০২০ WhatsApp গ্ৰুপটোৰ পৰা লেফট্ মাৰিলে।
☆ ★ ☆ ★ ☆
10:36 am
বঢ়িয়া
7:37 pm
ধন্যবাদ নীলা বা
11:02 am
হাঃ হাঃ, তামাম পাবলিচিটি দিলা ৰিমঝিম৷
7:39 pm
ধন্যবাদ কাকতি দা
11:17 am
আও, এয়া কি লিখিলা আই?
ধুনীয়া৷
7:40 pm
অশেষ ধন্যবাদ অলকেশ দা
12:09 pm
ভাল লাগিল
12:10 pm
Alkesh আজিকালি প্ৰায়বোৰ লেখাৰে মেইন স্তম্ভ৷ ভাল লাগিল ঔ আই৷
1:32 pm
বঢ়িয়া পাবলিচিটি ষ্টাণ্ট দেখোন।
তামাম লিখিলা আইজনী
1:40 pm
বঢ়িয়া
3:04 pm
অলকেশ ভাগৱতী হাজিৰ হো । সাংঘাটিক লিখনি ।
3:05 pm
বঢ়িয়া পাবলিটি…. ভাল লাগিল।
3:16 pm
ভাল লাগিল ৰিমঝিম।
3:20 pm
বঢ়িয়া
9:32 pm
?? ভাল লাগিল
10:22 pm
পঢ়ি চোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ
10:44 pm
ভাল লাগিল।