ফটাঢোল

ভালদিনৰ ট্ৰেইলৰ-নিৰুপম কোঁচ

চলক্ চলক্ কৈ ভাত কেইটা নাকে মুখে সুমোৱাই, আচলতে খাব লাগে কাৰণে খাই, ওলালোঁ আন্ত বিশ্ববিদ্যালয়  পূৱ মাণ্ডলিক যুৱ মহোৎসৱলৈ, কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় দলৰ আজি বিহু আছে। চাব লাগিবই। শৰীৰতো দেখাত বেয়া হ’লেও যিমান খিনিলৈকে পৰা যায় ফিট-ফাট হ’বলৈ চেষ্টা কৰিলোঁ। যি কি নহওক যুৱ মহোৎসৱলৈ যামতো বাকী বহু কথা আহি পৰে। অলপ সুগন্ধী জাতীয় বস্তু পদ লগাই গ’লে ভাল বুলি ভাবি অনুৰাগ বৰুৱা দেউৰ ৰূমৰ পৰা পাৰফিউমৰ বটলতো লগাতকৈ বেছিখিনি মাৰি ল’লোঁ… কাৰণ যুৱ মহোৎসৱতো, বাকী বহু কথা আহি পৰে……

ল’ৰা-লৰিকৈ ওলাই যাওঁতেই প্ৰচণ্ড যোৰত দুৱাৰখনত মূৰত খুন্দা খাই মোৰ চৌধ্য পুৰুষৰ এপুৰুষ বাদদি, বাকী সকলো পুৰুষকে দেখি  গ’লোঁ…

খন্তেক ৰৈ লৈ ভাবিলোঁ যোৱাটো ভাল হ’ব নে বেয়া হ’ব… তথাপি মনৰ জোৰত যাবলৈ ওলালোঁ.. যুৱমহোৎসৱ যে বাকী কথাবোৰ আহি পৰে..  ৯ জন মান ভগৱানক মনতে ভাৱি বাইকখনত ৭টা মান কিক মাৰি(মোৰ বাইকখনত সিমানতা কিকমাৰিব লগাটো অতি সাধাৰণ কথা) আৰম্ভ কৰিলোঁ যাত্রা।

ভাত খাই উঠি চুপাৰী জাতীয় বস্ত খোৱাটো মোৰ পুৰণি বদভ্যাস…সেয়ে দোকান এখনৰ সন্মুখত বাইকখন ৰাখিছিলোঁ হে মাত্র… বৰদৈচিলাৰ গতিত আহি ধুনীয়া দীপলিপ ছোৱালী এগৰাকী মোৰ বাইকখনৰ পিছত আহি বহি ল’লে আৰু ক’লে… ‘ব’লক’।

সেই মূহুৰ্তত যদি ‘হাৰ্ট-বীট’ জোখা যন্ত্ৰটোৰে যদি মোৰ হাৰ্ট-বীট জুখিলেহেঁতেন, হয়তো ডাক্তৰে “আই এম চৰি” বুলি ক’লেহেঁতেন নাইবা মোৰ বুকুত ৫ টা মান পেচমেকাৰ আছে বুলি ক’লেহেঁতেন…

সমান্তৰালভাৱে মোৰ একো নথকা মূৰটোত, ফিফা ৱৰ্ল্ড কাপত ৰোনাল্ডো আৰু  মেছীয়ে বল মৰাৰ দৰে বহু কেইটা চিন্তাই ফুটবল খেলি আছিল…

প্ৰথমে  ভাবিলোঁ, দুৱাৰত যে খুন্দা খাইছিলোঁ মোৰ কিবা চকু বা মগজুৰ বিকৃতি ঘটিল নেকি…

দ্বিতীয়তে ভাবিলোঁ, ইমান সোনকালে “ভাল দিন” কেনেকৈ আহিব পাৰে।

তাৰ পিছত ভাৱিলোঁ,  টিভিত যে পাৰফিউম মাৰিলে ছোৱালী দুজনীমান দৌৰ মাৰি আহে, অনুৰাগ দেউৰ পাৰফিউমতো তেনেকুৱা কিবা কামাল আছে চাগে বুলি ভাবি,  মনে মনে বৰুৱা দেউক ধন্যবাদ দিওঁতেই ছোৱালীগৰাকীয়ে আকৌ ক’লে,

“ব’লক.. কিয় ৰৈ আছে?”

সংসদ ভৱনত অসমৰ দুজন মান সাংসদে ভয়ে ভয়ে, ভগা-ভগা দুৰ্বল মাতেৰে , কওঁ-নকওঁ কৈ কোৱাৰ দৰে মইও ক’লোঁ …

“ক’লৈ? মানে কিয়?”

“কি কিয়? আপুনি নহয় নেকি?”– তাই ক’লে..

মনৰ ভিতৰতে ক’লোঁ, আচলতে মই কোন হয় পাহৰিলোঁৱেই। অচ্ছেদিন ইমান সোনকালে আহিব বুলি ভবায়েই নাই….. তথাপি ক’লোঁ-

“মইতো মইয়েই হয়। বাৰু আপুনি মই কোন বুলি ভাৱিছে”।

“আপুনি ৰেপিড’ দা নহয় নেকি”!

এতিয়াহে বুজিলোঁ ওৰহি গছৰ ওৰ। তেওঁ মোক ৰেপিড’ বাইকাৰ বুলি ভাবিলে…

এজাক বৰষুণতে অসমৰ ঠিকাদাৰে বনোৱা ৰাস্তা ভগাৰ দৰে যেন মোৰ মনটোও এটা বাক্যতে ভাগি পৰিল.. মই ভদ্ৰভাৱে–

“নহয়, আপুনি বাইকৰ নম্বৰটো ভালকৈ নাচালে চাগে” বুলি কৈ গুচি আহিলোঁ..

ঘটনাতো ২০১৪ চনৰ “অচ্ছে দিনৰ” কথাবোৰৰ দৰে লাগিল.. “অচ্ছে দিন” নামৰ চিনেমাখনৰ ট্ৰেইলৰ দি সপোন দেখুৱাই শেষত চিনেমাখন ৰিলিজ নকৰাৰ দৰে… ভগৱানেও মোক আজি হৃদয়ৰ অচ্ছেদিনৰ ট্ৰেইলৰ দি  গুচি গ’ল.. সেইখনো চাগে ৰিলিজ নহ’ব কাহানিও!

“কৃষ্ণ”!

☆ ★ ☆ ★ ☆

8 Comments

  • Sadananda Bhuyan

    ভাল লাগিল

    Reply
  • ৰাজু কুমাৰ নাথ

    চুৰ্পাব।আৰু লাগে দেই।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    আাচ্ছে দিন আহিছিলেই, ভাগ্যই নাটানিলে৷

    Reply
    • নিৰুপম কোচ

      হেহেহে তাকে …ধন্যবাদ

      Reply
  • পূৰৱী কাকতী

    ভাল লাগিল

    Reply
    • নিৰুপম কোচ

      বহুত ধন্যবাদ

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *