ফটাঢোল

কদমফুল – বৰ্ণালী এচ মুদৈ

ঘৰত থাকি থাকি হৃদয়ৰ চুলিবোৰ হৈছে গৈ কাউৰীৰ বাঁহ, দাড়িবোৰ হৈছে সন্ন্যাসীৰ দৰে। চেলুন বন্ধ থকাত মন পচন্দৰ হেয়াৰ কাট দিয়াৰ উপায় নাই। মাজে মাজে দেউতাকে কয়,

: এইফালে আহ ট্রিমাৰ দি চুলিবোৰ অন্য ৰূপ এটি দি দিওঁ।

কিন্তু হৃদয়ৰ সাহস নহয়। ট্রিমাৰ দি চুলি কটাৰ নামত মূৰটো চকচকাই থকা ষ্টেডিয়াম বনাই দিয়া হৈছে, এনে বহু পষ্ট নিউজফিডত ঘূৰি ফুৰিছে৷ তাৰ ওপৰিও মাক-দেউতাকৰ পচন্দৰ ষ্টাইলত চুলি নকটাৰ বাবে তেওঁলোকৰ এটা অঘোষিত আক্রোশ জমা হৈ আছে হৃদয়ৰ চুলিৰ ওপৰত। চুলি কাটিবলৈ দি কি বিপদ হৈ যায় একো ঠিক নাই। সেয়ে সচেতন হৈ থকা ভাল।

হৃদয় চুলিৰ চিন্তাত আছে কিন্তু তাৰ অষ্টম শ্ৰেণীত পঢ়ি থকা ভনীয়েক স্নেহাও। মাজে মাজে তাই ফণী আৰু হেয়াৰ ৰবৰ এডাল লৈ চেষ্টা কৰে হৃদয়ৰ মূৰটোৰ মাজতে তামোল গছ এজোপাৰ দৰে বান্ধি দিবলৈ; যেনেকৈ মাকে তাইক বান্ধি  দিয়ে। অৱশেষত তামোল গছ বান্ধিব নোৱাৰি তাই ক্লান্ত হৈ তাৰ পিঠিত ফণীৰে একোব দি আঁতৰি যায় গৈ। মাকে কয়, তেল চেম্পু দি হৃদয়ৰ চুলিবোৰৰ যত্ন ল’লে আৰু কিছুদিন পাছত এডাল বেণী কৰিবই পৰা যাব।

হৃদয়ৰ ধাৰণা, সি মূৰটাে ভালকৈ জোকাৰি দিলে অসংখ্য ওকণীও জৰজৰাই পৰি যাব পাৰে। মূৰটো এমাজন অৰণ্য বুলি ভাবি হাতী, বাঘও লুকাই থাকিব পাৰে। আশেপাশে কাউৰীয়ে মাতিলে চক খাই যায় হৃদয়। কাউৰীয়ে নিজৰ বাঁহ বুলি ভুলতে তাৰ মূূৰৰ ওপৰত বহি পৰিব বুলি। কিন্তু ইমানৰ পাছতো হৃদয়ৰ এটা লাভ হৈছে। শুই বহি যিবোৰ কথা তাৰ মনলৈ আহে সেইবোৰ সজাই পৰাই লিখি কিছু বিৰাম চিহ্ন দি দিলেই সেইটো হৈ যায় চমৎকাৰ এটা কবিতা! সেই কবিতা পঢ়ি সি নিজেই মুগ্ধ হৈ যায়৷ অৱশ্যে প্রতিটো কবিতাতেই থাকে এটা হৃদয়বিদাৰক ছাপ, বিৰহৰ ভাষা। ইয়াৰ কাৰণো অৱশ্যে এটা আছে। যোৱা মাহত  হৃদয়ৰ ব্রেক আপ হৈছে। তাৰ প্ৰেমিকা তুলিকাই তাক বুঢ়া আঙুলী দেখুৱাই গুচি গৈছে বহুদূৰলৈ। সেয়েহে হৃদয়ে প্রতিজ্ঞা কৰিছে আৰু এবাৰ প্ৰেমত পৰিলে নিজৰ মূূৰতেই সি নাৰিকল ভাঙিব। প্রেমত ব্যর্থ হোৱাৰ দুখত হৃদয়ে লিখি পেলাইছে বহু কবিতা। প্রথম প্রথম দুই এটি কবিতা ফেচবুকত পষ্ট কৰাৰ পাছত ৰাইজৰ বিপুল সঁহাৰি পাইছে হৃদয়ে। ঘপকৈ তাৰ মূৰত এটি আইডিয়া আহে৷

এটা পাঞ্জাৱী পিন্ধি মাকৰ এখন নীলা ৰঙা শাৰীৰ আধা অংশ সৰুকৈ ভাঁজ কৰি ডিঙিত লৈ কান্ধত পেলাই দেউতাকৰ অফিচলৈ নিয়া বেগটো লৈ মূৰৰ জপৰা কাউৰী বাঁহটো ফণীয়াই টুকুৰা চৰাই বাঁহৰ দৰে কৰি দাঁড়িবোৰত হাত বুলাই চমৎকাৰ এটা চেলফি তুলি লয় সি। এটা বিৰহৰ কবিতাৰ কেপচন দি ফটোখন পষ্ট কৰি দিয়ে হৃদয়ে। বেচ! যাৰ পষ্টত এদিনো পোন্ধৰটাত কৈ বেছি লাইক নপৰে, এদিনতে তাৰ ফটোত এশ লাইক পঞ্চাশটা কমেণ্ট আহে। তাৰে ২৫টা ছোৱালীৰ কমেণ্ট।

ইয়াৰ মাজতে  উর্মিলা নামৰ এজনী ছোৱালীয়ে হৃদয়ৰ সকলো পষ্টত কমেণ্ট কৰে। প্ৰশংসা কৰে। সাহস দিয়ে। মাজনিশা নক কৰি কয়,

: মোৰ মন বেয়া, এটা কবিতা শুনাবা?

ৰাতিপুৱা নক দি কয়,

: দিনটোৰ আৰম্ভণি ধোঁৱা উৰি থকা চাহৰ সৈতে যদি আপোনাৰ কবিতা শুনিলোঁ হয়, দিনটা শুভ হৈ গ’ল হয়!

এজনী ছোৱালী কিমান ভাল হ’লে ইমান ধুনীয়াকৈ প্রশংসা কৰিব পাৰে। ছোৱালীজনী বোলে তাৰ  কবিতাৰ প্রেমত পৰি গৈছে। এতিয়া তাই হৃদয়ক ‘প্ৰিয়কবি’ বুলিও মাতে। গোটেই দিন ইনবক্সত অনুৰোধ কৰে…হৃদয়ে তাইৰ বাবে দিনে তিনি চাৰিটা কবিতা লিখি দিয়ে। উর্মিলাৰ ওচৰত হৃদয়ৰৰ কবিতা এতিয়া ড্রাগচৰ দৰে কাম কৰে।

এনে অনুৰোধক কেনেকৈ আওকাণ কৰিব পাৰি? গোটেই দিন মূৰ খটুৱাই বহুকেইটা কবিতা লিখি পঠিয়াই উর্মিলাক। বিনিময়ত পাই তাইৰ মুগ্ধ হোৱা উত্তৰ। এসময়ত দুয়োজনে যেন ধীৰে ধীৰে দুয়োৰে প্রেমত পৰি যায়। হৃদয়ে বুজি উঠিছিল যে উর্মিলা তাৰ হৃদয়ৰৰ মাজত সোমাই পৰিছে। সি জানিছিল কবিতা আৰু প্রেম দুয়োটাই তাইক বান্ধি পেলাইছে। হৃদয় আকৌ প্রেমত পৰিছে।

নিউজফিডত বিভিন্ন পষ্ট চাই থাকোঁতে হঠাৎ এটি পষ্টত চকুত পৰিল হৃদয়ৰ। তাৰেই লিখা এটা কবিতা, যিটো সি উর্মিলাৰ ইনবক্সৰ বাদে আৰু ক’তো দিয়া নাছিল৷ পষ্ট কৰিছে জোনাক নামৰ এজনে। প্রচুৰ লাইক, কমেণ্টত সেইটো কবিতাত। আইডি ব্লক কৰাৰ বাবে হৃদয়ে আইডিটো চেক কৰিবলৈ তাৰ ৱাললৈ গৈ দেখিলে গোটেই আইডিটোত উর্মিলাক দিয়া কবিতাবোৰ। হায় ৰে! ইমান দিন মানে যিজনী ছোৱালীয়ে হৃদয়ৰ কবিতা পঢ়িবলৈ অপেক্ষা কৰে গোটেইদিন; সেইজন আচলতে তাৰ লেখা চোৰ কৰাৰ বাবেহে বহি থাকে? সি যাৰ বাবে কবিতা লিখিলে ইমান দিন তাই কোনো ছোৱালী নহয় এজন পুৰুষ! এজন লেখা চোৰ! তাৰ কবিতা চোৰ কৰি পষ্ট কৰি এতিয়া হাজাৰজনী কবিতা প্ৰেমী ছোৱালীক পতাই ফুৰিছে? খঙত দুখত তাৰ মূৰৰ চুলি ছিঙিবলৈ ইচ্ছা হৈছিল। নিজৰ গালতে দুটামান চৰ লগাই হাতেৰে জোকাৰি দুকুচামান চুলিও চিঙিলে সি৷ চকুৰে যেন সৰিয়হ ফুল দেখিলে হৃদয়ে। প্রেম হোৱাৰ আগতেই আকৌ ৰামঠগন! হাতে মুখে পানী ছটিয়াই লওঁ বুলি গাধোৱা ঘৰলৈ গ’ল সি। মুখ ধুই ওপৰলৈ চাই ব্রাচ হোল্ডাৰত চকু পৰিল দেউতাকৰ  ট্রিমাৰটোত৷

স্নেহাই ফণী আৰু ৰাবাৰ লৈ আহি দেখিলে ককায়েকৰ  মূৰৰ কাউৰী বাঁহটো নাই। মনটো বেয়া কৰি তাই মাকক চিঞৰিলে। মাক হাঁহি হাঁহি বাগৰি পৰিল৷ হাঁহিৰ শব্দ শুনি দেউতাকেও দৌৰি আহিল ৰূমলৈ৷ অবাক হৈ চাই ক’লে,

: হে হৰি! এইয়া কি?

হৃদয়ে পিঠিটো ঘূৰাই ক’লে,

: বাৰিষা আহক বা নাহক, তোমালোকক কভিড-১৯ স্পিচিয়েল হেয়াৰ কাট কৰি কদম ফুলেৰে শুভেচ্ছা জনালোঁ।

☆ ★ ☆ ★ ☆

10 Comments

  • মুকুট ভট্টাচাৰ্য

    কবিতা চোৰ ধৰা এনেকৈয়ে পৰে ?
    বঢ়িয়া লাগিল

    Reply
  • হেমন্ত কাকতি

    তামাম লাগিল বৰ্নালী

    Reply
  • কৃষ্ণ দাস

    ভাল লাগিল বৰ্ণালী

    Reply
  • Arindam Goswami

    বৰ সুন্দৰ লিখনি ।

    Reply
  • Anonymous

    মজা লাগিল…

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বেছ জমনি৷ কবিতা চোৰ কিন্তু আছে দেই৷

    Reply
  • বৰ্ণালী

    আন্তৰিক ধন্যবাদ?

    Reply
  • পূৰ্ণময়ী

    বঢ়িয়া

    Reply
  • J B

    বঢ়িয়া হৈছে দেই।

    Reply
  • B Gilgamesh

    মজা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *