লুডমিলা পেত্ৰ’শেভস্কায়া-হিমাংশু ৰাজখোৱা
১.
লুডমিলা পেত্ৰ’শেভস্কায়া।
কৰবাত পঢ়িছিলোঁ, ষ্টেলিনৰ সমসাময়িক এই ৰুচ গল্পকাৰ আছিল ৰুচ শাসক ষ্টেলিনৰ দুৰ্ঘোৰ বিৰোধী। কিন্তু এই বিৰোধ অন্যভাবে কৰিছিল লুডমিলাই। ষ্টেলিনৰ বিপক্ষে এটাও শব্দ ক’তো নিলিখাকৈ নিজৰ গল্পসমূহত লুডমিলাই বৰ্ণনা কৰিছিল সৰু সৰু শ্ৰমিকসকলৰ ঘৰুৱা পৰিবেশ, অপশাসন আৰু একঘেমীৰ পৰা মুক্ত হ’বলৈ চটফট কৰি থকা এচাম মানুহৰ মৰ্ম বেদনাৰ কথা।
২.
‘পোৱালি’বোৰৰ প্ৰশ্নবোৰ কোন ফালৰ পৰা যে আহিব আৰু কি ধৰণৰ হ’ব, তাক পূৰ্বানুমান কৰাটো কিমান টান কাম তাক মাক বাপেকতকৈ ভালকৈ কোনে জানিব!
সপোনে সুধিলে,
: আচ্ছা দেতা, এটা মানুহৰ কি দুটা নাম থাকিব পাৰে?
: আৰে কিয় থাকিব নোৱাৰে? এটা ঘৰত মতা নাম আৰু এটা স্কুলৰ। তোমাকে দেখোন আমি ঘৰত ধন বুলি মাতোঁ! সপোন তোমাৰ আচল নাম, স্কুলৰ নাম।
সি আকৌ সুধিলে,
: নহয়, নহয় সেইটো নহয়, এটা মানুহৰে দুটা আচল নাম থাকিব পাৰে নে নোৱাৰে?
এইবাৰ তাৰ প্ৰশ্নটো মই বুজি পালোঁ। তাক ক’লোঁ,
: নাই নোৱাৰে এইটো সম্ভৱ নহয়।
তাক বুজালোঁ এনেকৈ নাম দুটা হোৱাটো কিয় অসম্ভৱ। দুখন বাৰ্থ চাৰ্টিফিকেট, দুখন মেট্ৰিকৰ এডমিট, দুখন ভোটাৰ কাৰ্ড, দুখন আধাৰ কাৰ্ড, দুখন পান কাৰ্ড, এইবোৰ আমাৰ দেশত যে বৈধ উপায়েৰে সংগ্ৰহ কৰাটো অসম্ভৱ সেইটো পাৰ্যমানে বুজাবলৈ চেষ্টা কৰিলোঁঁ৷
: সেইটোও ঠিক৷
সিও মোৰ দুপিয়ালে। কিন্তু তৎমুহূৰ্ততে আকৌ সুধিলে,
: তেন্তে সচাঁ কথা কোৱা, আমাৰ দেশৰ আচল নাম কোনটো? ভাৰত নে ইণ্ডিয়া? দুয়োটাইতো আচল নাম হ’ব নোৱাৰে!
কাহিনীটোক পাঠকৰ মধ্যবিত্তীয় দৃষ্টিভংগীৰে আৰু আকৰ্ষণীয় কৰিবলৈ এইখিনিতে জনাই থোৱা উচিত হ’ব যে এই প্ৰশ্ন মোক মোৰ সন্তানে কৰা সময়ত দেশত কৰ’ণাকালীন লকডাউনৰ দ্বিতীয় পৰ্যায় চলি আছিল।দেশৰ বিভিন্ন কোনৰ পৰা শ্ৰমিকসকলে পৰিয়ালসহ খোজ কাঢ়ি হাজাৰ হাজাৰ কিলোমিটাৰ পৰিব্ৰাজন কৰা খবৰবোৰ দেশৰ প্ৰতিটো নিউজ চেনেলত বাজি আছিল। কোনোবাই নিজৰ কণমানি সন্তানক কান্ধত উঠাই আনিছিল বা কোনোবাই কঢ়িয়াই আনিছিল তেওঁলোকৰ সৰু সংসাৰখনৰ ইপদ-সিপদ লাম-লাকটু।উত্তপ্ত সূৰ্যৰ প্ৰখৰ উত্তাপৰ তলত ৰাস্তাৰ গলিয়েদি যোৱা বিটুমিনৰ ওপৰত খোজকাঢ়ি প্ৰবজনকাৰী শ্ৰমিকদলটোৰ সকলোৰে ভৰিৰ তলুৱা জলি গৈছিল।
টিভিৰ পৰ্দাত দেখা গৈছে এজনী কণমানি ৰাস্তাত বাগৰি গৈছে আৰু পিছফালৰ পৰা মাকৰ ভৰিত আঁকোৱালি ধৰিছে।
তাই আৰু আগুৱাব নোৱাৰে।
টিভিৰ কেমেৰাই সিহঁতৰ পিছ লৈছে।
টেলিভিশ্যনৰ পৰ্দাত Scroll হৈছে দেশৰ জনতাক লকডাউন সফল কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন বাৰ্তা।
৩)
ঘৰত থাকিলে ল’ৰাৰ লগত সন্ধিয়া এপাক চুবুৰিৰ ৰাস্তাত খোজকঢ়াটো নিয়মেই। এতিয়া অৱশ্যে এনেকৈ খোজকঢ়া নিষেধ। তাক লগত লৈ চাদলৈকে উঠি গ’লোঁ। ৰাস্তাৰ লাইটবোৰো জলি থকা নাই। কাৰেণ্ট নাই সম্ভৱ। ৰাষ্টা ইমানেই নিৰ্জন যে সন্ধিয়া ৭ বাজিছে কিন্তু নিশা ১০ বজাৰ পৰিবেশ। চাদৰ পৰা যদু দাদাৰ ঘৰ দেখা যায়। দুটা কোঠালিৰ ঘৰ। পিছফালে এটা পুখুৰী। যদু দাদা চাইকেলৰ মেকানিক। কাম বন্ধ। এই হেন লকডাউনত কাৰ চাইকেলৰ পামচাৰ ওলাব! দাদাৰ ল’ৰা দুটা।
আন্ধাৰৰ সুযোগত দুই পুত্ৰক লৈ যদু দা পুখুৰীত মাছ মাৰিবলৈ নামিছে। ইমান সন্তৰ্পণে নামিছে যেন চোৰহে কৰিছে! দিনত পুখুৰীত নামি মাছ এনেকৈ চোৰ(?) কৰিলে পুলিচৰ টীকাকৰণৰ ভয়। আমি বাপেক পুতেকে চাদৰ ওপৰৰ পৰা গৃহস্থই নিজৰ পুখুৰীত নিজে মাছ চোৰ কৰা চাই আছোঁ!
৪)
গল্পত সন্ধিয়াৰ বিবৰণ লিখা সহজ। নীড়মুখী চৰাইজাকৰ কথা, গছবোৰৰ কথা, ৰিবৰিবকৈ বলি থকা বতাহজাকৰ কথা লিখিব পাৰিলেই পৰিবেশটো বনি যায়। চাদৰ ওপৰৰ পৰা এতিয়া ওচৰ চুবুৰীয়াৰ ঘৰবোৰ বহুত দূৰ যেন লাগিছে। কেনে এক নিৰ্জন পৰিবেশ!
চিৰিয়েদি তললৈ আকৌ নামি আহিলোঁ।
হঠাৎ যেন পিছফালৰ পৰা হাতখন কোনোবাই খামুচি ধৰিলে!
: কোনে?
: ল’ৰাটো জঁপিয়াই জঁপিয়াই ইতিমধ্যে নামি গৈছে তললৈ। তেন্তে!
লুডমিলা পেত্ৰ’শেভস্কায়া!!
6:02 pm
সুন্দৰ
7:24 pm
ভাল লাগিল দাদা ?
7:53 pm
তামাম লিখিলা হে হিমাংশু
7:59 pm
ভাল লাগিছে
8:26 pm
হুমুনিয়াহ এটা সৰি পৰাকৈ সুন্দৰ।
9:54 pm
ভাল লাগিল ।
10:57 am
ভাল লাগিছে লগতে মনতো কিবা গধূৰ হৈ গৈছে
1:40 pm
বৰ ভাল পালোঁ পঢ়ি৷ বাস্তৱৰ প্ৰতিচ্ছবি৷
3:44 pm
বৰ ভাল লাগিল দাদা
12:44 pm
বঢ়িয়া