এইবেলি বিয়াখন হ’বই- সদানন্দ ভূঞা
এইবেলি কনটিলৌৰ বিয়াখন হ’বই বুলি বিশ্বস্ত সূত্ৰে জানিব পাৰি মোৰো মনটো আনন্দত নাচি উঠিল। এইহেন সীমাহীন আনন্দৰ ভাগ মইনো আপোনাসৱক বঞ্চিত কৰি অকলে কিয় লওঁ! আহকচোন আমি সকলোৱে এই আনন্দকণ ভগাই লওঁ। কি ক’লে? কনটিলৌ কোন চিনি পোৱা নাই? কনটিলৌ মোৰ কাল্পনিক জগতত বিচৰণ কৰা বিয়া বিয়া বুলি বলিয়া হোৱা এজন অবিবাহিত প্ৰাপ্তবয়স্ক যুৱক। পাঠকবৃন্দৰ চকুত যদি যুৱকজনৰ ওপৰত গোটৰ কাৰোবাৰ সৈতে সাদৃশ্য ধৰা পৰে তেন্তে এই লেখাটোৰ লেখক হিচাবে ক্ষমাপ্ৰাৰ্থী। হওঁতে কনটিলৌৰ বয়স দুকুৰিৰ দেওনা পাৰ হৈ আঢ়ৈ কুৰি হওঁ হওঁ যদিও তেওঁ এতিয়াও চফল ডেকা। কাণৰ লতিৰ দুয়োকাষে দুই এদাল চুলি বগা পৰিছে যদিও তেওঁক কিন্তু বুঢ়াৰ শাৰীত নথ’ব দেই। কনটিলৌ এজন হৃষ্ট পুষ্ট, শান্ত শিষ্ট, পাহুৱাল যুৱক। বহুতেই তেওঁক দুৰ্যোধনৰ লগত ৰিজাব বিচাৰে যদিও অমুকাই তেওঁক যুধিস্থিৰ বুলিয়েই ভাবোঁ। তেওঁৰ গুণানুকীৰ্তন কৰি থাকিলে মুখৰ লেলাউটি বৈ যাব, তথাপিও তেওঁৰ গুণানুকীৰ্তন শেষ নহ’ব।
এইহেন নিমাখিত কনটিলৌৰ জীৱনতো প্ৰেম নামৰ বতাহবিধ বাৰুকৈয়ে বলিছিল। কুঁহিপাঠ পঢ়া দিনতেই তেওঁৰ জীৱনত প্ৰেম নামৰ বৃক্ষজোপাৰ কুঁহিপাত মেলিছিল। সাইলাখ ডাণ্টে-বিয়েট্ৰিচৰ দৰে প্ৰেম। কিন্তু তেওঁৰ সেই প্ৰেম একপক্ষীয় আছিল। চৈধ্য বছৰ বয়সৰপৰাই তেওঁৰ প্ৰেমৰ বীজ অংকুৰণ হ’বলৈ আৰম্ভ কৰিছিল। তেওঁৰ দৃষ্টিত যিসকল ধৰা পৰিছিল সকলোকে তেওঁ সুন্দৰেই দেখিছিল। মনৰ ভিতৰত উকমুকাই থকা মনৰ বাৰ্তা পঠিয়াবলৈ সেই সময়ততো মোবাইল নাছিল। যাৰ ফলত তেওঁ দেউতাকৰপৰা পইচা খুজি খুজি দিস্তাই দিস্তাই কাগজৰ পাতত মনৰ বাৰ্তা লিখি লিখি হেঁপাহ পলুৱাইছিল। কনটিলৌৰ বন্ধুবৰ্গই তেওঁক বৰ ভয় কৰিছিল আৰু সমীহ কৰি চলিছিল। কনটিলৌৱে সেই সুবৰ্ণ সুযোগৰ অপচয় হ’বলৈ দিয়া নাছিল। তেওঁ বন্ধুবৰ্গৰ যিকোনো এজনকে প্ৰতিদিনে বাৰ্তাবাহক হিচাবে তেওঁৰ লিখিত প্ৰতিলিপিসমূহ প্ৰেৰণ কৰিছিল। এইধৰণৰ প্ৰতিলিপিসমূহকে হয়তো সেই সময়ত প্ৰেমপত্ৰ বুলি কোৱা হৈছিল। পিছে তেওঁৰ সেয়া দুৰ্ভাগ্যই আছিল নে ফুটাকপাল আছিল সেয়া তেওঁ আজিও ভাবি উলিয়াব নোৱাৰিলে। অতি পৰিতাপৰ কথা এয়ে যে তেওঁৰ সেই লিখিত বাৰ্তাৰ প্ৰতিলিপিসমূহ হয়তো প্ৰধান শিক্ষকগৰাকীৰ নাইবা কোনো শিক্ষকৰ নাইবা তেওঁৰ দেউতাকৰ হাতত পৰিছিল। ইয়াৰ পিছৰখিনি তেওঁৰ বাবে হৃদয়ংগম কৰিব নোৱাৰা বেদনাভৰা ইতিহাস। তথাপিও কনটিলৌ হাৰ মানিব পৰাকৈ ইমান দুৰ্বল হৃদয়ৰ যুৱকেই নহয়। তেওঁ অটল-অচল। তেওঁ তেওঁৰ কাম কৰি যাব, ফলাফল ফলদাতা বিভুৰ হাতত।
কনটিলৌৰ বয়স একুৰি পাঁচ বছৰ। সেই সময়ত বজাৰত নতুনকৈ মোবাইল নামৰ যন্ত্ৰবিধৰ আবিৰ্ভাৱ ঘটিছিল। যিটো যন্ত্ৰ কাণত ল’লেই “ইয়াতে মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা”। সেই সময়ৰ মোবাইলবোৰ আজিৰ দৰে ইমান অত্যাধুনিক নাছিল যদিও বাৰ্তা বাহক আৰু সংবাদ প্ৰেৰকৰ ভূমিকা নিষ্ঠাৰে পালন কৰিছিল। তেতিয়াৰ দিনত এই মোবাইল নামৰ যন্ত্ৰবিধ যিসকলৰ পকেট, হাত আৰু হস্তবেগত শোভাবৰ্ধন কৰিছিল সেইসকলৰ ভেমেই বেলেগ আছিল। তেনেকুৱা এটি মোবাইলৰ পৰশে আমাৰ কনটিলৌৰ মন-মগজুও পুলকিত কৰি তুলিছিল। তেওঁৰ এই উত্থানত দিস্তা কাগজ বিক্ৰী কৰা ব্যৱসায়ীজনৰ মূৰত সৰগ ভাঙি পৰিছিল যদিও কনটিলৌ দোকানীজনৰ দুৰৱস্থাৰ বাবে অকণো বিচলিত হোৱা নাছিল। কনটিলৌৱে মোবাইলটো লৈ প্ৰথমতে কোন কোন সুন্দৰীৰ লগত বাৰ্তালাপ কৰিব বা সংবাদ প্ৰেৰণ কৰিব একো উৱাদিহেই পোৱা নাছিল। বাৰ্তালাপ কৰিবলৈ, সংবাদ প্ৰেৰণ কৰিবলৈ ৰূপহীসকলৰ একো একোটা নিৰ্দিষ্ট নম্বৰৰ প্ৰয়োজন। পিচে তীখৰ কনটিলৌৰ বাবে সেয়া কোনো ডাঙৰ সমস্যাই নহয়। বিভিন্ন সূত্ৰৰ জৰিয়তে চিনাকিয়েই হওক বা অচিনাকিয়েই হওক বহু সুন্দৰীৰ নিৰ্দিষ্ট নম্বৰবোৰে তেওঁৰ মোবাইলত শোভাবৰ্ধন কৰাত কৃপণালি কৰা নাছিল। তেওঁ নিজৰ মোবাইল নামৰ যন্ত্ৰটোৰে দিনটোৰ ভালেখিনি সেইসকল সুন্দৰী ৰূপহীৰ লগত বাৰ্তালাপ আৰু সংবাদ প্ৰেৰণত ব্যস্ত থাকিবলগীয়া হোৱাত আগতে গাতে লিপিট খাই থকা বন্ধুবৰ্গক সাহাচাৰ্য দিয়াৰপৰা বঞ্চিত হ’বলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছিল। যাৰ বাবে সেইসকল বন্ধুবৰ্গৰ তেওঁৰ প্ৰতি বিৰাগ ভাৱৰ জন্ম লৈছিল। সেইবোৰক লৈ কনটিলৌ কোনোদিন বিচলিত হোৱা নাছিল। লাহে লাহে পুৰণি হোৱাৰ লগে লগে সেই মোবাইলটোৰ প্ৰতি মায়া মোহ নোহোৱা হৈ এক অনীহা ভাৱৰ জন্ম লৈছিল। এদিন সেই মোবাইলটো তেওঁ পৰিত্যাগ কৰি আজিকালিৰ দৰে এক অত্যাধুনিক মোবাইল এটাৰ মালিক হৈ নিজকে বৰ ভাগ্যৱান বুলি ভাবি লৈছিল। কনটিলৌৱে এইহেন অত্যাধুনিক মোবাইলটোৰ সা-সুবিধাবোৰৰ সৎব্যৱহাৰ কৰিবলৈ প্ৰতিদিনে অহোপুৰুষাৰ্থ চলাই যাব ধৰিলে। এই ধৰক, বাৰ্তালাপ, বাৰ্তা প্ৰেৰণ, ভিডিঅ’ কল, টিকটক ইত্যাদি ইত্যাদি। কিন্তু সুন্দৰী ৰমণীসকলে অতিমাত্ৰা সন্তুষ্ট হৈ কনটিলৌক একাদিক্ৰমে শব্দৰ মালাৰে সম্ভাষণ জনাই বিদায় মাগিবলৈ ধৰিলে। শেষত তেওঁ নতুনকৈ এটি উপায় উদ্ভাৱন কৰি উলিয়ালে। ভাবিলে তেওঁ এইবাৰ ৰান্ধনি হ’ব। তেওঁ নিজে আৱিস্কাৰ কৰা নতুন নতুন ব্যঞ্জন ৰান্ধি ফটোসহ ৰন্ধন প্ৰণালীসমূহ তেওঁৰ মোবাইলৰ হোৱাট্চ এপ আৰু ফেচবুকৰ জৰিয়তে প্ৰচাৰ চলাব। তেওঁ মনতে ভাবিলে, এই প্ৰচেষ্টাৰে তেওঁ নিশ্চয় এইবাৰ এশ শতাংশই সফল হ’ব পাৰিব। তেওঁৰ এই প্ৰচেষ্টাত একো একোখন ঘৰৰ বহুজনেই তেওঁৰ ৰন্ধন প্ৰণালীসমূহৰ সোৱাদ পোৱাৰ লগতে গোটেই ঘৰখনৰ মানুহবোৰ তেওঁৰ প্ৰতি আকৃষ্ট হ’ব। তাৰে কোনোবা সুন্দৰীৰ কোনোবা এঘৰৰপৰা জোঁৱাই হোৱাৰ প্ৰস্তাৱ আহিব আৰু তেওঁ বিনাদ্বিধাই বিয়াখন পাতিব পাৰিব। পিছে নাই তেওঁ ভবাৰ দৰে তেনে একোৱেই নহ’ল! সকলো ফুটুকাৰ ফেন হ’ল।
কনটিলৌৰ মন-প্ৰাণ হতাশাৰে ভৰি পৰিল। সংসাৰৰ প্ৰতি মায়া মোহ হেৰুৱাই পেলালে। এই নিষ্ঠুৰ সংসাৰৰ মায়া মোহ ত্যাগ কৰি তেওঁ সন্ন্যাসীৰ জীৱন-যাপন কৰাৰ মন মেলিলে। তেওঁ এদিন শিৱসাগৰৰ শিৱদৌলত ডিঙিত ৰূদ্ৰাক্ষৰ মালা আৰু গেৰুৱা বস্ত্ৰ পিন্ধি তপস্যাত মগ্ন হ’ল। তেওঁৰ মুখৰপৰা কেৱল দুটা ধ্বনিয়েই উচ্চাৰিত হ’বলৈ ধৰিলে – ‘হৰি ঔম’ আৰু ‘ঔম শান্তি’। কিছুদিন সন্ন্যাসীৰ জীৱন পাৰ কৰাৰ পিছত তেওঁৰ মন পুনৰ সংসাৰৰ মায়া মোহলৈ আকৃষ্ট হ’ল। পুনৰ এক নতুন চিন্তাৰে, এক নতুন উদ্যমেৰে, নতুন বস্ত্ৰ পৰিধান কৰি সংকল্প ল’লে, তেওঁ এইবেলি বিয়াখন পাতিবই। সেয়া লাগিলে এৰেঞ্জ মেৰেইজেই হওক বা গন্ধৰ্ব বিবাহেই হওক। পিছে তেওঁ কেনেকুৱা চৰিত্ৰৰ বিবাহ প্ৰাৰ্থী কন্যাৰ পাণি গ্ৰহণ কৰিব? যা-তা কন্যাক বিয়া কৰাই তেওঁৰ সংসাৰলৈতো ধুমুহা মাতি আনিব নোৱাৰে। গতিকে ভাবি-চিন্তি সিদ্ধান্ত লোৱাটোৱেই মংগলৰ চিন। অৱশ্যে এইকেইদিন তেওঁ টিভিত ‘শ্ৰীকৃষ্ণ’, ‘মহাভাৰত’ আৰু ‘ৰামায়ণ’ চায়েই আছে। গতিকে তেওঁৰ বাবে সেইটো সিমান চিন্তা কৰিবলগীয়া বিষয়েই নহয়। আটাইকেইখনৰ নাৰীসকলৰ চৰিত্ৰ জুকিয়াই চাই যিগৰাকীকে আটাইতকৈ তেওঁৰ ভাল লাগিব তেনে চৰিত্ৰৰ লগত খাপ খোৱাজনীকে তেওঁ বিয়া কৰাব।
কনটিলৌৱে প্ৰথমতে ত্ৰেতাযুগৰ ৰামায়ণৰ ধাৰাবাহিকখনলৈ মনত পেলালে। কৌশল্যা আৰু সুমিত্ৰাৰ চৰিত্ৰকেইটা ভাল নালাগিল। কৈকেয়ীৰ চৰিত্ৰটো অলপমান সময় ৰোমন্থন কৰি চালে। নাই নহ’ব, কৈকেয়ীৰ দৰে চৰিত্ৰৰ হ’লে নহ’ব। নিজে দশৰথটো হৈ পুত্ৰ শোকত আপোনঘাটী হৈ মৰিব নোৱাৰি। সীতাৰ চৰিত্ৰটোও কল্পনা কৰি চালে। সীতাক দেখোন ৰাৱণে হৰণ কৰি নিছিল আৰু যাৰ ফলত ৰামে সীতাক দুবাৰকৈ অগ্নিপৰীক্ষা কৰিবলগীয়া হৈছিল। কনটিলৌৱে নিজকে নিজে ক’লে, ‘ধেইত, মই ৰাম হ’বলৈ গ’লে মোৰ পত্নীক কোনোবাই হৰণ কৰিব আৰু মই সেইজনীক অগ্নি পৰীক্ষা কৰিব লাগিব। নাই নাই, মই ৰামো নহওঁ আৰু সীতাৰ দৰে পত্নীও মোক নালাগে। আজিকালি আকালৰ দিনত ক’ত সীতাৰ দৰে সতী সাদ্ধীক পত্নীৰূপে পাম? অগ্নিপৰীক্ষা কৰিবলৈ বিচাৰিলে মোকে জুইকুৰালৈ দলিয়াই দিব। আকৌ এবাৰ ভাবিলে, মন্থৰাৰ চৰিত্ৰৰ দৰে এজনীকে বিয়া পতা যাওক। ধেই, সেইজনীৰ দৰে হ’লেতো মই নিগমে মৰিম। যিহে কুৰ্চুটীয়া-কপটীয়া, মোৰ চৰিত্ৰ আনৰ আগত নেফানেফ কৰি দিব।’
এইবাৰ কনটিলৌৰ দ্বাপৰযুগৰ শ্ৰীকৃষ্ণ ধাৰাবাহিকখনলৈ মনত পৰিল। মনতে ভাবিলে দৈৱকীৰ চৰিত্ৰৰ দৰে হ’লে কেনে হয়। ধেৎতেৰি! বাপৰে বাপ, তেনে এজনীৰ লগত সংসাৰ কৰিলে দেখোন বুঢ়া বয়সলৈকে কাৰাগাৰতে থাকিব লাগিব! তৎক্ষণাৎ চকুৰ আগত যশোদাৰ ছবিখন মনলৈ ভাহি আহিল। পিছত আকৌ সেইজনীৰ লগত নন্দ ৰজাৰ দৰে আদবয়সলৈকে কেঁচুৱাৰপৰা ডেকা কৰালৈকে লোকৰ ল’ৰাকে তুলি তালি ডাঙৰ কৰিব লাগিব। অ’ আই, নন্দ ৰজা হৈ মই আনৰ কেঁচুৱাক কিয় ডাঙৰ-দীঘল কৰিম? তেওঁ এইবাৰ ৰাধাজনীক জুকিয়াই চালে। ৰাধে-কৃষ্ণৰ প্ৰেম লীলা। আ..হা..হা, কি অপূৰ্ব! ঠিক ঠিক, ৰাধাৰ দৰে এজনীকে বিয়া কৰাব লাগিব। অলপ তভক মাৰি মনটো সেমেকি উঠিল, ৰাধা দেখোন বেলেগ এজনৰহে পত্নী আছিল। সেইসময়ত হয়তো ৰাধা-কৃষ্ণৰ প্ৰেম অময়া প্ৰেম আছিল। কিন্তু বৰ্তমানৰ যুগত শ্ৰীকৃষ্ণটো হৈ আজিৰ ৰাধাজনীক বিয়া কৰাবলৈ বিচৰা যায় ৰাইজে ফলা বাঁহেৰে পিঠি চিৰাচিৰ নকৰিবনে?
সকলো বাদ দি এইবাৰ কনটিলৌৱে দ্বাপৰ যুগৰ মহাভাৰতৰ নাৰীসকলক জুকিয়াই চাব ধৰিলে। প্ৰথমতে তেওঁ কুন্তীৰ দৰে সতী এগৰাকীক জীৱন সংগী কৰাৰ কল্পনা কৰিলে। কাহিনীটো চাই থাকোতেই তেওঁ গম পালে কুন্তীয়ে কুমাৰী কালতে কৰ্ণক জন্ম দিছিল। ইয়াৰোপৰি পঞ্চপাণ্ডৱ নামৰ পাঁচোটি সন্তান অন্যান্য দেৱতাৰ ঔৰসত জন্ম হোৱা। পাণ্ডুৰ সন্তান এটিও নাই। তেওঁ ভাবিলে, মইচোন এতিয়ালৈকে জীৱনসংগী পোৱাই নাই। সন্তান জন্ম দিব পাৰিম নে নোৱাৰিম কেনেকৈ গম পাম? তাহানিতে ‘জোৰ যাৰ মুলুক তাৰ’ বোলাৰ দৰে কিবা কাৰণত কুন্তীক সতী বুলি আখ্যা দিব পাৰে। কিন্তু আজিকালি! নাই নহ’ব, মই পাণ্ডুও হ’ব নোৱাৰোঁ আৰু কুন্তীৰ দৰে এজনীও মোক নালাগে। ধেইত, এই ৰামায়ণ, শ্ৰীকৃষ্ণ, মহাভাৰতৰ কাহিনীৰ কল্পনাৰ নায়িকাৰ দৰে নাৰীসকলৰ কথা তেওঁ আৰু কল্পনা নকৰে। দ্ৰৌপদীৰ কথা তেওঁ মনতেই নেপেলালে।
কনটিলৌৱে এইবাৰ জীৱন সংগিনী এগৰাকী স্বৰ্গ, মৰ্ত্য, পাতাল চলাথ কৰি হ’লেে বিয়াখন পাতিবই। কিমান আৰু মাক-দেউতাক, অঙহী-বঙহী, বন্ধু-বান্ধৱীসকলৰ পেনপেননি, খেচখেচনি, ঠাট্টা-মস্কৰা আৰু ইতিকিং সহ্য কৰিব। চল-বল, কলা-কৌশল সকলোবোৰ প্ৰয়োগ কৰি হ’লেও কনটিলৌৱে এইবাৰ বিয়াখন পাতিবই। এয়া কনটিলৌৰ ভীষ্ম প্ৰতিজ্ঞা।
☆ ★ ☆ ★ ☆
9:31 pm
দাদা ,মজ্জা লাগিল
6:06 pm
ধন্যবাদ জনালোঁ ।
2:56 pm
বঢ়িয়া লাগিল।
6:06 pm
ধন্যবাদ জনালোঁ ।
3:38 pm
বঢ়িয়া লাগিল দাদা৷
6:07 pm
ধন্যবাদ জনালোঁ ।