ফটাঢোল

বেটাৰ লাক, নেক্সট টাইম – চন্দনা শৰ্মা

দৃশ্যপট ১ :

কিবা এটা কোৱা।

কিনো ক’ম!

যি মন যায়। (হাঁহি দুয়োৰে)

তুমি লগত থাকিলে একো নক’লেও বহু কথা কোৱা হৈ যায়।

মোৰো! তোমাৰ মৌনতাতো মই শব্দ বিচাৰি পাওঁ।

জালুকবাৰীৰ সন্ধ্যা এটাত দুটা প্ৰেমিক চৰায়ে দিগন্তৰ সিপাৰে যেন পাখি মেলি আকাশ চুমিব খুজিছে৷ আদিত্য আৰু প্ৰণামীৰ শিক্ষা সমাপ্ত হ’বলৈ আৰু কেইমাহমান বাকী৷ দুয়োৰে কথা ঘৰতো গম পায়, সংস্থাপন এটা হৈ গ’লে বিয়াৰ ক্ষেত্ৰত আপত্তি নাই বুলি প্ৰণামীৰ ঘৰৰ ফালৰপৰা ইতিমধ্যে জনাই দিছে৷ সন্ধিয়াৰ জালুকবাৰীৰ পদপথেদি দুয়ো হোষ্টেললৈ খোজ দিছে৷ ষ্ট্ৰিট লাইটৰ পোহৰত প্ৰেমৰ পৃথিৱীখন আৰু মোহনীয় হৈ পৰিছে৷

দৃশ্যপট ২ :

বিয়ালৈ মাত্ৰ এমাহ বাকী৷ সকলো যা-যোগাৰ সম্পূৰ্ণ হৈছে প্ৰায়৷ সকলো ব্যস্ততাৰ মাজতো দুয়ো পূৰ্বৰ দৰেই কথা পাতে, অৱশ্যে ফোনত৷ ঘৰুৱা মানুহবোৰৰ উপস্থিতিয়ে কথা পতাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি নকৰা নহয়৷ এই ধৰক ওচৰতে আদিত্যৰ মোমায়েক ৰৈ খোৱা বোৱাৰ তালিকাখনৰ অ’ডিট চলাই আছে, ইফালে ফোনত থকা প্ৰণামীক সেই সময়তে “লাভ য়ু জান” বুলি ক’ব লাগে৷ বহুত ভাবি চিন্তি দুয়ো বিশেষ কিছুমান কথা কোৰিয়ান ভাষাতে পাতিবলৈ সিদ্ধান্ত ল’লে৷ এই ধৰক,

“আই লাভ য়ু” হ’লগৈ ” salanghae”;

আই মিচ ইউ হ’লগৈ “naneun dangsin-i geuliwoyo”৷ কোনেও ধৰিব নোৱাৰাকৈ দুয়োৰে প্ৰেমালাপ ক’ড লেংগুৱেজত বৰ ধুনীয়াকৈ পতা হৈ গ’ল৷

দৃশ্যপট ৩ :

দীঘল হুমুনিয়াহ এটা পেলাই আদিত্যই খিৰীকিৰে বাহিৰলৈ চালে৷ সময়ে সকলোবোৰ কেনেদৰে সলনি কৰি দিয়ে৷ আগৰ সেই সময়বোৰ, সেই প্ৰেমৰ মধুৰ কথাবোৰ যেন জীৱনৰপৰা ক’ৰবাত হেৰাই গ’ল৷ একঘেয়ামীৰে পৰিপূৰ্ণ জীৱনটোত কেৱল অফিচ, ঘৰ, সংসাৰৰ দায়িত্ব ইত্যাদি৷ আদিত্যয়েও আশা কৰে পূৰ্বৰ দৰে এবাৰলৈ হ’লেও প্ৰণামীয়ে ৰোমান্তিক হৈ কথা পাতক, সেই জালুকবাৰীৰ সন্ধিয়াবোৰৰ দৰে৷

“নাই, এই বিষয়ে খোলাখুলিকৈ কথা পাতিম৷ ইমান নীৰস জীৱন এটা অতিবাহিত কৰিব নোৱাৰি।” – নিজকে নিজেই কৈ উঠিল আদিত্যই। কেলেণ্ডাৰখনত দৃষ্টি নিবদ্ধ কৰি আদিত্যই পৰৱৰ্ত্তী দিনটোকে ধাৰ্য্য কৰিলে নিজৰ প্ৰেমৰ পৃষ্ঠাবোৰক পুনৰ সজীৱ কৰি প্ৰাণ দিবলৈ৷

“হেৰা শুনিছা?” – প্ৰণামীক উদ্দেশ্যি আদিত্যই কৈ উঠিল৷

“কোৱা, কি হ’ল! এতিয়া কিন্তু মই চাহ বাকিব নোৱাৰো!” সামান্য বিৰক্তিমিশ্ৰিত প্ৰণামীৰ উত্তৰ৷

খং এটা পতকৈ উঠি আহিব খুজিছিল যদিও নিজকে সম্বৰণ কৰি স্নেহ মিশ্ৰিত কণ্ঠ এটাৰে আদিত্যই মাত দিলে, “নহয় হে, বেলেগ এটা কথাহে ক’ব খুজিছোঁ৷ বিয়াৰ আগতে জীৱনটো কিমান ধুনীয়া আছিল ন’! কিমান যে ৰোমান্তিক কথা পাতিছিলো দুয়ো! মোৰ জন্মদিনত তুমি দিয়া চাৰপ্ৰাইজবোৰ, কি যে মধুময় দিন আছিল সেইবোৰ! আমি আকৌ জানো সেই দিনবোৰ ঘূৰাই পাব নোৱাৰো? কাইলৈ আমাৰ বিবাহ বাৰ্ষিকী, অথচ আমাৰ সামান্যতমো উৎসাহ নাই।”

উত্তৰত প্ৰণামীয়ে একো নকৈ মিচিকিয়া হাঁহি এটা মাৰি অন্য কামত ব্যস্ত হ’ল৷

বিবাহ বাৰ্ষিকীৰ দিনা অফিচৰ ব্যস্ততাৰ মাজতো আদিত্যই ঠিক কৰিলে আজি কিবা গিফ্ট এটাকে দি প্ৰণামীক চাৰপ্ৰাইজ দিব৷ ঘৰলৈ অহাৰ পূৰ্বে হোৱাটচএপত অহা মেচেজ এটা খুলি আদিত্যৰ জীৱনলৈ যেন সঞ্জীৱনী সূধা বৈ গ’ল৷ প্ৰণামীয়ে মেচেজ দিছে। ক’ড লেংগুৱেজত – “bab-eul sada”

আস, কিমান যে দিন পাৰ হৈ গ’ল৷ নতুনৰ প্ৰাপ্তি এটাত আদিত্য যেন বিশ্ববিদ্যালয়ত পঢ়ি থকা যুৱকজন হৈ পৰিল৷ অৰ্থটো! “নাই গিফ্টটো কিনাৰ পাছত বিচাৰিম৷ গৈ থকাৰ আনন্দ, গৈ পোৱাৰ আনন্দতকৈ বেছি।” নিজকে নিজে আশ্বাস দিলে আদিত্যই৷

গিফ্টটো কিনি গাড়ীৰ এচিটো লগাই আদিত্যই গুগোলত “samusil-eseo dol-awa bab-eul gajyeooda”ৰ অৰ্থটো বিচাৰিবলৈ আৰম্ভ কৰিলে।

“অফিচৰপৰা ঘৰলৈ আহোতে চাউল কিনি আনিবা”।

মুহূৰ্তৰ বাবে আদিত্যৰ নিজকে গুগোল পেৰ লাকী ড্ৰৰ  “বেটাৰ লাক নেক্সট টাইম” পোৱা উপভোক্তা যেন লাগি গ’ল৷

☆ ★ ☆ ★ ☆

12 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *