শ্ৰেণীকোঠাৰ মেকুৰী- ধূৰ্জ্জটি কাকতি
আমি স্কুলৰ দিনত লগাতকৈ বেছিয়েই উৎপতীয়া আছিলোঁ৷ তাতে অকল ল’ৰাৰ স্কুল, উৎপাত এনেয়েও বেছি হয়৷ পাঠদান চলি থকাৰ মাজতে শিক্ষকে নেদেখাকৈ কোনোবাই কটাকটি খেলি থাকে, কোনোবাই চোৰ পুলিচ, কোনোবাই দবা খেলে৷ এনেবোৰ কাৰণত মোটামুটি দৈনিক পিটনো খাইছিলোঁ বাৰু৷ বেঞ্চৰ ওপৰত উঠিবলৈ দিয়াটো সাধাৰণ কথা আছিল৷ আমাৰ ছাৰ এজনে কৈছিল, “তহঁত হিমালয়ত আৰোহণ কৰাৰ যোগ্য”৷ মানে এদমাণ্ড হিলাৰী হ’বলৈ সন্মান কৰি কোৱা নাছিল, ছাৰৰ মতে যিহেতু গছবোৰ পাহাৰৰ ওপৰৰপৰা অনা হয়, তাৰ কাঠ কাটি বেঞ্চ বনোৱা হয়, গতিকে বেঞ্চত উঠা মানে পাহাৰৰ ওপৰতেই উঠা, মানে হিমালয়তে উঠা৷
সপ্তম শ্ৰেণীমানত আমাৰ স্কুললৈ এজন ডেকা শিক্ষক আহিল৷ শিক্ষকজনৰ সপ্তাহত তিনিটামান শ্ৰেণী থাকে৷ ছাৰ প্ৰকৃততে সংগীত বিষয়ৰ শিক্ষকহে আছিল, লগতে অসমীয়া ব্যাকৰণো পঢ়ায়৷ কিন্তু তেখেতৰ সংগীতৰ শিক্ষকৰ কোনো লক্ষণেই নাছিল, কাম কাজ আৰু ভাৱ ভংগিমা দেখি কুস্তীৰ শিক্ষক যেনহে লাগিছিল৷ পেচাত যদিও তেখেত শিক্ষক, তেখেতে কিন্তু নিজকে শিক্ষক কম চিনেমাৰ হিৰো বেছি বুলি ভাবিছিল৷ তাকো একেবাৰে একচন চিনেমাৰ হিৰো৷ চিনেমাৰ হিৰোৰ দৰে চানগ্লাচ পিন্ধি আহে, চেহেৰাও ওখ পাখ৷ পিচে সমস্যাটো হ’ল শিক্ষকজনে বাস্তৱত মিঠুনৰ দৰে ভিলেইন পিটিব নোৱাৰি আমাৰ দৰে সৰু সৰু ছাত্ৰবোৰকে চিনেমাৰ ভিলেইন বুলি ভাবি দগৰি পিটন দিয়ে৷ তেতিয়া শিশু আইনবোৰো ইমান শক্তিশালী নাছিল, গতিকে সেই সুযোগতে আমাৰ দৰে নিৰীহ শিশুবোৰক ছাৰজনে বহুত পিটিছিল৷ আমিও পুঁজিপতিৰ শোষণৰ বলি হোৱা সৰ্বহাৰাৰ দৰে এই অত্যাচাৰ নিৰৱে সহ্য কৰি গৈছিলো৷ আমাৰ কাৰণে শিক্ষকজন ব্ৰিটিছ চৰকাৰৰ জেনেৰেল দায়াৰ যেন আছিল৷ তেখেতৰ শ্ৰেণীটো প্ৰায় জালিয়ানাৱালাবাগৰ দৰেই লাগিছিল৷ খালি আমাৰ মাজত কোনো বিপ্লৱ কৰি ভগৎ সিংহে হ’ব নোৱাৰিলে৷
এবাৰ ছাৰৰ ক্লাছ চলি আছিল আৰু অইন দিনাৰ দৰে আমি লাষ্ট বেঞ্চত বহি আছিলোঁ৷ ছাৰে ব্যাকৰণৰ বহী চাই আছিল৷ হঠাৎ ছাৰ আমাৰ ফালে খেদা মাৰি আহিল আৰু আহিয়েই গৰজি উঠিল, “এইমাত্ৰ এইখিনিৰপৰা কোনোবাই মেউ বুলি চিঞৰিছে, মই শুনিছোঁ, কোনে চিঞৰিছে?” প্ৰথমে ভাবিলো ক্লাছৰ ভিতৰত মেকুৰী ক’ৰপৰা ওলাল! ছাৰে আমাক চকু পকাই সুধিলে, “মেউ বুলি কোনে কৈছিলি?” দুজনমানে ক’লে “ছাৰ আমিতো কোনো মেউ বোলা শব্দ শুনা নাই”৷ লগে লগে সেইকেইজনক পিটন দিলে৷ বুজিলো গান্ধীজীৰ বান্দৰৰ দৰে নুশুনা হৈ মেকুৰীৰ মাত নুশুনিলে মাৰ খাব লাগিব, গতিকে শুনাই ভাল৷ আমাক সোধাৰ লগে লগে আমি ক’লো, “শুনিছোঁ ছাৰ, শুনিছোঁ৷” মিছাকৈয়ে মেকুৰীৰ মাত শুনা বুলি কোৱাৰ কাৰণে আমি পিটনৰপৰা বাচিলোঁ৷
এতিয়া কথা হ’ল মেউ বুলি ক’লে কোনে! কোন এই শ্ৰেণীকোঠাৰ মানৱৰূপী মেকুৰীটো! ছাৰে কেইবাবাৰো তৰ্জন-গৰ্জন কৰাৰ পিছতো মেকুৰীয়ে আত্মপৰিচয় নিদিলে৷ কিন্তু ছাৰো নাচোৰবান্দা, সহজে হাৰ মনা বিধৰ নহয়। ছাৰৰ ভিতৰৰ মোছাদৰ চোৰাংচোৱাজন এইবাৰ সক্ৰিয় হৈ উঠিল মেকুৰীৰ ৰহস্য ভেদ কৰিবলৈ৷ তাতে ছাৰ হিন্দী চিনেমাৰ অনুৰাগী৷ ছাৰে আমাক ক’লে, “এই লাষ্ট বেঞ্চৰপৰাই মেকুৰীৰ মাত শুনিছোঁ, তহঁত লাষ্ট বেঞ্চ দুখনত বহাকেইটা ওলাই আহি লাইন পাত৷” মেকুৰী কোন উলিয়াবলৈ ছাৰে আমাৰ লাষ্ট বেঞ্চ দুখনৰ গোটেইবোৰ ল’ৰাক লাইনত ঠিয় কৰালে৷ আমাক শ্বোলেৰ কালিয়া আৰু দুই সহযোগীৰ দৰে লাইনত ঠিয় কৰাই ছাৰে গব্বৰ সিঙৰ দৰে পায়চাৰি কৰাত লাগিলে৷ কেৱল এটাই পাৰ্থক্য, গব্বৰৰ হাতৰ উদ্যত পিষ্টলৰ সলনি ছাৰৰ হাতত এদাল উদ্যত স্কেল৷ যিদাল কেতিয়া আমাৰ পিঠিত পৰে একো ঠিকনা নাই৷ ছাৰে এইবাৰ আমাৰ ফালে স্কেলদাল টোঁৱাই ক’লে, “এতিয়া তহঁতে এটা এটাকৈ মেউ মেউ বুলি ক”৷ ছাৰ চাগৈ প্ৰহাৰ চিনেমাৰ সেই দৃশ্যটোৰপৰা অনুপ্ৰাণিত হ’ল য’ত নানা পাটেকাৰে সুহুৰি মৰা কেদেটজন ধৰিবলৈ সকলো কেদেটক সুহুৰিয়াবলৈ কৈছিল৷ সেইখিনি সময়ত ছাৰে নিজকে প্ৰহাৰৰ নানা পাটেকৰ বুলিয়েই ভাবিছিল যেন অনুমান হয়৷ আমাৰো উপায় নাই, মেউ ক’বই লাগিব। মই আছিলোঁ লাইনৰ ছয় নম্বৰত৷ এটা এটাকৈ মেউ শুনি শুনি ছাৰ মোৰ ওচৰ পালেহি৷ ছাৰে শুনা মেউৰ লগত সিহঁতে কোৱা মেউৰ মিল নাপালে৷ ইফালে মোৰ বুকুত ধান বনা কলৰ নিচিনাকৈ শব্দ হ’বলৈ ধৰিলে৷ মোৰ সন্মুখলৈ আহি ছাৰে ক’লেহি, “মেউ ক৷” পৰিলো সংকটত৷ ছাৰে শুনা মেউ আৰু মোৰ মেউ যদি কেনেবাকৈ মিলি যায় তেন্তে উদ্যত স্কেল মাৰণাস্ত্ৰ হৈ মোৰ পিঠিত পৰিব৷ তথাপি সাহস গোটাই ক’লো “মিয়াউউ”৷ ছাৰে এবাৰ শুনি গৰজি উঠিল, “ইমান লাহেকৈ কৈছ, আকৌ এবাৰ ডাঙৰকৈ ক” বুলি কৈ কাণখন মোৰ মুখৰ ওচৰত পাতি দিলে৷ এইবাৰ ভয় আৰু বাঢ়িল, তথাপিও আকৌ এবাৰ দেহৰ সমস্ত শক্তি লগাই প্ৰচণ্ড জোৰে চিঞৰিলোঁ “মিয়াউউ”৷ যিদালহে চিঞৰ মাৰিলোঁ কোনো আচল মেকুৰীয়েও ইমান জোৰেৰে মেউ ক’ব নোৱাৰে চাগৈ! কাণৰ কাষত এনে প্ৰচণ্ড চিঞৰ শুনি ছাৰে নিজেই উচপ খাই পিচুৱাই গ’ল৷ যি নহওক মোৰ প্ৰচণ্ড মেউৰ সৈতে তেওঁ শুনা মেউৰ মিল নেপাই মোক এৰি ছাৰে মোৰ পৰৱৰ্ত্তীজনৰ ওচৰলৈ মেউ শুনিবলৈ গ’ল৷ মই ভজা মাছ চুৰি কৰি খোৱা বোন্দা মেকুৰীৰ দৰে পিটন খোৱাৰপৰা বাচিলো৷ মোৰ পিছৰ দুজনেও মিহিকৈ মিউ বুলি ক’লে যদিও ছাৰে প্ৰথমে শুনা মিউৰ লগত সামঞ্জস্য নেদেখি সিহঁতকো এৰি দিলে৷ সেইদিনা আমি আঠজন ল’ৰাই এটা এটাকৈ সাৰেগামাৰ ভিন্ন স্বৰত যি ধৰণে মেউ বুলি চিঞৰিলো, গোটেইবোৰৰ ভিন্নস্বৰৰ মেউ একত্ৰিত কৰি কোনো গীতিকাৰে গীত ৰচনা কৰিলে হয়তো এটা কালজয়ী গীত ৰচনা হ’লহেঁতেন৷ কিন্তু ইমানখিনি মিউজিক অদিচনৰ পাছতো আমাৰ মিউজিকৰ ছাৰে আচল মেকুৰী কোন উলিয়াব নোৱাৰিলে৷ গতিকে ছাৰে গোটেইবোৰক আকৌ এনে ঘটনাৰ পুনৰাবৃত্তি হ’লে দিগদাৰ আছে বুলি সাৱধানবাণী শুনাই সকলোকে নিজৰ নিজৰ আসনত বহাৰ অনুমতি দিলে।
পিছে আজিও ছাৰক লগ পালে এটা কথা কোৱাৰ হাবিয়াস আছে, “ছাৰ এবাৰ মেউ চিঞৰাৰ পাছত শিক্ষকৰ আগত একেধৰণে মেউ ক’বলে আমি মেকুৰী নহয়তো, মানুহহে৷”
মেকুৰী কোন আছিল আজিও গম নেপালো বাৰু৷
☆ ★ ☆ ★ ☆
9:28 am
বঢ়িয়া জমনি দেই! ভাল লাগিল
9:33 am
ধন্যবাদ
9:29 am
বৰ খং উঠে কিন্তু তেনেকুৱা মাষ্টৰ বোৰলৈ?.. আমাৰ এলপি স্কুলতো এজন আছিল, এনেই এনেই মাৰে।
9:34 am
🙁 hoi he
10:51 am
বঢ়িয়া লাগিল কাকতী
2:13 pm
মজা মজা ।মই পঢ়া দিনৰও কেইটামান এনেকুৱা জমনি কেচ আছে।সময় পালে লিখিম।
1:32 am
সুন্দৰ। খুউব হাঁহিলো।
12:47 pm
ধন্যবাদ
10:41 am
বঢ়িয়া ধুৰ্জ্যোতি৷