ফটাঢোল

লোকৰ প্ৰেমত লটি ঘটি – অগ্নিভ দত্ত

আমি হ’লো মান্ধাতা যুগৰ মানুহ৷ আমি সেই সময়ৰ মানুহ যি সময়ত আজিৰ দৰে স্মাৰ্ট ফোনটো বাদেই মোবাইল ফোনেই নাছিল, আছিল যদি কোনোবা এঘৰ দুঘৰত লেণ্ডলাইন ফোন আৰু সেই ফোনে শোভাবৰ্ধন কৰিছিল সেইসকলৰ চ’ৰাঘৰত৷

সেই তেনেকুৱাবোৰ দিনতে আমাৰ লগৰ এটা পৰিল এজনী ছোৱালীৰ প্ৰেমত৷ কৈছোঁৱেই আমি যি যুগৰ মানুহ সেই যুগত মোবাইল, ফেচবুক এইবোৰৰ দূৰ দূৰলৈকে কোনো দেখা দেখি নাছিল৷ ল’ৰা প্ৰেমত পৰিল ক’ৰবাত এদিন ভুটুংকৈ ছোৱালীজনী দেখি৷

এদিন দেখাৰ পাছত মানে সেই হৃদয়ত গীটাৰৰ ঝনঝননিৰ পাছত আৰু দেখা দেখি নাই৷ আজিৰ দৰে ফেচবুকো নাই যে খুচৰি মেলি ছোৱালীৰ সবিশেষ উলিয়াব৷ আমাৰ সময়বোৰেই আছিল তেনে, সেই গীটাৰৰ ঝনঝননি আকৌ বাজিবলৈ এদিনো লাগিব পাৰে, দুদিনো বা বছৰো লাগিব পাৰে, বা আকৌ ভাগ্য বেয়া হ’লে নেদেখাকৈয়ে থাকি যাব পাৰে৷

আমাৰ ল’ৰাই যেনিবা এনেদৰে আকৌ দেখাৰ আশাত জীয়াই থাকোঁতেই ছোৱালী আকৌ দৃশ্যমান হ’ল এদিন মাকৰ লগত বজাৰ কৰি থাকোঁতে৷ এইবাৰ ল’ৰাই চান্স এৰি নিদিলে। বজাৰত ছোৱালীৰ পিছে পিছে ঘূৰি এটা সময়ত ছোৱালী আৰু মাক ৰিক্সাত উঠি ঘৰলৈ ধাৱমান হোৱাৰ লগে লগে ল’ৰাইও পিছে পিছে চাইকেল মাৰি গৈ দূৰৰপৰাই ছোৱালীৰ ঘৰৰ এড্ৰেছ উদ্ধাৰ কৰি আহিল৷

ঘৰৰ এড্ৰেছৰ বাহিৰে একো ইনফৰমেচন নোহোৱাকৈয়ে মানে নাম পৰ্য্যন্ত নজনাকৈ ল’ৰা প্ৰেমত মচগুল৷ প্ৰেমে তৎক্ষণাত এনে ৰূপ লৈ পেলালে যে দিনটোত সময় পালেই ল’ৰাই নামবিহীন প্ৰেমিকাৰ ঘৰৰ আগেদি দুপাক চাইকেল চলাই, লগতে আমাৰ লগৰো দুটামানক লৈ যায়৷

চাইকেল মাৰিছোঁহে মাৰিছোঁ, নাই ছোৱালীৰ দেখা দেখি নাই৷ আমাৰ লগৰ আন এটাই কোৱা কথা এটা বৰ মিলি গৈছিল সেই সময়ত৷ লগৰটোৱে কোৱা মতে প্ৰেমিকাক নেদেখিলেও প্ৰেমিকাৰ ঘৰৰ কুকুৰটো দেখিলেও বোলে প্ৰেমে বুকুখন মহতিয়াই লৈ যোৱাৰ দৰে অৱস্থা হয়৷

ইফালে আমাৰ বন্ধুৰ নামবিহীন প্ৰেমিকাৰ নামটো যেনিবা কেনেবাকৈ ওলালগৈ, কিন্তু প্ৰেমিকাৰহে দেখা দেখি নাই৷ স্কুল, কলেজ, টিউচন আদি শেষ হৈ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাবৰ হ’ল, গতিকে কেতিয়ালৈ, কেনেকে, ক’ত ওলাব তাৰ ঠিকনা নোহোৱা হ’ল৷ ইফালে প্ৰেমিক বন্ধুৰ অৱস্থা নাই৷ একো নহ’লেও বন্ধুক প্ৰেমিকাৰ ফটো এখন হ’লেও লাগে৷

সমস্যা সাংঘাটিক। ক’লোৱেই নহয় আমাৰ দিনত এতিয়াৰ দৰে ফেচবুক চাৰ্চ মাৰি ফটো বিচাৰি উলিওৱাৰ কোনো উপায় নাছিল৷ এইবাৰ বন্ধুৱে এক উপায় ভাবি উলিয়ালে। ফটো নাপালেও নাই, কিন্তু বন্ধুক এখন পৰ্ট্ৰেইট আঁকি দিব লাগে, আৰু দায়িত্ব পৰিলগৈ এই অভাজনৰ ওপৰত৷ এতিয়া কথা হ’ল, মইতো চিত্ৰলেখা নহয় যে মানুহ নেদেখাকৈয়ে কাৰোবাৰ ছবি আঁকি দিব পাৰিম৷

এবাৰ কিবাকৈ মুখখন দেখিলেও আঁকিবলৈ যত্ন এটা কৰি চাব পাৰি বুলি বন্ধুক বুজালো। বন্ধুত্বৰো কথা আছে, কি কৰা যায় মহা বিপাঙত পৰিলো৷ অৱশ্যে আমাৰ দিনত গুগুল চুগুল নাথাকিলেও এইবোৰ কথাৰ উত্তৰ দিবলৈ লগৰ কোনোবা নহয় কোনোবা ওলাবই এটা৷ লগে লগে আইদিয়া আহি গ’ল৷ বন্ধুৰ প্ৰেমিকাক দৰ্শনৰ উপায় লৈ ৰাইজ হাজিৰ৷

দিন বাৰ চাই এদিন গধূলি বন্ধুৰ লগত ওলালো মিচনত৷ চাইকেল মাৰি মাৰি গৈ পালোগৈ লক্ষ্যস্থান৷ ইতিমধ্যে ভালদৰেই আন্ধাৰ হৈ আহিছে৷ বন্ধু আৰু লগত যোৱাকেইটাই মোলৈ চাই জেক দিয়াত লাগিল – যা যা পাৰিবি পাৰিবি, ভয় নকৰিবি৷ আচলতে ভয় চয় লগাৰ কথাই নহয়, কিন্তু লাজ কাজ বোলা বস্তুটোৰ কাৰণেহে অলপ দিগদাৰ লাগিছিল, তথাপিও বন্ধুত্বৰ খাতিৰত সেইবোৰ বাদ দি বন্ধুৰ প্ৰেমিকাৰ ঘৰৰ জপনা খুলি সোমাই গৈ বিন্দাচ দুৱাৰত টোকৰ মাৰিলোঁগৈ৷

অকণমান পাছতেই দুৱাৰ খুলি ওলাই আহিল এজনী ছোৱালী, কাক লাগে, কি লাগে প্ৰশ্ন কৰিবলৈ ধৰিলে৷ হয়, বন্ধুৱে বৰ্ণনা কৰাৰ দৰেই। গতিকে প্ৰায় নিশ্চিত হ’লো সেইয়াই বন্ধুৰ খাৱন শোৱন নাইকীয়া কৰা গৰাকী বুলি৷ লগত কেমেৰা চেমেৰা নাই ফটো একপি তুলি আনিবলৈ গতিকে মুখখন বাৰে বাৰে চাই নিজৰ মগজুৰ মেমৰি ষ্টিকতেই চেভ কৰি ল’বলৈ যত্ন কৰিছোঁ৷ হঠাৎ আকৌ কাক লাগে, কি লাগে বুলি কোৱাতহে সম্বিৎ ঘূৰি আহিল৷

লগে লগে প্লেন মতেই কোনো দিন নুশুনা নেমেলা মানুহ এজনৰ নাম এটা সুধি ক’লো, সেইজনক বিয়া মাতিবলৈ আহিছিলো, আৰু কোৱা মতে এইখিনিতে ঘৰ বুলি কৈছিল৷ ছোৱালীয়ে তেনেকুৱা নাম নাই শুনা বুলি মাকক মাতিবলৈ গ’ল৷ মাকেও আহি সেইগৰাকীক চিনি নাপাওঁ বুলি কওঁতে মনৰ ভিতৰতে হাঁহি এটা মাৰি পানী এগিলাছকে খুজিলো৷ আকৌ পানী দিওঁতে বন্ধুৰ হ’ব লগা প্ৰেমিকাক মনৰ মেমৰিত   ভালদৰে কেপচাৰ কৰি বিদায় মাগিলো৷

এভাৰেষ্ট বিজয়ীৰ নিচিনা ভাব এটা লৈ লগৰকেইটাৰ ওচৰ পালোহি৷ লগে লগে বন্ধুৰ উৎপাত, মোৰ চকুৰেই  প্ৰেমিকাক চোৱাৰ কাৰণে হুলস্থূল লগাই দিছে, মই বোলো ভুল হৈ গ’ল তোৰ প্ৰেমিকাৰ ওচৰলৈ যাওঁতে তোৰেই চকুযোৰ পিন্ধি যাব লাগিছিল৷ তথাপি বন্ধুক তাৰ সপোনৰ কুঁৱৰীজনীৰ বৰ্ণনা দিহে তত পোৱা গ’ল৷

তাৰ পাছৰ কামখিনি আছিল সকলোতকৈ কঠিন৷ বন্ধুক এতিয়া লাগে মনৰ মেমৰি ষ্টিকৰপৰা ডাউনলড কৰা ফটো৷ মই বোলো লগে লগে নহ’ব ৰাতিপুৱালৈ ৰ’ব লাগিব৷ বন্ধুৱে যেনিবা যেনে তেনে বুজিলে৷ ঘৰ পাই ভাত পানী খাই সকলো শোৱাৰ পাছত ভাবি ভাবি আঁকিবলৈ বহিলো৷ বহুত কষ্ট কৰাৰ পাছত নিজৰেই লাগিল, হয় তেনেকুৱাই আছিল তাই, গতিকে সেইখিনিতে সামৰি শুই পৰিলো৷

পিছদিনা আমি শুই থাকোঁতেই বন্ধু আহি হাজিৰ আমাৰ ঘৰত৷ বন্ধুক দেখি তাৰ মনৰ অৱস্থা বুজিয়েই বাকী কাম কাজ কৰাৰ আগতেই ভয়ে ভয়ে বন্ধুৰ হাতত ভুলে শুদ্ধই অঁকা ছবিখন তুলি দিলোঁ৷ ছবিখন হাতত লৈয়েই বন্ধুৰ যিটো হাঁহি, সেইটো হাঁহি দেখিয়েই সেইদিনা গম পাইছিলো প্ৰেমত পৰিলে মানুহ সঁচাই অন্ধ হৈ পৰে৷ যিটোহে ফুৰ্তি, ফটো নহয় যেন সেইয়া তাইকহে হাতত পাই গ’ল৷ বন্ধুৰ প্ৰেমৰ সেই স্বৰ্গীয় অনুভূতি দেখি সেইসময়ত লাগিছিল আমিও যেন বাৰে বাৰে প্ৰেমত পৰিম৷

বিঃদ্ৰঃ : বাকী মই নিজেও জানিছিলো নোচোৱা নেমেলাকৈ অঁকা ছবিখন আচল চেহেৰাৰপৰা কেইবা যোজন দূৰেৰে যোৱা বুলি, আৰু সেইদিনাই উপলদ্ধি কৰিছিলো, মানুহৰ ছবি আঁকি কষ্ট কৰাতকৈ হাতী ঘোঁৰা এটা আঁকি দিলেও হয়তো বন্ধুৰ চকুত সেইয়াও তাৰ প্ৰেয়সী হৈয়েই ধৰা দিলেহেঁতেন৷ প্ৰেমত পৰিলে অন্ধ হোৱাটো যে সত্য, সেইদিনা চকুৰ আগত জলজল পটপটকৈ জিলিকি উঠিছিল মোৰ সন্মুখত মোৰ বন্ধুক দেখি।

☆ ★ ☆ ★ ☆

One comment

  • Abhijit Goswami

    এইটো আকৌ পঢ়ি হাঁহিলো দেই ? ? ?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *