ফটাঢোল

সোণাৰুৰ হালধীয়া হাঁহি – মৃদুল নাথ

: অই অবিনাশ, ব’ল পানবজাৰলৈ যাওঁ। কাম এটা আছে।

দীপকৰ মাতত মূৰৰ পৰা ব্লেংকেটখন অলপ আঁতৰাই মূৰটো উলিয়াই অবিনাশে কোনোমতে চকু দুটা মেলি চালে।

: ইমান ধুনীয়া বতৰ। শুবলৈ দে না বে। দেওবাৰটোতো শান্তি নাই তোৰ পৰা।

ব্লেংকেটখনৰ মাজত অবিনাশ পুনৰ অদৃশ্য হৈ যায়।

ৰূমমেট অবিনাশক দীপকে হাড়ে হিমজুৱে চিনি পায়। তিনি বছৰ হ’ল দুয়ো একেলগে থকা, ৰূম সলনি হ’লেও ৰূমমেট সলনি নহয়। ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তিৰ সময়তে দুয়োৰে চিনাকি, প্ৰথম চিনাকিতে দুয়ো ভাল বন্ধু হৈ পৰে, লাহে লাহে বন্ধুত্বৰ শিপা দুয়োৰে বুকুলৈকে শিপাইছে। অবিনাশে দুটা কামৰ লগত এৰা ধৰা কৰিবলৈ কষ্ট পায়, সেয়া হ’ল খোৱা আৰু শোৱা। আজি বতৰটো গোমা, মাজে মাজে চিপ চিপকৈ বৰষুণ দি আছে, তাতে আজি দেওবাৰ। অবিনাশে যে আজি সহজে বিছনাখন নেৰে, সেয়া দীপকে ভালদৰে বুজে। তথাপি শেষ চেষ্টা এটা কৰি চোৱা যাওক বুলি দীপকে ব্লেংকেটখন অলপ দাঙি অবিনাশৰ কাণৰ কাষত আহি ক’লে,

: তোক মম’ঘৰত মম’ খুৱাম। কেই প্লেট খাৱ, তোৰ কথা, ন’ লিমিট।

দীপকে কথাষাৰ কৈ অবিনাশৰ প্ৰতিক্ৰিয়া চাবলৈ নিজৰ বিচনাৰ ওপৰত বহি ল’লে। অলপ পিছত অবিনাশে ব্লেংকেটখন গাৰ পৰা আঁতৰাই ঘড়ীটোৰ ফালে চালে। দীপকে বুজিলে, দৰবে ঠিকেই কাম কৰিছে।

: চাৰে ন বাজি গ’ল, গমেই নাপালোঁ বে। ব্ৰেকফাষ্টো নাপাম এতিয়া।

: পংকজৰ দোকানতে পৰঠা খাই ল’ম দুয়ো। দেৰি নকৰিবি, জল্দি গা পা ধুই ওলা, দহ বজাৰ বাছখন ধৰিব লাগিব।

কথাখিনি কৈ দীপক ৰূমৰ পৰা ওলাই গ’ল, অবিনাশে জাৰটোৰ পৰা ঢোক ঢোককৈ পানীখিনি খাই  টুথব্ৰাচটোত টুথপেষ্ট লগাই লাহে লাহে বাথৰূমৰ ফালে আগবাঢ়িল।

কলেজ বাছখন ঠিক দহ বজাত এ.ই.চি. কেম্পাছৰ ভিতৰলৈ সোমায়। বাছখন সাত নম্বৰ হোষ্টেলৰ সন্মুখত অলপ সময় ৰোৱাৰ পাছত ছয় নম্বৰ হোষ্টেলৰ সন্মুখ পায় মানে দহ বাজি পাঁচ মিনিট মান হয়। তাৰ পিছত আঠ নম্বৰ, কলেজ, এক আৰু শেষত তিনি নম্বৰ হৈ পুনৰ ঘূৰি ছয় নম্বৰৰ সন্মুখ পোৱালৈকে পোন্ধৰ-বিশ মিনিট মান সময় লাগে। পিচে বহিবলৈ চিট পাবলৈ হ’লে প্ৰথমেই উঠি লৈ চিট এটা হামলা দিব লাগিব। নহ’লে দৰ্জা মুখত ওলমি যাব লাগিব। অবিনাশে পিচে দৰ্জা মুখত ওলমি গৈ ভাল পায়, বতাহখিনিয়ে অনবৰতে আৱৰি ৰাখে, কিবা এটা ভাল লাগে তাৰ। এনেও দৰ্জা মুখত ওলমি যোৱাৰ অধিকাৰ বা অগ্ৰাধিকাৰ সপ্তম আৰু অষ্টম ষান্মাসিকৰ ছাত্ৰখিনিয়েহে পায়। অবিনাশে সেই অধিকাৰ পোৱা বেছি দিন হোৱা নাই, এই অধিকাৰ হস্তগত কৰিবলৈ সি সুদীৰ্ঘ তিনিটা বছৰ ৰ’ব লগা হৈছে।

: পানবজাৰত তোৰ কি কাম আছে?

পংকজৰ চাহৰ দোকানত বহি পৰঠাখনৰ চুক এটা কামুৰি চামুচখনেৰে ঘুগুনি এচামুচ হাতত লৈ অবিনাশে সুধিলে। পাঁচ আৰু ছয় নম্বৰ হোষ্টেলৰ সন্মুখত পংকজৰ সৰু চাহৰ দোকানখন, হোষ্টেলৰ ল’ৰাখিনিৰ বাবে সেয়াই এক আড্ডাৰ স্থলী। গধূলি হ’লে অৱশ্যে চাহ কাপ খাবলৈ আটায়ে সুন্দৰবড়ী লৈ ওলাই যায়। দিনত পংকজৰ দোকানেই পাঁচ আৰু ছয় নম্বৰ হোষ্টেলৰ বাবে এক প্ৰকাৰ কেণ্টিনৰ কাম কৰে। গৰম চাহ কাপত দীঘলকৈ শোহা এটা মাৰি দীপকে ক’লে,

: আছে কাম এটা, গ’লে গম পাবি। তোক খুৱাম বুলিছোঁ নহয়, কেলেই চিন্তা কৰিছ?

: তোৰ লগত জাহান্নামলৈ যাবলৈও সাজু। অকল খোৱাখিনি সময় আৰু জোখ মতে পাই থাকিলে হ’ল। দে এতিয়া, চিগাৰেট এটা জ্বলা।

তেনে সময়তে বাছখন সোমাই আহি হোষ্টেলৰ সন্মুখত ৰয়। জ্বলাই লোৱা চিগাৰেটটো হাতেৰে ঢাকি লৈ দীপকে বাছখনলৈ চায়, বাছখনৰ ভিতৰত কলেজৰ কোনোবা প্ৰফেচাৰ থাকিব পাৰে।

: ঘূৰি আহোঁতে উঠিম দে, আজি বৰষুণৰ বতৰ, সিমান ভীৰ হ’ব নালাগে। জালুকবাৰীখন আজি শ্বিলং নিচিনাই হৈ গৈছে। বৰষুণ বেছি দিলেহে বিপদ হ’ব, ছাতি এটা সোনকালে ল’ব লাগিব যি দেখিছোঁ।

দীপকে কথাখিনি কৈ যায়, অবিনাশে নীৰৱে মাথো মূৰ দুপিয়াই চিগাৰেটটোৰ ফালে হাতখন আগবঢ়াই দিয়ে। মাজে মাজে অবিনাশে ছাতি এটাৰ প্ৰয়োজন অনুভৱ নকৰা  নহয়, পিচে দুবাৰকৈ হেৰুওৱাৰ পিছত সি আৰু ছাতি কিনা নাই। দীপক এই ক্ষেত্ৰত আৰু উদাসীন, গাত বৰষুণ পৰিলে ছাতিটোৰ কথা মনলৈ আহে, বৰষুণ এৰাৰ লগে লগে সেই প্ৰয়োজনটো নিজে নিজে নোহোৱা হৈ যায়। কিছু সময় পিছতে বাছখন ঘূৰি আহি হোষ্টেলৰ সন্মুখত ৰৈ যায়, খালি ছিট এটাত দীপক বহি লয়, অবিনাশে দৰ্জা মুখত ওলমি যোৱাটোকে ঠিক কৰিলে। বতাহ এজাক বলি আছে, চেঁচা বতাহজাকে তাক চুই গ’ল, বতাহজাকৰ স্পৰ্শটো কিবা এটা ভাল লাগি গ’ল অবিনাশৰ।

পানবজাৰৰ জৰ্জ ফিল্ডৰ কাষৰ শেষ ষ্টপেজটোত কলেজ বাছখনৰ যাত্ৰাৰ সমাপ্তি ঘটে, বাছৰ পৰা নামি অবিনাশে দীপকক সোধে,

: এইবাৰ কোন ফালে?

: পিছে পিছে আহি থাক, ভাল টি চাৰ্ট এটা পিন্ধিব পৰা নাছিলি?

: ৰ’ চোন ৰ’, ভাল টি চাৰ্ট! আব্বে তই ক’লৈ নিব ওলাইছ মোক, কিবা ছোৱালী চাব যাম নেকি মই!

: অ, আমি এন.বি.ডি. হোষ্টেললৈ গৈ আছোঁ। মামাৰ ছোৱালীজনী কটনত এডমিশ্যন লৈছে এইবাৰ, বি এছ চি, ফাৰ্ষ্ট ইয়াৰ। এমাহ হ’ল, এদিনো খবৰ লোৱা নাই মই। খবৰ এটা কৰি আহিব লাগে, ঘৰৰ পৰা কাঢ়া হুকুম দিছে।

: আব্বে, আগতে নক’লি কেলেই, ভাল টি চাৰ্ট এটা কাৰোবাৰ পৰা হামলা দিলোঁহেঁতেন!

: হ’ব, তোক চিনি পাওঁ মই, গাৰ্লছ হোষ্টেল বুলি ক’লে তই পিছফালে সাত জাঁপ মৰা মানুহ। তই অহা ভকত নহয়। মই ইয়াত আহি অকলে কামোৰ খাম, তই আৰামত শুই থাকিবি, সেইটো হ’ব নোৱাৰে।

দীপকে কথাখিনি কৈ হাঁহি হাঁহি ৰিক্সা এখন মাতে, অবিনাশে নিজৰ টি চাৰ্টটোৰ ক’লাৰৰ চুক এটা টানি আনি নাকেৰে শুঙি চায়, চলি যাব। বতৰটো ভাল, নাঘামিলে চিন্তা নাই। অবিনাশৰ মনৰ পৰা দুঃচিন্তাখিনি আঁতৰ হয়, ৰিক্সাখন লাহে লাহে নলিনীবালা দেৱী হোষ্টেলৰ ফালে আগবাঢ়ে।

গাৰ্লছ হোষ্টেললৈ অবিনাশৰ আজিয়েই প্ৰথম আগমন, দীপক অৱশ্যে এই ক্ষেত্ৰত কিছু অভিজ্ঞ। গেটৰ ওচৰতে ৰৈ দীপকে ফোন কৰাৰ কিছু সময় পিছতে ছোৱালী এজনী হোষ্টেলৰ পৰা ওলাই সিহঁতৰ ফালে আগবাঢ়ি আহিল। ডাঠ হালধীয়া ৰঙৰ চুৰিদাৰযোৰত ছোৱালীজনী আৰু ধুনীয়া হৈ অবিনাশৰ চকুত ধৰা দিলে।

: গীতি, এয়া অবিনাশ, মোৰ ৰূমমেট। অবিনাশ, এয়া গীতি, মানে গীতিমা, মোৰ মামাৰ ছোৱালী।

: মোক গীতি বুলিয়ে মাতিব দাদা, দীপক দাৰ লগৰ যেতিয়া আপুনি মোৰো দাদাই হ’ব দিয়কচোন!

: হাঁ, অ, হ’ব হ’ব বাৰু, গীতি বুলিয়ে মাতিম।

কথাখিনি কওঁতে অবিনাশৰ মাতটো জোখতকৈ কমকৈ ওলাল, কিবা এটাই যেন ডিঙিত সোপা মাৰি ধৰিছে।

: এতিয়া আমি ক’লৈ যাম দীপক দা?

গীতিয়ে সোধে।

: মম’ ঘৰ, তোক মম’ খুৱাম বুলি কৈছিলোঁ যে, ব’ল এতিয়া। ইয়াৰ পৰা অলপহে দূৰ, খোজ কাঢ়িয়ে যাব পাৰিম। আজি বতৰটোও ভাল, কি কৱ অবিনাশ?

দীপকৰ মাতত অবিনাশে সম্বিত ঘূৰাই পায়, গীতিমাৰ পৰা লৰালৰিকৈ দৃষ্টি আঁতৰাই অবিনাশে কোনোমতে কয়,

: অ, অ, বতৰটো ভাল।

বতৰটো সঁচাই ধুনীয়া আজি, দীঘলী পুখুৰীৰ পাৰটো আজি তাৰ আনদিনাতকৈ বেছি ধুনীয়া যেন লাগিল। দীপক আৰু গীতিমাৰ পিছে পিছে অবিনাশ আগবাঢ়ে, চেঁচা বতাহজাকে  গীতিমাক মাজে মাজে আমনি কৰিছে, মেলি দিয়া দীঘল চুলিখিনিৰ লগতে হালধীয়া দোপাট্টাখন চম্ভালিবলৈ তাইৰ কিছু অসুবিধাই হৈছে। কিছু নিলগত থাকিও অবিনাশে অনুভৱ কৰে সেই চুলিখিনিৰ সুগন্ধ। কোনেও নেদেখাকৈ অবিনাশে আকৌ এবাৰ নিজৰ টি চাৰ্টটোৰ ক’লাৰটো শুঙি চায়, ঠিকেই আছে। নিচিন্ত হৈ অবিনাশ পুনৰ আগবাঢ়ে। মম’ঘৰত আনকালে দেওবাৰে বহুত ভীৰ থাকে, কেতিয়াবা বহিবলৈ ছিট পাবলৈ বহু সময় ৰ’ব লগীয়া হয়। আজি ভীৰ নহ’লেই হয়, অবিনাশে মনতে ভগৱানক খাটে।

: দাদা, অৰ্ডাৰটো দিব।

ৱেইটাৰজনৰ কথাত গীতিমাৰ কথা বন্ধ হয়।

: আমাৰ বাবে বাৰু দুই প্লেট, আৰু, অবিনাশ তোৰ বাবে দুই প্লেটে হ’ব নে আৰু লাগিব?

দীপকৰ কথাত গীতিমাই হাঁ কৈ মুখ মেলি অবিনাশৰ ফালে চালে।

: পাগল নেকি বে? এক প্লেটে যথেষ্ট।

অবিনাশে কোনো মতে কয়, দীপকে মুখ টিপি হাঁহি ৰয়।খাই থাকোঁতেও অনৰ্গল কথা কৈ থকা গীতিমাক দেখি অবিনাশে অনুভৱ কৰে, কথা কৈ থাকিলে গীতিক আৰু ধুনীয়া দেখি।

: দীপক দা, অহা দেওবাৰে কিন্তু চিনেমা চাবলৈ নিব লাগিব। মই না নুশুনো, মুঠতে মোক দেখাব লাগিব। অবিনাশ দা, আপুনিও আহিব দেই।

: চাওঁ চোন, যদি মিলাব পাৰোঁ!

উত্তৰ দিওঁতে অবিনাশে কিছু গহীন হ’বলৈ চেষ্টা কৰে। সময়বোৰ আগবাঢ়ে, অলপ সময়তে অবিনাশে গীতিৰ বিষয়ে, গীতিৰ ঘৰখনৰ বিষয়ে, গীতিৰ ভাল লগাবোৰৰ বিষয়ে বহু কথা জানিব পাৰে। এটা সময়ত দুয়ো গীতিক হোষ্টেললৈকে আগবঢ়াই থৈ জৰ্জ ফিল্ডলৈ আগবাঢ়ে। অবিনাশে মবাইলটোত সময়টো চালে, দেৰ বাজি গ’ল, কলেজ বাছখন দুই বজাত জৰ্জ ফিল্ড এৰিব, হাতত এতিয়াও আধা ঘণ্টা সময় আছে৷

: ৰেবটীত চাওঁ এক প্লেট খুৱাবি ব’ল।

: ছোৱালীৰ আগত ডায়েটিং কৰিবলৈ মই কৈছিলোঁ নেকি তোক, নোৱাৰোঁ।

দীপকে খঙেৰে কয়।

: ছিৰিয়াছলি বে, বৈদ্য ভোক লাগিছে। এতিয়া ঘূৰি গৈ হোষ্টেলত ভাতো নাপাম।

অবিনাশৰ কৰুণ মুখখন দেখি দীপকৰ মুখৰ হাঁহিটো অট্টহাস্য ৰূপ লয়। দুয়ো হাঁহি হাঁহি ৰেৱটীৰ ফালে আগবাঢ়ি যায়। চিপ চিপ বৰষুণজাক পুনৰ আৰম্ভ হয়। দীপকে বৰষুণৰ পৰা নিজকে বচাবলৈ খৰকৈ খোজ দিছে, অবিনাশৰ গতি মন্থৰ। আজি সি ছাতিৰ প্ৰয়োজন অনুভৱ কৰা নাই। লাহে লাহে খোজ কাঢ়ি গৈ থাকোঁতে আজি সি মন কৰিলে যে কৃষ্ণচূড়া অকল জালুকবাৰীতে নুফুলে, পানবজাৰখনো ৰঙীন হৈ পৰিছে কৃষ্ণচূড়াৰ ৰঙেৰে। বৰষুণৰ মাজতো কৃষ্ণচূড়াৰ ৰং ম্লান হৈ যোৱা নাই। নেহৰু পাৰ্কৰ কাষেৰে আহি থাকোঁতে তেজৰঙী কৃষ্ণচূড়াবোৰৰ কাষতে হঠাত এজোপা ফুলি থকা সোণাৰুৰ ফালে অবিনাশৰ দৃষ্টি গোচৰ হয়। ডাঠ হালধীয়া ফুলবোৰ বতাহত হালিছে, গীতিৰ দোপাট্টাখনৰ দৰে। কৃষ্ণচূড়া অবিনাশৰ খুবেই প্ৰিয়, পিচে আজি সি কৃষ্ণচূড়াৰ মাজত কিবা এটা বিচাৰি পোৱা নাই। কিবা যেন নাই! সেই উগ্ৰ তেজৰঙী কৃষ্ণচূড়াৰ তুলনাত সোণাৰুৰ হালধীয়াখিনিৰ আকৰ্ষণ বেছি অনুভৱ কৰিছে আজি সি। সেই আকৰ্ষণ নেওচা দিবলৈ  হৃদয়ে আজি বাধা দিছে তাক, ক্ৰমাত তীব্ৰ হৈ আহিছে সেই আকৰ্ষণ। সেই হালধীয়াখিনিৰ মাজত অবিনাশে দেখা পাইছে এখনি স্নিগ্ধ, কোমল, মৰমী মুখ। এয়া কি অকল আকৰ্ষণ! নে প্ৰেম! চেঁচা বতাহ এজাকে তিতি থকা অবিনাশৰ গাটো চুই যায়। হালি জালি থকা সোণাৰু ফুলখিনিৰ ফালে চাই অবিনাশে চকু দুটা মুদি দিলে, হালধীয়াখিনিৰ মাজত অবিনাশে দেখা পালে এখনি মুখ। অলপ আগতে লগ পোৱা মুখৰ সৈতে একেই সেই মুখ, একেই সেই হাঁহি, এয়া সোণাৰুৰ হালধীয়া হাঁহি!

লাহে লাহে বৰষুণজাক বাঢ়িছে, দোকান এখনৰ বাৰাণ্ডাত আশ্ৰয় লৈ দীপকে চিঞৰি ক’লে,

: জল্দি আহ ঐ, এনেকৈ তিতি থাকিলে হ’লেই আৰু, জ্বৰ হ’লে ৰাতি তোৰ কাষত ৰৈ কপালত জলপটি দিবলৈ মই নাই, হোষ্টেলতো কোনো নাই, কৈ থ’লোঁ।

অবিনাশৰ গতি কিছু খৰ হয়। দোকানখনত আশ্ৰয় লৈ অবিনাশে দীপকক ক’লে,

: অহা দেওবাৰে চিনেমা চাবলৈ ময়ো আহিম দে তোৰ লগত, বহু দিন হ’ল চিনেমা চোৱা নাই।

অবিনাশৰ কথা শুনি দীপকে অলপ আচৰিত হৈ তালৈ মূৰ তুলি চালে, অবিনাশৰ চকু দূৰৰ সোণাৰু জোপাত নিবদ্ধ। দীপকে আৰু একো নুসুধিলে, মাথোঁ এটা মিচিকিয়া হাঁহি  তাৰ মুখত ফুটি উঠিল।

☆ ★ ☆ ★ ☆

9 Comments

  • খুব ভাল লাগিল ৷

    Reply
  • Anonymous

    ভাল লাগিল।

    Reply
  • কাবেৰী মহন্ত

    সুন্দৰ ৰোমাণ্টিক গল্প৷ ভাল লাগিল খুবেই

    Reply
  • ডলী

    সুন্দৰ

    Reply
  • Manica Sarma

    ভাল লাগিল দেই।

    Reply
  • Sadananda Bhuyan

    বহুত ভাল লাগিল ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া ৰোমাণ্টিক গল্প৷

    Reply
  • J B

    বঢ়িয়া প্ৰেমৰ গল্প

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    বঢ়িয়া! ভাল লাগিল দেই। ন-চিনাকী ধুনীয়া ছোৱালী এজনীৰ সন্মুখত যিমান মন যায় সিমান খোৱাৰ অফাৰ! হাঃ হাঃ হাঃ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *