ফটাঢোল

গেট ৱেল চুন জান দা- অভিজিত দাস

জান দাৰ হাৰ্ট এটেক৷ খবৰটো শুনিয়েই দৌৰাদৌৰিকৈ হস্পিটেললৈ গ’লোঁ৷ চিকিৎসকে চিন্তাৰ বিশেষ কাৰণ নাই বুলি ক’লে যদিও নিদ্ৰাৰত অৱস্থাত থকা মুখখন চাই বেয়া লাগি গ’ল৷

জান দা আমাৰ চুবুৰীৰে৷ সৰুৰে পৰাই তীখৰ৷ স্কুলত পঢ়া দিনৰে পৰা তেখেত মহিলা সমাজৰ খবৰ খাতি লোৱাত আগৰণুৱা আছিল৷ মেট্ৰিক পাছ কৰাৰ পাছতে জান দা গুৱাহাটীলৈ পঢ়িবলৈ গ’ল৷ তাৰ পাছত দেখা দেখি নাই৷ পাহৰিয়ে যোৱাৰ দৰে হ’ল৷ বিগত দুই বছৰ মান আগতে এদিন হঠাতে জান দাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল ফেচবুকত৷ অৱশ্যে পোচাকী নাম দি ব্ৰেকেটৰ ভিতৰত জান দা লিখি থোৱা আছিল৷ ৰিকুৱেষ্ট গ্ৰহণ কৰাৰ লগে লগেই মেচেঞ্জাৰত মেচেজ আহিল,

: ফোন নম্বৰটো দে!

নম্বৰ দিয়াৰ পাছতেই ফোন আহিল৷ দীৰ্ঘ সময়ৰ বাৰ্তালাপৰ পাছত গম পালোঁ জান দা ফেচবুকৰ এজন লেখত ল’ব লগীয়া মানুহ৷ খেতিৰ পৰা ইঞ্জিনিয়াৰিং, সাহিত্যৰ পৰা ৰন্ধনলৈ সকলোতে জান দাৰ অবাধ দখল৷ মোকো এসোপামান ফেচবুক গ্ৰোপত যোগ কৰি গ’ল৷ মাজতে দুটামান মেচেঞ্জাৰ গ্ৰোপতো এড কৰিলে৷ তাত জান দা একেবাৰে কলীয়া গোসাঁইটোৱেই৷ দুই তিনিজন মান পুৰুষৰ বাদে সকলো মহিলা! যি কি নহওক জান দাৰ কামোৰৰ প্ৰকোপত এটা গোটত লিখিবলৈও আৰম্ভ কৰি দিলোঁ৷ অলপ লাইক কমেণ্ট পাই সমাদৰ পাবলৈ আৰম্ভ কৰোঁতেই জান দাৰ কিবা কাজিয়া লাগি গ্ৰোপৰ পৰা ওলাই গ’ল৷ মোক ফোন কৰিও জনালে গ্ৰোপ এৰিবলৈ৷ পৰবৰ্তী দিনাখনেই নতুন গ্ৰোপ এটাত যোগদান কৰালে৷ এইটোত জান দা নিজে এডমিন৷ মুঠতে জান দাই ফেচবুকত গোট খোলা কথাটো বেংকৰ চেভিংচ বা কাৰেণ্ট একাউণ্ট খোলাৰ দৰেই টাৰ্গেট হিচাপে লৈ ল’লে৷ মোৰ ফেচবুকৰ নিউজফিডত অনবৰতে জান দাৰ গ্ৰোপবোৰৰ আপডেটেৰেই ভৰি গ’ল৷

: চিন্তাৰ বিশেষ কাৰণ নাই৷ মূৰ ঘূৰাই হে পৰি গৈছিল৷ বৰ বেছি টেনশ্যন ল’বলৈ মানা কৰিব৷

চিকিৎসকে জান দাৰ পত্নীক কৈ থকা কথাবোৰ শুনি সম্বিত ঘূৰি আহিল৷

: কি হৈছিল ভাইটি?

তেখেতৰ আত্মীয় এজনক প্ৰশ্ন কৰিলোঁ৷

: এ জানেই  নহয় জান দা কিমান ডাঙৰ সমাজ সেৱী তথা বুদ্ধিজীৱী৷ ফেচবুকৰ জৰিয়তে সমাজৰ কি কি বিষয়ত তেখেতে মাত দিয়া নাই৷ কিন্তু কালি অলপমান খেলিমেলিৰ বাবেই মানুহজন মূৰ ঘূৰাই পৰি গ’ল৷

আত্মীয়ৰ উত্তৰ

: কি খেলিমেলি হ’ল?

পুনৰ সুধিলোঁঁ৷

: আন একো নহয়৷ তেখেতে নিজৰ ফেচবুক ৱালত আত্মনিৰ্ভশীলতাৰ ওপৰত দীঘল প্ৰবন্ধ এটা লিখিছিল৷ কিন্তু তাতে কোনোবা চকু চৰহা এটা আহি বৰ বেয়াকৈ কমেণ্ট কৰি থৈ গ’ল৷

আত্মীয়জনে ক’লে৷

: কি কমেণ্ট কৰিলে?

মই সুধিলোঁ৷ অলপ ৰৈ ইফালে সিফালে চাই আত্মীয়জনে উত্তৰ দিলে,

: এ নক’বা আৰু তেখেতৰ চৰিত্ৰক ধৰি গালি দিলে৷ ক’লে বেলেগৰ পত্নীক মেচেঞ্জাৰ ফোনত অশান্তি দি থকাজনে আত্মনিৰ্ভৰশীলতাৰ কথা ক’লে শোভা নাপায়৷ প্ৰথমে নিজৰ পত্নীক সময় দিবলৈ শিকক৷ আপুনি কালিৰ পৰা ফোন নম্বৰ বিচাৰি থকা পৰীৰ একাউণ্টটো মই চলাই আছোঁ, তাইৰ স্বামীয়ে৷

দীঘল উশাহ এটা এৰি উত্তৰ দিলোঁ,

: গেট ৱেল চুন জান দা!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *