ডাষ্টবিন – ৰঞ্জিত কুমাৰ শৰ্মা
সন্মুখত টেলিভিছন নিউজ চেনেল আৰু ৱেব প’ৰ্টেলৰ কেইবাটাও লগ’ সম্বলিত দণ্ড, কেমেৰা আৰু ম’বাইল ফোন৷ সেইবোৰ দাঙি ধৰি আছে কেইবাজনো স্থানীয় সাংবাদিক আৰু ফটো সাংবাদিকে৷ এনে পৰিবেশত পিছফালে কেমেৰাৰ বেষ্টনিত সোমোৱাৰ চেষ্টা কৰি থকা কেইজনমান সমৰ্থকক লৈ সমাজ সচেতন ব্যক্তি এজনে কৈছে,
: এই এলেকাটোত প্ৰায় দুশ পৰিয়াল আছে৷ এই দুশ পৰিয়ালৰ মাজত মাত্ৰ দুটাহে ডাষ্টবিন আছে৷ দুটা ডাষ্টবিনেৰে হয়নেকি? বাৰম্বাৰ দাবী জনাই অহাৰ পিছত ছমাহমান আগতে পৌৰসভাই ডাষ্টবিন দুটা বহুৱাইছিল৷ ডাষ্টবিন দুটা পকী হ’লে কি হ’ব? মুক্ত ডাষ্টবিন৷ পৌৰসভাই সদায় চাফ নকৰে৷ ফলত জাবৰে উপচি পৰি কেনে কদৰ্যময় পৰিবেশ হৈছে আপোনালোকে দেখিছেই৷
এইবাৰ আন এজন লোক পিছফালৰ পৰা দুখোজ আগবাঢ়ি আহিল৷ লগ’ৰ দণ্ড, কেমেৰা, মোবাইল ফোনকেইটাইও দ্বিতীয়জন ব্যক্তিৰ ‘বাইট’ গিলিবলৈ হেতা-ওপৰা লগালে৷ দ্বিতীয় ব্যক্তিজনে ক’লে,
: আমাৰ ‘নিৰ্মল নগৰ ডাষ্টবিন ডিমাণ্ড কমিটি’ৰ চেয়াৰমেনে আপোনালোকক ক’লেই৷ মই কমিটিখনৰ ছেক্ৰেটেৰি জেনেৰেলে কৈছোঁ৷ দুশ পৰিয়ালৰ মাত্ৰ দুটা ডাষ্টবিন৷ আপোনালোকে ডাষ্টবিন দুটা চালেই দেখিব৷ দুৰ্গন্ধত ৰাস্তাৰে অহা-যোৱা কৰিব নোৱাৰি৷ পৌৰসভাৰ কৰ্মীয়ে সপ্তাহত এবাৰ বা দুবাৰহে ডাষ্টবিন দুটা পৰিষ্কাৰ কৰে৷ আৱৰ্জনাৰে ডাষ্টবিন উপচি পৰিলেও পৌৰসভাৰ গা নলৰে৷
ইয়াৰ পিছত কিছু সময় হাত দাঙি জিন্দাবাদ-মুৰ্দাবাদ চলিল৷ ফটো লোৱাই ফটো ল’লে, ভিডিঅ’ লোৱাই ভিডিঅ’ ল’লে৷ মাজতে এজন সাংবাদিকে ‘নিৰ্মল নগৰ ডাষ্টবিন ডিমাণ্ড কমিটি’ৰ ‘ছেক্ৰেটেৰি জেনেৰেল’ক ডাষ্টবিন দুটা নিৰ্মাণ হোৱাৰ আঁৰৰ কথাও জানিব বিচাৰিছিল৷ উত্তৰ অৱশ্যে ভবামতেই হ’ল, মানে বাৰম্বাৰ দাবী, আবেদন, প্ৰতিবাদী সভা, স্মাৰকপত্ৰৰ ফলশ্ৰুতিতহে ডাষ্টবিন দুটা হৈছিল৷
পাঠকসকল, এই ডাষ্টবিন দুটা নিৰ্মাণৰ আঁৰত আছে এক ইতিহাস৷ আপোনালোকে হয়তো ভাবিছে, ডাষ্টবিনৰো আকৌ ইতিহাস! ই কেনে কথা? হয়, চমু হ’লেও সেয়া এক ইতিহাসেই আছিল৷ নিৰ্মল নগৰৰ বাসিন্দাসকলৰ বাবে এক আবেগিক আন্দোলন আছিল সেয়া৷ সেই আন্দোলনে এলেকাটোৰ বাবে ইতিহাস গঢ়িলে৷ দেশ স্বাধীন হোৱাৰ সত্তৰ বছৰ পিছতো ডাষ্টবিন নোপোৱা এলেকাটোৰ বাসিন্দাসকলে চৰকাৰী পক্ষৰ পৰা দুটা ডাষ্টবিন পালে৷ এয়া কম কথানে? ইয়াত মানুহখিনিৰ আবেগ নাথাকিবনে? এয়া ইতিহাস নহয় কোনে কয়? আহক আমি জানো সেই আবেগিক আন্দোলন, সেই ইতিহাসৰ বিষয়ে৷
বলক, আমি দুবছৰ পিছলৈ উভতি চাওঁ…৷
চহৰখনৰ পৌৰসভাই অভিলাষী আঁচনি এখন গ্ৰহণ কৰিলে৷ আঁচনিমতে চহৰখনৰ ঘাইকৈ বজাৰ এলেকা আৰু দোকান আদি থকা এলেকাত কেইটামান পকী ডাষ্টবিন নিৰ্মাণৰ কাম হাতত লোৱা হয়৷ স্থানীয় বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰ এজনে ডাষ্টবিন নিৰ্মাণৰ ঠিকাটো পালে৷ ডাষ্টবিন নিৰ্মাণ হৈ থকা কালতে ঠিকাদাৰৰ খৰচতেই পৌৰসভাৰ পৌৰপতি আৰু কাৰ্যবাহী বিষয়াজনে ৰাংচাপাৰা গাওঁ পৰিদৰ্শন কৰাৰ সুযোগ পালে৷ গোৱালপাৰা জিলাত থকা এই সৰু গাঁওখনে স্বচ্ছতাৰ দিশত এক আদৰ্শ গঢ়িছে৷ যিসকলে গাঁওখনলৈ গৈছে তেওঁলোকে এই কথা অস্বীকাৰ কৰিব নোৱাৰে৷ আৰ্থিকভাবে স্বচ্ছল নোহোৱা গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰৰ চৌহদৰ আগফালে তেওঁলোকে নিজেই বাঁহ-বেত আদিৰে সাজি লোৱা ডাষ্টবিন আছে৷ এই ডাষ্টবিনৰবোৰত প্ৰতিটো পৰিয়ালে আৱৰ্জনাবোৰ জমা কৰে আৰু পিছত ডাষ্টবিনৰ পৰা সেই আৱৰ্জনাও সন্মিলিতভাবে গাঁওবাসীয়েই আঁতৰায়৷ স্বচ্ছতাৰ বাবে পৰ্যটনথলীও হৈ পৰিছে গাঁওখন৷ গাঁওখন ঘূৰি অহাৰ পিছত পৌৰপতি আৰু কাৰ্যবাহী বিষয়াজনেও এইখন চহৰতো ঘৰে ঘৰে ডাষ্টবিন বহুওৱাৰ পৰিকল্পনা কৰে৷ সেইমতে চহৰখনৰ আৱাসিক এলেকাতো স্বচ্ছতা ৰক্ষাৰ বাবে বাসিন্দাসকলক তেওঁলোকৰ ঘৰৰ কাষত একোটাকৈ অস্থায়ী ডাষ্টবিনৰ ব্যৱস্থা কৰাৰ বাবে পৌৰসভাৰ তৰফৰ পৰা আহ্বান জনোৱাৰ সিদ্ধান্ত লোৱা হয়৷ সেইমতে ৰাজহুৱা ডাষ্টবিনৰ পৰা আঁতৰত থকা দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ গৰাকীক ডাষ্টবিনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দিয়া হয়৷ কিন্তু সভ্য-গব্য লোককতো আৰু নিৰ্দেশনা দিব নোৱাৰি! সেয়ে মুকলি আহ্বান জনাই ছপোৱা গোহাৰিপত্ৰ ঘৰে ঘৰে বিতৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ সেইমতে চহৰখনৰ নিৰ্মল নগৰ এলেকাত প্ৰথমে এই গোহাৰিপত্ৰ বিতৰণ কৰা হয়৷ কিন্তু আৰম্ভণিতেই লাগে কেণা৷ চাওকচোন পৌৰসভাই কামটো কৰাৰ আগতে এবাৰো কথাবোৰ নাভাবিলে৷ পৰিষ্কাৰ লোকক এনে অপৰিষ্কাৰ কাম কৰিবলৈ ক’বলৈ পৌৰসভাক কিহে পাইছিল? আৰম্ভ হ’ল প্ৰতিবাদ৷ নিৰ্মল নগৰৰ দুই-চাৰিজনমানে ঘৰে ঘৰে গৈ কথাটো উলিয়ালে৷ জনমত গঠন হ’ল৷ প্ৰথমে সমাজকৰ্মী এজনৰ ঘৰত কেইজনমান সমবেত হৈ বৈঠকত মিলিত হ’ল৷ সিদ্ধান্ত হ’ল প্ৰতিবাদী সভা পতাৰ৷ সেইমতে পৰৱৰ্তী দেওবাৰটোতেই এলেকাটোৰ সমূহীয়া সভাঘৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ খবৰ পাই কাষৰ দুটামান ৱাৰ্ডৰো দুই-চাৰিজন লোক সভালৈ আহিল৷ সভাত পৌৰসভাৰ হঠকাৰী, অবিবেকী সিদ্ধান্ত আৰু শোষণ-দমননীতিৰ প্ৰতিবাদ হ’ল৷ বিভিন্নজনে বিভিন্ন আপত্তি আৰু যুক্তি দাঙি ধৰিলে৷ বক্তাসকলৰ কোনো কোনোৱে ক’লে,
: আমি চৰকাৰ আৰু পৌৰসভাক বিভিন্ন কৰ দিওঁ৷ ঘৰৰ কৰ, মাটিৰ খাজনা, বিদ্যুৎ বিভাগক বিল দিওঁ৷ বজাৰলৈ গাড়ী লৈ গ’লে পাৰ্কিঙৰ বাবে কৰ দিওঁ৷ আজিলৈকে চৰকাৰে আমাক বিশুদ্ধ খোৱাপানী দিব নোৱাৰিলে৷ এতিয়া আমি জাবৰ পেলাবলৈকো ডাষ্টবিন নিজে বনাই ল’ব লাগিব নেকি? চৰকাৰ-প্ৰশাসনে ডাষ্টবিনো আমাক দিব নোৱাৰে নেকি?
মাহেকত পতি-পত্নীয়ে মিলি দুই লাখমান দৰমহা পোৱা এজনে নিজৰ বক্তব্যত ক’লে,
: বহু কষ্ট কৰি মাটি একঠা কিনি আটোমটোকাৰীকৈ দুমহলীয়া ঘৰটো সাজিছোঁ৷ এতিয়া ঘৰটোৰ সন্মুখত ডাষ্টবিন বহুৱাই সন্মুখটো দেখিবলৈ লেতেৰা কিয় কৰিম? পৌৰসভাৰ নিৰ্দেশ মানিব নোৱাৰি৷ ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিব লাগে৷
আন এজনে ক’লে,
: আমাৰ এলেকাটোৰ দুঠাইত আৱৰ্জনাই দম বান্ধিছে৷ সেইবোৰ পৌৰসভাই দেখা নাপায় নেকি? সেই আৱৰ্জনাবোৰ উঠাই নিব নোৱৰা পৌৰসভাই যদি আমি বনোৱা ডাষ্টবিনবোৰৰ পৰা আৱৰ্জনাবোৰ দৈনিক লৈ নাযায় তেতিয়া কি হ’ব?
তিনিমহলীয়া বিল্ডিং এটাৰ গৰাকী এজনে ক’লে,
: আমাৰ ইয়াত ধুনীয়া ধুনীয়া ঘৰ হৈছে৷ মোৰ ঘৰত চাৰিটা পৰিয়াল ভাড়া থাকে৷ কিমানটা ডাষ্টবিন বনাম?
যিসকলে ঘৰ ভাড়ালৈ দিছে তেওঁলোকে এইগৰাকী বক্তাৰ বক্তব্যত জোৰেৰে হাতচাপৰি বজালে৷
এনেদৰে সভাত বক্তাসকলে পৌৰসভাৰ ভূমিকাৰ প্ৰতিবাদ জনালে৷ দুজনমানে পৌৰসভাৰ পদক্ষেপক সমৰ্থন জনালে যদিও তেওঁলোকৰ যুক্তিক খণ্ডন কৰা হ’ল৷ অৱশেষত সভাই এখন সমিতি গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ সভাতেই গঠন হয় ‘নিৰ্মল নগৰ ডাষ্টবিন ডিমাণ্ড কমিটি’৷ চেয়াৰমেন, ছেক্ৰেটেৰি জেনেৰেল, ট্ৰেজাৰাৰকে ধৰি একত্ৰিশজনীয়া শক্তিশালী কমিটিখন গঠন কৰা হয়৷ পৌৰসভাৰ পদক্ষেপক যি দুজনমানে সমৰ্থন কৰিছিল তেওঁলোকে গা ভাল নহয় বুলি কৈ কমিটি গঠন হোৱাৰ আগতেই সভাকক্ষ ত্যাগ কৰিলে৷ কমিটি গঠন হোৱাৰ পিছত পুঁজি গঠন আৰু পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়৷ আলোচনাত ৰছিদ বহী ছপোৱা, স্থানীয় বিধায়কক সাক্ষাৎ কৰা আৰু উপায়ুক্ত তথা পৌৰপতিক স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত লোৱা হয়৷ স্মাৰকপত্ৰত মূল দাবী তিনিটা ৰখাৰ সিদ্ধান্ত লোৱা হয়৷ দাবীকেইটা হ’ল- ঘৰে ঘৰে ডাষ্টবিন বনাব দিয়া পৌৰসভাৰ জাননী বাতিল কৰা, ৱাৰ্ডবোৰত পৰ্যাপ্ত ডাষ্টবিন নিৰ্মাণ কৰি দিয়া আৰু নিৰ্মল নগৰৰ যি দুটা স্থানত আৱৰ্জনাই দম বান্ধিছে তাৰ পৰা আৱৰ্জনা আঁতৰ কৰা৷ ইয়াৰ পিছত সভাপতিৰ ভাষণ আৰু শলাগৰ শৰাইৰে সভা সামৰা হয়৷
সভাখনত লোৱা সিদ্ধান্তমৰ্মে পৰৱৰ্তীকালত স্মাৰকপত্ৰ প্ৰদান কৰাৰ উপৰি স্থানীয় বিধায়ককো সাক্ষাৎ কৰা হয়৷ তেওঁকো এখন স্মাৰকপত্ৰ দিয়া হয়৷ নিৰ্মল নগৰৰ ভোটখিনি বিধায়কজনৰ হিচাবৰ ভোট, লৰচৰ নহয়৷ বিগত তিনিটা নিৰ্বাচনত তেওঁ তাৰ প্ৰমাণ পাইছে৷ আনহাতে পৌৰসভাৰ সভাপতিগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্কও মুখতহে ভাল ধৰণৰ৷ গতিকে তেৱোঁ বিষয়টো এৰি দিবলৈ নিবিচাৰিলে৷ বিধায়কজন চাম বুলি নিৰ্মলনগৰ ডাষ্টবিন ডিমাণ্ড কমিটিক আশ্বাস দিলে৷ এনেদৰে এটা আন্দোলনে গতি লাভ কৰিলে৷ যি কি নহওক বিধায়কৰ হস্তক্ষেপত আন্দোলনকাৰী সফল হ’ল৷ চহৰখনৰ আৱাসিক এলেকাৰ মুষ্টিমেয় দুই-চাৰিজনে অস্থায়ী ডাষ্টবিনৰ ব্যৱস্থা কৰিলে যদিও পৌৰসভাৰ ‘ঘৰে ঘৰে ডাষ্টবিন’ নামৰ আঁচনিখন সফল নহ’ল৷ গোহাৰিপত্ৰ ছপা কৰা প্ৰেছটোৰ গৰাকীয়েও বিল লৈ পৌৰসভাৰ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়ি কাঢ়ি পিছলৈ ধন পোৱাৰ আশাই বাদ দিলে৷ লাহে লাহে প্ৰশাসনৰ সহযোগত পৌৰসভাই ৱাৰ্ডবোৰত দুই-এটাকৈ পকী ডাষ্টবিন বহুৱাই দিলে৷ নিৰ্মল নগৰতো দুটা পকী ডাষ্টবিন হ’ল৷
এয়াই হ’ল নিৰ্মল নগৰৰ ডাষ্টবিন দুটাৰ ইতিহাস৷ অ’ এটা কথা, ডাষ্টবিন ডিমাণ্ড কমিটিৰ ছেক্ৰেটেৰি জেনেৰেলৰ ভায়েকেও ডাষ্টবিন নিৰ্মাণৰ উপ-ঠিকা, মানে চাব-কণ্ট্ৰেক্ট পাইছিল৷
ডাষ্টবিন হৈ উঠাৰ পিছত যিবোৰ ঘটনা ঘটিল সেইবোৰ স্বাভাৱিক বুলিয়েই ক’ব পাৰি৷ এলেকাটোৰ সকলোৱে ডাষ্টবিন দুটাত আৱৰ্জনা পেলাবলৈ ল’লে৷ আৱৰ্জনা মানে শুকান জাৱৰৰ পৰা আৰম্ভ কৰি প্লাষ্টিকৰ মোনাত ভৰোৱা পেলোনীয়া ভাত-তৰকাৰীলৈকে সকলো৷ খাদ্য বিচাৰি ফুৰা বাটৰ কুকুৰে খাদ্যভৰ্তি প্লাষ্টিকৰ মোনা উন্মুক্ত ডাষ্টবিনৰ পৰা টানি আনি পথৰ ওপৰত লৈ পেট পেলাই খোৱা, বাওঁহাতেৰে নাকটো টিপামাৰি ধৰি দূৰৈৰ পৰাই আৱৰ্জনাৰ মোনাটো ডাষ্টবিনলৈ বুলি দলিওৱা, গাড়ীৰ পৰাই দৰ্জাৰ আইনা নমাই তাৰ পৰাই আৱৰ্জনাৰ টোপোলা ডাষ্টবিনলৈ থ্ৰ’ কৰা আদি দৃশ্যবোৰো সুলভ হৈ পৰিল৷ পৌৰসভায়ো সপ্তাহত এবাৰ বা কাৎচিৎহে দুবাৰ ডাষ্টবিন পৰিষ্কাৰ কৰা দেখা গ’ল৷ গতিকে নিৰ্মল নগৰ পুনৰ দূষিত হ’ল৷ পৰিণতিত পুনৰ সক্ৰিয় হৈ পৰিল ডাষ্টবিন ডিমাণ্ড কমিটি৷ আৰম্ভ হ’ল পুনৰ আন্দোলন৷ দুবছৰ পূৰ্বে প্ৰতিবাদী সভাৰ বাতৰি সংগ্ৰহ কৰা সাংবাদিকসকলে পুনৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰাৰ পিছত ডাষ্টবিন ডিমাণ্ড কমিটিৰ ছেক্ৰেটেৰি জেনেৰেলে চাহ-তমোল খাবলৈ দিয়া ‘খৰচ’টো লৈ নিৰ্মল নগৰৰ পৰা উভতিল৷
☆ ★ ☆ ★ ☆
10:41 am
খুব সুন্দৰ ব্যংগ দাদা৷
10:56 am
ধন্যবাদ৷
11:01 am
বৰ ভাল লাগিল শৰ্মাদেউ৷ বাস্তৱ প্ৰতিচ্ছবি৷