ৰামায়ণ মহাভাৰত- দিগন্ত বৰুৱা
লকডাউনৰ সময়ত ৰামায়ণ-মহাভাৰতৰ পুনৰ প্ৰচাৰ দেখি মনটো সেই পুৰণি দিনবোৰলৈ উৰা মাৰিলে। এয়া নব্বৈৰ দশকৰ আৰম্ভণিৰ কথা। এইচ ডি এফ চি লিমিটেডৰ নিচেই চালুকীয়া অবস্থা আৰু সেই চালুকীয়া দিনৰে পৰা কাৰ্যনিৰ্বাহ কৰি কৰিয়েই এতিয়া অৱসৰৰ সময় সমাগত৷ সেই সময়ত গুৱাহাটী কাৰ্যালয়ৰ মুঠ কৰ্মচাৰী মুঠেই ছটা নে সাতটা। আমি জোতা চিলাইৰ পৰা চণ্ডী পাঠলৈ সকলো কৰোঁ, মানে সময়ত পিয়ন, সময়ত মেনেজাৰ। ৰাতিপুৱাই কাৰ্যালয় চাফ চিকুণাই নৰ্মেল পাব্লিক ট্ৰেনজেকশ্যন আৰম্ভ। তাৰ পিছত গৃহ ঋণৰ গ্ৰাহক বিচাৰি গুৱাহাটীৰ অলিয়ে গলীয়ে ভ্ৰমণ, আবেলিৰ পৰা আকৌ ঋণ লৈ পৰিশোধ নকৰা গ্ৰাহকৰ কিস্তি সংগ্ৰহ অভিযান। মুঠতে আজিৰ বেংকিং ব্যৱস্থাত চিংগেল উইণ্ড পদ্ধতিৰ উদ্ভাৱনৰ আগতেই পৰিস্থিতিৰ পাকচক্ৰত পৰি আমি চিংগেল উইণ্ড চলাব লগা হৈছিল।
নব্বৈৰ দশকৰ মাজ ভাগৰ পৰাই আমাৰ লোনৰ ৰিকভাৰীৰ কিছু সমস্যা আৰম্ভ হৈছিল। কিছুমান মানুহক লগ কৰিবলৈ অফিচত গ’লেও নাপাওঁ ঘৰলৈ গ’লেও নাপাওঁ। পৰিয়ালৰ সদস্যৰ এই মাত্ৰ অলে গেছি, ছলিক স্কুলৰ পৰা আইনবা গেছি, চাহ খাবা গেছি, নাওমান বহকচোন ইত্যাদি ইত্যাদি বাহানা। পিচে প্ৰায়েই নাওমান নালগে জাহাজমান বহি থাকলিও তাহুন আহি নাপয়। কেনেবাকৈ আহি পালেও, “দৰ্মহা হৱাই নাই ৰব হে, হলি ইবাৰ আপনাৰ টোই ফাচ দিম বুলি চিমতা কৰি আছোঁ, কালি মিছেছকো কছো বৰুৱা আহি পাবাৰ হছি, আহা শুকুৰ বাৰে যাই নিজে দি আহিম দক। আপনি আইহবা নালগে, চিন্তা নকৰিব আপনাক বিপদত নেপলং”কে আদিকৰি হৰেক ৰকমৰ গতানুগতিক উত্তৰ৷ মানুহ দেখিলেই কি উত্তৰ দিব পাৰে মোটামুটি ধাৰণা কৰি ল’ব পৰা হৈ গৈছিলোঁ। তেনেকুৱা কেবাটাও শুকুৰবাৰ আহে পিচে বৰুৱাক বিপদত নেপেলোৱা মানুহজনহে আহি নাপায়। কিমান দিনলৈ এই নাটক চলিব ঠিকনা নাই। সেইটো আজিৰ দৰে ম’বাইলৰ যুগ নহয়। বাচে স্কুটাৰে ৰিক্সাই অটই উঠি মানুহজনৰ অফিচ-ঘৰ পাবগৈ লাগিব। ইমান দূৰ গৈ নাপালে আকৌ অশান্তি। অফিচলৈ গ’লে মূৰ দাংবাৰ সময় নাইহে বৰুৱা৷ ঘৰ’ত আহিব, থৌগাকে চাহ খাই খাই কথা পাতিম বুলি মূৰ পোলোকা মাৰে৷ ইফালে আকৌ ঘৰলৈ গ’লেও ভিতৰৰ কোঠাত সোমাই থাকি পৰিয়ালে ওপৰত ইতিমধ্যে উল্লেখ কৰি অহা উত্তৰকেইটা দি ঘৰত নাই বুলি ক’লেও বিচাৰি ভিতৰত সোমাব নোৱাৰি। বহুত চিন্তা ভাৱনাৰ অন্তত অৱশেষত এই সমস্যা সমাধানৰ ৰামবান দৰব এটা ভাবি উলিয়ালোঁ। ভাবি পালোঁ যে পিয়নৰ পৰা উচ্চপদস্থ আমোলালৈকে কোনেও সেইসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণ, মহাভাৰত প্ৰচাৰ হৈ থকা সময়ত সৰুপানী চুবলৈও উঠি নাযায়৷ গতিকে সেইটো সময়ত ঘৰত গৈ উপস্থিত হ’লে মানুহজনক পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ সৈতে আৰামত চোফাত বহি টিভি চাই থকা অৱস্থাত ড্ৰয়িঙ ৰূমতে ধৰিব পৰা যাব। প্ৰথম কথা হ’ল অনুস্থান প্ৰচাৰিত হৈ থকাৰ সময়তে কলিং বেল ডবালে কোনোবা চুবুৰীয়া বুলি ভাবি এবাৰতে দৰ্জা খুলি দিব আৰু দৰ্জা খুলি দি সন্মুখত মোক দেখিলে মুখলজ্জাত পলাবও নোৱাৰিব। ইফালে আকৌ চাৰিওফালে উৎসুক চকুচৰহা চুবুৰীয়া, যাৰ ওচৰত মহাশয়ে নিজকে ডাঙৰ মানুহ দেখুৱাই থাকে৷ তেওঁৰ যে ঋণৰ কিস্তি দিবলৈ বাকী আছে সেইটো যথাসম্ভৱ উচ্চস্বৰত কোৱা আৰম্ভ কৰি দিলে ইফালে উপস্থিত ৰাইজে শান্তিত ৰাম-ৰাৱণৰ যুদ্ধ চাব নোৱাৰে আনফালে ইমান দিনে চুবুৰীয়াৰ আগত ফিটাহি মাৰি থকা দাদাৰ বেলুন ফুটো ফুটো অৱস্থা হয়। মানে অক্সিজেন উচক’ মৰনে নেহী দেগা অঔৰ লিকুইড উচক’ জীনে নেহী দেগা ফৰ্মুলা। অৱশ্যে তেতিয়া মোৰ নিজৰ ম’নাজনী জীৱনলৈ অহাই নাছিল। ম’নাজনী থকা হ’লে চাগে এনেকুৱা নকৰিলোঁহেঁতেন। বহুত শাও খালোঁ যদিও এই অক্সিজেন আৰু লিকুইডৰ ফৰ্মূলা প্ৰয়োগ কৰিয়েই সেই সাময়িক সমস্যাৰ সমাধান সূত্ৰ বাহিৰ কৰি আজিলৈকে একেটা অনুস্থানতে কৰ্মৰত হৈ আছোঁ।
☆ ★ ☆ ★ ☆
5:46 pm
ভাল লাগিল পঢ়ি
6:52 pm
তামাম বুদ্ধি খটুৱালে ৷ এনে লেখনিয়ে তেনে ৰাইজক উৎসাহিত কৰিব ৷ বঢ়িয়া ৷
12:24 am
বুদ্ধি কিন্তু মানিছোঁ দেই৷