ফটাঢোল

কিন্তু টিলিঙাটো আঁৰিব কোনে?- ৰিমঝিম বৰঠাকুৰ

: এনেকৈ আৰু থাকিব নোৱাৰি। ইহঁতৰ ডিঙিত টিলিঙা আৰিবৰ হ’ল।

: হয় হয় আঁৰিব লাগিব, নহ’লে বৰ বিপদখন হৈছে।

সকলোৱে সমস্বৰে চিঞৰি উঠিল।

: সেইদিনাখন আমাৰ পোনাকণৰ লগত কি হ’ল জানে…

সেমেনাসেমেনিকৈ ৰাঙলীয়ে মূৰটো খজুৱাই বহাৰপৰা উঠি ক’বলৈ ধৰিলে,

: ঐ মা মৰিলোঁ ঐ। পানী অকণ ঢাল ঔ পানী অকণ ঢাল।

: কি হ’ল ঔ মোৰ সোণাইটো

বুলি লৰ ধৰি ৰাঙলীয়ে যিটোহে দৃশ্য দেখিলে, কথমপি মূৰটো ঘূৰাই নপৰাকৈ থাকিল। পুতেক হলৌৰ জুয়ে পুৰি গোটেই জেগাডোখৰ একেবাৰে ক’লা হৈ গ’ল। তাৰ দেদাউৰি পৰা চিঞৰত ৰাঙলী বুদ্ধিভ্ৰষ্ট হৈ দিলে পানী এগাল আনি ঢালি। তাৰ দেদাউৰি কমক চাৰি বাঢ়িবলৈহে ধৰিলে।

: কি কৰিলি ঐ মা। গোটেই টিকা দেখোন চেলিয়াই নিলে।

হলৌৱে পিছফালে ঘূৰি ঘূৰি চাই জপিয়াই ফুৰিছে।

: ৰ চোন সোণাই ভাল হ’ব নহয়। তইনো সেইমখাৰ ওচৰলৈ গৈছিলি কিয়? খাবলৈ নাপাৱ নেকি ঘৰত’ মাক ৰাঙলীয়ে অলপ খঙতেই পুতেকক ক’লে।

: খাবলৈ নাপাওঁ কাৰণেইতো গৈছিলোঁ। তইয়ে কচোন আমাৰ ইয়াত খাবলৈ কিডাল আছে। যিখিনি আছিল সিহঁতেই দেখোন খাই শেষ কৰিলে।

হলৌৱে ফেকুৰি ফেকুৰি মাকৰ বুকুৰ মাজত সোমাই ক’লে।

“হয়ো কথাটো মিছাও নহয়। বেচেৰা অকমানিটোৱেনো কি জানে। য’তেই খাবলৈ পাব তালৈকে যাব। হ’লেও সেইমখা ইমান নিষ্ঠুৰ নে একেবাৰে! অকমানিটোৰ মুখখন দেখিও দুখ নালাগিল নে একেবাৰে জুই লাগি থকা খৰিডাল মাৰি পঠিয়াইছে গালৈ। দেহী এচলকা একেবাৰে বৰ বেয়াকৈ পুৰিলে। ভাল হওঁতে অলপ সময় লাগিব। এই কেইদিন হলৌক অলপ চাই-চিতি খোৱা-বোৱা কৰিবলৈ ক’ব লাগিব।” ৰাঙলীয়ে পুতেকৰ পোৰা জেগাখিনি চাই ভাবিলে।

ৰাঙলীয়ে কথাখিনি কওঁতে শেষলৈ কান্দি উঠিল। হলৌৰ লগৰ দুটামানে তাৰ পুৰি ক’লা কৰি পেলোৱা জেগাটুকুৰ দেখি অলপ ফিচিঙা ফিচিং কৰিলে। এনেও হলৌক অলপ তজবজীয়া টেঙৰ দুটামানে বৰ ইতিকিং কৰে তাৰ চেহেৰাটোক লৈ। এতিয়া পুৰা জেগাটোকলৈও সিহঁতৰ আৰম্ভ হৈ গ’ল।

ৰাঙলীৰ কথাখিনি শেষ হয় মানে সকলোৰে মাজত কথাৰ ফুচফুচনি আৰম্ভ হ’ল। ৰাঙলীৰ লগৰ দুজনীমান উঠি আহি তাইক সান্তনা দিলেহি।

: হুমম্ বুজিছোঁ, আৰু কাৰ কি গোচৰ আছে। আগলৈ আহিব লাগে।

সভাপতিৰ আসনত বহি থকা গজৰাজ বৰতাই গহীনত মাত দিলে। তেওঁ ক’বলৈহে পালে, “মোৰ আছে মোৰ আছে” বুলি কেইবাটায়ো নিজৰ জেগাৰপৰা আগলৈ আহিল। আহি কোনে আগতে থিয় হৈ ক’ব পাৰে সেইটোকে লৈ টনা-আজোৰা লাগিল।

কণটিলৌ বোলা তীখৰ গুটি এটাই পমিলীক চকু টিপ মাৰি পটাই আগত থিয় দিলেগৈ হেবাঙী পমিলীয়ে গমেই নাপালে। কোনোবা দুজনীমান চিচিটিভি খুড়ীয়ে দেখিহে হাল্লা লগালে। সিহঁতৰ টনা-আজোৰাবোৰ দেখি গজৰাজ বৰতাই মাত লগালে,

: অই বুৰ্বকহঁত মানুহৰ দৰে আচৰণ কিয় কৰিছহঁত।এনেকুৱাই যদি কৰ আমাৰ আৰু সেই মানুহমখাৰ মাজত পাৰ্থক্য কি থাকিল অ’?

বৰতাৰ কথা শুই সকলোতকৈ আগত থকা কণটিলৌৱে মাত লগালে,

: বৰতা মই বহুত কষ্ট কৰি আগত থিয় দিছোঁহি মই আগতে ক’ম।

সি ক’বলৈহে পালে চিচিটিভি কেইজনীয়ে বেওবেওকৈ ধৰিলেই নহয়,

: ইহ্ আমি দেখিছোঁ নহয় কেনেকৈ আগস্থান পাইছ। পমিলীক চকু মাৰি, পোনাকণক লাঠ মাৰিহে আগ পাইছ।

সেই কেইজনীৰ কথা শুনি কণটিলৌ সেইফালেই তাপ মাৰিলে।

: হ’ব চবেই ক’বলৈ পাবি। এতিয়া হাতত সময় মুঠেই কম। আটাইতকৈ চিৰিয়াছ প্ৰব্লেমকেইটা লৈ আন কাৰ আছে।

বৰতাৰ গহীন গম্ভীৰ মাতত সকলোৰে শেষত বহি থকা পদুমে কেকো জেকোকৈ থিয় হ’ল। বেচেৰাৰ চকুত চকুপানী। কান্দোতে কান্দোতে চকু গৈ কোটৰত সোমাইছেগৈ। কেইবাদিনো যে নোখাৱাকৈ আছে তাৰ চেহেৰা দেখিলেই গম পায়। শুৰডালেৰে চকুকেইটা মোহাৰি উচুপি উচুপি আৰম্ভ কৰিলে,

: পদুমীৰ গাত তিনিমাহৰ লেঠা আছিল। তাইৰ দিনে দিনে ভোকটোও বাঢ়ি আহিছিল। এদিন ভোকতে থাকিব নোৱাৰি মই ঘৰত নথকা অৱস্থাত পেটত পোৱালি লৈয়েই ওলাই গৈছিল ৰাস্তালৈ। তেনেতে মানুহ নামৰ জাতিটোৱে কঁঠাল এটা দি লোভ দেখুৱাই তাইক সেইটো খোৱালে। খোৱাৰ অলপ পিছতেই কঁঁঠালটো মুখতে ফুটি থাকিল। আয়ৌ বেচেৰী কি চিঞৰিছিল। মই আকৌ গমেই পোৱা নাছিলোঁ। তাই আমাৰ সেই বোৱতীখনলৈ দৌৰ দিলে বোলে লগে লগে। মোক আকৌ খবৰটো দিলে গজেন্দ্ৰই। খবৰটো পাইয়ে মই যেনেকৈ আছিলোঁ তেনেকৈয়ে আহি তাইক নদীখনত থিয় হৈ থকা দেখি মনটো ভাল লাগি গৈছিল। পিছতহে গম পালোঁ তাই আৰু মোৰ পোনাকণ…

পদুমে কথাখিনি কৈ হোকহোকাই কান্দি উঠিল। আলোচনাত থকা সকলো নীৰৱ নিতাল মাৰিল। আনকি হলৌক নেগুৰ পুৰা বুলি ফিচিঙা ফিচিঙ কৰি থকা বান্দৰকেইটাও চুপ মাৰিলে।

অলপ দেৰি নিৰৱতাৰ পিছত সকলোতকৈ বয়সীয়াল হাতী গজৰাজ সভাপতিৰ আসনৰ ওচৰৰ পৰা উঠি গৈ পদুমৰ ওচৰ পালেগৈ। শুৰডাল দাঙি পদুমৰ শুৰডালত লগাই সান্তনা দি আকৌ নিজৰ আসনত বহি আৰম্ভ কৰিলে।

: কথাবোৰত গুৰুত্ব দিবৰ হ’ল। হলৌ বান্দৰ পোৱালিটোৰ নেজত জুই লগালে। বেচেৰা বান্দৰকণ একেবাৰে এহ্ কৰিব নোৱাৰা কৰি পেলালে। পদুমীক বোম খোৱাই মাৰিলে। সেইদিনা দেখিলোঁ আমাৰ সেই কান্দুৰী নামৰ গাহৰীজনীৰ কাণখন কাটি পঠিয়ালে। তাই কান্দি কান্দি মোক গোচৰ দিছেহি বোলে খটাসুৰ দুটামানে তাইক ভোলাই কচু খাবলৈ দিওঁতেই কাণখন কাটি লৈ গ’ল। তাৰপিছত সিহঁতৰ বোলে হাঁহি খিকিন্দালি। এই মানুহবোৰে নকৰে কি! নিজৰ ঘৰ-দুৱাৰ বনোৱাৰ নামত আমাৰ বাসস্থানবিলাকতো বেদখল আৰম্ভ কৰিছে। কিন্তু খাবলৈ শুবলৈ জেগা নাপায় আমি যদি ৰাস্তালৈ ওলাই যাওঁ সেইমখাই আমাকে আকৌ খেদি কুৰি আহে। আমাৰ জীৱন এতিয়া সংকটত৷

: হয় দেই, এনেকৈ আৰু ভয়ে ভয়ে জীয়াই থাকিব পাৰি নেকি কিবা। ইখন হাবিত থকা মোৰ বয়ফ্ৰেণ্ড পিটৌটোক লগ কৰিবলৈ যাবলৈও ৰাস্তাডাল পাৰ হ’ব লাগে। ইফালে আকৌ যাবলৈও ভয় ৰাস্তাত মানুহে পাই বুলি। এনেই সেইমখাই গাই থাকে শিয়ালী এ নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি। So disgusting. I can’t live my life like this.

হাবিখনতে ৰচকী বুলি জনাজাত শিয়ালী ৰতনীয়ে মুখ জোকাৰি জোকাৰি কৈ গ’ল। ইমান গুৰুত্বপূৰ্ণ আলোচনা এটাৰ মাজত ৰতনীৰ কথা শুনি সকলোৱে গিৰ্জনি পাৰি হা‍ঁহিলে।

―――

: এনেকৈ আৰু থাকিব নোৱাৰি। ইহঁতৰ ডিঙিত টিলিঙা আঁৰিবৰ হ’ল।

গহীন গম্ভীৰ মেথুন এটাই শিঙকেইটা লৰাই মূৰটো ইফালে কৰি গাটো চেলেকি উত্তৰ দিলে।

: হয় হয় আঁৰিব লাগিব, নহ’লে বৰ বিপদখন হৈছে। We want justice, we want justice.

সকলোৱে সমস্বৰে চিঞৰি উঠিল।

: কিন্তু টিলিঙাটো আঁৰিব কোনে। মানে আমাক justice দিয়াব কোনে?

মেথুনটোৱে শিং দুটা জোকাৰি সকলোকে সুধিলে।

: হ’লেও ভাল মানুহো আছে দেই। শইকীয়া নে কি সেইটোৰ ঘৰত ইমান ধুনীয়া ঘাঁহ কেইডালমান দেখি জঁপিয়াই জঁপিয়াই গ’লোঁ। মোক দেখি সিহঁতৰ অকমানি ল’ৰাটোৰ ইমান ফূৰ্তি। সিয়েই justice নে ফাচটিচডাল দিয়াব পাৰিব। সি মোৰ লগত খেলিবলৈ ইমান হাঁহি হাঁহি আহিছিল। কিন্তু সেই বাপেকডালেহে যি খেদা মাৰিলে ঔ। ভাগ্যৰ বলতহে উজুটি খায়ো নখকেইটা নভঙাকে ঘৰ পালোঁহি। সেইটো গোচৰকে দিম বুলি আহিছিলোঁ। বৰতাই আকো আজি সময় কম বুলি ক’লে।

সকলোৰে আলোচনাত ব্যাঘাত জন্মাই কণটিলৌ নামৰ শহাটোৱে চকুকেইটা পিৰিক পাৰাক কৰি কথাকেইটা কৈ পমিলীলৈ চাই আকৌ এবাৰ চকু টিপ মাৰিলে।

: ইহ্, তই ভাবিছ নেকি ল’ৰাটোৱে তোক দেখি ফূৰ্তি পাইছিল আৰু সি তোক এনেই এৰি দিব? সি তোক ৰাখি থ’ব সজাৰ ভিতৰত। মন গ’লে উলিয়াই খেলিব আকৌ ভৰাই থৈ দিব। তই নমৰালৈকে তেনেকৈয়ে বন্দী হৈ থাকিব লাগিব। তোৰ বনৰ স্বাধীনতা চব হেৰাব এবাৰ সিহঁতৰ পাল্লাত পৰিলে। মই দেখিছোঁ নহয় মোৰ জুনিয়ৰ এটাৰ কি গতি হৈছে এতিয়া। কাৰো ওপৰত মোৰ trust নাই এতিয়া।

কণটিলৌৰ কথাখিনি মুখতে ধৰি তাৰ বেষ্ট ফ্ৰেণ্ড ঢিটৌৱে উত্তৰ দিলে।

: হ’ব হ’ব তহঁতক কথা ক’বলৈ পালে একোকে নালাগে।

জংঘলৰ বুঢ়া বুলি জনাজাত কেটেলাই এটা ধমক লগাই শহাকেইটাৰ মুখকেইখন বন্ধ কৰি নিজৰ বকলা আৰম্ভ কৰিলে,

: এই বুঢ়াৰ আছেনো কি দুডালমান কাঁইট। এই মানুহমখাই এইকেইডাল থকাও দেখিব নোৱাৰে ঔ। সৰ্বশ্ৰেষ্ঠ সৰ্বজ্ঞানী মানুহবোৰে সিহঁতৰ জ্ঞানেৰে গম পালে যে মোৰ কাঁইট এডাল ঘৰত থকাটো ভাল। এতিয়া মোক দেখিলেই ডাইৰেক্ট সেই দীঘল নলীয়াটোহে উলিয়াই। হেৰৌ ইমান জ্ঞানী কিন্তু অভদ্ৰামী চোৱাচোন। ভদ্ৰভাৱত এডাল খুজি চাচোন দুডাল দি থৈ আহিম। কিন্তু এডালৰ নামত গোটেই জীৱনটো কিয়?

বুঢ়াই কথাখিনি কয় মানে কফে আহি ডিঙিত খুন্দা মাৰি ধৰি যোৱা থোৱা অৱস্থা লাগিল। সিমানতে সভা ভংগ কৰি চবেই কেটেলাক ঘেৰাও কৰি ধৰি পৰিচৰ্যাত লাগিল।

তেনেতে ওপৰৰে উৰি যোৱা কাউৰী এটাই “কা কা কা” কৰি “মানুহ আহিছে পলা পলা”,  “জীৱশ্ৰেষ্ঠ মানুহমখা আকৌ আহিছে পলা পলা” বুলি চিঞৰোঁতেই চৰাই চিৰিকতি, জীৱ-জন্তু যিয়েই যেনেকৈ আছিল কেটেলাক তাতে এৰি পলাই পত্ৰং দিলে। সিহঁতক পলোৱা দেখি কফৰ খুন্দাত মৰিবলৈ ধৰা কেটেলাৰ জীৱটো কোনোমতে ঘূৰি আহি, “কোন ক’ত আছ মোকো লৈ যা” বুলি চিঞৰত তালফাল লগালে। তাৰ চিঞৰ শুনি গাৰ মঙহ লৰাই লৰাই ভিৰাই দৌৰ মৰা গজেন্দ্ৰ নামৰ হাতীটো উভতি আহি শুৰডালেৰে কেটেলা বুঢ়াক মেৰিয়াই আকৌ লৰ দিলে। মানুহ অহাৰ খবৰ পাই জন্তুবোৰৰ মাজত, “মানুহৰ ডিঙিত টিলিঙা অঁৰা”ৰ আলোচনাভাগি সেইদিনালৈ সিমানতে অন্ত পৰিল।

☆ ★ ☆ ★ ☆

6 Comments

  • মানসী বৰা

    খুবেই ভাল লাগিল..

    Reply
  • Sadananda Bhuyan

    বহুত ভাল লাগিল ।

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল ৰিমঝিম৷ সঁচাকে সিহতে কথা পাতিব পৰা হেতেন এনেকৈয়ে কলে হেতেন৷

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল ৰিমঝিম

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লাগিল পঢ়ি৷

    Reply
  • J B

    সচাকৈ টিলিঙা আৰিব পৰা হেতেন ভাল আছিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *