কোকলোঙা – কাবেৰী মহন্ত
প্ৰায় এক দেড় মিনিটৰ বাবে বাছখন থমকিল বাছষ্টেণ্ডটোত, মানুহজন নামি গ’ল। হুৰমূৰকৈ ছোৱালী এজনী বাছখনলৈ উঠি আহিল। বৰষুণৰ সৈতে অহা এজাক সতেজ বতাহৰ দৰেই! বাছখনত থকা মানুহ কেইজনকো যেন সেই সতেজ বতাহজাকে চুই গ’ল! যাত্ৰীকেইজনেও নিজৰ নিজৰ ভাগৰবোৰ যেন বতাহজাকত আঁতৰাই লোৱাৰ সুবিধা ল’বৰ চেষ্টা কৰিলে! ছোৱালীজনীক ড্ৰাইভাৰজনৰ বাদে সকলোৱে নিজৰ বিজ্ঞাপন দিয়াৰ ভংগীত ব্যস্ত হৈ পৰিল৷ কোনো অনুসন্ধিৎসু ভাৱাবেগক প্ৰাধান্য নিদিয়াকৈ ছোৱালীজনী বাছখনৰ অকলশৰীয়া ছিট এটাত বহি পৰিল৷
: টিকেট প্লীজ মেদাম!
অতি বিনয়েৰে কণ্ডাক্টৰজনে ছোৱালীজনীৰ ওচৰলৈ আহি ক’লেহি৷
: জাষ্ট আ মিনিট…
নিজৰ চুলিখিনি পাছলৈ সযতনে ঠেলি তাই পাৰ্চটোৰ সৈতে ব্যস্ত হৈ পৰিল৷ লাহি আঙুলিকেইটাৰ ওপৰত ওচৰৰ তিনিজন ব্যক্তিৰ দৃষ্টি পৰিল! সেই দৃষ্টিসমূহে সুৱিধাটো এৰিব নিবিচাৰি পাৰ্চটোৰ ভিতৰতো ক্ষণিকতে তন্ন তন্নকে তদন্ত কৰাৰ চেষ্টা কৰিলে৷
: খুচুৰা হ’ব নহয়?
মৌসৰা প্ৰশ্নটোৰ উত্তৰ একে সময়তে বাছৰ বাকী দহযোৰ চকুৱেও বিচাৰিলে কণ্ডাক্টৰজনৰ পৰা৷ যেন গীৰ্জাঘৰৰ প্ৰাৰ্থনাৰ শেষত সকলোৱে সমস্বৰে ক’ব বিচাৰিছে ‘আমেন’!
: মোৰ ওচৰত আছে, ইফ ইউ ড’ণ্ট মাইণ্ড ….
আগৰ ছিটত বহি থকা যাত্ৰীগৰাকীয়ে মিচিকিয়া হাঁহি এটাৰে সহায়ৰ পুষ্পাঞ্জলি আগবঢ়াই দিলে, বাকী যাত্ৰীসকলৰ ঈৰ্ষাৰ বাবে সেয়া যথেষ্ট৷
: জু তিনিআলিত মই নামি যাম, সেইফালে যায় যদি মোৰ পৰাও খুচুৰা ল’ব পাৰে৷
অন্য এজনে আগৰজনক ৰাণ আউট কৰাৰ প্ৰাণপণ প্ৰচেষ্টা৷
: হ’ব মেদাম, চানমাৰীতহে নামিব, মই এৰেঞ্জ কৰিম৷
সকলো স্বেচ্ছাসেৱকক নজৰ আন্দাজ কৰি কণ্ডাক্টৰজনে চূড়ান্ত সিদ্ধান্ত দি চৰকাৰী পক্ষৰ দৰে নিজৰ সবল স্থিতি ঘোষণা কৰিলে৷
পাছৰ ষ্টপেজটোত বাছখন ৰ’লহি৷ এজন যাত্ৰী ইয়াতো নামি গ’ল, ছোৱালীজনীৰ কাষেদি যোৱাৰ সময়ত অপ্ৰয়োজনীয় বিনয়েৰে “এক্সকিউজ মি” বুলি নিজৰ ভদ্ৰতাৰ চাৰ্টিফিকেটখন বেচাৰ শেষ চেষ্টা এটা দি৷
নিজৰ গন্তব্যস্থানত নামি গ’ল প্ৰায়বোৰ যাত্ৰী আৰু ধুনীয়া ছোৱালীজনী৷ কণ্ডাক্টৰজনে ভাড়া ল’বলৈ পাহৰিলেই নে ইচ্ছাকৃত ভাৱে মহানুভৱতা দেখুৱালে ধৰিব পৰা নগ’ল৷ মাত্ৰ চাৰিজনমান যাত্ৰী আৰু মহিলাগৰাকীৰ সৈতে বাছখন চলিল৷ বৰষুণ কমিল যদিও বতৰটোত আগৰ সতেজতা নাই, হয়তো ছোৱালীজনীৰ লগতে সেই সতেজতা আৰু মানুহৰ মনৰ কোমলতাও গুচি গ’ল বতাহজাকৰ পিছে পিছে!
“ভাড়া দিয়ক, ভাড়া৷” নিজৰ স্বভাৱসুলভ কৰ্কশ মাতটোৰে কণ্ডাক্টৰজনে মহিলা গৰাকীৰ ওচৰলৈ আহি হাতখন আগবঢ়াই দিলে৷ এক শংকাই মহিলাগৰাকীৰ মুখমণ্ডল হঠাতে আৱৰি ধৰিলে, নিজৰ আঁচলৰ খোঁচনিৰ গাঠিটো খুলি সাঁচতীয়া কিবা বিচাৰি হাবাথূৰি খালে মানুহজনী!
: দিয়ক, দহটকা দিয়ক৷
কণ্ডাক্টৰজন নিজৰ কৰ্তব্যৰ প্ৰতি সচেতন হৈ পৰিল৷
: পাঁচটকাত বাছত ক’ত যায়হে? বাছত উঠিলেই দহটকা দিব লাগে বুলি নাজানে নেকি?
কণ্ডাক্টৰজনে হিচাপ কৰি উগ্ৰভাৱে ক’লে৷
: এইবোৰ মানুহক উঠাবই নালাগে৷
কিছু সময়ৰ আগতে ছোৱালীজনীৰ আগত উদাৰতাৰ দোকানখোলা যাত্ৰী এজনে তপৰাই মাত দিলে৷
: হয়হে! এইবোৰ মানুহৰ বাবেই গাড়ী মটৰত উঠিব নোৱাৰি আজিকালি৷ টেনচনবোৰ অফিচতে এৰি আহিলেও ঘৰলৈ অশান্তিবোৰ উলমে৷
আন এজন সমাজসচেতক যাত্ৰী গুজৰি উঠিল৷ মহিলাগৰাকীৰ কাতৰ দৃষ্টিক আওকান কৰি কণ্ডাক্টৰজনে ড্ৰাইভাৰলৈ মুখ কৰি চিঞৰি উঠিল,
: বাছ ৰখাওক, বাছ ৰখাওক৷
কোনো প্ৰশ্ন, কোনো প্ৰতিবাদ, কোনো মহানুভৱতাৰ ঢল নামি নাহিল৷ বাছখন ৰাস্তাৰ কাষত ৰৈ গ’ল ব্ৰেক মৰাৰ কৰ্কশ শব্দ এটাৰ সৈতে!
: নামি যাওক আপুনি, ভাড়া নিদিয়াকৈ ফ্ৰীতে যাব লাগে নেকি?
চলচলীয়া চকুযুৰিৰে সৈতে ‘সাধাৰণ’ মহিলাগৰাকী লাহেলাহে বাছৰ পৰা নামি গ’ল৷ উফৰি অহা কিছুমান কোকলোঙাৰ শৰে মহিলাগৰাকীৰ বুকু ভেদি গ’ল…
“এইবোৰ ভিক্ষাৰীৰ গাড়ীত উঠাৰ চখবোৰ বেছি!”
8:01 pm
ভাল লাগিল বা ৷
9:59 pm
ধন্যবাদ নীলাক্ষী
1:53 am
এটা জীয়া কাহিনী।
বৰ ভাল লাগিল। ?
2:24 am
পঢ়িলে জোনদাদা? ধন্যবাদ দেই
8:13 pm
ভাল লাগিল পঢ়ি। লিখাৰ ষ্টাইল টো অলপ বেলেগ।
10:00 pm
অশেষ ধন্যবাদ বাইদেউ
8:38 pm
বৰ ভাল লাগিল পঢ়ি !?
10:00 pm
ধন্যবাদ বাৰ্বী
8:53 pm
ৱাউ , তই আজিকালি পাগত উঠিলি ।ধুনীয়া আৰম্ভনীৰে উপসংহাৰো সাৱলিল ভাৱে ৰাখিলি । ভাল লাগিল ।
10:01 pm
ভাল পালিনে?
11:08 am
হয়,ভাল হৈছে।
11:55 am
ধন্যবাদ
9:34 pm
ভাল লাগিল , বাইদেউ
10:02 pm
ধন্যবাদ জয়ন্ত
10:02 pm
বহুত বহুত ভাল লাগিল ।
10:50 pm
বহুত ভাল পালো বা❤️
11:56 pm
ৰাজশ্ৰী হৈছেগৈনে কিবা এটা?
11:56 pm
ধন্যবাদ দাদা
10:16 pm
লিখিছে কিন্তু।
11:57 pm
অশেষ ধন্যবাদ
11:19 pm
ভাল লাগিল কাবেৰী
11:57 pm
ধন্যবাদ
11:20 pm
ভাল লাগিল কাবেৰী
11:58 pm
ধন্যবাদ মৃদুস্মিতা❤️
12:09 am
ভাল লাগিল পঢ়ি
11:55 am
ধন্যবাদ ডলী৷
1:22 am
কোকলোঙা, বৰ সুন্দৰকৈ জীৱন্ত ছবি এখন ডাঙি ধৰিলে বাইদেউ । মুখা পিন্ধা ভদ্ৰলোকৰ দৃষ্টিভংগী সুন্দৰকৈ ফুটিছে, লগতে কনডাক্টৰজনৰ চৰিত্ৰটো বাস্তৱত দেখা পোৱা যায় সঘনে ।
11:56 am
বহুত ধন্যবাদ দেই৷ চেষ্টাহে অলপ, লিখক নহয় ঔ
5:00 am
সুন্দৰ।।
11:57 am
ধন্যবাদ অমৃত
10:54 am
বৰ ভাল লাগিল কাবেৰী বা, সচাঁ কথা এইবোৰ।
11:58 am
ধন্যবাদ দেই৷ তোমাৰ পষ্টাৰ খন বহুত ধুনীয়া হৈছিল মোৰ গল্পটোৰ তুলনাত
11:10 am
ধুনীয়া লিখিছে।
ওম, মতাবোৰ বেয়া, কামুক, চৰিত্ৰ হীন। নহয়নে।
12:01 pm
ধন্যবাদ পঢ়াৰ বাবে৷
মই আচলতে মানুহ বুলিহে চেষ্টা কৰিছিলোঁ৷ মতা বা মাইকী হিচাপে নহয়! সেইকেইজন যাত্ৰীয়ে সকলো পুৰুষকে প্ৰতিনিধিত্ব নকৰে বুলি বিশ্বাস কৰোঁ৷
কমেণ্টৰ বাবে অশেষ ধন্যবাদ
11:14 am
ভাল লাগিল কাবেৰী।
12:02 pm
ধন্যবাদ ৰিন্টুমনি
11:52 am
বিৰাট ভাল লাগিল বা
12:02 pm
ধন্যবাদ নিৰ্মালী
2:27 pm
বঢ়িয়া লিখিলা ।সততে দেখি থকা বাস্তৱ ছবি ।পঢ়ি ভাল পালোঁ ।আগলৈও আশা কৰিলোঁ ।
10:46 pm
অশেষ ধন্যবাদ পঢ়াৰ বাবে?
4:02 pm
বাস্তবৰ বিবৰণ। ভাল লাগিল।
10:47 pm
ধন্যবাদ
7:19 pm
পঢ়ি ভাল লাগিল বাইদেউ।
10:47 pm
ধন্যবাদ ভাইজান
8:50 pm
ভাল লাগিল বা ?
10:47 pm
ধন্যবাদ দেই
1:50 am
এনেকুৱা চুটি গল্পবোৰ ভাল পাওঁ পঢ়ি৷ আৰু লিখিব লাগে৷
এই ধৰণৰ গল্প আগতে ভবেন্দ্ৰ নাথ শইকীয়া দেৱে লিখিছিল, চিনেমাও বনাইছিল, সৰু সচৰাচৰ দেখি থকা কথা কিন্তু যথোপযুক্ত প্ৰকাশভঙ্গীয়ে যথেষ্ট৷
10:49 pm
তোৰ কমেণ্ট মোৰ বাবে বহুত আদৰণীয়৷
12:53 pm
ভাল লাগিল। কিন্তু আৰু এখন ছবি আছে যত ধুনীয়া ছোৱালী এজনীয়ে বাছত অস্বস্তি আৰু নিৰাপত্তাহীনতাত ভোগে।
10:50 pm
হয়৷ সেইটো মানসিকতাও বেয়া৷
ধন্যবাদ পঢ়াৰ বাবে
3:32 pm
বৰ বঢ়িয়াকৈ লিখিলে৷ বৰ ভাল লেখা পঢ়িলোঁ৷
10:51 pm
বহুত ধন্যবাদ পঢ়াৰ বাবে
4:35 pm
এনে জীয়া ছবি বাছত সচৰাচৰ দেখিবলৈ পোৱা যায়। উপস্থাপন খুব সুন্দৰ হৈছে। ভাল পালোঁ পঢ়ি।
10:51 pm
অশেষ ধন্যবাদ?
4:57 pm
বৰ ভাল লাগিল দেই।
10:52 pm
ধন্যবাদ দেই