বিড়ম্বনা- নিলাক্ষী কাকতি
আজি অফিচৰ পৰা আহি থাকোঁতে বৰুৱাৰ মনটো ভাল লাগি আহিছে৷ মনটো ফৰকাল৷ বাইকখন পাৰ্কিং কৰা ঠাইত থৈ তেওঁ অকনমান বজাৰ কৰি লৈ যাব বুলি ভাবিলে৷ ক্ষীৰেশ্বৰ বৰুৱা৷ জলসিঞ্চন বিভাগৰ বৰবাবু৷ এই ‘বৰবাবু’ বুলি কোৱাৰ লগে লগে সাধাৰণতে আমাৰ মনত যিটো ভাৱ আহে তেওঁ তাতকৈ অলপ ব্যতিক্ৰম৷ টেবুলৰ তলেদি টকা গোটোৱাৰ তেওঁ পক্ষপাতী নহয়৷ তেওঁৰ মতে দৰমহাৰ টকা কেইটাৰেও তেওঁৰ তিনিজনীয়া পৰিয়ালটো সুখেৰে চলিব পাৰিব৷ এটাহে ল’ৰা৷ গাঁৱতো কিছু পৰিমাণে পৈতৃক সম্পত্তি আছে৷ গতিকে আনৰ হা-হুমুনিয়াহে ভৰা টকা গোটাই পাপ চপাব নিবিচাৰে তেওঁ৷ এই লৈ তেওঁৰ পত্নী গীতিমাৰ দীৰ্ঘদিনীয়া আক্ষেপ৷ গীতিমাৰ মতে ঘৰ আৰু পকেটলৈ আহিব খোজা লক্ষ্মীক বিমুখ কৰিব নাপায়৷ নহ’লে বোলে লক্ষ্মীয়ে উফোন্দ পাতে৷ যি নহওক আজি বৰুৱাৰ ফূৰ্তিৰ কাৰণটো হ’ল আজি শুক্ৰবাৰ৷ পিছদিনা চতুৰ্থ শনিবাৰ৷ অফিচ বন্ধ৷ তাৰ পিছদিনা দেওবাৰে ভাৰত শ্ৰীলংকাৰ এদিনীয়া ক্ৰিকেট খেলখন আছে৷ ক্ৰিকেট বলিয়া বৰুৱাৰ সেয়ে মনটো সাংঘাতিক ভাল লাগি আছে৷ যা হওক দুদিন বন্ধৰ লগতে ক্ৰিকেট খেল৷ গতিকে দেওবাৰে বজাৰ কৰাৰ পৰিৱৰ্তে আজিয়েই অলপ বেছিকৈ শাকপাচলি কিনি নিয়া যাওক৷ দেওবাৰে খেল আৰম্ভ হোৱাৰ আগেয়ে মাছ বা মাংস অকণ কিনিলেই হ’ব৷ সেই ভাবিয়েই বজাৰৰ ভিতৰলৈ সোমাই পাচলিবোৰ দৰদাম কৰিবলৈ ধৰিলে৷
: হেৰা বেপাৰী৷ ভেন্দি কেনেকৈ দিছাহে?
: দাদা পশিচ টকা৷
: কিলো পশিচ টকা নে?
: হে দাদা কি কয়? আজিকালি আৰু কিলো পশিচ টকাৰ কিবা পাচলি আছে নেকি? দাদা বেঙেনা নিয়ক৷ শলমাৰীৰ তাজা বেঙেনা৷ কিলো চল্লিশ কৈ দিম৷ আপোনাকহে দিম দাদা৷ বেলেগক পঞ্চাশ কৈ বিক্ৰী কৰি আছোঁ৷ হেঃ হেঃ৷
গুটকা খোৱা দাঁতকেইটা নিকটাই দোকানিজনে বৰুৱাক ক’লে৷
: কিয় মই কিবা তোমাৰ মামাৰ পুতেক নে পেহীৰ পুতেক? মোক যে কমত দিবা৷ জানো নহয় তোমালোকে কিমান কমত কিনি আনি আমাৰ পৰা কিমান লাভ লোৱা৷ বাৰু হ’ব দিয়া৷ ভেন্দি আধা কিলো আৰু বেঙেনা এক কিলো দিয়া৷ সেই নেমুকেইটাৰ দাম কিমান? লেচেৰা কেনেকৈ দিছা?
ভালেখিনি পাচলি কিনি বৰুৱাই ঘৰমুৱা হ’ল৷
: টিং টং৷ দুবাৰমান কলিংবেলটো টিপিলে তেওঁ৷ কিছুসময় ৰোৱাৰ পিছতহে গীতিমাই দৰ্জাখন খুলি দিলে৷
: কি হে? ইমান সময় লাগেনে দৰ্জাখন খুলিবলৈ? এই তৰা ক’ত গ’ল?
: তাকেহে৷ মহাৰাজ আহিব৷ মই ফুলৰ মালা লৈ ৰখি থাকিব লাগিছিল আপোনাৰ কাৰণে আদৰিবলৈ৷
: হেৰা কিয় তেনেকৈ কথা কৈছা? মই দেৰি হোৱাৰ কাৰণেহে সুধিছোঁ৷ সদায়তো তৰায়েই দৰ্জাখন খুলি দিয়ে৷ তাই ক’ত? বাবাও নাই নেকি?
: তৰা আকাশলৈ গৈছে৷ বাবা বাথৰূমলৈ গৈছে৷ মই বান্দীয়ে লেদেনা উকটি আছোঁ৷
মুখখন ফুলাই গীতিমাই উত্তৰ দিলে৷ বৰুৱাই বুজিলে ক’ৰবাত কিবা এটা ঘটিছে৷ মুখৰ ভাজেই কয় কথা বিষম৷ কথা বিশেষ আগ নবঢ়াই তেওঁ বজাৰ কৰা বেগটো ঘৈণীয়েকলৈ আগবঢ়াই দিলে৷ গীতিমাই প্ৰয়োজনতকৈ অধিক জোৰেৰে বেগটো আচাৰ মাৰি নিয়াৰ দৰে পাকঘৰলৈ লৈ গ’ল৷ বাথৰূমৰ পৰা ওলাই অহা পুতেক টিংকুক দেখি বৰুৱাই সুধিলে,
: আজি মাৰৰ কি হৈছে অ’? বতৰ গোমা নেকি? নে তুমি কিবা জগৰ লগালা?
: দেউতা আজি মাদাৰ ইণ্ডিয়া উতলি আছে৷ তোমাকো গেছৰ ওপৰত উঠাই বইল কৰি দিব চাবা৷ সাৱধান৷ মই একো কৰা নাই৷ তৰাবায়ে…
টিংকুৰ কথা শেষ নহওঁতেই গীতিমাই মাত দিলে,
: তাই মৰতীক মই ইমান মৰম কৰিছিলোঁ৷ আজি তায়েই বুকুত কামোৰটো মাৰি থৈ গ’ল৷
: হেৰা৷ কি হ’লনো? তাই গ’ল ক’লৈ? তুমি চাগে তাইক গালি পাৰিছিলা৷ তোমাকতো মই কৈয়েই থাকোঁ বৰ বেছি খেংখেঙাই নাথাকিবা৷ কাম কৰা মানুহ৷ যিখিনি কৰি দিছে সেইখিনিতে সন্তুষ্ট থাকাচোন৷ এতিয়া গম পালানে? কাম কৰা মানুহৰ কামৰ অভাৱ নাথাকে বুজিছা৷ তাতে আকৌ ঘৰত থকাকৈ বিশ্বাসী মানুহ পোৱাটো আৰু কঠিন৷
: হ’লনে তোমাৰ প্ৰবচন আৰম্ভ? তুমিয়েই যত কূটৰ ঘাই৷ মানা কৰিছিলোঁ নে তাইক মোবাইলটো দিবলৈ৷ দিনে ৰাতিয়ে তাই সময় পালেই ফোনটো কাণত লৈ থাকে৷ ভাবিছিলোঁ ঘৰৰ মানুহক ফোন কৰে চাগে৷ পিচে দত্তৰ ঘৰৰ ড্ৰাইভাৰটোৰ লগত যে তাইৰ লিলিমাই চলি আছে মইনো কেনেকৈ জানো? শইকীয়ানীয়ে মোক সাৱধান কৰি দিছিলেই৷ বোলেে আপোনালোকৰ তৰাক আপোনালোকে অলপ বেছিকৈয়ে আসৈ দিছে৷ কাম কৰা মানুহক কাম কৰা মানুহৰ দৰে ৰাখিব লাগে৷
: হেৰা ৰ’বাচোন ৰ’বা৷ মই মোৰ সেই পুৰণা মোবাইলটো অলপ বেয়া হোৱাত তাইক দিছিলোঁ বাৰু৷ যাতে তুমি ক’ৰবাত ওলাই গ’লে দৰকাৰী কামত ঘৰলৈ ফোন এটা কৰি খবৰ এটা ল’ব পাৰোঁ৷ পিচে ৰৌজাল বৌজালখন কৰিছা কিয়? চিৰিয়েলৰ দৰে কথা বঢ়ায়ে আছা যে?
: হয় হয়৷ মইয়ে বেয়া৷ খবৰদাৰ মোৰ চিৰিয়েল কেইখনক ধৰি কথা নক’বা৷ তাই আজি নতুনকৈ অনা কাপ দুটা ভাঙিলে৷ মই বেডৰূমত আছিলোঁ৷ শব্দ শুনি দৌৰমাৰি গৈ দেখোঁ যে কাপ ভাঙি পকাত পৰি আছে আৰু তাইৰ হাতত মোবাইলটো৷ সহ্যৰ সীমা পাৰ হৈ গ’ল৷ দিলোঁ ঠিকছে গালি দুটামান৷ লগে লগে কান্দি কান্দি তাই কাৰোবাক ফোন কৰিলে আৰু আমাৰ ঘৰলৈকে মাতিলে৷ পোন্ধৰ মিনিট মান পিছত দেখোঁ দত্তৰ ঘৰৰ ড্ৰাইভাৰজন৷ মোক ক’লে, “বাইদেউ এইক মই লৈ যাওঁ৷ তাইক ঘৰত থৈ আহোঁ৷ দিনবাৰ এটা চাই মই তাইক বিয়া পাতিম৷” মই বোলো তেনেকৈ কথা ক’লে কেনেকৈ হ’ব? কি বিশ্বাসত মই গাভৰু ছোৱালী এজনী তোমাৰ লগত পঠিয়াই দিম? ইফালে তাই নাচোৰবান্দা৷ কান্দি কান্দি ক’লে, “গছৰ তিঁতা খাব পাৰি কথাৰ তিঁতা শুনিব নোৱাৰি৷” উপায়হীন হৈ তাইৰ মাকলৈ ফোন কৰিলোঁ৷ মাকেও মোকহে ওলোটাই কথা শুনালে আৰু দত্তৰ ড্ৰাইভাৰটোৰ লগত পঠিয়াই দিবলৈ দিলে৷ কি কৰিম আৰু? পাবলগীয়া এই মাহৰ টকা কেইটা দি পঠিয়াই দিলোঁ৷ নতুনকৈ দিয়া কুৰ্টি দুটা থৈ গৈছে৷ সেয়া বোলে ফুটপাথৰ এশটকীয়া মাল৷ ইমান ফুটনি ঔ৷
: হেৰা ধৈৰ্য ধৰাচোন৷ কিবা এটা কৰিব লাগিব৷
: কি কিবা এটা কৰিবা? মোক কামকৰা মানুহ এজনী লাগিবই৷ অকলে অকলে অতসোপা কাম মই অকলে কৰিব নোৱাৰোঁ৷ কালিয়েই মই মাৰ ঘৰলৈ যাম৷ কামকৰা মানুহ পালে তুমি মোক ফোন কৰি মাতি দিবা৷
: হেৰা তুমি কিখন বকি আছা? কামকৰা মানুহ কি দোকানত কিনিবলৈ পায় নেকি? তোমাৰ মতেতো তুমি দিনকো ৰাতি বুলি ক’লে মই দিনতো টৰ্চ মাৰি ওলাই যাব লাগে৷ অলপ ধৈৰ্য ধৰা৷ কামকৰা মানুহ পোৱালৈ আমি কামবোৰ ভগাই ল’লেই হ’ল৷
: থোৱা থোৱা৷ এনেখন কঁপাল মোৰ৷ পাকঘৰত কিবা বনাবলৈ যাবা বুলি ক’লেই মোৰ বুকু কঁপি যায়৷ হালধিৰ চামুচ নিমখত৷ নিমখৰ চামুচ চেনীৰ টেমাত৷ হেতা, খন্তি যিমান আছে চব উলিয়াবা৷ গেচ ষ্টোভতটো চাব নোৱাৰা কৰি থৈ আহিবা৷ তিতা কাপোৰ নি বিচনাৰ ওপৰত থৈ দিবা৷ ঘৰ মুচিলে লেতেৰা জোতাৰে ঘৰ সোমাবা৷ ভুলতো যদি ঝাড়ুদাল হাতত ল’লা ধূলিবোৰ সৰাৰ উৎপাতত চুকে কোণে বেছিকৈহে সোমায়৷
: হেৰা তোমাৰ “বৰুৱাৰ অখণ্ড ভাগৱত”খন বন্ধ কৰা৷ কাইলৈ কিবা এটা কৰিম৷ এতিয়া চাহ একাপ দিয়া৷
পিছদিনা,
: হেৰা শুনিছা৷
: কৈ যাওক৷ শুনি আছোঁ৷
: আমাৰ অফিচৰ হালৈয়ে এজনী কামকৰা মানুহৰ ফোন নম্বৰ এটা দিছেহে৷ হালৈৰ ঘৰতো কাম কৰে বোলে৷ পাৰ্ট টাইম কাম কৰা মানুহেই ভাল বুজিছা৷ লেঠা কম৷ তুমি ফোনটো লগোৱাচোন৷
: দিয়ক দিয়ক৷ মুখখনত হাঁহি এমোকোৰা লৈ গীতিমাই উধাতু খাই আহিল৷
হালৈয়ে দিয়া ফোন নম্বৰটো ডায়েল কৰি কিছুসময় গীতিমাই কথা পাতিলে৷
: হেৰা কি ক’লে মানুহজনীয়ে?
: আজি আবেলি কথা পাতিবলৈ আহিব বোলে৷
আবেলি স্কুটী এখনৰ পৰা প্ৰায় ত্ৰিছ বছৰ বয়সৰ এজনী মানুহ বৰুৱাহঁতৰ ঘৰলৈ সোমাই আহিল৷ গীতিমাই পৰ্দাৰ ফাঁকেৰে চায়ে গম পালে যে কামকৰা মানুহজনীয়ে হ’ব৷ কলিংবেলটো বজাৰ লগে লগেই গীতিমাই দৰ্জাখন খুলি দিলে৷ কামকৰা মানুহ নহয় যেনিবা সাক্ষাৎ দামোদৰহে৷
: হেৰা এইফালে আহাচোন৷ হালৈয়ে পঠোৱা মানুহজনী আহিছে৷
: অ গৈছোঁ৷
বৰুৱাই ড্ৰয়িংৰূমত সোমায়েই মানুহজনীক ভালদৰে চালে৷ পিন্ধনত চুৰিডাৰ৷ হাতত স্কুটীৰ চাবি৷ ওঁঠত টিকটিকিয়া কাঢ়া ৰঙা লিপষ্টিক৷ আনখন হাতত এটা মোবাইল৷
: অ তুমিয়েই হালৈয়ে পঠোৱা মানুহজনী? কি নাম তোমাৰ?
বৰুৱাই সুধিলে৷
: হয়৷ মোৰ নাম পিংকী দাস৷
: ঘৰ ক’ত তোমাৰ? লগত কোন থাকে?
: মোৰ আচল ঘৰ ৰঙিয়াৰ ফালে৷ মোৰ ল’ৰা এজন৷ তাৰলগত থাকোঁ৷ বাপেকে মোক এৰি বেলেগ মাইকী এজনীক বিয়া পাতিলে৷ বাইদেউ পানী এগিলাছ দিয়ক৷ ফ্ৰিজৰ দিব দেই৷
: এয়া লোৱা৷ পানী খোৱা৷ বাৰু কোৱাচোন৷ তুমি কেইটা বজাত আহিব পাৰিবা? কিমান টকা লাগিব?
: আছে৷ কিয়?
: নহয় মানে৷ দৰকাৰী কথাবোৰ সোধাটো ভাল৷ মই পাঁচঘৰ মানুহৰ তাত কাম কৰি আছোঁ৷ যদি বন্দবস্ত হৈ যায় তেন্তে আপোনালোক ছয় নম্বৰ হ’ব৷ মই ৰাতিপুৱা দহবজাত আহিম আৰু এঘাৰ বজাত গুচি যাম৷ আকৌ পিছবেলা তিনিবজাত আহি চাৰে তিনিবজাত গুচি যাম৷ সপ্তাহত দুদিন হাতেৰে কাপোৰ ধুম৷ বাকী কেইদিন কাপোৰ ৱাচিং মেচিনত দি দিব৷ ঘৰসৰা ম’পেৰেহে ঘৰ মুচিম৷ বাচন চাইচিটিহে ব্যৱহাৰ কৰিব৷ এগাল বাচন সদায় ধুবলৈ নাই৷ কামকৰা সময়ত মই অলপ ডাঙৰকৈ মোবাইলত গান শুনিম৷ বেয়া নাপাব৷ গান শুনি কাম নকৰিলে মোৰ ভাল নালাগে মানে জোৰটো নাপাওঁ৷ আগবেলা মোৰ অলপ দৌৰাদৌৰি৷ গতিকে পিছবেলা চাহ খাম৷ বাইদেউ চাহৰ লগত মেৰিগ’ল্ড বিস্কুট দুটা নিদিব৷ কাম কৰোঁ৷ কষ্ট হয়৷ গতিকে ৰুটি ভাজি বা ভালদৰে নাস্তা নহ’লে হ’ব জানো কওকচোন৷ মাজে মাজে মোৰ ল’ৰাটোও আহিব৷ সি আহিলে তাক কাৰ্টুন চেনেল দুটামান লগাই দিলেই হ’ল৷ বিশেষ আমনি নাই তাৰ৷ মই এইখিনিয়ে কাম কৰিম৷ বাইদেউ আৰু এটা কথা৷ মাজে মাজে শাক-পাচলি কটা, ফাৰ্নিচাৰৰ ধূলি মচা এইবোৰ কাম মোক কৰিবলৈ নিদিব৷ মোৰ সময় নাই৷ আৰু কৰিব লাগিলে মোক এক্সট্ৰা টকা লাগিব৷
: হুম৷
উশাহটো ডাঙৰকৈ সলাই বৰুৱাই ঘৈণীয়েকৰ ফালে চালে৷ গীতিমাৰ মুখখন ক’লা নীলা পৰিবলৈ আৰম্ভ কৰিছিলেই৷ মুখখনো অলপ মেল খাইছে৷ চকু দুটা ডাঙৰকৈ মেলি গীতিমাই সুধিলে,
: তোমাক মাহেকত কিমান দিব লাগিব?
: চাওক এইখিনি কামৰ কাৰণে মই বেলেগৰ ঘৰত আঠ হাজাৰ কৈ লওঁ৷ আপুনি হালৈ দাৰ চিনাকি৷ হালৈ দাক আকৌ মই বৰ সন্মান কৰোঁ৷
এইবুলি কৈ তাই লাজ লাজকৈ এটা বেলেগ ধৰণৰ হাঁহি মাৰিলে৷ তাইৰ এই আকস্মিক পৰিৱৰ্তনত দুয়ো দুয়োৰে মুখলৈ চালে৷
: হয় নেকি? তেতিয়া হ’লে আমাৰ পৰা কিমান ল’বা?
: আপোনালোকে সাঁত হাজাৰ দিব আৰু৷ নিজৰ বুলিহে কৈছোঁ৷
: কি? হেৰা তুমি ইয়াত ক’ত থাকাহে?
বৰুৱাই সুধিলে৷
: কিয় ছাৰ? মই ৰেলৱে কলনিৰ পিছফালৰ বাইলেন এটাত ভাড়া কৰি থাকোঁ৷
: নহয় মানে তুমি এইখিনি কামৰ বাবে যিমান টকা ল’ম বুলি কৈছা মই অফিচৰ পৰা বাহিৰে বাহিৰে আহি তোমাৰ ঘৰত পাৰ্ট টাইম কৰি আহিম৷ তুমি মোক পাঁচ হাজাৰ দিলেও হ’ব৷
বৰুৱাই কাণখন খজুৱাই খজুৱাই ক’লে৷
: ইস! ছাৰে যে কি কয়? বাৰু বাইদেউ৷ মই এতিয়া আহোঁ৷ আৰু দুঘৰত কাম আছে৷ যদি মোক লাগে তেন্তে ফোন কৰি দিব৷ ছাৰ আহিলোঁ৷
: বাৰু যোৱা৷ জনাম তোমাক৷
কন্দনামুৱা হৈ গীতিমাই ক’লে৷
: হেৰা দেখিলা৷ কি ডিমাণ্ড! সেয়েহে কওঁ কামকৰা মানুহৰ হাঁ তে হাঁ মিলাই থাকিব লাগে৷
: এয়াহে মোৰ কঁপাল৷ ইমান কওঁ এক্সট্ৰা টকা কেইটামান হাতলৈ আহিলে কোনখন ৰামায়ণ অশুদ্ধ হ’ব৷ মোৰজনাহে একেবাৰে ধৰ্ম যুধিষ্ঠিৰ৷ একে লগৰ হালৈক দেখিছেনে? চাকৰিৰ ফালৰ পৰা আপোনাতকৈ জুনিয়ৰ হৈও কি ধুনীয়া ঘৰ, গাড়ী৷ ঘৈণীয়েককো সাজপাৰ, অলংকাৰৰেৰে পুতি পেলাইছে৷ আৰু মই মান্ধাতা যুগৰ পাটৰ কাপোৰ কেইযোৰেৰে এতিয়াও বিয়া খাই ফুৰোঁ৷ কামকৰা মানুহো ৰাখিছে অতগাল টকা দি৷ মা দেউতাই কি বুলি যে এই মানুহটোৰ লগত মোক যোৰা বনাই দিলে৷ উ…উ…
(নাকৰ পানী চকুৰ পানী মোহাৰি মোহাৰি)
: হেৰা তুমি মোক হালৈৰ লগত কিয় তুলনা কৰিছাহে? দেখা নাই কেইবাৰ চাকৰিৰ পৰা নিলম্বন হৈছে? তথাপি লাজ নাই মানুহটোৰ৷ যোৱা যোৱা মুখখন ধোৱাগৈ৷ কিবা এটা কৰিব লাগিব৷
পিছদিনা সন্ধিয়া,
বৰুৱা আৰু গীতিমাই চাহ দুকাপ লৈ টিভিত নিউজটো চাবৰ বাবে টিভিটো লগাই দিলে৷ হঠাৎ অহা ব্ৰেকিং নিউজটো দেখি চকুদুটা দুয়োৰে আপোনা-আপুনি ডাঙৰ হৈ গ’ল৷
“মহানগৰীত চাঞ্চল্য৷ ঘৰৰ মালিকৰ সৈতে অবৈধ সম্পৰ্ক বনকৰা তিৰোতাৰ৷ ঘৈণীয়েকে হাতেলোটে ধৰিলে৷ দুয়োকে থানালৈ লৈ অহা হৈছে৷”
: হেৰা৷ এয়া দেখোন হালৈ! আৰু…আৰু এইজনী দেখোন কালি আমাৰ তালৈ অহা মানুহজনী!
গীতিমাই চিঞৰি উঠিল৷
: হেৰা৷ কামকৰা মানুহ নালাগে দিয়া৷ তুমি যেনেদৰে বিচৰা মই তেনেদৰেই তোমাক সহায় কৰিম৷
10:32 am
ভাল লাগিল নীলা বা
6:49 pm
চুপাৰ ডুপাৰ নীলাক্ষী৷
12:31 pm
কাম কৰা মানুহ নে হাউচহল্ড এজভাইজাৰ এইজনী? মজ্জা লাগিল দেই।
7:03 pm
ভাল পালোঁ
7:54 pm
সুন্দৰ৷ পঢ়ি ভাল পালো৷
10:23 pm
ভাল লাগিল দেই
11:16 pm
বঢ়িয়া লাগিল৷
9:28 am
অতি সুন্দৰ । বহুত ভাল লাগিল ।
2:59 pm
ভাল লাগিল নীলাক্ষি।