ফটাঢোল

ল’ৰালি আৰু মোৰ হাৰ্কিউলিছ – অৰবিন্দ গোস্বামী

এয়া নব্বৈৰ দশকৰ কথা। আমি চাইকেল চলাই স্কুললৈ যাওঁ। সঁচা কথা যদি কওঁ, তেন্তে  ক’বই লাগিব যে দেউতাই প্ৰথম ‘হাৰ্কিউলিছ’ কোম্পানীৰ চাইকেল এখন কিনি আনি দিয়াৰ দিনা এনে লাগিছিল, যেন মোতকৈ সুখী প্ৰাণী এই পৃথিৱীত আৰু কোনো নাই। মই অলপ চাপৰ হোৱাৰ বাবে ২২ ইঞ্চিৰ ‘হাৰকিউলিছ’ চাইকেল এখন আনি দিছিল। নতুন চাইকেলখনৰ চিকমিকনিয়ে মনতো এক চিকমিকনিৰ সৃষ্টি কৰিছিল।লাহে লাহে ময়ো দুই এজন বন্ধুৰ সৈতে ৰাস্তাত শাৰী পাতি চাইকেল চলাই আহিব পৰা সন্মানৰ অধিকাৰী হ’লোঁ।

এই চাইকেলখনক লৈ এটা অহঙ্কাৰে মনত বাহ লৈছিল। এইখন থাকিলে যেনিবা মোক সময়েও চেৰ পেলাব নোৱাৰে। সেয়ে স্কুললৈ প্ৰায় দেৰিকৈ ওলাইছিলোঁ। সাধাৰণতে আমাৰ ঘৰৰপৰা স্কুল পাবলৈ আধা ঘণ্টামান সময় লাগিছিল যদিও, পোন্ধৰ মিনিটমান সময় থাকোঁতে যোৱাৰ মজাই বেলেগ আছিল। ঘৰৰপৰা ৯:৪০ বা ৯:৪৫ বজাত ধীৰে সুস্থিৰে চাইকেলখন লৈ ওলাওঁতে মায়ে সদায় গালি পাৰে,

: স্কুললৈ ওলাওঁতে দেৰিকৈ ওলাৱ যে ইমান কম সময়ত তই স্কুল পাবিগৈ জানো?

: এ মা মনে মনে থাকাচোন৷ তুমি কি জানানো, মই সদায় সময়মতেই গৈ স্কুল পাওঁগৈ।

আচল কথা হ’ল ঘৰৰ মানুহে নেদেখা হোৱালৈকে মই ঠিকেই যাওঁ৷ মানে ধীৰে ধীৰে। পিছলৈ ঘূৰি চাই অলপ নেদেখা যেন হ’লেই নতুনকৈ জগা গৰু পোৱালীবোৰে দুদিনমানৰ পিছত যিদৰে নেগুৰ ডাঙি দৌৰে, ঠিক তেনেদৰে দৌৰিবলৈ অৰ্থাৎ তপিনা হিলাই হিলাই পেডেল মাৰিবলৈ আৰম্ভ কৰি দিওঁ। এই সময়ত ডিঙিটো হাউলি একেবাৰে হেণ্ডেলত লাগো যেন হয়গৈ।ব্ৰেক প্ৰায় মৰা নহয়। দুখন চাইকেল বা দুখন ৰিক্সাৰ মাজেদি টোপাকাড়ৰ দৰে পাৰ হৈ যাব পাৰিলে নিজকে এৰ’প্লেনৰ পাইলট যেন অনুভৱ এটাই চুই যায়। স্কুল ছুটীৰ সময়ৰ কথানো কি ক’ম! বেল বজাৰ লগে লগেই কিতাপৰ বেগটো পিঠিৰ খপৰ জপৰকৈ পিন্ধি ফৰিঙৰ নিচিনা চিটিকি ওলাই আহি চাইকেলৰ ওচৰ পায়েই প্ৰথম চাইকেলৰ তলাটো খোলোঁ। ইয়াৰ পিছত আৰু ৰক্ষা নাই। ষ্টেণ্ডডাল উঠাই এছোৱা ঠেলি পেডেলত ভৰি থৈ অথবা পেডেলত ভৰি নোথোৱাকৈয়ে জাঁপ মাৰি চিটত বহি পেডেলত সৰ্বশক্তিৰে জোৰ দিওঁ। কিছু সময়ৰ পিছতেই চাইকেলে গতি লয়। কোনোবা মোতকৈ আগত গ’লে তাক পিছ পেলাই নিজে আগবঢ়াৰ অঘোষিত প্ৰতিযোগীতা। আমাৰ দিনত ‘বইজ হায়াৰ ছেকেণ্ডেৰী’ স্কুল ছুটী হোৱাৰ সময়ত বহু পথৰুৱাই ৰাস্তাৰ কাষলৈ গৈ ৰাস্তা এৰি দিছিল। নহ’লে কোনে কাক কেতিয়া মহতিয়াই লৈ যায়, একো ঠিক নাই। কিন্তু ঘৰ পাবলৈ এশ দেৰশমান মিটাৰ বাকী থাকোঁতে আমি আকৌ শান্ত সৌম্য ৰূপ ধাৰণ কৰোঁ।মায়ে মুখখনলৈ চাই সুধিব,

: হেৰৌ আহোঁতেও দেখোন লাহে লাহে আহিছ। ইমান ঘামিছ যে!

: নহয় অ’ মা বাহিৰত বহুত গৰম পৰিছে। তুমি ভিতৰত আছা বাবে গম নোপোৱা।

: ময়ো স্কুলৰপৰা আহি পাইছোঁহিহে৷ মোৰ দেখোন ইমান গৰম উঠা নাই৷

: তুমি চাইকেল চলাই আহিছা নেকি? বাঁহৰ তলে তলে খোজকাঢ়িহে আহিছা৷

মায়ে সঁচাই কৈছোঁ নে মিছাই কৈছোঁ একো তৎ ধৰিব নোৱাৰে।

আমাৰ স্কুলৰ এটা নিয়ম আছিল। ঠিক দহ বজাৰ লগে লগে স্কুলৰ চকীদাৰজন আহি গেট বন্ধ কৰি দিছিল।অলপ দেৰিকৈ উপস্থিত হ’লেও তেওঁৰ গেট খুলি দিয়াৰ অনুমতি নাছিল। প্ৰাৰ্থনা শেষ নোহোৱালৈকে তেওঁ গেটত ৰখীয়া হৈ আছিল। অৱশ্যে কোনো শিক্ষক দেৰিকৈ আহিলে তেওঁলোকক গেট খুলি দিছিল। অথবা প্ৰাৰ্থনা শেষ হোৱাৰ পিছতো চকীদাৰজনে আটাইকেইজন শিক্ষক আহি পোৱালৈ অপেক্ষা কৰিছিল। তাৰ পিছত গেটত তলা লগাই দিছিল।প্ৰাৰ্থনা শেষ হোৱাৰ পিছতহে দেৰিকৈ আহি গেটৰ সন্মুখত থিয় দি থকা মহাপণ্ডিতসকলক সোমাবলৈ দিয়া হৈছিল আৰু সেইকেইজন প্ৰধান শিক্ষকৰ কোঠাৰ সন্মুখত থিয় হ’বলগা হৈছিল। পিছৰখিনি সহজেই অনুমেয়। বেটৰ কোবত কাৰোবাৰ তপিনা, কাৰোবাৰ কলাফুল, কাৰোবাৰ হাতৰ এছোৱা ৰঙা পৰি গৈছিল। মই অৱশ্যে এনেদৰে বাহিৰত ৰ’বলগা নহৈছিল। কাৰণ মোৰ ‘হাৰকিউলিছ’ৰ স্পিডেই আছিল তেনেকুৱা। অৱশ্যে দশম শ্ৰেণীত দুদিন মোৰ সৈতে দুটা অবাঞ্চিত ঘটনা ঘটিছিল, যাৰ বাবে মোৰ পূৰ্বৰ ৰেকৰ্ড ভঙ্গ হৈছিল।

এদিন আনদিনাৰ দৰেই মই দুই তপিনাৰ পূৰ্ণ সঞ্চালনেৰে এৰোপ্লেনৰ পাইলটৰ দৰে অনুভৱ এটা মনত লৈ বিদ্যুৎ গতিৰে গৈ আছোঁ। লক্ষ্য ১০ বজালৈ কেইছেকেণ্ডমান থাকোঁতে স্কুলত এণ্ট্ৰি দিয়া। মানে ‘ফুল্লি ফিল্মী কায়দা’। কিন্তু স্কুল পাবলৈ এক কিলোমিটাৰমান বাকী থাকোঁতেই “পিঁউচ”কৈ শব্দ এটা শুনিলোঁ। ইয়াৰ পিছত কোষ্ঠকাঠিন্যৰ সময়ত শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি মল ত্যাগ কৰিবলৈ প্ৰয়াস কৰাৰ দৰে প্ৰয়াস কৰিও মই চাইকেল আগবঢ়াব নোৱৰা হ’লোঁ। অৱশেষত জাঁপ মাৰি নামি চকালৈ চাই দেখোঁ যে চকাত পাম্প নাই। মানে চকা ফুটিল।জেঠমহীয়া ৰ’দত ঘামি জামি গোটেইটো পানীত জুবুৰা মাৰি অহা মেকুৰীটোৰ নিচিনা হৈ গৈছোঁ। ওচৰত চাইকেল দোকানো নাই। অগত্যা ঠেলি ঠেলি স্কুল পালোঁহি। কি ঘটিবলৈ গৈ আছে, সেয়া গম পাই বুকু কঁপি উঠিল। উপায়ো নাছিল। স্কুলৰ সন্মুখতে চাইকেলখন ভাল কৰিবলৈ দি স্কুলৰপৰা ঘূৰি যাওঁতে লৈ যাম বুলি কৈ স্কুলৰ গেটৰ সন্মুখত থিয় হ’লোঁহি।চকীদাৰজনে মোক দেখি গেট খুলি দিলে। এটা পিৰিয়ড আঠু কাঢ়ি থাকিবলগা হ’ল। চাইকেলৰ চকা ফুটাৰ কথা কৈয়ো ৰক্ষা নাপালোঁ। পঞ্চল্লিছ মিনিট সময়ত সেইফালেদি যিজন শিক্ষকেই পাৰ হৈ গৈছিল, প্ৰত্যেকজনে দুই চাৰিকোব লগাওঁতে মোৰ হনুমান মন্দিৰত ওলমি থকা বেচেৰা ঘণ্টাটোলৈ চিৰিং চিৰিংকৈ মনত পৰিছিল।

ইয়াৰ পিছত দুদিনমান ঠিক সময়তেই স্কুল পাইছিলোঁগৈ। ৯:১৫ মানত, অৰ্থাৎ অলপ সোনকালে স্কুললৈ বুলি ওলাই যোৱা হ’লোঁ। কাৰণ টিউৱ দেৱতাৰ কোপদৃষ্টিৰ কথা মনে ৰাখি সাৱধান হ’লোঁ। পিচে কথাতে কয় নহয় বোলে,

“চোৰে নেৰে চোৰৰ প্ৰকৃতি, কুকুৰে নেৰে ছাঁই, যাৰ যি পৰকিতি, মৰিলও লগত যায়।”

দুদিনমানৰ পিছতেই আকৌ দেৰিকৈ স্কুল ওলাই এইবাৰ আগতকৈও ভয়াৱহ ৰূপ ধাৰণ কৰিলোঁ।প্ৰয়োজন নহ’লেও হেণ্ডেল এৰি বাটলু গুটিৰ বেগেৰে গৈ স্কুল পাওঁগৈ। অৱশ্যে হেণ্ডেল এৰিবলৈনো কি প্ৰয়োজনটো থাকিব পাৰে! তথাপি হেণ্ডেল এৰি হাত পিছলৈ দি চলাব পৰাটোও এক সুন্দৰ কলা দিয়কচোন! এদিন এনেদৰেই এবাৰ হেণ্ডেল এৰি, এবাৰ ধৰি তীব্ৰ গতিত চাইকেল চলাই স্কুল পাবলৈ মাত্ৰ কেইমিটাৰমানহে বাকী আছিল। কিন্তু মইনো কি জানো যে মোৰ সেইদিনাৰ গতিয়ে দুৰ্গতিৰ ৰূপ ল’ব৷ সেই সময়তে দেখিলোঁ আমাৰ স্কুলৰ চকীদাৰজনে গেটৰ এক পাট্টা বন্ধ কৰিলেই। দ্বিতীয় পাট্টাটো বন্ধ কৰিবলৈ লৈ তেওঁ দেখোন হাঁহি এটা মাৰি সেই পাট্টাটো আকৌ খুলিহে দিলে। মনতে ভাবিলোঁ আজি পৰভুজনা ইমান সুপ্ৰসন্ন যে! হেণ্ডেল এৰি চাইকেল গেটৰ ভিতৰত সুমুৱাই দিলোঁ তীব্ৰবেগেৰে। এনেতে ক’ৰপৰা আৰু কেনেকৈ আমাৰ টাইগাৰ ছাৰ আহি মোৰ সন্মুখত পৰিলহি তলকিবই নোৱাৰিলোঁ। ব্ৰেক মৰাটো দূৰৰে কথা হেণ্ডেলত হাতো দিবলৈও নাপালোঁ। ছাৰক খুন্দিয়াই ছাৰৰ ওপৰেৰে উৰি গৈ সন্মুখৰ কঠালজোপাৰ তলত পৰিলোঁগৈ। প্ৰাৰ্থনা কৰিবলৈ লোৱা ল’ৰাবোৰ আৰু শিক্ষকসকলো দৌৰি আহিল।মই দুখ পোৱা নাছিলোঁ, কিন্তু ছাৰে ভৰিত অলপ দুখ পালে। তাৰ পিছত আৰু কিবা ক’বলগীয়া আছে জানো! হিন্দী ফিল্মত দহটা গুণ্ডাই মিলি এটা হিৰ’ক পিটন দিয়াৰ দৰে মোৰ ওপৰতো চলিল দলবদ্ধ আক্ৰমণ। কোনজনেনো কোনফালৰপৰা পিটিলে বুজিয়েই নাপালোঁ। চকীদাৰজনেও মোৰ ওপৰত কমপ্লেইন কৰিলে যে মই সদায় দেৰিকৈ ফুল স্পিডত আহি, গেট বন্ধ কৰাৰ আগে আগে স্কুল সোমাওঁ।চাৰিটা পিৰিয়ড আঠু কাঢ়ি থাকিবলগীয়া হ’ল।পিছতহে গম পালোঁ যে চকীদাৰজনে মোক দেখি গেট খোলা নাছিল। ছাৰক দেখিহে খুলিছিল। আৰু মই ছাৰক নেদেখিলোঁৱেই। সেই দিনটোৰ কথা মনত পৰিলে আজিও হাঁহিমেই নে কান্দিমেই যেন লাগে।

হাজাৰ হওক, ইমানবোৰ দগৰা পিটন খায়ো বাৰে বাৰে তেনেকুৱা নিষিদ্ধ কামবোৰ কৰাৰ মজা বুজাই বুজিব।

মোৰ এজন বন্ধু আছিল যাক আমি ‘বগলী’ বুলি মাতিছিলোঁ। সি যথেষ্ঠ ওখ হোৱাৰ বাবে এই সন্মানীয় নামটো লাভ কৰিছিল। শুক্ৰবাৰে আমাৰ স্কুল এক ঘণ্টাৰ বাবে জিৰণি দিয়ে। ইছলামধৰ্মীসকলৰ নামাজৰ অৰ্থে সেইদিনাৰ জিৰণিৰ সময় আনদিনাতকৈ আধা ঘণ্টা বেছি আছিল। আমি প্ৰায়ে সেই দিনটোত স্কুলৰপৰা পাঁচ কিলোমিটাৰমান দূৰত্বত থকা লীলাবাৰী এয়াৰপ’ৰ্টত উৰাজাহাজৰ অৱতৰণ চাবলৈ গৈছিলোঁ। এইটো আমাৰ বাবে বিশেষ আনন্দৰ দিন আছিল। বগলী আছিল ওখ আৰু মই চাপৰ। কিন্তু আমাৰ মিল আছিল সাংঘাতিক। কোনেও কাৰো লগ নেৰিছিলোঁ। ক’ৰবালৈ গ’লেও দুয়োটাই চলাবলৈ সুবিধা হোৱাকৈ মোৰ হাৰ্কিউলিছখন লৈ একেখন চাইকেলতে দুয়োজন গৈছিলোঁ। তাৰ চাইকেলখন মই ভালদৰে ঢুকিয়েই নাপাইছিলোঁ৷

চাইকেলত দুজন একেলগে যোৱাৰ কায়দাটো অলপ বেলেগ আছিল। চাইকেল চলাই যোৱাজনে হেণ্ডেল ধৰাটো নিষিদ্ধ আছিল। হেণ্ডেল ধৰি পোনাই যাব সন্মুখত বহি যোৱা জনেহে। চলোৱাজনে কেৱল পেডেল মাৰিব। আৰু তেওঁৰ হাত দুখন থাকিব সন্মুখত বহি যোৱাজনৰ কান্ধত।

সেইদিনাও আমি সেই কায়দাৰে প্লেন চাই ঘূৰি আহি আছোঁ। এনেতে সন্মুখত ঠেলা এখন, তিনিআলি এটা পোৱাৰ আগত ক’ৰপৰানো ওলালহি পাত্তাই নাপালোঁ।কথা বিষম দেখি বগলীয়ে লাহেকৈ পকা ৰাস্তাত ভৰি দুটা থৈ থিয় হৈ দিলে। সি ওখ আছিল আৰু মোৰ চাইকেলখন আছিল চাপৰ। সেইবাবে সি ৰাস্তাতে ৰৈ গ’ল। কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই আৰু ব্ৰেক মাৰিবলৈ পাহৰি মই চাইকেলৰ সৈতে পিতনিত সোমালোঁগৈ।সোমালোঁগৈ মানে সম্পূৰ্ণকৈ। একো বাকী নাবাচিল।পানীৰ তলৰপৰা মূৰটো উলিয়াই আনোতে মোৰ মূৰত মেটেকা লাগি আহিছিল। পৰম বান্ধৱ ক’ত(!)বুলি পিতনিৰপৰা মূৰ উলিয়াই ইফালে সিফালে চাৰিওফালে চালোঁ। কিন্তু বান্ধৱ নাই। ভাবিলোঁ বান্ধৱৰ সলিল সমাধি ঘটিল নেকি! ওপৰলৈ চাই দেখোঁ যে পৰম বান্ধৱে ভূলোকতেই পথৰ ওপৰত ৰৈ মোলৈ চাই হাঁহি আছে। সেইদিনা গোটেইকেইটাই ৰ’দত মোৰ চোলা শুকুৱাই স্কুল পাওঁগৈ মানে এটা পিৰিয়ড শেষ হৈছিল। স্কুলৰ ছাৰহঁতে আমাৰ কাকো সুখেৰে এৰা নাছিল সেইদিনা। পিছত গুজৱ ওলাল বোলে বগলীৰ পাপৰ ফল সকলোৱে ভুগিলে।

সেই ‘হাৰকিউলিছ’ চাইকেলখনলৈ এতিয়াও মনত পৰে। পিছত কলেজলৈও সেইখন দুই বছৰমান নিছিলোঁ। কিন্তু মোৰ অত্যাচাৰৰ বাবেই হয়তো সেইখন সোণকালেই কালৰ সোঁতত বিলীন হৈ গ’ল।

☆ ★ ☆ ★ ☆

7 Comments

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল পঢ়ি দাদা।

    Reply
  • Sadananda Bhuyan

    বহুত ভাল লাগিল ।

    Reply
  • ইন্দ্ৰ মোহন বৰা

    স্কুলত আপোনাৰ দিন ভালেই গৈছিল তাৰমানে। ভাল লাগিল।

    Reply
  • Anonymous

    লিখাটো পঢ়ি স্কুলৰ বহুত কথাই মনত পৰি গ’ল।

    Reply
  • ডলী

    বঢ়িয়া

    Reply
  • জাকিয়া

    বৰা ধুনীয়া লিখিছে! আগলৈও আপোনাৰ লেখা পঢ়িব পায় থাকিম বুলি আশা থাকিল।

    Reply
  • নিতুমনি শৰ্মা

    পঢ়ি ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *