ফটাঢোল

আমাৰ কলেজৰ ধোবী মহাশয়- ডা° তপন শইকীয়া

পুৱা ইষ্ট্ৰি কৰি থাকোঁতে হঠাৎ মেডিকেল কলেজৰ ধোবী ল’ৰাটোলৈ মনত পৰিল। এনেয়ে ডাঙৰ আবাসিক কলেজত কেইবাটাও ধোবী আহে আৰু ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভালপোৱা এটা বিচাৰি লয়। সিহঁতৰ বয়জ বা গাৰ্লছ হোষ্টেলত অবাধ গতি। প্ৰায়বোৰ ধোবীয়েই বিহাৰী আৰু গ্ৰাহাম বজাৰৰ ডিব্ৰুগড়ীয়া অসমীয়া কয়৷ শুনিবলৈ হায়দৰাবাদী হিন্দীতকৈও মধুৰ।

মাহটোৰ খৰছৰ বাবে ১৬৫ টকা৷ ১০০ টকা দেউতাই দিয়ে, বাকী ৬৫ টকা মাহিলী ষ্টেট স্কলাৰশ্বিপৰ পৰা পাওঁ। টানি-টুনি চলি যায়। কাপোৰ বুলিবলৈ ৩ টা লংপেণ্ট আৰু ৪ টা চাৰ্ট। মোৰো এটা ফেভাৰিট ধোবীয়ে তিনিদিনত কাপোৰকেইটা ঘূৰাই আনে।

বাৰিষাৰ দিন৷ সি তিনিটামান কাপোৰ লৈ গ’ল।তাৰপিছত এসপ্তাহ দেখাদেখি নাই। ডিব্ৰগড়ৰ বৰষুণ বুলিলে জানেই নহয়! এদিন তিতিবুৰিয়েই চিনেমা চাবলৈ গ’লোঁ৷ চেকেণ্ড ক্লাচতেই বেছি চোৱা হয়। সোমাওঁতে আন্ধাৰ আছিল। ইণ্টাৰভেলত লাইট জ্বলিল। পোহৰত মই অবাক! মোৰ আগৰ চিটত ধোবী মহাশয় মোৰ চোলা পিন্ধি বহি আছে। মই তাৰ পিঠিত টোকৰ এটা মাৰিলোঁ,

: কি হিৰো, মোৰ কাপোৰ ক’ত?

থতমত খাই সি,

: ছাৰ, বৰষুণ হৈ আছে, মোৰো নিজৰ কাপোৰ নাই।

খং উঠিলেও কথা বাঢ়িবলৈ নিদি দুদিনৰ পিছত আনিবলৈ ক’লোঁ৷ সিও আনিলে কথামতে। নাই, তাক এৰি নিদিলোঁ। তেতিয়া আৰু বোধহয় এতিয়াও এয়া হৈয়ে থাকে। তাৰোপৰি এৰি দিলে গাৰ্লছ হোষ্টেলৰ ভিতৰুৱা খবৰ কেনেকৈ পাম?

☆ ★ ☆ ★ ☆

2 Comments

  • Sadananda Bhuyan

    মজা ।

    Reply
  • Anonymous

    কথাটো হয়। খবৰ পোৱা টোৱে মেইন। বাকী সব মোহ মায়া।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *