পুতুকণ আৰু হৰৰাম- দেৱাঞ্জন বৰঠাকুৰ
পুতুকণ বৰা ধাৰ্মিক ব্যক্তি। হাতত চাৰিটা আঙুঠি আৰু কপালত এটা ফোট পূৰ্ণ চন্দ্ৰৰ দৰে জিলিকে। হৰৰামৰ পিতাক ঈশ্বৰ চন্দ্ৰ বৰুৱাই ল’ৰাৰ নাম ঈশ্বৰৰ নামতে ৰাখিছিল হৰৰাম বুলি। পাছে বিলাতী শিক্ষা পাই গুৰু গোঁসাই নমনা হ’ল। লাহে লাহে দুয়ো বয়সত লোদোৰ পোদোৰ হৈ আহিল। পুতুকণে ঈশ্বৰত শৰণ ল’লে, হৰৰামে মুক্তচিন্তাত শৰণ ল’লে। শৰণ দুয়ো ল’লে। স্বাভাৱিকতেই সময়ে সময়ে ৰজা সলনি হৈ থকাটো এটা নিৰ্ঘাত সত্য ঘটনা। পুতুকণৰেই ভাগ্য নে হৰৰামৰেই দুৰ্ভাগ্য, এইবাৰ প্ৰজাই ঈশ্বৰ ভকতিত নিমগ্ন ৰজা পালে। লাহে লাহে ৰজাই আন কাম বাদ দি ধৰ্ম চৰ্চাত লাগিল। পুতুকণে দিনে নিশাই আধ্যাত্মিক শ্ৰৱণ কীৰ্তনত মন দিবলৈ ধৰিলে। হৰৰামে কিতাপ লুটিয়াই পঢ়ে, বগৰাই পঢ়ে কিন্তু সমাধান নাপাই চিন্তাক্লিষ্ট হৈ খীনাই যাবলৈ ধৰিলে। ৰজাইও ধাৰ্মিক প্ৰজাক জোলোকা জোলোকে আশীৰ্বাদসোপা খোৱালে, পুতুকণ গুছি যোগী পুতুকণলৈ তাৰ ৰূপান্তৰ ঘটিল। ৰজাৰ দোষ সি একো নেদেখা হ’ল। সব ৰঙীন। কোনোবাই খাবলৈ নাপালে ৰজাই কয়, ঈশ্বৰে সকলোৰে মংগল কৰিব। পুতুকণে যে ইমান প্ৰশান্তি ক’তো নাপায়। ইফালে হৰৰামৰ মন, মগজু, শিৰা উপশিৰাত ৰক্ত শ্ৰোত ইমান প্ৰৱাহিত হৈ পৰে যে মূৰত ঠাণ্ডা পানী ঢালিহে ৰক্ষা পায়। অৱশেষত উপায় নাপাই হৰৰামেও সময় চক্ৰৰ কথাকেই পঢ়িবলৈ লৈছে। কিজানি ভাল দিন আহিব। অৱশ্যে সেইটোও আকৌ আপেক্ষিক কথা, পুতুকণ বৰাৰ ভাল দিনেই চলি আছে, এতিয়া আপুনিহে জানিব পাছে, পুতুকণ নে হৰৰাম কোনজন আপোনাৰ বেছি আপোন।
☆ ★ ☆ ★ ☆